পোহৰৰ ভয়
ইমান পোহৰ আজি এই গলিটোৰ চৌপাশে,
দেৱাল,
খিৰিকী , জপনামুখ সকলোতে পোহৰ !
ৰঙা,
নীলা, হালধীয়া পোহৰবোৰে লতাৰ দৰে
মেৰিয়াই ধৰি আছে চৌহদৰ
নাৰিকল গছবোৰো ।
এইযে ফুলঝাৰিৰ পোহৰেৰে আজি
মানুহবোৰে ৰামৰ দৰে মুখবোৰ
উজলাই ৰাখিছে,
কাৰোৱেই চেহেৰা ভালদৰে মনিব পৰা নাই মই !
কাইলৈ যেতিয়া এই পোহৰবোৰ খহি পৰিব ,
আৰু পুনৰ এন্ধাৰে গছবোৰ মেৰিয়াব ,
এই মনিব নোৱাৰা মুখবোৰৰে কোনোবা এটাই
গলিটোৰ মুখত ৰাৱণৰ দৰে খাপ পাতি ৰ’ব
অসহায় সীতাৰ সন্ধানত ।