Thursday, November 5, 2015

ভেস্পাৰ শব্দৰ জোৰ


আমাৰ ঘৰত এখন ছেকেণ্ড হেণ্ড এল এম এল ভেস্পা আছিল । প্ৰথম ভেস্পাখন আমাৰ ঘৰলৈ আহোতে মই তৃতীয় শ্ৰেণী মানত পঢ়ো । দীঘল পদূলিটোৰে দেউতাই গাওঁৰে অতুলদাৰ ভেস্পাখন  চলাই আহিছে , অতুলদা পিছপিনে বহি আহিছে । পিছত চাহ-পানী খাই অতুলদা গ’ল, আমি ইমান মন কৰা নাই । পিছদিনা ৰাতিপুৱা উঠি দেখি ভেস্পাখন চোতালৰ এচুকত, ভাবিলো কিবা কাৰণত অতুলদাই নিয়া নাই , ৰাতিলৈ মানে নিব চাগে । আবেলি স্কুলৰ পৰা আহি কিবাকিবি খেলি আছিলো , চোতালত স্কুটাৰখন নাই , গম পালো আমি ভবাটোৱেই হয়।  গধূলি সময়ত দেউতা আকৌ ভেস্পাখনত উঠি অফিছৰ পৰা আহি হাজিৰ । এনেকুৱাকৈ আৰু দুদিনমান যাওঁতেহে বুজিলো এতিয়া সেইখন আমাৰ হ’ল ।

কথাটো বুজাৰ পিছত আমাৰ কি ফূৰ্ত্তি , ভেস্পাখনৰ ওচৰৰ পৰা আমাক অতঁৰাই অনাটো মাৰ বাবে এটা ডাঙৰ কাম হ’ল ।  তাৰ পিছত কিমান বছৰ যে সেইখন আমাৰ একমাত্ৰ সংঙ্গী হ’ল । বৃত্তি পৰীক্ষা দিবলৈ যাব লাগে , ভেস্পাতহে যাম । পেহীৰ ঘৰলৈ যাম , ভেস্পা নহ’লে নেযাও । আমাৰ কোবত মা আৰু দেউতা অকলে ভেস্পাত উঠা খুব কমেই হৈছিল চাগৈ । তথাপিতো হঠাত কেতিয়াবা সেই সুযোগ নোলোৱা নহয় ।
এবাৰ দেউতা অফিছ যোৱাৰ সময়ত খবৰ আহিল , কিবা এটা বিশেষ কামত আইতাই দুয়োকে মাতি পঠিয়াইছে , এতিয়াই যাব লাগে । আইতাৰ ঘৰলৈ দুমাইল মান বাট , তিনিখন মান গাওঁ পাৰ হৈ যাব লাগে । ৰাস্তাৰ দুয়োকাষৰ প্ৰায়বোৰ মানুহেই চিনাকী । আমাক স্কুললৈ দৌৰাদৌৰিকৈ পঠিয়াই দি মাক পিছফালে বহুৱাই দেউতাই ভেস্পা ষ্টাৰ্ট দিলে । মায়ে এহাতেৰে পিছফালৰ হেণ্ডেলডালত যোৰকৈ খামুছি ধৰি আনখন হাতেৰে আইতালৈ বুলি লোৱা গাখীৰৰ বটল, এখন এৰী চাদৰ , ঘৰৰ কলডিল  আদি এসোপা বস্তুৰে ভৰ্ত্তি  বেগটো কোনোমতে থিতাপি লগাইছে ।
“অ হ’লনে ? ” বুলি সোধা প্ৰশ্নটোৰ উত্তৰলৈ বাট নেচাই দেউতাই এক নম্বৰ গীয়েৰ লগাই ক্লাচ এৰিলেই । গাওঁৰ মাজৰ ৰাস্তা , খলা –বমা , নতুনকৈ দিয়া শিলগুটিৰে ভৰা । যিমানেই আগবাঢ়িছে সিমানেই ভেস্পাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাতবোৰ বেছিকৈ ওলাইছে । দেউতাই কিবা কিবি কৈ আছে , কি কৈছে মায়ে ভালকৈ শুনা নাই । মায়ে কিবা কৈছে যদি দেউতায়ো সেইটো সঠিককৈ শুনা নাই ।  মুঠতে কিবা এটা অনুমানত দুয়ো গৈ আছে । গাওঁৰ ৰাস্তা ইমানেই বেয়া আৰু দেউতাই ইমানেই লাহে লাহে চলোৱা অভ্যাস আছে যে  কেতিয়াবা আকৌ চাইকেল চলাই যোৱা কোনোবা এজনক যদি দেউতাই লগ পাই  “অ’  শৰ্মা , অলপ ঘৰৰ পৰা আহো ” বুলি কৈ আগবাঢ়ে , দহমিনিট মান পিছত আকৌ সেই একেজন চাইকেল চলাই অহা শৰ্মাই দেউতাক অভাৰটেক কৰি , “ডেকা দা, আহি থাকক পিছে ” বুলি পাৰ হৈ যোৱা নজিৰ আছে ।
 প্ৰথম গাওঁখন পাৰ হোৱাৰ পিছতেই , এখন কাঠৰ দলং আছে । প্ৰায়েই দলংখন বাৰিষাৰ পানীয়ে উটুৱাই নিয়ে আৰু মুল দলংখনৰ কাষেদি ৰাইজে নিজৰ সুবিধাৰ্থে এখন বাঁহৰ দলং বনায় লয় । সেই বাঁহৰ কামিৰে বনোৱা দলংখনৰ ওপৰেদি  মটৰ চাইকেল আৰু স্কুটাৰ চলাই যোৱা মানা, আৰোহীবিলাক ইপাৰে নামি খোজাকাঢ়ি পাৰ হৈ সিপাৰে আকৌ স্কুটাৰত উঠে । সেইমৰ্মে মা নামিল , দেউতাই ভেস্পাখন ঠেলি নি পাৰ কৰিলে ।
 দুটামান কিকৰ পিছত ভেস্পা  ষ্টাৰ্ট হ’ল । “অ’ হ’লনে ?”  মায়ে  উত্তৰ দিলে নে নাই , দিলে যদি শুনিলেনে নাই এইবোৰলৈ বাট নেচাই দেউতাই নিজৰ অনুমান মতে এক নম্বৰ গীয়েৰ লগাই ক্লাচ এৰিলে  ।  আকৌ আগৰ দেউতাই কিবা কিবি কৈ গৈছে  ।  শিলগুটিৰ ৰাস্তা , ফটফটীয়া ভেস্পাৰ আৱাজত একো কথাই ভালকৈ শুনা নাপয় । মাজে মাজে আকৌ মাৰ কিবা কথাত দেউতাই অনুমানতে হা না কৈ গ’ল । ৰাস্তাৰে পাৰ হৈ যাওঁতে বহুকেইজন শৰ্মা , নাথ , বৰুৱাক পাছ পেলাই থৈ গ’ল , কোনোবাই আকৌ দেউতাক পাছ পেলাই থৈ গ’ল । দেউতাই তেওঁলোকৰ কাৰোবাক ডিঙিটো ভাঁজ কৰি ইঙ্গিত দিলে , কাৰোবাক আকৌ খবৰ সুধিলে ।
আইতাহতৰ গাওঁ পোৱাৰ আগৰ পথাৰ খনত আকৌ এইবাৰ ওখ পুল এটা আধা ভঙা হৈ পৰি আছে । অঘোষিত নিয়ম মতে সেইখনো ভেস্পা  ঠেলি ঠেলি পাৰ হ’ব লাগিব । দেউতাই ভেস্পা ৰখালে , ঠেলিবলৈ জোৰ দিবলৈ পিছফালৰ হেণ্ডেলডালত ধৰিবলৈ ওভটি চাওতেহে দেখিলে , মা ওচৰত কিয় দূৰ দূৰলৈ কোনো দেখা দেখি নাই । দেউতাৰ বুকুখন ধিপিংকৈ মাৰিলে, “ মানুহজনী ক’ত ৰৈ আহিল । মনেশ্বৰৰ ঘৰৰ আগৰ দ গাতটোত পৰিলে নেকি বাৰু  ? নে ল’ প্ৰেছাৰে পালে ? দলং পাৰ হৈ তো ঠিকেই কথা পাতি আছিল । হে প্ৰভু , বচাবা আৰু । ”

দেউতাই ভেস্পাখন ঘুৰাই ষ্টাৰ্ট দি মাক বিচাৰি ওভতি আহে মানে মায়ে ইতিমধ্যে প্ৰথম গাওঁৰ কাঠৰ দলংখনৰ পৰা খোজকাঢ়ি খোজকাঢ়ি আহি আছে । অফিছ , স্কুলৰ সময়ত মানুহজনক বা ল’ৰাটোক আগবঢ়াই দিবলৈ পদূলিলৈ ওলাই অহা  কিমান শৰ্মানী , মাষ্টৰণী বাইদেঊ , বৰুৱানীৰ  “বাইদেউ ঘৰলৈ যায় হ’বলা । আপোনালোকৰ মানুহজনক যে অলপ আগতে অকলে যোৱা দেখিলো ? ” জাতীয় একেধৰণৰ প্ৰশ্নই মাক বৰ  লাজত পেলাইছিল সেইটো আমি বহু বছৰ পিছতহে উদ্ধাৰ কৰিছিলো ।  হয়তো , এতিয়া  শৰ্মানীক নো কেনেকৈ কয় , ভেস্পাৰ খনৰ শব্দৰ কোবত মায়ে দেউতাক “ মই উঠাই নাই “ বুলি কোৱা কথাষাৰ যে মানুহ জনে শুনাই নাপলে আৰু মানুহ্জনীক নোতোলাকৈয়েই গুছি গ’ল ।

Wednesday, November 4, 2015

বিদেশী খেদা আন্দোলন – ৩

n  এতিয়ালৈকে আপোনালোকে পঢ়িলে , কেনেকৈ আমি হোষ্টেলৰ ওপৰত  অবৈধভাৱে ঘৰ সজা বাংলাদেশী খেদিবলৈ গৈ হাতত এসোপামান পৰিচয়পত্ৰৰ লেখীয়া কাগজ লৈ ওলোৱা মালিকৰ সন্মুখীন হ’লো । এতিয়া আগলৈ –

মাৰিম , কাটিম জাতীয় জাতীয়তাবাদৰ ভাৱেৰে যোৱাবোৰৰ বাবে কিবা এটা অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ল । আহিছিলো বিদেশী খেদিবলৈ , কিন্তু এতিয়াতো কথা বিপৰীত । মানুহকেইজন দেখাত বা কথা-বতৰাত বিদেশী যেন লগা নাই । কি কৰা যায় , ইমান দূৰ আহিলো যেতিয়া এতিয়া এনেকৈ একো নোকোৱাকৈ ওলটি যাবলৈও বেয়া কথা হ’ল । ইফালে ওচৰ পাজৰৰ পৰা এটা দুটা মানুহেও ভূমুকি মাৰিছে । পিছ্ফালে থকা আমাৰ কেইটামানে এবাৰ ভাবিছে হোষ্টেললৈ  ওভটি যাওঁ নেকি ?  ভিতৰত থকা কেইটাৰ একেই অৱস্থা , কি কৰে এতিয়া , এৰিবও নোৱাৰি একো কৰিবও নোৱাৰি ।

কি কৰো কি নকৰো ভাবি থাকোতেই গোস্বামীয়ে মাত লগালে , “চাওঁ কাগজ লৈ আহ , এনেকুৱা ডুপ্লিকেট কাগজ আমি বহুত দেখিছো , মাটিৰ কাগজ ক’ত , পি আৰ চি ক’ত ”
সকলোৰে মুখত অকনমান উশাহ আহিল , ই বেটাই কিবা এটা হেস্ত নেস্ত কৰিব । মানুহজনে কপা কপা হাতেৰে গোস্বামীলৈ কাগজবোৰ আগবঢ়ালে । গোস্বামীয়েও ইখনৰ পিছত সিখন কাগজ লুটিয়াই বগৰাই তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ ধৰিলে । প্ৰায় পাচ মিনিটমান সময় মাটিৰ মণ্ডলে চোৱাৰ নিচিনাকৈ চাই গোস্বামীয়ে আমাক পিছ হুহকিবলৈ ইঙ্গিত দিলে । বুজা গ’ল , আমাৰ অন্দোলনৰ বৃথা হ’ল ।
“কোনে খবৰ দিছিলে বে, তাৰ নাম নাজনো  ” ,  বক্সিংৰ খঙ মুৰ ওপৰত উঠিলগৈ ।
    সেমেনা সেমেনিকৈ পাহাৰৰ পৰা নামি আহি আমি হোষ্টেলৰ বাৰাণ্ডাত একত্ৰিত হ’লো । প্ৰথম খবৰ দিয়া জনক বিচৰা হ’ল , কিন্তু কোনেও সঠিককৈ ক’ব নোৱাৰিলে । প্ৰথমতে খঙ আৰু হতাশাভৰা আলোচনা হ’ল । এটাৰ পিছত এটা সমুহীয়া চিগাৰেট শেষ হ’ল । লাহে লাহে আলোচনাৰ বিষয়বস্তু , সচাকৈ বাংলাদেশী পোৱা হ’লে আজি কোনে কি বীৰত্ব প্ৰদৰ্শন কৰিলেহেতেন তালৈ ৰুপান্তৰিত হ’ল ।
“মই আৰু আমাৰ দাদা দুজনে এবাৰ বাংলাদেশী এটাক পিটি ভৰি ভাঙি দিছিলো বে চৌকীডিং থানাৰ সন্মুখত । পুলিছে আমাক ৰখাবলৈ সাহস নাই কৰা বে ” , দিনে দুটামানকৈ ভাল ফাণ্ডা নিদিলে ৰাতি টোপনি নহা বুলি খ্যাত নবদাৰ এই কথাত কোনেও বিশ্বাস নকৰিলে যদিও আলোচনা এনেকৈয়ে চলি থাকিল ।
“গোস্বামীয়ে , কাগজবোৰ ঠিকেই চালেনে বাৰু , আজিকালি আমাতকৈ সিহতৰ কাগজপাতি বেছি থাকে ।” গোস্বামীয়ে কাগজত কি পালে সুধিবলৈ চবেই গোস্বামীক বিচাৰিলো , কিন্তু তেতিয়াহে সকলোৰে লক্ষ্য হ’ল আমাক তাৰ পৰা গুচি আহিবলৈ কোৱা গোস্বামীৰ কোনো দেখা দেখি নাই ।
“অই পায়া , তই গোস্বামীৰ লগতে আহিছিলি নহয় ? ”
“নাই , মইতো আগতেই আহিলো তহতৰ লগত । গোস্বামী সকলোতকৈ লাষ্টত আহিছিল নেকি ?”
পায়াৰ প্ৰশবোধক চেহেৰাৰ উত্তৰটো দেখি আমাৰ মাজত আকৌ অলপ উটকণ্ঠাৰ সৃষ্টি হ’ল । তাক আকৌ মানুহবোৰে ধৰি ৰাখিলে নেকি , পুলিচত কেছ দিলে নেকি । আকৌ আগৰ দৰে মুহুৰ্ত্ততে সিদ্ধান্ত হ’ল , গোস্বামী উদ্ধাৰ অভিযানৰ । যি যেনেভাগেই আছিল তেনে ভাগেই ওলালো অহাবাটেৰে ।
এইবাৰ যেনিবা আমি পাহাৰ বগাব লগা নহ’ল । আদমান বাটতে , সিফালৰ পৰা নন্দী আৰু গোস্বামী আহি আছে , দুহাতত দুটা কলা প্লাষ্টিকৰ মোনা মুখত উন্মুক্ত চিগাৰেটৰ ধোৱাঁ আৰু এক বিজয়সুলভ হাহি ।

“ব’ল ব’ল , মেছত আজি পাৰ্টী আছে । মোৰ ফালৰ পৰা । ”
“ কিহৰ পাৰ্টী গোস্বামী দা  ? ”
“ কিয় তহতক যে গুচি আহিবলৈ কলো , তহতে আমি সোমোৱা প্ৰথম ঘৰত হ’বলা ভালকৈ নেচালি ।  তাত যে কোনো মানুহ নাচিল , কিন্তু চোতালৰ এচুকৰ গড়াঁলটোত যে দুটা ডাঙৰ ডাঙৰ লোকেল মুৰ্গী নেদেখিলি ? আমি ইমান সময় নষ্ট কৰি কিবা লাভ নোহোৱাকৈ আহিম নেকি । ব’ল ব’ল, জল্দি ভাত খাই আজি হ’ল নাইট ফালিব লাগিব , কালি পৰীক্ষা আছে  ”
 গোস্বামীক আমি মনৰ পৰা বহুত আশীৰ্বাদ দি ৰাতিৰ চাৰপ্ৰাইজ পাৰ্টীটো খালো ঠিকেই , কিন্তু সেই অভিযানৰ পিছত আমাৰ বহুতৰে পিছ্দিনাৰ পৰীক্ষাত সেই মুৰ্গী মালিকৰ শাওঁ লাগিল । সদায় আহি থকা কমন প্ৰশ্ন নাহিল কাৰোবাৰ , কোনোবাৰ পুৰীয়া ধৰা পৰিল । পৰীক্ষাৰ পিছতেই বহুতৰ বেক লগাটো প্ৰায় খাটাং হ’ল । মুঠতে বাংলাদেশী খেদাৰ ভাল এটা  অধ্যায়ৰ অন্ত  হ’ল ।  

বি:দ্ৰ: - পিছত শুনিছিলো , পিছ্দিনা মুৰ্গী মালিকে হোষ্টেলৰ ল’ৰাক একো ক’ব নোৱাৰি ৱাৰ্ডেনৰ পৰা দুটা মুৰ্গীৰ নামত পাচশ টকা আদায় কৰিছিল ।  ৱাৰ্ডেনেও সেই টকা নিজৰ পকেটৰ পৰা নিদি , আমাৰ পৰা তোলা ৱেলফেয়াৰ ফাণ্দৰ পৰাহে কাটি  দিছিল । সুতে মুলে লছ হ’ল এক মাত্ৰ আমাৰ লগৰ দামানীৰ , নিৰামিষভোজী বেচেৰাই মাংস নেখালে যদিও তাৰ ভাগৰ ৱেলফেয়াৰ ফাণ্ডৰ পৰাও ৬ ট্কা ২৫ পইচা কটা গ’ল ( ৫০০ টকা /৮০ জন ল’ৰাৰ ভাগত গাইপতি ৬ ট্কা ২৫ পইচা  )   ।  







বিদেশী খেদা আন্দোলন – ১


“পাহাৰৰ ওপৰত বাংলাদেশীয়ে ঘৰ বান্ধিছে অই কে* ” , কোনে আহি জানো খবৰটো দিলে গম পোৱাৰ আগতেই গোটেইখন হুৱা-দুৱা লাগি গ’ল । ছেকেণ্ড ব্লকৰ বাৰাণ্ডাত কেইটামান বহি সমুহীয়া ছিগাৰেট হুপি বহি আছিল । বহি আছিল মানে নিজৰ নিজৰ টাৰ্ণ অহালৈ বাট চাই আছিল । কাৰোবাৰ পকেটৰ পৰা চিগাৰেট এটা ওলোৱাৰ উমান পোৱাৰ লগে লগে তাত উপস্থিত ৰাইজে কুইজত বাজাৰ ৰাউণ্ডৰ বাজাৰ বজোৱাৰ দৰে আৰম্ভ কৰি দিয়ে , “ ফাৰ্ষ্ট খেপ , ছেকেণ্ড খেপ ” । ছিগাৰেট হোপাৰ ক্ৰম ঠিক হৈ যোৱাৰ পিছত ওলোৱা কোনোবা এটা অত্যুতসাহীয়ে যদি ভুলতে কৈ দিয়ে ফাৰ্ষ্ট খেপ বুলি , আগৰে পৰা ছেকেণ্ড খেপৰ ল’ৰাটোৱে যিটোহে পোন্দোৱা চাৱনি দিয়ে তাৰ অৰ্থ এইটো , “বাপেৰৰ দিনত কোনোবা এটা ছিগাৰেট কিনি পাইছিলি ” । ঠিক তেনেকুৱা এটা আবেলিতেই , খুব সম্ভৱ মেছত কাম কৰা ল’ৰা জয়ন্ত বা হিতেশে এই খবৰটো দিলে ।
ইঞ্জিনীয়াৰিং কলেজৰ হোষ্টেলৰ ল’ৰাবোৰৰ কাৰণে পৰীক্ষা অহাটো কিবা এটা উতসৱৰ নিচিনাই । পূজা-পাৰ্ৱণ , বিহু ইত্যাদিত যেনেকৈ ঘৰৰ পৰিয়ালবোৰ একগোট হয় তেনেকৈ পৰীক্ষা অহাৰ সময়তহে হোষ্টেলৰ ল’ৰাবোৰ একে সময়তে হোষ্টেলত পোৱা যায় । তেনেকুৱা সময় এটাতেই এই খবৰটো আহিল , আৰু মুহুৰ্ত্ততে গোটেই হোষ্টেল আহি ছেকেণ্ড ব্লক পালেহি । হনুৰ দোকানত চাহ খাবলৈ যোৱাবোৰ তললৈ নমা বাদ দি ওপৰ পালেহি , গেম খেলি থকাবোৰ আধাতে গেম এৰি আহিল । মুঠতে গোটেইখন হূলস্থুল ।
“ক’ত বে, কোনে দেখিছে ”
“হোষ্টেলৰ পিছৰ পাহাৰখনত , বহুতকেইটা ঘৰ ।”
“ বাহিৰত লুঙী মেলি থোৱা আছে ”
ৰাইজৰ উতকণ্ঠাত বুজা গ’ল কথা গুৰুতৰ । আমাৰ হোষ্টেলৰ ওপৰত আহি বাংলাদেশীয়ে ঘৰ সাজিলে , আমি গমেই নাপাওঁ । অসমৰ মাটিত বিদেশীৰ দখল , চৰকাৰে মাত মতা নাই বুলি আমি মনে মনে থাকিমনে ?
“আমি কেইদিনমান আগতে যাওঁতে তাত একো নাছিল দেখোন বে ”, বটলে বৰ চিন্তিত ভাবে মাত লগালে । ইমান সময় কথাৰ বুজ ল’ব অহা পায়াই আৰু ৰৈ নাথাকিল , নিজৰ ৰুমৰ পৰা পুৰনি হকীষ্টিকডাল লৈ ওলাই আহিল , “ব’ল , কে* , আজি দিও বাংলাদেশীক এসেকা ” । সকলো যেন এই হুংকাৰতোলৈহে ৰৈ আছিল । যেয়ে হাতত যি পালে তাকে লৈ বিদেশী খেদা আন্দোলনলৈ বুলি আগবাঢ়িল । সৌভাগ্যবান কেইটামানেহে হকীষ্টিক , ক্ৰিকেট বেট জাতীয় সন্মানজনক হাথিয়াৰ ভাগত পালে । পিছলৈ অহাবোৰে জেওৰাখুটি , ভগা ইটাৰ টুকুৰা , জিমত পৰি থকা বেকা ৰ’ড এদাল ইত্যাদি হাতত লৈ প্ৰায় বিশ-পচিশ জনীয়া জননীৰ সন্তান , দেশপ্ৰেমীকৰ দল বিদেশী খেদা আন্দোলনলৈ বুলি আগবাঢ়িলো ।

- বিদেশী ওলোৱাটো সচানে ? যদি সচা , আমি বিদেশী খেদিব পাৰিলোনে ? আন্দোলনে কি ৰূপ ল’লে ? কাৰোবাৰ কিবা লাভ হ’লনে ? জানিবলৈ পঢ়িবলৈ নাপহৰিব পৰৱৰ্ত্তী সংখ্যা -- বিদেশী খেদা আন্দোলন ২

Tuesday, November 3, 2015

বিদেশী খেদা আন্দোলন ২

-          আগৰ খণ্ডত – পৰীক্ষা চলি থকাৰ মাজতে কোনোবাই পাহাৰত বিদেশীয়ে ঘৰ বনোৱাৰ খবৰ দিলে , হোষ্টেলৰ বিশ পচিশজনীয়া দল এটাই আগ –পাছ নুগুণি বিদেশী খেদিবলৈ আগ বাঢ়িল । তাৰ পাছত ----


হকীষ্টিক , বেট আৰু ক্ৰিকেটৰ ষ্টাম্প ভাগত পোৱা কেইটা সন্মুখত , জেওৰা খুটি , এনেই পৰি থকা ৰ’ড ভাগত পোৱা কেইটা মাজত আৰু একো ভাগত নোপোৱা কেইটা একেবাৰে শেষৰ পিনে গোট খাই আমি পাহাৰৰ ওপৰত অবৈধ ভাৱে ঘৰ সজা বাংলাদেশী খেদা অপাৰেছনলৈ বুলি আগবাঢ়িলো । লিডাৰৰ ভুমিকাত থকা কেইটাৰ অঙ্গী-ভঙ্গীৰ পৰা বুজা গ’ল আজি হয় গুৱাহাটী , নহয় ৰঙামাটি । হোষ্টেলৰ গেট পাৰ হৈ পাহাৰৰ ফালে উঠালৈকে ইতিমধ্যে প্ৰতিটো ব্লকৰ , প্ৰতিটো ছেমিষ্টাৰৰ পাচ-ছয় জন মানকৈ  প্ৰতিনিধি গোট খাইছিল । বিভিন্ন ধৰণৰ ৰং বিৰংৰ পিন্ধন , সৰু পায়াৰ ভৰিত যদি  ফেঞ্চি বজাৰৰ পৰা অৰিজিনেল বুলি ঠগ খাই কিনি অনা দুই নম্বৰী অডিডাছৰ জোতা , নন্দীৰ মুৰত আকৌ ৰঙা কপোৰ এখন । গোস্বামী আকৌ নিজৰ দেহৰ জোখতকৈ বেছি ডাঙৰ গেঞ্জী এটা পিন্ধি , সোঁহাতে চাধা মলি মলি নতুনকৈ হোষ্টেলত সোমোৱা, ডিষ্ট্ৰিক লেভেলত বক্সিং খেলা, ফাৰ্ষ্ট ছেমিষ্টাৰৰ  ৰিদীপক কৈ গ’ল ,
 “ অই বক্সিং ”
“হয় দাদা ”
“  এটামান বাংলাদেশীক নক আউত কৰিব পাৰিবিনে নাই ?”
“পাৰিম দাদা ”
“অ’ অ’ , পাৰিব লাগিব নহ’লে , নহ’লে ৰাতিলৈ তোক মই নক আউত কৰিম ”
গোস্বামীৰ চাধা মলি শেষ হৈ ওঠৰ তলত সোমাই দিয়ালৈকে আগে আগে গৈ থকা কেইটা ইতিমধ্যে ঘটনাস্থলী পালেগৈয়েই । সৰু সৰু তৰ্জা বেৰৰ ঘৰ কেইটামান , বাঁহৰ জেওৰাৰে ঘৰৰ চৌহদ বেৰি থোৱা আছে ।
“অ’ই , কোনটো ঘৰলৈ প্ৰথমে যাওঁ  বে ? ” , কোনোবা এটাই সুধিলে ।
উত্তৰ অহালৈ বাট নেচাই , এডিডাছৰ জোতা পিন্ধা সৰু পায়াই   এগোৰতে জপনাখন ভাঙি এটা ঘৰৰ চৌহদলৈ সোমাই গ’ল , “ অই , কোন আছ ওলাই  আহ ”
পায়াৰ বীৰত্ব প্ৰদৰ্শনলৈহে যেন চবেই বাট চাই আছিল । বেট , ষ্টাম্প , জেওৰাখুটি লোৱা কেইটাও লগে লগে জেওৰা , জপনা আদিত কোবাই ওলাই আহ ওলাই আহ চিঞঁৰেৰে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল । ঘৰৰ ভিতৰৰ পৰা কোনো ওলাই অহা নাই । আমাৰ লীডাৰ কেইটাৰ চিঞৰৰ লাহে লাহে বাঢ়িল , জেওৰা , জপনা আদিত কোবৰ পৰিমাণ বৃদ্ধি হ’ল যদিও সন্দেহযুক্ত বিদেশী নাগৰিক এতিয়াও ওলাই অহা নাই । দোষী ওলাই নহালৈকে আমাৰ লীডাৰ কেইটায়ো কোনো ডাঙৰ পদক্ষেপ লবলৈ সংকোচ কৰি আছে । কোনোবা এটাই ক’লে , “ এই ঘৰটোত কোনো নাই যেন পাইছো , কাষৰ ঘৰটোত যাওঁ ব’ল । তাত মানুহ আছে ”
“অ’ , তাত এখন লুঙীও মেলি থোৱা অছে । ”
লুঙী মেলি থোৱা ঘৰটোৰ পিনে সকলোৱে একেলগে চালে । সম্ভাৱ্য বিদেশী লুকাই থকা এইতোৱেই আটাইতকৈ সুবিধাজনক ঠাই যেন অনুভৱ হ’ল । এটা এটাকৈ বহুকেইটা ঘৰ চোতালত ভৰি দিলেগৈ । কেইটামান বাহিৰত পহৰা দিয়াৰ নিচিনাকৈ থিয় দি ৰ’ল । ইতিমধ্যে কাষৰ-পাজৰ মানুহ কিছুমানেও কি হৈছেনো বুলি ভূমুকি মাৰিবলৈ ধৰিলে । দৰ্শকৰ আগমণত আমাৰ ওপৰত কিবা এটা কৰি দেখুৱাৰ প্ৰেছাৰ বাঢ়িবলৈ আৰম্ভ কৰিলে । কেইটামানে আকৌ আগৰবাৰৰ দৰে ঘৰৰ মানুহক ওলাই আহিবলৈ হুকুম দিলে । আমি ঘৰৰ বন্ধ দৰ্জাখনলৈ চাই থাকিলো । ভিতৰত মানুহ থকাৰ কিবা এটা উমান পোৱা গ’ল । কিবা অলপ ফুছ ফুছ ফাছ ফাছৰ শব্দ শুনা গ’ল ।
 কোনোবা এটাই আকৌ চমন জাৰি কৰিলে , “কোন আছ ওলাই আহ , নহ’লে আমি দৰ্জা ভাঙি দিম ।” দৰ্জা ভাঙিম বুলি কোৱাটোৱে কথাটোত জোৰ দিবলৈ হাতৰ লাঠিডালেৰে খুটা এটাত দুবাৰ মান মাৰি দেখুৱালে । দৰ্জা ভঙাৰ সাহস আমাৰ আছিল নে নাই সন্দেহ আছিল যদিও , লাঠিৰ কোবে ঠিকেই কাম দিলে । ঘৰৰ ভিতৰৰ পৰা মতা – মাইকী আৰু ল’ৰা ছোৱালী এহাল হাতত কিবা কাগজ লৈ ওলাই আহিল । কাগজ মানে লেমিনেশ্বন কৰা মেট্ৰিকৰ এডমিট কাৰ্ড , পুৰণি প্লাষ্টিকত মেৰিয়াই থোৱা মাটিৰ নামজাৰিৰ কাগজ, উৱলি যোৱা ৰেছন কাৰ্ড আৰু কিবাকিবি এসোপামান কাগজ লৈ গৃহস্থৰ  আমাৰ আগত কাকুতি মিনতি ,
“দাদাসকল , ছাৰসকল আমি ইয়াৰে মানুহ , বিদেশী নহয় । এবাৰ আমাৰ পেপাৰবিলাক চাই লওঁক ” ...



n  পেপাৰবিলাক চোৱা হ’লনে , পেপাৰত কি ওলাল । এইবোৰত লাগি থাকোতে পৰীক্ষাৰ কি হ’ল । শেষ ভাগ আহা খ্ণ্ডত .... 

Tuesday, October 13, 2015

দেখি থকা মানুহৰ নেদেখা কথাবোৰ (২)


দেখি থকা মানুহৰ নেদেখা কথাবোৰৰ বিষয়ে এইটো মোৰ দ্বিতীয় লেখা । প্ৰথম লেখাৰ মূল চৰিত্ৰৰ বিপৰীতে লেখাৰ মূল চৰিত্ৰৰ আকৌ আবিৰ্ভাৱ ঘটে গধূলি পৰত । গধূলি অফিছৰ পৰা আহি মোৰ প্ৰায়েই অলপ ওলাই যোৱা হয় , কোনোবাদিনা খোজ কঢ়াৰ উদ্দেশ্যে , কেতিয়াবা আকৌ আলু-পিয়াজৰ ধান্দাত । বজাৰলৈ যোৱা আৰু খোজ কাঢ়িবলৈ যোৱা পাৰ্কখনৰ ৰাস্তা একেটাই । ঘৰৰ পৰা ওলাই অলপ খোজকাঢ়ি সোপিনে ঘূৰিলেই ডাঙৰ ৰাস্তাটো , ৰাস্তাত উঠি অলপ আগলৈ সাগৰ পিনৰ পৰা অহা এটা দূৰ্গন্ধময় নলা আৰু তাৰ ওপৰত দলং এখন । মুম্বাইৰ প্ৰতিটো নৰ্দমাই চাগে ইমানেই  দুৰ্গন্ধময় । এই গোন্ধটোৱে মূহুৰ্ত্তৰ ভিতৰতে তাহানিৰ কলেজৰ কেমিষ্ট্ৰী লেবত পোৱা  হাইড্ৰ’জেন ছালফাইডৰ অকটা গোন্ধটোলৈ মনত পেলাই দিয়ে । দলংখন পাৰ হৈ বাওঁপিনে ঘূৰি বজাৰলৈ যোৱা ৰাস্তাটো , চিধাই গ’লে খোজকাঢ়িবলৈ যোৱা পাৰ্কখন । বিভিন্ন ধৰণৰ মানুহ গধূলিপৰত অহাযোৱা কৰে  এইটো  বাটেদি , কিছুমান মোৰ দৰে বজাৰ বা খোজ কঢ়া বা দৌৰিবলৈ যোৱা মানুহ । কিছুমান আকৌ অফিছৰ পৰা ঘৰলৈ ওভতা মানুহ । এইবোৰক বাদ দিও কিছুমান মানুহে আকৌ নিজৰ নিজৰ জীৱিকা অৰ্জনৰ স্বাৰ্থত এই গধূলি পৰত এইখিনি ঠাইৰ শৰণাপন্ন হয় । তাৰে কিছুমান শাক-পাচলি , নাৰিকল পানী , ফল্-মূলৰ বেপাৰী । এবিধ আকৌ ধনী ধনী মানুহৰ পোহনীয়া কুকুৰবোৰ বাহিৰ ফুৰাবলৈ অনা মানুহ । কুকুৰবোৰক ৰাস্তাৰ কাষত , নৰ্দমাটোৰ দলঙৰ পাৰত , ৰখাই থোৱা গাড়ীবোৰৰ কাষত নিত্য কৰ্ম কৰোৱাটো এওঁলোকৰ চাকৰি । মানুহক টানি লৈ ফুৰোৱা এই পোহনীয়া কুকুৰকৈটাৰ বাহিৰেও , মালিক নোহোৱা এদল কুকুৰে এই সময়ত এই খিনি বাটত ভিৰ কৰেহি । মুঠতে বিধে বিধে মানুহ , বিধে বিধে কুকুৰে এইটো সময়ত অঞ্চলটো মুখৰিত হৈ থাকে । প্ৰায়বোৰে , লাগিলে মানুহেই হওঁক অথবা কুকুৰেই হওঁক , গতানুগতিক কামত ব্যস্ত থাকে । 
তাৰ মাজত একমাত্ৰ অগতানুগতিক চৰিত্ৰ হ’ল আমাৰ নায়ক । পিন্ধনত এটা জোখতকৈ ডাঙৰ হাফ ছাৰ্ট ,ফৰ্মেল লংপেণ্ট , মুখত কেইবাদিনো নুখুৰুৱা দাঢ়ি । চাইকেল এখন চলাই আমাৰ নায়কে প্ৰায়েই এইটো সময়ত পদাৰ্পণ কৰেহি । চাইকেলৰ কেৰেয়াত চাহবেপাৰীবোৰে লৈ ফুৰাৰ নিচিনা  এটা ডাঙৰ বাচন আৰু এসোপামান বাতৰি কাগজৰ ছিগা টুকুৰা । প্ৰথমতে মই মানুহজনক চাহ বেপাৰী বুলিয়ে ভাবিছিলো , কিন্তু পিছলৈ মোৰ ভুল ভাঙিল । তেওঁ অহাৰ লগে লগে মালিকবিহীন কুকুৰবোৰে চাইকেলখনৰ পিছ লয় । কোনোবা এটা সুবিধাজনক স্থানত সি চাইকেlখন ৰখায় , বাটৰ কুকুৰবোৰে আগুৰি ধৰে । সি প্ৰথমতে মাটিত বাতৰি কাগজৰ টুকুৰাখন আটোম-টোকাৰিকৈ পাৰি লয় । তাৰ পিছত তাৰ বাচনটোৰ পৰা এবাতি  ভাতৰ নিচিনা দেখিবলৈ খোৱা বস্তু উলিয়াই কাগজখনত ৰাখে আৰু চাইকেলখনত ভেজা দি গোটেই কুকুৰবোৰে খোৱাবস্তুখিনি খোৱাটো উপভোগ কৰে । কিবা এটা নেদেখা বান্ধোনেৰে মানুহ আৰু কুকুৰৰ মাজত কিবা এটা আত্মীয়তাৰ সম্পৰ্ক থকা যেন অনুভৱ হয় । কিন্তু একে সময়তে ধনী মানুহৰ কুকুৰ আৰু সিহতক চৰাই ফুৰোৱা মানুহবোৰলৈ লক্ষ্য কৰিলে সেই বান্ধোনৰ অভাৱ বুজিব পাৰি । অলপমান সময় থকাৰ পিছত আকৌ চাইকেলত উঠি পৰৱৰ্ত্তী সুবিধাজনক ঠাইটোলৈ আগবাঢ়ে । সি গলিটো সোমোৱাৰ পৰা ওলাই যোৱালৈকে গোটেই বাটৰ কুকুৰবোৰে নেজ নচুৱাই নচুৱাই তালৈ চাই থাকে । তাৰ অহা সময়ো প্ৰায় নিৰ্ধাৰিত , খুব বেছি পাচ-দহ মিনিটৰ হেৰ-ফেৰ । সেই নিৰ্ধাৰিত সময়ছোৱাত এশ দুশ মিটাৰৰ মুৰে মুৰে আমাৰ গলিটোৰ  কুকুৰবোৰে জুম পাতি আশাৰে বাট চাই থাকে। সেই সময়ত পাৰ হৈ যোৱা মানুহবোৰেও নিজে গম নোপোৱাকৈয়ে তাৰ আগমনক এক সাধাৰণ ঘটনা বুলি ধৰি লৈছে, ময়ো  লৈছো । কেতিয়াবা  তাক লগ ধৰি সুধিম বুলি ভাবো তাৰ কথাবোৰ, কিয় এনেকে বাটৰ এলাগী কুকুৰক সদায়  খাদ্য যোগান ধৰে , ইমান সময় সি ক’ত পায় ,দিনটো এনেকৈয়ে ঘুৰি ফুৰেনে  নে অকল সন্ধিয়াহে এই কামটো কৰে । সুধিবলৈ মন যায় তাৰ উদ্দেশ্য , সি নিজেই কৰে নে কাৰোবাৰ কাৰণে কাম কৰে । কিবা এটা এলাহতেই কথাটো আজিলৈকে সোধা হোৱা নাই । সি যিদিনা নাহে , কুকুৰবোৰে জুম পাতি বৰ আশাৰে ডাঙৰ ৰাস্তাটোৰ ফালে চাই ৰৈ থাকে । সেইদিনা  বজাৰলৈ গ’লে মোৰো কিবা খালী খালী লাগে । এদিন এলাহ আঁতৰাই শুনিম তাৰ কাহিনী । 

Sunday, October 11, 2015

দেখি থকা মানুহৰ নেদেখা কথাবোৰ ( ১ )


(১)
প্ৰায়েই এনেকুৱা হয় । কেৱল মাত্ৰ মোৰ লগত যে হয় তেনে নহয় , আপোনাৰ লগতো হয় চাগৈ । আমি যেতিয়া বিভিন্ন দৈনন্দিন কামত , যেনে অফিচ যোৱা , বজাৰ কৰা, স্কুল- কলেজ যোৱা আদিত ব্যস্ত থাকো কিছুমান সৰু সৰু সদায় ঘটা কাম আমি লক্ষ্য কৰো । সেইবোৰ সৰু সৰু কথাবোৰ আমাৰ অভ্যাসগত চকুৱে সদায় দেখি দেখি মনত এখন ছবি বনায় থয় । কেতিয়াবা যদি সেই সৰু সৰু নিত্য-নৈমিত্তিক কামবোৰ, বস্তুবোৰ, মানুহবোৰ,কথাবোৰ  সদায় ঘটাৰ দৰে নঘটে, সদায় থকা ঠাইত নাথাকে , আমাৰ মনত খু-দুৱনি লাগে । কিনোঁ হ'ল জানিবলৈ বৰ মন যায় । প্ৰায়েই এই কিনো হ'ল জানিবলৈ মন যোৱা কথাটো জানিবলৈ মন যোৱা কথা হৈয়েই থাকি যায় । মোৰ ক্ষেত্ৰত প্ৰায়ে এনেকুৱা হয়, জানিবলৈ মান থাকি যায় , কিন্তু  " নলগা জেংত লগাৰ কি দৰকাৰ ", " কাইলৈ নিজে নিজে আহিব চাগৈ " ইত্যাদি এলেহুৱা চিন্তাবোৰে জনা কামটো হৈ উঠিবলৈ নিদিয়ে । পিছদিনা যদি আকৌ কামটো নিত্য নৈমিত্তিক ধৰণে নহয়, জানিবলৈ আৰু বেছি মন যায় , কিন্তু এলেহুৱা স্বভাৱটোৱে  দুগুণ যোৰ দি মনটোক আমাৰ নিজৰ কামলৈ ঘুৰাই আনে ।   

অফিচলৈ যাওঁতে ৰাস্তাত বান্দ্ৰাৰ ওচৰত এটা ডাঙৰ পুখুৰী আছে । বাছত বাওঁপিনে খিৰিকীৰ কাষত বহোঁ কাৰণে ৰাস্তাত কি  হৈছে , মানুহবোৰে কি কৰে দেখি পাওঁ । পুখুৰীটোৰ  পাৰে  পাৰে  লোহাৰ  জেওৰা , জেওৰাৰ ৰাস্তাৰ পিনৰ পাৰটোত ফুটপাথ । পুখুৰীটোৰ গাতে লাগি ৰেলৱে ষ্টেচন আৰু বজাৰৰ পিনে যাব পৰাকৈ গলি এটা । গলিটো আৰু  আমাৰ বাছ খন যোৱা ডাঙৰ ৰাস্তাটো য’ত লগ লাগিছে , সেই কোণটোতে ফুটপাথটোৰ ওপৰত বহি থাকে  মই আজি লিখিব মহানগৰীৰ তিনিটা জীৱনৰ প্ৰথমটো জীৱনৰ গৰাকী । এগৰাকী ত্ৰিশ-বত্ৰিশ বছৰীয়া মহিলা, সন্মুখত শুকান বুট , মটৰ  আদিৰ এসোপা  পলিথিনৰ পেকেট । মানুহজনীৰ পিছ পিনে পুখুৰীৰ ৰেলিঙত ভেজা দি থাকে এটা পাচ-ছয় বছৰীয়া ল'ৰা । ৰেলিঙৰ সিটো পাৰে পুখুৰীৰ পাৰত এজাক পাৰ চৰাই , ক'লা-বগা ,পখৰা প্ৰায় ষাঠি-সত্তৰটা মানৰ এটা জাক । ৰাতিপুৱা ৰাস্তাৰ ইপাৰৰ মন্দিৰটোলৈ বহুতো মানুহ আহে , মঙলবাৰ আৰু বৃহস্পতিবাৰে মন্দিৰলৈ অহা মানুহবোৰে তাইৰ পৰা  দহ টকীয়া পাচ টকীয়া বুটৰ পেকেটবোৰ কিনি সেই পাৰ জাকৰ মাজত বিলাই দিয়ে । কেতিয়াবা মন্দিৰলৈ নহা মানুহ কিছুমানেও তাইৰ পৰা পেকেট কিনি বিলাই দিয়ে, ৰেলিঙত ভেজা দি চায় । ভকতিৰ জোৰত অহাবোৰে পুণ্য ঘটাৰ হিচাপ কৰে , আনবোৰে এনেই মনত বিলাই দিয়াৰ আনন্দ পায় । মানুহজনীৰ পুতেকেও চাই চাই মনত আনন্দ পায় , কিন্তু সি পূণ্য  ঘটা বা বিলাই দিয়াৰ আনন্দ নাপায় । যিমানেই পাৰৰ সংখ্যা বাঢ়ে আৰু ফুটপাথৰ কোণটোত মানুহৰ স্ৰোত বাঢ়ে সিমানেই তাৰ মাকৰ পেকেটৰ শাৰীবোৰ কমি আহে , মাকৰ ক’লা কাপোৰৰ সৰু বেগটোত দহটকীয়া নোট , পাচটকীয়া মুদ্ৰাৰ ভৰ হয় । সি কেতিয়াবা পাৰবোৰলৈ চায় , কেতিয়াবা ফুটপাথৰ মানুহবোৰলৈ , কেতিয়াবা মাকৰ বেগটোলৈ । কেতিয়াবা আকৌ নিপুণ বেপাৰীৰ দৰে মন্দিৰৰ বাহিৰৰ ভিৰটোলৈ চাই প্ৰত্যাশিত গ্ৰাহকৰ অনুমান কৰে । যিমানেই গ্ৰাহকৰ ভিৰ হৈ তাৰ মুখতো এটা লুকাব নোৱাৰা হাঁহিয়ে বাঁহ পাতে , তেতিয়া সি আৰু ৰেলিঙত বেছি পৰ  ভেজা দি নাথাকে । মাকৰ কাষত বহি কিবাকিবি আব্দাৰ কৰে, বোধহয় ৰাতিলৈ তাৰ মন পছন্দৰ বস্তু খোৱাৰ কথা কৈ কুটুৰি থাকে । বেছি পেনপেনাই থাকিলে মাকে যদিও কেতিয়াবা ডাবি দি উঠে , তথাপিতো মাকৰ মুখত সেইদিনা বেছি চিন্তা বা খঙৰ ভাব দেখা নায়ায়, হয়তো তাইও ৰাতিলৈ এমুঠি ভালকৈ খোৱাৰ সপোন দেখে ।


 এইখিনিলৈকে ঠিকেই থাকে, সদায় ঘটি অহা ঘটনা । মই বাছৰ ছিটত টোপনি নগলে প্ৰায়েই পাৰ হৈ যাওঁতে মাক-পুতেক হাললৈ চাওঁ,পাৰগালক খুৱাই থকা মানুহৰ ভিৰ দেখিলে ভাল লাগে , নেদেখিলে অকণমান হ’লেও বেয়া লাগে । কিন্তু যেতিয়া মুম্বাইৰ আকাশত ডাৱৰে চানি ধৰে , ঘণ্টাৰ পিছত ঘণ্টা নেৰানেপেৰা বৰষুণ পৰে , তেতিয়া মানুহবোৰ আহিবলৈ এৰি দিয়ে , পাৰখিনিও লাহে লাহে  নোহোৱা হয় । বৰষুণ আৰম্ভ হোৱাৰ প্ৰথম কেইদিন মানলৈ মানুহ্জনী আহে ,ডাঙৰ এখন পলিথিনেৰে শুকান বুট আৰু মটৰ্খিনি শুকান কৰি ৰাখিবলৈ বৰ যত্ন কৰে । ল’ৰাটো আহে যদিও আগৰ দৰে ৰেলিঙত ভেজা দি নাথাকে, এক নিৰস চাৱনি লৈ মাকৰ কাষত জুপুকা মাৰি বহি থাকে । সন্মুখৰ পলিথিনৰ পেকেটবোৰ থকা ভাজেই থাকে , বৰ কষ্টেৰে তাই বৰষুণৰ পানীবোৰৰ পৰা সেইবোৰ বচাবলৈ চেষ্টা কৰে । সিহতৰ বিফল চেষ্টাবোৰ দেখিলে গম পোৱা যায় ভোকৰ তাড়না কিমান । কেইদিনমান পিছত তাই আৰু নহা হয় । ফুটপাথৰ কোণটো খালী হৈ পৰি থাকে । মোৰ বৰকৈ জানিবলৈ মান যায় , তাইৰ আৰু ল’ৰাটোৰ কথা । বাৰিষাৰ দিন কেইটাত সিঁহত ক’ত থাকে , কি কৰে , খায় কি ? কিবাটো কৰেই চাগে নহ’লে বাৰিষা যোৱাৰ লগে লগে আকৌ পুখুৰীৰ পাৰত শুকান বুটৰ বেহা লৈ বহিবলৈ জীয়াই থাকে কেনেকৈ । জানিবলৈ মন যায় , কিন্তু এলেহুৱা স্বভাৱৰ বাবেই হওঁক বা সময়ৰ নাটনিৰ বাবেই হওঁক কোনোদিনে জনা নহয় । আপোনাৰো মন যায় চাগৈ এনেকুৱা চৰিত্ৰ বিলাকৰ কাহিনী শুনিবলৈ  ।