Saturday, August 26, 2017

কমিচনাৰ পেহী - ১

নিৰ্মলা পেহী তেতিয়া খুবকৈ আমাৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছে । আমি সৰু , স্কুলত পঢ়ো , ক্লাছ ছিক্স মানত চাগে । মানুহজনী আমাৰ একো সম্বন্ধত নেলাগে , কিন্তু তেওঁ মাক বৌ বুলি মাতে, দেউতাক কাকা বুলি মাতে । অকল আমাৰ মা-দেউতাকে নহয় , তেওঁলোকৰ সমবয়সীয়া প্ৰায়বোৰ মানুহকে তেওঁ কাকা-বৌ বুলি মাতে । সেইসূত্ৰে আমাৰ নিৰ্মলা পেহী । অভাৱে কোঙা কৰা পেহীৰ স্বাস্থ্য দেখিইলেই বুজিব পাৰি যে এসাজ খাই আনসাজলৈ চিন্তা কৰিবলগীয়া অৱস্থা পেহীৰ । আগতে মাজে মাজে বিয়া-সকাম আদিত পেহী আহে , আন আন দূৰ সম্পৰ্কীয় মানুহৰ নিচিনাকৈ । কিন্তু আজি কেইদিনমানৰ পৰা পেহীৰ খুব আহ-যাহ , আমিনো আৰু কি পাত্তা পাওঁ । পেহী আহে , মাৰ লগত কথা পাতে , চাহ তামোল খায় ।  প্ৰথমতে পেহী খালী হাতে আহে ।  আজি কেইদিনমানৰ পৰা আকৌ এটা ডাঙৰ ভেনিটি বেগ লৈ আহে । গাওঁৰ মানুহ বাৰু গাওঁৰ মানুহৰ ঘৰলৈ ফুৰিবলৈ আহোতে ভেনিটি বেগ লৈ আহেনে  ? আমাৰ খুব হাঁহি উঠে ।

পেহীৰ আন কিছুমান কথা আৰু হাঁহি উঠা । পেহীৰ ইমান শিক্ষা-দীক্ষা নাছিল ।  আমাৰ ঠাইখিনিত তেতিয়া দুখনেই ভাল হাইস্কুল আছিল । এখন বয়জ হায়াৰ ছেকেণ্ডাৰী আৰু আনখন গাৰ্লছ হাইস্কুল , দুয়োখন স্কুলেই চৰকাৰী । ক্লাছ ফাইভত ছিট পাবলৈ তেতিয়াৰ  দিনত এন্ট্ৰেঞ্চ পৰীক্ষা দিব লাগিছিল ।  চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ল'ৰা-ছোৱালীবোৰক ঘৰলৈ ফুৰিবলৈ অহা সকলো মানুহেই ভয় খুৱাইছিল , ভালকে পঢ় , ছিট পৰীক্ষা পাছ কৰিব লাগিব কিন্তু ।  ক্লাছ ফাইভত পঢ়ি থকাবোৰক মানুহে সুধিছিল , ছিট পালানে ? ল'ৰা হ'লে "বয়জ" ত পঢ়ানে , ছোৱালী হ'লে "গাৰ্লছ"ত পঢ়ানে বুলি সোধাতো আমাৰ দিনত নিত্য নৈমিত্তিক কথা আছিল । ছিট পৰীক্ষা পাছ কৰি বয়জ বা গৰ্লছত পঢ়াতোৱেই যেন জীৱনৰ লক্ষ্য আছিল সেই সময়ত । সকলোৱে সোধাৰ দৰে পেহীয়েও সুধিছিল । কিন্তু পেহীয়ে বয়জ আৰু গাৰ্লছ মানে কি আচলতে নাজানিছিল । কেতিয়াবা যদি ভণ্টিক , "মাজনী তুমি বয়জ" ত পঢ়ানে বুলি সুধিছিল  , কেতিয়াবা মোক তুমি গাৰ্লছত ছিট পালানে বুলি সুধিছিল । নতুনকৈ ইংৰাজী শিকিবলৈ আৰম্ভ কৰা আমাৰ বাবে পেহীৰ এই বয়জ / গাৰ্লছৰ পাৰ্থক্য নজনাটোৱেই আমাৰ বাবে বৰ হাঁহিৰ খোৰাক আছিল।

নতুনকৈ ভেনিটি বেগলৈ ফুৰিবলৈ অহা পেহীৰ চাল চলন লাহে লাহে আৰু সলনি হ'ল । পেহী আহে , ভেনিটি বেগটো খুলি কিবা কিবি ক্ৰীম ,পাউদাৰ ,  লোচন জাতীয় বস্তু এসোপা দেখুৱায় । মাহঁতৰ দৰে মানুহবিলাকক এইটো ক্ৰীমৰ গুণ কি , সেইটো পাউদাৰেৰে বাচন ধুলে কি অকণমান পাউদাৰেৰে কেনেকৈ গোটেই বাচনবোৰ চাফা কৰিব পাৰি আদি বুজাই থাকে । দেউতাক পালে "কাকা , এইটো কলগেটেৰে দাত ঘহিলে দাতৰ বিষ কমে আৰু পোক নহয় "।  তেতিয়াতো আমাৰ কাৰণে সকলো টুথপেষ্টেই কলগেট , সকলো ডিটাৰজেণ্ট পাউদাৰেই চাৰ্ফ । দেউতাইও পোকে খোৱা দাতটোত হাত দি ভাবে , এৰাটো এইটো কলগেট লব পাৰিলে বেয়া নহয় ।  এই কলগেট , চাৰ্ফ , বাচন ধোৱা পাউদাৰ আদিয়ে লাহে লাহে পেহীৰ ভেনিটি বেগৰ পৰা ওলাই আমাৰ ঘৰৰ পাকঘৰৰ , আমাৰ চুবুৰীৰ বেলেগৰ ঘৰৰ বাথৰুমৰ সদস্য হ'ল ।  পেহীয়ে এইবোৰ যিমান বিকে , কোম্পানীৰ পিনৰ পৰাও সমানেই কমিছন পায় । ক'ত কেনেকৈ আৰু কোনে পেহীক এই কোম্পানীৰ এজেণ্ট বনালে নাজানো , কিন্তু লাহে লাহে পেহী এজনী পাকৈত ছেল্ছ পাৰ্ছন হৈ উঠিল । পেহীৰ বস্তুৰ বিক্ৰী বাঢ়িল , পেহীৰ কমিছনো বাঢ়িল ।  এতিয়া পেহীয়ে আন দুগৰাকী মানকো তেওঁৰ তলতীয়া এজেণ্ট হিচাপে ৰাখে । গাওঁৰ সেই কেংমৰা , অভাৱত জুৰুলা , নিশকতীয়া পেহীৰ লাহে লাহে স্বাস্থ্যও ভাল হৈ আহিল ।

 গাওঁৰ মানুহৰ আশীৰ্বাদত  পেহীৰ খালী স্বাস্থ্যই সলনি নহ'ল ।  নিৰ্মলা পেহীৰ নামটো সলনি কৰি গাওঁৰ ডেকাবোৰে  কমিছনাৰ পেহী থলে ।  এগৰাকী পাকৈত ছেলছ পাৰ্ছন হৈ উঠা পেহীয়ে ইমানো বেয়া নাপালে । হাজৰ হওঁক সেইটোও এটা ফ্ৰী এডভাৰ্টাইজমেণ্ট । 

Thursday, March 30, 2017

ৰস ৰচনা


মাই ডিয়েৰ জ্যোতিপ্ৰছাদ ,

            নমস্কাৰ দেই !  ভালে আছেনে ?  বহুদিন আপোনাৰ একো আপডেট পোৱা নাই । ফেচবুকত সোমোৱা নাই নেকি আপুনি । কিযে আউটডেটেদ মানুহ নহয় আপুনি , ফেচবুক একাউণ্ট নাই , মোবাইলত হোৱাট্ছআপ নাই । এনেকৈ মানুহ থাকে নেকি ? কেনেকৈযে জীয়াই আছে আপুনিহে জানে দেই । ইমান আউট্ডেটেদ হৈ থাকিলে আপোনাক মানুহে দেখোন পাহৰিয়েই যাব ।
  
 আজিকালি আৰু আগৰদিন নাই নহয় । মোৰে ভাৰতৰে চিৰ সুন্দৰ সংস্কৃতি গানটো গাই আপুনি যদি ফেচবুক লাইভ এটা নিদিয়ে , কোনেনো ক'ব সেইয়া চিৰ সুন্দৰ সংস্কৃতি বুলি । ফেচবুক লাইভত যদি আপোনাৰ মিনিমাম এশটা লাইক , পঞ্চাছটামান লভ আৰু দহটামান শ্বেয়াৰ নাথাকে , এইটো গীত কেনেকৈ বাৰু সংস্কৃতিৰ পাৰ্ট হ'ব পাৰে । আপুনি যে আগতে কৈছিল লুইতৰ পানী যাবি অ' বৈ  , এনেকৈ কেনেকৈ বৈ যাব । বাৰু বৈ গ'লেই যেনিবা , ইনস্তাগ্ৰামত পানী বৈ যোৱা ফটো এখন নিদিলে , মানুহে কেনেকৈ গম পাব । আৰু মানুহে যদি ফটো নেদেখে , লাইক নকৰে, শ্বেয়াৰ নকৰে , লুইতৰ পানী বৈ যোৱা কি , নমামী ব্ৰহ্মপুত্ৰ গালেও লাভ নাই  ।  

কিছুমান কথা আপুনি ভুলকৈ গাই থৈ গ'ল যেন লাগিছে , ড'ণ্ট মাইণ্ড দেই । মোৰে জীৱনৰে সখা কৃষ্ণ ! এতিয়া মানুহৰ সখা কৃষ্ণ হ'ব পাৰে নেকি ? এতিয়াৰ সখা কৃষ্ণ হৈছে স্মাৰ্টফোন আৰু 4জি নেটৱৰ্ক । আপুনিনো কি বুজিব , আপুনিযে আউটডেটেড মানুহ । আজিকালি কৃষ্ণ তৃষ্ণ সখি নেকি , মোবাইল আৰু ইণ্টাৰনেটতোহে নিজৰ পৰিয়ালৰ মানুহৰ নিচিনা । বাকী কোনেও নুখুৱাই , মোবাইলেহে খুৱাব । আপুনিযে একো নাজানেদেই । 

আৰু অপোনাৰ জুনিয়ৰযে , ৰাভা , তেওঁ আৰু এখোপ চৰা। তেওঁ বোলে বাৰাণসীগৈ তাণ্ডৱ নৃত্য নাচি সকলোকে অবাক কৰি দিছিল । পিছে লাভ নাই । কেনেকুৱা মানুহ চাওঁকচোন , ইমান দূৰ যোৱা মানুহ এজনে অন্তত প্ৰত্যেকটো স্টপেজতে এটাকৈ আপডেট নিদিলেও , তাণ্ডৱ নৃত্যটো লাইভ দিব লাগিছিল । কম ছে কম চেল্ফী এটাটো দিব লাগিছিল । কিযে হ'ব । আপোনালোকে আছামখন আউটডেটেদ কৰি দিলে দেই । 

এটা কথা কওঁকচোন , "তই কৰিব লাগিব অগ্নিস্নান , সাজু সাজু হ নৱজোৱান " বুলি গান গালেই নৱজোৱান সাজু হ'ব নেকি ? কিযে এক্সপেক্ট কৰে নহয় আপুনি । এটা হোৱাট্ছআপ  গ্ৰুপত মেছেজ ফৰৱাৰ্ড কৰা নাই , এটাও পোষ্ট কৰা নাই , এটাও ইভেণ্ট ক্ৰিয়েট কৰা নাই , নৱজোৱান ক'ৰ পৰা সাজু হ'ব বাৰু ।  আপুনি ইমান গান ৰচিলে, সুৰ দিলে , আগৰ দিনত বুলি চলি গ'ল আৰু । অপোনাৰ লাক ভাল আছিল । এতিয়াৰ দিনত "অ আমাৰ গাওঁ"  অবুলি চিঞঁৰি চিঞঁৰি গালেও লাভ নাই । আপুনি যদি গানটো গাই টিভিৰ প্ৰাইমটাইমত বিতৰ্কৰ সৃষ্টি কৰিব নোৱাৰে, তেন্তে আপুনি পাছ পৰি থাকিব । বিতৰ্কৰ নিচিনা এটা আৰ্ট নজনাকৈ আপুনিযে কেনেকৈ চলি আছে ক'ব নোৱাৰে দেই ।

এতিয়াও বাৰু বৰ দেৰি হোৱা নাই মাই ডিয়েৰ জ্যোতিপ্ৰছাদ , সোনকালে এটা স্মাৰ্টফোন লওঁক , ৰাভাকো এটা কিনি ল'বলৈ কওঁক । ফ্ৰী 4জি ছিম এখন লৈ আৰম্ভ কৰক আকৌ বিপ্লৱ , তেতিয়াহে যদি কিবা আলপ উন্নতি কৰিব পাৰে আমাৰ আছামৰ ।

বাৰু আজিলৈ আহো, হোৱাট্ছআপত পিঙ কৰিব বুলি আশা থাকিল ।

বাই বাই ।

ইতি ,
খাটি অছমীয়া 




Tuesday, March 28, 2017

আবতৰীয়া চিঠি


মৰমৰ সুমন , হিমাংশু আৰু নাম পাহৰা ল’ৰাটো ,

      মৰম ল’বি বুলি ক’বলৈতো আৰু একোৱেই বাকী নাই । কেনেকৈ মৰম দিম , কেনেকৈ পাবি ? তথাপি যদি তহতৰ আত্মাবোৰ ক’ৰবাত ভাঁহি ফুৰিছে মুক্তিৰ অপেক্ষাত , তালৈকো মোৰ মৰমবোৰ পঠিয়াই দিছো । কথাবোৰ সময় থাকোতেই ক’ব পৰা হ’লে ভাল আছিল , তহতো গলিগৈ , ময়ো নাভাবিলো , এতিয়া মাথো শুন্যতা ।
            কিমান সৰু আছিলি তহত , মোৰ ভাইটোৰ লগৰ নে তাতকৈও সৰু আছিলি ? স্কুলৰ বাৰণ্ডাত শাৰী পাতি প্ৰাৰ্থনা আওৰোৱা তহতৰ এটা দুটাৰ চেহেৰাবোৰ মোৰ অলপ অলপ মনত আছে । তহতো আমাৰ নিচিনাইতো আছিলি , একেখন স্কুল , একেবোৰ চাৰ বাইদেউ , একেবোৰ অংক , একেবোৰ পদ্য । কিহৰনো পাৰ্থক্য , মাথোন কাৰোবাৰ ভাগত এচাৰিৰ দুটা কোব বেছি , কাৰোবাৰ ভাগত শ্ৰুতলিপিৰ দুটা নম্বৰ বেছি । সেই একেখন বিশেষত্ববিহীন ঠাইত আমাৰ জন্ম , আমাৰ কৈশোৰ ।
            তিনিটা ডাঙৰ পুখুৰী , এখন স্কুল , কেইজোপামান ডাঙৰ আঁহতগছ , দুটা নামঘৰ , এটা পুথিভঁৰাল , দুখনমান কণ্ট্ৰ’লৰ চাউল চেনী পোৱা গেলামালৰ দোকান , গাওঁখনক দুভাগ কৰি অজগৰৰদৰে পৰি থকা ৰাষ্ট্ৰীয় ঘাইপথটো , এয়াই আমাৰ গাওঁ। “জননী জন্মভূমি স্বৰ্গদপী গৰিয়সী ”, হেডছাৰে কিমান ধুনীয়াকৈ বুজাইছিল এইষাৰ কথাৰ অৰ্থ । অৰ্থবোৰ বুজি পাইছিলো যদিও সেই সময়ত বৰকৈ পতিয়ন যোৱা নাছিলো । ভাল পাইছিলোনে সেই সময়ত এইখন গাওঁক স্বৰ্গতকৈও বেছি ? সন্দেহ আছিল মোৰ নিজৰ মনত । তহতকো বুজাইছিল চাগে , পাইছিলিনে তহঁতে বুজি ? আৰু বুজি পাইছিলি যদি পতিয়ন গৈছিলিনে ?
            তিনিশ, চাৰে তিনিশ পৰিয়ালৰ গাওঁখন, এজনো ভাল গায়ক নাই , নায়ক নাই , কোনো বহুত ধনী মানুহ নাই , কোনো ডাক্তৰ নাই , ইঞ্জিনীয়াৰ নাই । এটা দুটা অফিচাৰ থকা বুলি শুনিছিলো যদিও কেতিয়াও গাওঁত সিহঁতৰ ছা দেখা নাই । সিহতেও হয়তো মোৰ দৰে “স্বৰ্গদপী গৰিয়সী”ত পতিয়ন যোৱা নাই । গাওঁখনত এজন ভাল খেলুৱৈ নাই , এজনো ভাল সাহিত্যিক – শিল্পী নাই , চাবলগীয়া ভাল বস্তু এটা নাই । ভাবিছিলো এই এলেহুৱা , সহজ সৰল হোজা মানুহখিনিৰ মাজতনো কিহৰ স্বৰ্গ ।
            মাজতে এবাৰ দুজনমান খুৰাসম্বন্ধীয় ল’ৰা ওলাইছিল এটা ভলীবল টিম খুলি । সেই সময়ত এখন জিলাভিত্তিক ভলীবল টুৰ্ণামেণ্টো হৈছিল । তাৰেই অকণমান ভাল ভাল খেলুৱৈ এজন খেলৰ সুবাদত প্ৰথমে ডিষ্ট্ৰিকৰ হৈ খেলিবলৈ সুবিধা পাইছিল আৰু পিছলৈ গৈ স্পৰ্ট্ছ কোটাত কোনোবা ডিফেঞ্চ ছাৰ্ভিছ এটাত চাকৰি পাইছিল । সিওঁ গ’ল , লাহে লাহে খেল আৰু খেলুৱৈৰ মানদণ্ড কমি আহিল । অভিনেতাও আছিল দুজনমান , পিছে মঞ্চত উঠি মঞ্চ কপোৱা জাতীয় প্ৰতিভাৰ অভাৱ আছিল । দেউতাহতৰ বয়সৰ দুজন মানুহ , এজন কৰুণা আৰু আনজনৰ নাম পাহৰিলো । প্ৰতিবছৰে বহাগ বিহুৰ ভেশছন প্ৰতিযোগিতাত  প্ৰথম পুৰস্কাৰ লৈ যোৱা বহুৱা আছিল এই দুজন । হাঁহিৰ খোৰাক দিছিল ঠিকেই , কিন্তু বিহুৰ ভেশছনৰ বাহিৰে সিহঁতৰ কোনো বিশেষ অভিনয় কৃতিত্ব নাছিল ।
            বিহু বুলোতেই মনত পৰিছে , গাওঁখনত এটা ভাল বিহুৱা দল আছিল । ফাগুণৰ শেষৰফালে গাওঁৰ পুথিভৰাঁলটোৰ মুধছত ওলোমাই থোৱা আঠ-দহটা ঢোল নমাইছিল সিহতে । চাইকেলত কেৰেয়া বান্ধি নিতুল,পৰেশদাহঁতে ঢোলবোৰ নতুনকৈ ছোৱাই আনিছিল । তেতিয়া মনটো খুব ফুৰ্তি লাগিছিল । দুদিনমনৰ ভিতৰতে সন্ধিয়া স্কুলত বিহুদলৰ প্ৰেকটিছ আৰম্ভ হৈছিল । তহতে পাইছিলিনে সেইবোৰ , পাইছিলি চাগে । বহুত সৰু আছিলি বাবে তহতৰ মনত নাথাকিব পাৰে । বিহুৰ দলটোৱে দুমাহ গাওঁখন ৰজনজনাই গৈছিল । সেই দালটো সচাকৈয়ে বৰ ভাল আছিল । মোৰ মানত যদি গাওঁখনত সেই সময়ত কিবা গৌৰৱৰ বস্তু আছিল , সেই বিহু দলটোৱেই আছিল ।
            কিন্তু এটা বিহুদলেই জানো গাওঁখ্নক স্বৰ্গতকৈও গৰিয়সী কৰি তুলিব পাৰে । মোৰ মতে হেডচাৰৰ ব্যাখ্যাবোৰ ভুল আছিল । তহতে কথাবোৰ কেনেদৰে লৈছিলি নাজানো । ডাঙৰ হৈ গাওঁৰ পৰা উঠি আহি বেলেগ ঠাই ল’লো , চহৰ দেখিলো , নগৰ মহানগৰত থাকিলো । প্ৰথমতে মাহেকে পষেকে , পিছলৈ পুজাই-পাৰ্বনে গাওঁখন দেখা হয় । লাহে লাহে বিহু দল ভাগিল , খেলা ল্’ৰাবোৰো নোহোৱা হ’ল। কিছুমান মানুহ ডাঙৰ , কোনোবা বেপাৰী হ’ল, কিছুমানে ঠিকা কৰি দালান সাজিলে । চহৰৰ ধামখুমীয়া আৰু একঘেয়ামী জীৱনৰ ব্যস্ততাত হঠাত গাওঁলৈ মনত পৰে । স্কুলৰ পদ্যবোৰ, বছৰেকীয়া বিহু দলৰ হুছৰিবোৰ , ভেশছনত ভাওঁ লোৱা কৰুণাহতৰ কথাবোৰ , ফিল্ডত বল লৈ টনা আজোৰা কৰা মানুহবোৰ , হেডছাৰৰ কথাবোৰ, তহতৰ কথাবোৰ ।
            বিশেষত্ব নাথাকিলেও, মোনো ডাঙৰ বাব থকা মানুহ নাথাকিলেও, গায়ক-অভিনেতা-শিল্পী নাথাকিলেও মানুহবোৰ বৰ সৰল আছিল । একেলগে মিলি এখন বিহু সন্মিলন , মাঘত একেটা পুখুৰীতে মাছ ধৰা , গেলামালৰ দোকানত দেউতাহতৰ আড্ডাৰ মাজত আমিও খেলি থকা , এই সকলোবোৰতো স্বৰ্গই আছিল । পিছলৈ গাওঁখনত বহুত নতুন বস্তু হ’ল । পুখুৰীৰ পাৰত ৰঙ্গমঞ্চ হ’ল , পুখুৰীৰ মাছ লৈ কাজিয়া হ’ল ,মুৰ ফলা-ফলি কাজিয়া হ’ল , পুলিছ আহি থকা হ’ল , ক’ৰ্ট-কাছাৰীৰ মামলা হ’ল , একেখন বিহুতলীত দুখনকৈ অৰিয়া-অৰি বিহু সন্মিলন হ’ল । নামঘৰো ভাগি দুভাগ হ’ল , পুখিভৰালতো জহি খহি গ’ল । মুঠৰ ওপৰত এক বিৰক্তিকৰ পৰিৱেশ ।
এবাৰ মাজতে গাওলৈ যাওঁতে দেখিলো মদৰ আড্ডা । কওঁতাও কোনো নাই , শুনোতাও কোনো নাই । সিহতৰ বিকট চিঞঁৰত ঘৰৰ ভিতৰৰ পৰাই আইতাহতে কৈ থাকিল , “খগেনটো পগলা হ’ল ” । আগতে চাহ, পকৰী-ঘূগূণী পোৱা গুমটিখনত মদৰ পেকেট বিকা হ’ল । কবলৈ কোনোৱেই যেন নাথাকিল । দেউতাহতৰ বয়সৰ মানুহবোৰে নিজৰ সন্মানত লাগে বুলিয়েই পাগল সবৰ লাগত মুখ লাগি নোলোৱাই ভাল বুলি ঘৰতে সোমাই থাকিল । কোনোবাইতো মাত দিব লাগিছিল , কোনো নাছিলনে ? নে শিক্ষিতবোৰ সব পুথি সামৰি গান্ধীৰ তিনি বান্দৰৰ মুৰ্তি হৈ থাকিল । মই গৈছিলো কেবাবাৰো , ভাবিছিলো কিবা এটা কম , কিন্তু একেই বাধা । “বোপাই , মুখ লাগি ন’লবি । কালিয়েই মাৰ পিট হৈছে ইহতৰ ।” থাকিলো পিছ-হুহকি ।
            তিনিবছৰমানৰ পিছত আৰু ভয়াবহ অৱস্থা ,। বিহুতলীত বহাগৰ প্ৰথম দিনাই দুফালে দুটা মাইক লৈ ফুল ভলিউমত যেন যুদ্ধহে । বোলো কি পাবি জিকিলে, গাওঁখনৰ তহতৰ ভাগটো স্বৰ্গ হ’ব নে আমাৰ ভাগটো ?
            সন্ধিয়া একেই ৰঙ্গমঞ্চৰ আৰত এন্ধাৰত এজাক নিচাখোৰ । সৰুতে ভাবিছিলো কিনো মোৰ এই গাওঁখন , এদিনো বাতৰি কাগজৰ এটা চুকতো নাম নাই । এইবাৰ গাওঁলৈ যাওঁতে গম পালো , পেপাৰত গাওঁৰ খবৰ এটা ওলাইছে. “ড্ৰাগছৰ ফলত কিশোৰৰ মৃত্যু ”। সুমন, সেয়াতো পেপাৰত তোৰেই নাম আছিল ! ক’ত পালি সেই বৰবিষ, কিয় , কিহৰ তাড়নাত তাৰ চিকাৰ হ’লি ? কিশোৰ , এতিয়া মনত পৰিছে মই পাহৰি থকা আনটো ল’ৰাৰ নাম । আমাৰ ঘৰৰ কেইঘৰ মান দূৰত আছিল সিহতৰ ঘৰ । ভলীবল খেলি চাকৰি পোৱাজন তোৰ মামা নাছিলনে কিশোৰ ? বিছনাৰ তলত ইঞ্জেকছনৰ পেকেটবোৰ লুকুৱাই কলৈ গলি তই । আন এদিন পেপাৰত হিমাংশুৰ নাম পালো । আবকাৰী বিষয়াই অতৰ্কিতে অভিযান চলাই হিমাংশুৰ লগতে ছয়্জনমানক ড্ৰাগছ লৈ থকা অৱস্থাত হাতেলোতে কৰায়ত্ত কৰিছে ।
গাওঁখনৰ নাম এতিয়া প্ৰায়েই ওলাইছে পেপাৰত । কিনো গৌৰৱৰ কথাটো হৈছে, কিনো বিশেষত্ব হৈছে । তহতক লগ পাবলৈ , এবাৰ কথা পাতিবলৈ থাকি গ’ল । হয়তো স্বৰ্গ নহ’লেও , পৃথিৱীৰ এখন সহজ-সৰল গাওঁ হিচাপে ধৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰিলো হয় । এতিয়াতো বহুত দেৰি হ’ল । কোনে চেষ্টা চলাব , ডাঙৰ প্ৰশ্ন ।
ইতি ,
হিৰণ্য ডেকা




বি:দ্ৰ: - গুৱাহাটীৰ পৰা প্ৰায় সত্তৰ কিলমিটাৰ দুৰৰ এখন গাওঁৰ এইবোৰ কিছুমান সচা ঘটনাৰ ওপৰত আধাৰিত কথা । নামবোৰ অলপ ইফাল সিফাল হ’ব পাৰে , কিন্তু ঘটনাবোৰৰ ভয়াবহতা সমানেই গুৰুতৰ । অসমখন ড্ৰাগছৰ কবলত দ্বিতীয়খন পঞ্জাৱহোৱাৰ পিনে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে , আমি মন দিয়া উচিত । 

নাট


যোৱা চাৰিদিনমানৰ পৰা গাওঁখনত এক উখলমাখল পৰিৱেশৰ সৃষ্টি হৈছে , হ’বৰ কথাও | গাওঁখনলৈ প্ৰথম থিয়েটাৰ আহিছে | থিয়েটাৰ কমিটিৰ মানুহসোপাই এটা বেটাৰীত চলা মাইক আৰু এখন ৰিক্সা ভাড়ালৈ লৈছে , আবেলি হ’বলৈ নেপাওতেই নিজৰ স্বভাৱসুলভ ভঙ্গীমাৰে প্ৰায় একেটা কথাকেই কৈ গৈছে | “ শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ, আজি সন্ধিয়া ঠিক সাত বজাৰ লগে লগে ৰংমন থিয়েটাৰৰ মঞ্চত আপোনালোকে উপভোগ কৰিবলৈ পাব অসমৰ চুকে কোণে ভ্ৰাম্যমান জগতত আলোড়ণৰ সৃষ্টিকাৰী , স্বনামধন্য নাট্যকাৰ অমুক সিং ৰচিত , তমুক দত্ত পৰিচালিত শিহৰণকাৰী নাট “গডজিলা” । এই নাটখনিক মঞ্চলৈ আগবঢ়াই আনিব এখনি আটকধুনীয়া গীতি নৃত্য-নাটিকা ...” মুঠতে থিয়েটাৰখনে অসমৰ চুকে কোণে আলোড়ণৰ সৃষ্টি কৰিব পাৰিছেনে নাই নাজানিলেও গাওঁখনৰ চুকে কোণেযে আলোড়্ণৰ সৃষ্টি বাৰুকৈয়ে কৰিছে সেইটো খাতাং । আবেলিৰ পৰা সাজ নভগালৈ এই একেখিনিকে ইমানবাৰ চিঞঁৰি আছে যে মাইকলগোৱা ৰিক্সাখন চলোৱা ভঙুৱা কানাইকো যদি মাইকটো হাতত দিয়া হয় সিয়ো খোকোজা নলগাকৈ এই কামটো কৰিব পৰাকৈ ওস্তাদ হৈ উঠিছে | 
            
          বিপুলে আজি পঢ়া ঠাইটো সলনি কৰি ৰাস্তাৰ পিনে মুখ কৰি থকা খিৰিকীখনৰ মুখতে এখন চকী পাৰি লৈছে । চকীখনৰ ওপৰত তাৰ সমাজ অধ্যয়নৰ কিতাপখন মেলি থৈছে হয় , কিন্তু কিমান অধ্যয়ন কৰিছে সেইটো তাৰ বাহিৰে ঘৰখনৰ বাকী সকলোৱে বুজিছে । সি যিমানেই মাক , বায়েকহঁতক দেখুৱাই চিঞঁৰি চিঞঁৰি পঢ়াৰ ভাওঁ দিছে মাকহঁতৰ সিমানেই মুখ টিপি টিপি হহাঁৰ ৰোল উঠিছে । কানাইৰ মাইক টনা ৰিক্সাখন সিহতৰ চুবুৰীত সোমোৱাৰ লগে লগে বিপুল বহি থকা মুঢ়াটোৰ পৰা উঠি খিৰিকীৰ ৰ’ডকেইডালত খামোছ মাৰি ধৰি পঢ়ি থকা দফাটোকে আকৌ উৰাই ঘুৰাই মাতিছে । “সেইয়া আৰম্ভ হ’বই এতিয়া , দেউতাটোযে ক’ত থাকিল । ” সি এবাৰ মাকক সুধিম বুলি ভাবিলে , পিছে মাকৰ ধমক খোৱাৰ ভয়ত মনে মনে থাকিল । এনেয়ো মাকে তাক আগতেই কৈ থৈছে , পঢ়া-শুনা কৰা ল’ৰাই ৰাতি পঢ়া সময় নষ্ট কৰি নাটক চালে কেনকৈ হ’ব । “কিন্তু আমাৰ লগৰ যে সবেই যাব, বিতোপন , সৌৰভ , বাবলু । ল’ৰাতো বাদেই দিয়া ছোৱালীবিলাকো যাব । মা তুমি একোয়ে নাজানা , গডজিলাখন যে কিমান ভাল হৈছে । আৰু মই ৰাতি পঢ়াখিনি দিনতেই পঢ়ি থ’ম নহয় ।” তাৰ পিছতে মাক আৰু তাৰ বন্দোবস্ত , সি সন্ধিয়া পাচবজালৈ পঢ়িব লাগিব আৰু দেউতাক অফিচৰ পৰা আহি যদি তাক লৈ যায় তেতিয়া যাব পাৰিব । বিপুলে ঘড়ীটো চালে, এতিয়াও পোন্ধৰ মিনিট বাকী আছে । ৰাস্তাৰে গৈ থকা কানাই ৰিক্সাখন চুবুৰীটো পাৰ হ’ল , পিছে পিছে তাৰ সমনীয়া কেইটামান নাচি বাগি পাৰ হৈ গ’ল ।

পাচবজাৰ ঘণ্টাতো পৰাৰ লগে লগে তাৰ সমাজ অধ্যয়্নৰ অধ্যয়ণ সামৰি পদূলি মুৰ পালেগৈ । নাই দেউতাকৰ দেখা দেখি নাই । আনদিনাখন ইমান পৰতে দেউতাক আহি পায়হি , আজিহে ইমান দেৰি হ’ব পায়নে বাৰু । প্ৰায় বিশমিনিটমান অধীৰ অপেক্ষাৰ অন্তত দেউতাকৰ অহাৰ উমান পোৱা গ’ল । দূৰত দেউতাকৰ স্কুটাৰৰ শব্দতো তাৰ বৰ মিঠা লাগিল । দেউতাকে স্কুটাৰ সামৰি , গা পা ধুই অটাই মানে , বিপুল তেল টেঙা সানি ৰেডী । তাৰ পিছত দেউতাকক তেল মৰাৰ নামত পানী এগিলাচ আনি দিয়া , মুৰ পিটিকি দিয়া আদি কামবোৰ সি স্বয়ংক্ৰিয় ভাবেই কৰি থাকিল । মুৰ পিতিকি থাকোতে তাৰ মনত বাৰে বাৰে দিনত স্কুলৰ দেৱালত লগাই যোৱা গডজিলাৰ ছবিখনেই ভাহি থাকিল । “আস কিমান যে মজা লাগিব” ।

আৰু কেইটিমান মুহূৰ্ত্তপিছতেই আৰম্ভ হ’ব বুলি সন্ধিয়া ছয়বজাৰ পৰা চিঞঁৰি থকা নাটক খন অৱশেষত নমান বজাত আৰম্ভ হ’ল । বিপুল ভালকৈ চাম বুলি ডিঙি মেলি গডজিলা ওলোৱালৈ ৰৈ থাকিল । কিবা এসোপা গীত-মাত হ’ল , নৃত্য হ’ল , লাইটৰ বাহদুৰি হ’ল , গডজিলা নোলায় হে নোলায় । এসময়ত নৃত্য-নাটিকা শেষ হ’ল । মঞ্চত বহুত বিল্ডিং ওলাল , মানুহ ওলাল , গাড়ী ওলাল । মিউজিকৰ মানুহবোৰে ওলোৱা শব্দবোৰ লাহে লাহে অলপ ভয়ানক হৈ আহিছে । এপাকত মঞ্চত বিজুলী মাৰিছে , মিউজিকত বজ্ৰপাত আৰু ধুমুহা বতাহৰ শব্দ । বিপুলৰ লাহে লাহে ভয় লাগিছে, চাৰিওপিনে অন্ধকাৰ , মাজে মাজে বিজুলী গাজনিৰ পোহৰ । গডজিলা ওলাবই এতিয়া ।

এবাৰ দেউতাকৰ পিনে চালে সি, নাই কোনো সাৰ সুৰ নাই । দেউতাকৰ সোঁহাতখনত খামুচি ধৰি ইখন হাতেৰে চুক দুটা মুদি বিপুলে মঞ্চত হাহাকাৰ কৰি থকা প্ৰাণীটোলৈ চালে । কিমান ভয়লগা তাৰ মুখখন , ইমান ডাঙৰ জন্তু এইটো । গডজিলা ওলাল , কেইখনমান গাড়ী ভাঙিলে , কেইটামান মানুহক মুখেৰে কামুৰি দলিয়াই দিলে , আৰু এটা বিকট চিঞঁৰ মাৰি মঞ্চত লাইটৰ বাহাদুৰিত সৃষ্টি কৰা সাগৰৰ খনৰ বুকুলৈ সোমাই গ’ল । বিপুলে এইকেইটা দৃশ্য চাবই নোৱাৰিলে , এপাকত ভাবিলে দেউতাকক কৈ ঘৰলৈ যাও নেকি ? নাই নাই লগৰ বোৰে গম পালে কি হ’ব বাৰু , তাক যে ভয়পদুৰা বুলি জোকাবলৈ নেৰে । তাৰ লগৰবোৰৰ কোনোবা ওচৰে পাজৰে আছে নেকি , থকিলে তাক এখন হাতেৰে চকুমুদি থকা দেখিলে নেকি ? বিপুলে এন্ধাৰতে ইফালে সিফালে চালে, নাই একো মনিব নোৱাৰি। দেউতাকক জগাই মনে মনে গুচি যাম বুলি দেউতাকক সি হেচুকি চালে । ইফালে কাহিনীত কি চলিছে , কোনে কি কৰিছে তাৰ খবৰ নাই । চকুদুটা মুদি দুহাতেৰে কাণদুখন ঢাকি বিপুলে নাটকখন শেষ হোৱালৈ বাট চাই থাকিল ।