Monday, December 15, 2014

নতুন ৰূপ

নতুন ৰূপ
আমি চৰকাৰী হাইস্কুলত পঢ়া ল’ৰাবোৰৰ বাবে স্কুলৰ দিনৰ কিছুমান কথা স্মৃতি প্ৰায় একেই , সেই লাগিলে  তেজ্পুৰৰ চৰকাৰী স্কুলেই হওঁক , নলবাৰী হওঁক , ধেমাজি হওঁক বা ডিব্ৰুগড় হওঁক  । আমাৰ চৰকাৰী স্কুলবোৰৰ অৱস্থা তথৈবচ আছিল । প্ৰায়বোৰ স্কুল ব্ৰিটিছৰ দিনতেই সজোৱা , স্কুলৰ দেৱালবোৰ জহি-খহি যোৱা , স্কুলৰ ফিল্ডবোৰ বাৰিষাৰ দিনত একাঠু বোকাৰে  ভৰা  , শ্বহীদ বেদীৰ নামত কিবা শেলুৱৈ ধৰা , ক’লা শিল এচটাৰ নিচিনা বস্তু এটা , তাৰ ওপৰত এসময়ত ৰঙা ৰঙেৰে লিখা “মৃত্যুৱোটো এ টা শিল্প  ... ”   সেই এসময়ৰ ৰঙা ৰঙ গৈ  আজিৰ দিনৰ যিটো ৰঙ লৈছে , দেখিলে শ্বহীদেও লাজ পাব যেন লাগে ।  স্কুল মেৰামতিৰ বাবে চৰকাৰৰ ক’ৰ টকা কলৈ আহিছে , আহিছেনে নাই , আহিছে যদি ক’ৰ মেৰপাকত সোমাইছে সেইবোৰৰ কোনো হিছাপ নাই । মুঠতে বছৰ বছৰ ধৰি সেই একেই খেলপথাৰ , একেই দেৱাল , একেই শ্বহীদ বেদী , একেই ক্লাছৰুম  , চলি আহিছে ।
            বাকী বস্তু মেৰামতি নহ’লেও বছৰি কিন্তু এটা বস্তু আমাৰ ল’ৰাবোৰে মিলি মেৰামতি কৰাৰ গধূৰ দায়িত্ব বহণ কৰিছিল  ।  মেৰামতি ঠিক নহয় , যেন এটা নতুন ৰূপ দিছিল ।  এই কামটো বছৰত দুবাৰকৈ হৈছিল ,  এবাৰত এসপ্তাহ দহদিন মান চলিছিল । স্কুলৰ প্ৰায় সকলোবোৰ ল’ৰাই ভাগ নললেও বেছিখিনিয়ৈ মনপুতি কাম টো কৰিছিল ।  আমাৰ লগৰ বিপুল , ৰাতুল আৰু আমানুলৰ এইকেইদিন যেন কিমান উথপথপ লাগে ।   কিমান প্লেনিং সিহঁতৰ । কামটো আৰম্ভ হোৱাৰ কেইদিনমান আগৰ পৰাই যা যোগাৰ আৰম্ভ কৰি দিয়ে  । বাকী ল’ৰাবোৰৰ ওপৰত সিহতৰ ভৰষা কম , সেয়ে  নিজৰ ভাগৰ দায়িত্ব বিলাক নিজেই কৰি লয় ।  হাথিয়াৰ যোগাৰ কৰাৰ দায়িত্ব যদি এবাৰ ৰাতুলক দিয়া হয় , তেন্তে আমানুলৰ ভাগত পৰেগৈ আগৰ বছৰৰ কামৰ লগত তুলনা কৰি নতুন বছৰৰ কামৰ ব্লুপ্ৰিণ্ট  তৈয়াৰ কৰা । বিপুলৰ ঘৰ স্কুলৰ ওচৰত হোৱাৰ বাবে সাধাৰনতে তাত স্কুলৰ চৌহদ পৰীক্ষা কৰা ,    কামৰ আগদিনা কামৰ সিহঁতৰ দায়িত্বত পৰা জেগাবোৰ আগতীয়াকৈ নিৰীক্ষণ কৰি অহা আদি আনুষঙ্গিক কামবোৰৰ দায়িত্ব দিয়া হয় । কাম আৰম্ভ হোৱাৰ দিনা নিৰ্ধাৰিত সময়তকৈ  বহু আগতেই সিহঁত ঘৰৰ পৰা ৰেডী হৈ আহে । অহাৰ সময়ত ভালদৰে গা পা ধুই আটোম টোকাৰিকৈ আগদিনা ৰাতিয়েই সযতনে সাজু কৰি থোৱা হাথিয়াৰ , কিতাপ –বহীৰ বেগ অন্যান্য আনুষঙ্গিক বস্তুবোৰ চকু ফুৰাই ৰাওনা হয় । সেইদিনা স্কুলৰ চকীদাৰ হৰিৰাম পোৱাৰ আগতেই সিহঁত স্কুল পায়গৈ  । হৰিৰামে ক্লাছৰ দৰ্জা খুলি দিয়াৰ লগে লগে প্লেনিং মতে ইহঁত তিনিটাই কাম আৰম্ভ কৰি দিয়ে । ব্লুপ্ৰিণ্ট মতে সিহঁতৰ প্ৰথম কাম তিনিওটাৰে কাম কৰা ঠাই একেলগ কৰা ( একেলগে মনে মিলা মানুহৰ লগত কাম কৰিলে কাম কৰি ভাল লাগে দিয়কছোন ) , দ্বিতীয় কাম কাম কৰা ঠাই পৰিস্কাৰ কৰি লোৱা  ( কামৰ ঠাইটুকুৰা চাফা হ’লে কামবোৰ সহজতে আঁত লগাব পাৰি ) , তৃতীয় কাম কোনটো কাম প্ৰথমতে কৰিব লাগিব আৰু কোনটো শেষত ক্ৰম অনুযায়ী সজাই লোৱা ( গুৰুত্ব অনুযায়ী কামবোৰক প্ৰাধান্য দিয়াটো বহুত জৰুৰী ) । এই তিনিটা দিশ ঠিক হোৱাৰ পিছত সিহঁতে ইষ্টদেৱতাক চিন্তি বছৰৰ কাম আৰম্ভ কৰে ।
সিহঁতে সিহঁতৰ ৰোল  নম্বৰ লিখা ডেস্ক কেইখন ক্লাছৰ শেষৰ শাৰীলৈ লৈ যায় ।
ৰাতুলে নতুন হাথিয়াৰ তিনিখন মানে তিনিখন নতুন মাষ্টাৰ ছেভিং ব্লেড উলিয়াই দিয়ে । তিনিওটাই নতুন ব্লেডেৰে ডেস্ককেইখনত লিখা আগৰ বছৰ অংকৰ সূত্ৰ , সমাজ বিদ্যাৰ চমুটোকা, বিজ্ঞানৰ প্ৰমাণ কৰা আদিবোৰ  ৰুকিবলৈ আৰম্ভ কৰে  । ইয়াৰ লগে লগে চৰকাৰী ফাণ্ডেৰেও মেৰামতি নোহোৱা আমাৰ স্কুলৰ ডেস্ক বেঞ্চবোৰ মাত্ৰ দহমিনিটৰ ভিতৰতৈ নতুন ৰুপ লয় ।
আমনুলে এইবাৰ কোনটো সূত্ৰ , কবি পৰিচয় , চমুটোকা আহিব পাৰে ঊলিয়াই দিয়ে । তিনিওটাই নতুনকৈ পৰিস্কাৰ কৰা ডেস্ক-বেঞ্চ কেইখনত মনপুতি লিখা আৰম্ভ কৰে ।  বাকী ল’ৰাবোৰ আহে মানে সিহঁতৰ প্ৰায় লিখি শেষ হয় ।
পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ১৫ মিনিটমান আগত যেতিয়া চাৰহত পৰীক্ষাৰ পেপাৰ আৰু বহীবোৰ লৈ ৰুমে ৰুমে সোমাবলৈ আৰম্ভ কৰে , তেতিয়া শেষৰ শাৰীৰ তিনিখন বেঞ্চত অগা-পিচাকৈ বহি থকা ৰাতুল, বিপুল আৰু আমনুলে ডেস্কখনত নতুনকৈ নকল লিখা কবি পৰিচয়টোলৈ চকু ফুৰায় আৰু মনে মনে ভাবে , প্ৰভু এইটো আহিলেই হয় আৰু ফালি দিম ...
আগন্তুক দহদিনমানত আমাৰ স্কুলৰ প্ৰায়বোৰ ডেস্ক ৬ বাৰকৈ পৰিস্কাৰ হয় আৰু নতুন হোৱাৰ ৰুপ ধৰে ।