নতুন চহৰ নতুন কথা । নতুনকৈ
আহিছো যেতিয়া নতুন নতুন নিয়মো বান্ধি লব লগা হৈছে । তাৰে মাজত এটা নিয়ম হ'ল ঘৰলৈ ওভতি আহোতে সদায়
পাৰিলে একেখন ফুট ব্ৰীজেৰে খোজকাঢ়ি অহাটো । প্ৰায় সাতশ মিটাৰ মান এই নিয়মীয়া
যাত্ৰা । সাতশ মিটাৰ "মান" বুলি কোৱাৰ কথাতো হ'ল মই কেতিয়াও জুখি মাখি
চোৱা নাই , খোজ কাঢ়ি
আহোতে প্ৰায় সাত মিনিট লাগে । সেয়ে সাতশ মিটাৰমান হ'ব বুলি অনুমান । বাৰু এতিয়া আহো আচল কথালৈ ।
এইযে সাত মিনিটমান খোজ কাঢ়ো , এইখিনি হ'ল কিবা ডাঙৰ মানুহৰ নিচিনা
লগা এটা সময় । যিহেতু ফুট ব্ৰীজৰ ওপৰেৰে আহো , বহুত মানুহ , বহুত জুপুৰী
ঘৰ, তিনিটা
মান ৰাস্তা , সৰু বৰ
বহুত গাড়ীৰ ওপৰেদি আহো । ওপৰৰ পৰা চব দেখি থাকি , সৰু সৰু দেখি বাবে নিজকে কিবা ডাঙৰ ডাঙৰ লাগে ।
তাৰ মাজতে এটুকুৰা বৰ্গাকৃতিৰ মুকলি ঠাই আছে , দীঘলে প্ৰায় ডেৰশ ফুট , বহলে এশ ত্ৰিশ ফুট মান হ'ব লাগে । মই জুখি চোৱা নাই , অনুমান । প্ৰায়ে তাত সৰু ল'ৰা কেইটামানে খেলি থাকে , এটা ছানাৱালা আৰু দুখনমান অট্' থাকে । যোৱাকালিও আছিল , তাৰ আগৰদিনাও আছিল আৰু হয়তো মই মোৰ এই নিয়মীয়া যাত্ৰা আৰম্ভ কৰাৰ বহু
আগৰ পৰা তেনেকৈযে আছে । আজিহে কিবা ব্যতিক্ৰম হ 'ল । সেইখিনি ঠাই পাৰ হওতে
দেখিলো , তলত বৰ
উমাগম । কালিও যিটুকুৰা বৰ্গাকৃতিৰ ঠাই মুকলি আছিল আজি তাত ৰঙা নীলা কাপোৰেৰে
মেৰিয়াই দুটা ৰুমৰ নিচিনা সজাইছে , ওপৰত কোনো চালিৰ নিছিনা বস্তু নাই । তাৰে এটা কোঠাত দুখন ৰজা দিনীয়া
চকী অকণমান ওখ ঠাই এটুকুৰাত ৰাখিছে , আৰু তাৰ সন্মুখত প্ৰায় পঞ্চাসখন মান চকী ৰজাদিনীয়া চকী দুখনলৈ মুখ
কৰি শাৰী পাতি থৈছে । ইটো কোঠাত দুখন মেজত ডাঙৰ টৌ কিছুমানত কিবাকিবি ঢাকি থৈছে ।
বগা ছোলা-ক'লা পেণ্ট
পিন্ধা তিনিজনমান মানুহে টৌ কেইটা ৰখীয়া হৈ আছে । আয়োজন দেখি অনুমান কৰিব পাৰি
কাৰোবাৰ বিয়া । কাইলৈ য'ত একো
নাছিল আজি তাত এখন বিয়া চলিছে । ভাবি আচৰিত লাগিল যদিও আমোদো লাগিল । পটককৈ মনটো
গাওঁলৈ উৰা মাৰিল । আইতাহতৰ গাওঁৰ বিয়াবোৰলৈ ।
গাওঁৰ বিয়াবোৰ বৰ উদুলি
মুদুলি । আজিকালিহে সকলো কাম টেণ্ট হাইছৰ মানুহে কৰে , আগতে বিয়াৰ ৰভা দিবলৈ মানুহ
প্ৰায় সাতদিনমান আগৰে পৰা আহে । তাতেও কিমান যে স্পেশিয়েলিষ্ট থাকে - ৰাজেনৰ ঘৰৰ
বাঁহ কেইডালহে ৰভা দিবলৈ ভাল ,
ৰভাৰ টিং আনিবলৈ পদ্ম ঠিকাদাৰৰ ল'ৰাটোক বৰ তেল মাৰিব লাগে , আৰু ফুলেন কাইটিয়েহে শুভবিবাহ লিখা গেটখন বনাব পাৰিব । ফুলেন কাইটিৰ
আকৌ নিয়ম্, গেটখন সি
আকৌ বিয়াৰ আগদিনা ৰাতিহে বনাব ,
গোটেই ৰাতি তাক চাহ যোগান দি থকাতো বিয়াঘৰীয়াৰ দায়িত্ব । কিমান যে
দিমাণ্ড । তাতোকৈ ডাঙৰ স্পেশিয়েলিষ্ট দৰকাৰ হয় বিয়াৰ ভোজৰ বাবে ।
গাওঁৰ বিয়াৰ ৰভা যিমানেই জকমকীয়া হওঁক , নাম ৰাখিব ভোজেহে । গতিকে মতা হওঁক কাষৰ গাওঁৰ কলাই দাইক । উস কিযে
সোৱাদ - বুটৰ দাইলত কাঠআলুৰ টুকুৰা , ৰৌ মাছৰ জোল খনৰ জুতিটো , আৰু কিবা এটাযে জলকীয়াৰে বনায় । জলকীয়াৰ ব্যঞ্জন খনৰ সোৱাদতকৈ
নামটোহে বেছি আমোদ্জনক , যিহেতু
জলকীয়াৰে তৈয়াৰী গতিকে কেতিয়াবা তাৰ নাম বীৰাপ্পান , কেতিয়াবা লাডেন , কেতিয়াবা নগা আচাৰ ইত্যাদি ইত্যাদি । আজিকালি বা
কি নাম চলি আছে । ৰান্ধনী যেনেকৈ স্পেশিয়েলিষ্ট , তেনেকৈ বিলনীও
স্পেশিয়েলিষ্ট লাগিব । যেনে চন্দ্ৰ বৰতা - মিঠাই টিংতো ক্'ত আছে , মাছ সকলোৱে পাবনে নাপায় , সৰু ল্'ৰা কেইটা বাৰে বাৰে খবলৈ
বহা নাইতো , কইনাৰ
মাকে কিবা খালেনে নাই -কিমানযে মেনেজ কৰিব লাগে । তাতে আকৌ পানী দি থকা ছোৱালীকেই
জনী বাৰে বাৰে ফুচফুচীয়া মেলত বহে । সকলোতকৈ অমোদজনক চৰিত্ৰ হ'ল আমাৰ হলিকাই । অলপ জিভাখন
দীঘল , গতিকে
বিয়া সবাহত তেওঁৰ আগভাগ লোৱা মাত্ৰাটোও বেছি । তিনিদিনমান আগৰ পৰাই
বিয়াঘৰীয়ৰ ৰভাৰখুটাত ডিজাইন দিয়া,
বজাৰৰ পৰা অনা চাউলৰ বস্তাটো তোলা , তেলৰ ভাৰৰ মাছ কিনা ইত্যাদি ইত্যাদি তেওঁহে কৰে ।
কৰে মানে কৰে যিমান তাতকৈ চাহ আৰু চিৰা দৈ খাব তিনিগুণ । তেওঁৰ এটা বৰ হাঁহিউঠা নিয়ম
আছে , সদায়
বিয়াঘৰৰ ভোজত বহিব একেবাৰে আৰম্ভণিৰ ঠাইটোত আৰু কাষত বহাব নিজৰ চিনাকী কোনোবা
লাজকুৰীয়া মানুহ এজনক । বিলনীয়াই যদি হলিকাইৰ পিনৰ পৰা বিলাবলৈ আৰম্ভ কৰে তেওঁৰ
পাতখন ভালদৰেই ভৰাই দিয়ে । যেতিয়া এবাৰ মানুহবোৰৰ পাত উদং হয় তেতিয়া হলিকাইক চাবলৈ
ভাল হয় ।'হেৰা
ভাইটি , এবাৰ
মাছটো ঘুৰাই দিবাহে।' যদিহে
বিলনীজনে অন্য দিশেৰে আৰম্ভ কৰে তেতিয়া কাষৰ মানুহ্জনক দেখাই ক্'ব 'হেৰা ভাইটি , এওঁক অকণমান দাইল দিয়াহে , বৰ লাজ কৰিছে ।' মাজতে আকৌ কইনাৰ বাপেক ওলাই
কয়হি ,' হলিকাই , একো নাখলেই দেখোন , ঘৰৰ বিয়াত নাখালে কেনেকে হ্'ব্। হেৰা ভাইটি , আৰু এটা মিঠাই দিয়াহে '। 'হেৰা ভাইটি' বোলাজন একেজন মানুহ হয়
তেতিয়া ভাইটিৰ মেজাজটো অলপ গৰম হয়েই । ভাইটিয়ে ক্'ব ,"লওক্" , হলিকায়ে ক্'ব
"নালাগে দিয়ক"। 'নালাগে
দিয়ক'ৰ অৰ্থ
বুজাইহে বুজে, নালাগে
কিন্তু দিলে লম জাতীয় অৰ্থ ।
এনেকুৱা কিমানযে হলিকাই আছে
আমাৰ গাঁওৰ বিয়াবোৰ ৰসাল কৰি তুলিবলৈ ।ভাবিবলৈ বাধ্য হ'লো , এইযে বৰ্গাকৃতিৰ বিয়াখন , তাতো বাৰু এনেকুৱা মানুহ
ওলাবনে । কোনাবাই ক'বনে ,"হেৰি , নালাগে দিয়ক"
!!!!
No comments:
Post a Comment