'অ' মই আৰু এইখন ঘৰত নাথাকো , আজিয়েই মাৰ ঘৰলৈ যামগৈ ।' বৰুৱানীয়ে কৈও আছে কাপোৰৰ বেগটো বান্ধিও আছে, চকুৰ পানী আৰু হাতৰ কাম সমানে চলি আছে । বৰুৱাই শেষবাৰৰ বাবে ক'লে ," হেৰা বুজিবলৈ চেষ্টা নকৰা কিয় , তেনেকুৱা একো কথা নাই । এইটো বয়সত বাৰু এইবোৰ কথা ভাবিবলৈ তোমাৰ লাজ নালাগিলনে ?" বৰুৱানীয়ে শৰপাতৰ লেখীয়াকৈ উৰি আহিল আৰু দুগুণ জোৰেৰে চিঞঁৰি উঠিল ," মোৰ ভাবিবলৈও লাজ লাগিব লাগে আৰু নিজৰ হ'লে লেটিপেটিবোৰ কৰিবলৈও লাজ নালাগে । জানো নহয় বিয়াৰ আগৰজনীৰ কথা , চাৰি নম্বৰটো তাইৰেই হ'ব ।" বৰুৱাই চিঞঁৰিলে , " মাৰৰ ঘৰলৈ যাৱ , বাপেৰৰ ঘৰলৈ , জহন্নামে যাৱ গৈ থাক ।" ইমানপৰে ৰাস্তাৰ পৰা শুনি থকা ৰামধনে কাষৰ হৰি মাষ্টৰক সুধিলে ," কথাটো কিহে মাষ্টৰ ?" হৰি মাষ্টৰে ক'লে ," বৰুৱা এইবাৰো ইলেকচনত হাৰিলে , কিন্তু এইবাৰ ঘৰৰ পৰিয়াল তিনিটা বাদ দিও আৰু এটা ভোট পালে । বৰুৱানীৰ সন্দেহ চাৰি নম্বৰটো বৰুৱাৰ বিয়াৰ আগৰ লেটিপেটিজনীৰ , সেয়ে মহাৰণ"
হাহি ৰখাব পৰা নাই। বঢ়িয়া হৈছে।
ReplyDeletebadhiya....grt keep it up...
ReplyDelete