মোৰ ককাদেউতাই কোনোবা চৰকাৰী অফিচ এটাত গাড়ী চলাইছিল । ডেকাকালত বহুত ডাঙৰ
ডাঙৰ চাহাবৰ লগত অফিছৰ কামত যোৱা, ক'ত
ছিকাৰ কৰিবলৈ চাহাবক লৈ যাওঁতে গাড়ীৰ হেডলাইট বেয়া হৈ হাবিৰ মাজত গোটেই ৰাতি গাড়ীত
বহি থকা, এবাৰ মিজোৰামৰ লুংলেই নামৰ ঠাইলৈ যাওঁতে আগৰ গাড়ীখনত
থকা বন্ধুজন পাহাৰৰ পৰা লুটি খাই পৰি চিন মোকাম নোহোৱা হোৱা , অফিছত গাড়ী হৈ চাইকেল লৈ আহি থাকোতে কেনেকৈ ভূতে পালে ইত্যাদি ইত্যাদি
কাহিনীবোৰ আমাক শুনোৱা আমাৰ মনত আছে । আমি ৰৈ লাগি চাই থাকো ককাৰ মুখৰ আওঁ-ভাওঁ ,
শুনি শুনি কল্পনা কৰো একা বেকা ৰাস্তাবোৰ , ভূতৰ
চেহেৰাবোৰ , মিজো পাহাৰৰ খাৱৈবোৰ , কাণেৰে
হাত সুমুৱাই দি দাঙি ধৰিলে ফিছাটো মাটিত চুচঁৰি যোৱা মাছবোৰৰ কথা । অৱসৰ পোৱাৰ
পিছত তেখেতে আমাক প্ৰায়ে কাহিনীবোৰ শুনাইছিল , আমিও আব্দাৰ
কৰিছিলো আমাৰ প্ৰিয় কাহিনীবোৰ শুনাবলৈ । কাহিনীবোৰ শেষ হ'লে
প্ৰায়েই কিবা নহয় কিবা এটা হুকুম আহি পৰিছিল - যা আগফালৰ বাৰান্ডাৰ পৰা খোপোৰা
কাগজখন লৈ আহ , হৰেশৰ দোকানৰ পৰা দৌৰি গৈ চিৰা আধাসেৰ আন গৈ ,
চন্দৰৰ ঘৰলৈ গৈ কবি তামোল পাণ এযোৰা আৰু পাচঁ সিকি পইচা লৈ গধূলি
মাতিছো বুলি । হুকুম মতে আমি দৌৰি থাকো ।
ককা ঢুকুৱাৰ পিছত আৰু সেই কাহিনীবিলাক নোহোৱা হ'ল । এতিয়া মনত পেলাব খুজিলেও ভূতবোৰ দেখিবলৈ কেনে আছিল , কপলীয়া মুৰৰ বিষ জাৰি দিবলৈ পাচ সিকি পইচা লাগিছিল নে বাৰ অনা লাগিছিল ,
চুচঁৰি যোৱা মাছটো ধনশিৰীৰ নে জীয়াভৰলীৰ আছিল মনত নপৰে । সিদিনা
হঠাত উপলব্ধি কৰিলো যে অকল কাহিনীবোৰেই নহয় আন কিছুমান বস্তুও লাহে লাহে হেৰাই
গৈছে । ককাৰ শব্দবোৰ যেনে খোপোৰা
কাগজ ( ককাই খবৰ কাগজক খোপ্ৰা কাগজ বুলি কৈছিল ) , এসেৰ
, সিকি , আধলি , বাৰ
অনা, এপিয়লা চাহ , মেজৰ ওপৰত থকা কলমটো
এইবোৰটো আমি বহুদিন শুনাই নাই । আমি সৰুতে প্ৰায়ে শুনা বহুত শব্দ আজিকালি লাহে
লাহে অপ্ৰচলিত হৈ আহিছে । কিছুমান শব্দ আকৌ শুলৰ কিতাপতে পঢ়া , কওঁতে আমি কোনোদিন ব্যৱহাৰ কৰা নাই যেনে জলবায়ু , বন্দৰ
, উতকৃষ্ট । মোৰ লগৰ এটাক এবাৰ ফোনত সুধিলো , তোৰ তাত বতৰ কেনেকুৱা । বন্ধুও বৰ ৰসিক , সি উত্তৰ
দিলে নাতিশীতোষ্ণ । এনেকুৱা শব্দবোৰ আমি সাধাৰণ কথা বতৰাত ব্যৱহাৰ নকৰো । এনেকৈ
ব্যৱহাৰ নকৰোতে নকৰোতে কিমান যে সহজ সৰল আমি বুজি পোৱা শব্দ লাহে লাহে নোহোৱা হৈ
আহিছে এই কথাটো ভাবিব লগীয়া ।
মই কলাকাতাত থকোতে কোনোবা এখন গ্ৰন্থমেলাত অসমীয়া কিতাপৰ দোকান কেইখনমান
দেখিলো , বিচাৰি বিচাৰি কেইখনমান অসমীয়া কিতাপ কিনা হ'ল । তাৰে মাজত এখন আছিল বুঢ়ী আইৰ সাধু । সম্পাদকে বহু কষ্ট কৰি আজিৰ ল'ৰা ছোৱালীয়ে বুজিব পৰাকৈ প্ৰতিটো সাধুৰ শেষত এনেকুৱা আজিকালি অপ্ৰচলিত
শব্দ কিছুমানৰ সমাৰ্থক শব্দৰ তালিকা দিছে । কথাটো দেখি ভাল পালো । তাৰমানে যিবিলাক
শব্দৰ অৰ্থ আমাক আগেতে বুজাব লগা নহৈছিল ,আজিকালি অৰ্থ
বুজোৱাৰ প্ৰয়োজন বাৰুকৈয়ে আহি পৰিছে । কথাটো ঠিক এপেণ্ডিক্সৰ লেখীয়া । এপেণ্ডিক্স আমাৰ তলপেটৰ সোঁফালে থাকে
। আমৰি পূৰ্বপুৰুষ ( মানে আদিমানৱ , ইতৰ বা বান্দৰ প্ৰজাতি ) ৰো এপেণ্ডিক্স আছিল , কিবা
ঘাহজাতীয় বস্তু হজম কৰোতে এপেণ্ডিক্সৰ পৰা ৰস নিগৰি পাচন প্ৰক্ৰিয়াত সহায় কৰে ।
কিন্তু মানুহৰ ক্ষেত্ৰত এপেণ্ডিক্সৰ প্ৰয়োজন নাই , ঘাঁহ খোৱা
বাদ দিয়াৰ পৰা এই অংগটো আমাৰ বাবে অলাগতিয়াল হৈ পৰিছে । কেতিয়াব অপেণ্ডিক্সে পেটৰ
বিষ কৰে , বেছি বিষ কৰিলে আমি অপাৰেছন কৰি কাতি বাহিৰ কৰি দিওঁ।
ঠিক তেনেকৈ ব্যৱহাৰ নহওঁতে নহওঁতে আমাৰ চিনাকী শব্দ কিছুমানো হেৰাই
গৈছে যেন অনুভৱ হয় । সময়ৰ লগে লগে ভাষাই নতুন নতুন ৰূপ ল'বই , নহ'লে ভাষা বৰ্ত্তি
থাকিবলৈ টান হ'ব । সংস্কৃত ভাষাটো হেনো বহুত আধুনিক ভাষাৰ
জনক, দেৱ ভাষা , কিন্তু সময়ৰ লগে লগে
সলনি নোহোৱাৰ বাবে আজি এই ভাষা অক্সিজেন দি জীয়াই ৰাখিব লগা হৈছে । ইংৰাজী ভাষাটো
হেনো প্ৰতিদিনে কিবা নহয় কিবা সলনি হৈ আছে , নিতৌ নতুন শব্দ
যোগ হৈছে । অক্সফৰ্ড ডিক্সনাৰীৰ কত্তৃপক্ষ সকলে কিন্তু
প্ৰতিবছৰে গোটেই পৃথিৱীতে সমীক্ষা চলাই নতুনকৈ প্ৰচলন হোৱা শব্দবোৰক তেওঁলোকৰ
অক্সফৰ্ড ডিক্সনাৰীত অন্তৰ্ভুক্ত কৰি আহিছে । কোনোবাই পদক্ষেপ লৈছে ,
গতিকে ভাষাটো মৰি যোৱাৰ প্ৰশ্ন নাই । আমাৰ নিজৰ ভাষাটোৰ ক্ষেত্ৰত
কিন্তু শব্দবোৰ লাহে লাহে অপ্ৰচলিত হৈ নোহোৱা হৈ আহিছে । মোৰ বোধেৰে নতুন কোনো
শব্দও অসমীয়া ভাষাত যোগ হোৱা নাই , আৰু অক্সকৰ্ড ডিক্সনাৰীৰ
দৰে কোনো কত্তৃপক্ষও নাই দায়িত্ব বহনৰ বাবে । আজিকালি অসমীয়া পঢ়িব নজনা অসমীয়াৰ
সংখ্যা বহুত বেছি , মোৰে চিনাকী বহুখিনি আছে ।
ককা নাই , খোপোৰা কাগজ , সেৰ ,
সিকি , আধলি আদিও নাই । ভাষাটো এপেণ্ডিক্সৰ
দৰে কাটি পেলাব লাগিব নেকি ? ভাবিবৰ
থল আছে ।
No comments:
Post a Comment