দেখি থকা মানুহৰ নেদেখা কথাবোৰৰ বিষয়ে এইটো মোৰ দ্বিতীয় লেখা । প্ৰথম লেখাৰ মূল চৰিত্ৰৰ বিপৰীতে লেখাৰ মূল চৰিত্ৰৰ আকৌ আবিৰ্ভাৱ ঘটে গধূলি পৰত । গধূলি অফিছৰ পৰা আহি মোৰ প্ৰায়েই অলপ ওলাই যোৱা হয় , কোনোবাদিনা খোজ কঢ়াৰ উদ্দেশ্যে , কেতিয়াবা আকৌ আলু-পিয়াজৰ ধান্দাত । বজাৰলৈ যোৱা আৰু খোজ কাঢ়িবলৈ যোৱা পাৰ্কখনৰ ৰাস্তা একেটাই । ঘৰৰ পৰা ওলাই অলপ খোজকাঢ়ি সোপিনে ঘূৰিলেই ডাঙৰ ৰাস্তাটো , ৰাস্তাত উঠি অলপ আগলৈ সাগৰ পিনৰ পৰা অহা এটা দূৰ্গন্ধময় নলা আৰু তাৰ ওপৰত দলং এখন । মুম্বাইৰ প্ৰতিটো নৰ্দমাই চাগে ইমানেই দুৰ্গন্ধময় । এই গোন্ধটোৱে মূহুৰ্ত্তৰ ভিতৰতে তাহানিৰ কলেজৰ কেমিষ্ট্ৰী লেবত পোৱা হাইড্ৰ’জেন ছালফাইডৰ অকটা গোন্ধটোলৈ মনত পেলাই দিয়ে । দলংখন পাৰ হৈ বাওঁপিনে ঘূৰি বজাৰলৈ যোৱা ৰাস্তাটো , চিধাই গ’লে খোজকাঢ়িবলৈ যোৱা পাৰ্কখন । বিভিন্ন ধৰণৰ মানুহ গধূলিপৰত অহাযোৱা কৰে এইটো বাটেদি , কিছুমান মোৰ দৰে বজাৰ বা খোজ কঢ়া বা দৌৰিবলৈ যোৱা মানুহ । কিছুমান আকৌ অফিছৰ পৰা ঘৰলৈ ওভতা মানুহ । এইবোৰক বাদ দিও কিছুমান মানুহে আকৌ নিজৰ নিজৰ জীৱিকা অৰ্জনৰ স্বাৰ্থত এই গধূলি পৰত এইখিনি ঠাইৰ শৰণাপন্ন হয় । তাৰে কিছুমান শাক-পাচলি , নাৰিকল পানী , ফল্-মূলৰ বেপাৰী । এবিধ আকৌ ধনী ধনী মানুহৰ পোহনীয়া কুকুৰবোৰ বাহিৰ ফুৰাবলৈ অনা মানুহ । কুকুৰবোৰক ৰাস্তাৰ কাষত , নৰ্দমাটোৰ দলঙৰ পাৰত , ৰখাই থোৱা গাড়ীবোৰৰ কাষত নিত্য কৰ্ম কৰোৱাটো এওঁলোকৰ চাকৰি । মানুহক টানি লৈ ফুৰোৱা এই পোহনীয়া কুকুৰকৈটাৰ বাহিৰেও , মালিক নোহোৱা এদল কুকুৰে এই সময়ত এই খিনি বাটত ভিৰ কৰেহি । মুঠতে বিধে বিধে মানুহ , বিধে বিধে কুকুৰে এইটো সময়ত অঞ্চলটো মুখৰিত হৈ থাকে । প্ৰায়বোৰে , লাগিলে মানুহেই হওঁক অথবা কুকুৰেই হওঁক , গতানুগতিক কামত ব্যস্ত থাকে ।
তাৰ মাজত একমাত্ৰ অগতানুগতিক
চৰিত্ৰ হ’ল আমাৰ নায়ক । পিন্ধনত এটা জোখতকৈ ডাঙৰ হাফ ছাৰ্ট ,ফৰ্মেল লংপেণ্ট , মুখত কেইবাদিনো নুখুৰুৱা দাঢ়ি । চাইকেল এখন চলাই আমাৰ নায়কে প্ৰায়েই এইটো সময়ত পদাৰ্পণ কৰেহি । চাইকেলৰ কেৰেয়াত চাহবেপাৰীবোৰে লৈ ফুৰাৰ নিচিনা এটা ডাঙৰ বাচন আৰু এসোপামান বাতৰি কাগজৰ ছিগা টুকুৰা । প্ৰথমতে মই মানুহজনক চাহ বেপাৰী বুলিয়ে ভাবিছিলো , কিন্তু পিছলৈ মোৰ ভুল ভাঙিল । তেওঁ অহাৰ লগে লগে মালিকবিহীন কুকুৰবোৰে চাইকেলখনৰ
পিছ লয় । কোনোবা এটা সুবিধাজনক স্থানত সি চাইকেlখন ৰখায় , বাটৰ কুকুৰবোৰে আগুৰি ধৰে । সি প্ৰথমতে মাটিত বাতৰি কাগজৰ টুকুৰাখন আটোম-টোকাৰিকৈ
পাৰি লয় । তাৰ পিছত তাৰ বাচনটোৰ পৰা এবাতি ভাতৰ নিচিনা দেখিবলৈ খোৱা বস্তু উলিয়াই কাগজখনত ৰাখে আৰু
চাইকেলখনত ভেজা দি গোটেই কুকুৰবোৰে খোৱাবস্তুখিনি খোৱাটো উপভোগ কৰে । কিবা এটা নেদেখা বান্ধোনেৰে মানুহ আৰু কুকুৰৰ মাজত কিবা এটা আত্মীয়তাৰ সম্পৰ্ক
থকা যেন অনুভৱ হয় । কিন্তু একে সময়তে ধনী মানুহৰ কুকুৰ আৰু সিহতক চৰাই ফুৰোৱা
মানুহবোৰলৈ লক্ষ্য কৰিলে সেই বান্ধোনৰ অভাৱ বুজিব পাৰি । অলপমান সময় থকাৰ পিছত আকৌ চাইকেলত উঠি পৰৱৰ্ত্তী সুবিধাজনক ঠাইটোলৈ আগবাঢ়ে । সি গলিটো সোমোৱাৰ পৰা ওলাই যোৱালৈকে গোটেই বাটৰ কুকুৰবোৰে নেজ নচুৱাই নচুৱাই
তালৈ চাই থাকে । তাৰ অহা সময়ো প্ৰায় নিৰ্ধাৰিত , খুব বেছি পাচ-দহ মিনিটৰ হেৰ-ফেৰ । সেই নিৰ্ধাৰিত সময়ছোৱাত এশ দুশ মিটাৰৰ মুৰে মুৰে আমাৰ
গলিটোৰ কুকুৰবোৰে জুম পাতি আশাৰে বাট চাই থাকে। সেই সময়ত পাৰ হৈ যোৱা মানুহবোৰেও নিজে গম নোপোৱাকৈয়ে
তাৰ আগমনক এক সাধাৰণ ঘটনা বুলি ধৰি লৈছে, ময়ো লৈছো । কেতিয়াবা তাক লগ ধৰি সুধিম বুলি ভাবো তাৰ কথাবোৰ, কিয় এনেকে বাটৰ এলাগী কুকুৰক সদায় খাদ্য যোগান ধৰে , ইমান সময় সি ক’ত পায় ,দিনটো এনেকৈয়ে ঘুৰি ফুৰেনে নে অকল সন্ধিয়াহে এই কামটো কৰে । সুধিবলৈ মন যায় তাৰ উদ্দেশ্য , সি নিজেই কৰে নে কাৰোবাৰ কাৰণে কাম কৰে । কিবা এটা এলাহতেই কথাটো আজিলৈকে সোধা হোৱা নাই । সি যিদিনা নাহে , কুকুৰবোৰে জুম পাতি বৰ আশাৰে ডাঙৰ ৰাস্তাটোৰ ফালে চাই
ৰৈ থাকে । সেইদিনা বজাৰলৈ গ’লে মোৰো কিবা খালী খালী লাগে । এদিন এলাহ আঁতৰাই শুনিম তাৰ কাহিনী ।