(১)
প্ৰায়েই এনেকুৱা হয় । কেৱল
মাত্ৰ মোৰ লগত যে হয় তেনে নহয় , আপোনাৰ লগতো হয় চাগৈ । আমি যেতিয়া বিভিন্ন দৈনন্দিন কামত , যেনে অফিচ যোৱা , বজাৰ কৰা, স্কুল- কলেজ যোৱা আদিত ব্যস্ত থাকো কিছুমান সৰু সৰু সদায়
ঘটা কাম আমি লক্ষ্য কৰো । সেইবোৰ সৰু সৰু কথাবোৰ আমাৰ অভ্যাসগত চকুৱে সদায় দেখি
দেখি মনত এখন ছবি বনায় থয় । কেতিয়াবা যদি সেই সৰু সৰু নিত্য-নৈমিত্তিক কামবোৰ, বস্তুবোৰ, মানুহবোৰ,কথাবোৰ সদায় ঘটাৰ দৰে নঘটে, সদায় থকা ঠাইত নাথাকে , আমাৰ মনত খু-দুৱনি লাগে । কিনোঁ হ'ল জানিবলৈ বৰ মন যায় । প্ৰায়েই এই কিনো হ'ল জানিবলৈ মন যোৱা কথাটো জানিবলৈ মন যোৱা কথা হৈয়েই থাকি যায় । মোৰ
ক্ষেত্ৰত প্ৰায়ে এনেকুৱা হয়, জানিবলৈ মান থাকি যায় , কিন্তু " নলগা জেংত লগাৰ কি দৰকাৰ ", " কাইলৈ নিজে নিজে আহিব চাগৈ " ইত্যাদি
এলেহুৱা চিন্তাবোৰে জনা কামটো হৈ উঠিবলৈ নিদিয়ে । পিছদিনা যদি আকৌ কামটো নিত্য
নৈমিত্তিক ধৰণে নহয়, জানিবলৈ আৰু বেছি মন যায় , কিন্তু এলেহুৱা স্বভাৱটোৱে দুগুণ যোৰ দি মনটোক আমাৰ নিজৰ কামলৈ ঘুৰাই আনে ।
অফিচলৈ যাওঁতে ৰাস্তাত বান্দ্ৰাৰ
ওচৰত এটা ডাঙৰ পুখুৰী আছে । বাছত বাওঁপিনে খিৰিকীৰ কাষত বহোঁ কাৰণে ৰাস্তাত কি হৈছে , মানুহবোৰে কি কৰে দেখি পাওঁ । পুখুৰীটোৰ পাৰে পাৰে লোহাৰ জেওৰা , জেওৰাৰ ৰাস্তাৰ পিনৰ পাৰটোত ফুটপাথ । পুখুৰীটোৰ গাতে লাগি ৰেলৱে ষ্টেচন আৰু
বজাৰৰ পিনে যাব পৰাকৈ গলি এটা । গলিটো আৰু আমাৰ বাছ খন যোৱা ডাঙৰ ৰাস্তাটো য’ত লগ লাগিছে , সেই কোণটোতে ফুটপাথটোৰ ওপৰত বহি থাকে মই আজি লিখিব মহানগৰীৰ তিনিটা জীৱনৰ প্ৰথমটো জীৱনৰ গৰাকী ।
এগৰাকী ত্ৰিশ-বত্ৰিশ বছৰীয়া মহিলা, সন্মুখত শুকান বুট , মটৰ আদিৰ এসোপা পলিথিনৰ পেকেট । মানুহজনীৰ পিছ পিনে পুখুৰীৰ
ৰেলিঙত ভেজা দি থাকে এটা পাচ-ছয় বছৰীয়া ল'ৰা ।
ৰেলিঙৰ সিটো পাৰে পুখুৰীৰ পাৰত এজাক পাৰ চৰাই , ক'লা-বগা ,পখৰা প্ৰায় ষাঠি-সত্তৰটা মানৰ এটা জাক । ৰাতিপুৱা ৰাস্তাৰ ইপাৰৰ মন্দিৰটোলৈ বহুতো মানুহ আহে , মঙলবাৰ আৰু বৃহস্পতিবাৰে মন্দিৰলৈ অহা
মানুহবোৰে তাইৰ পৰা দহ টকীয়া পাচ টকীয়া বুটৰ পেকেটবোৰ কিনি সেই পাৰ জাকৰ মাজত বিলাই দিয়ে । কেতিয়াবা মন্দিৰলৈ নহা মানুহ কিছুমানেও তাইৰ পৰা পেকেট কিনি বিলাই দিয়ে, ৰেলিঙত ভেজা দি চায় । ভকতিৰ জোৰত অহাবোৰে পুণ্য ঘটাৰ হিচাপ কৰে , আনবোৰে এনেই মনত বিলাই দিয়াৰ আনন্দ পায় । মানুহজনীৰ পুতেকেও চাই চাই মনত আনন্দ পায় , কিন্তু সি পূণ্য ঘটা বা বিলাই দিয়াৰ আনন্দ নাপায় । যিমানেই পাৰৰ সংখ্যা বাঢ়ে আৰু ফুটপাথৰ কোণটোত মানুহৰ স্ৰোত বাঢ়ে সিমানেই তাৰ
মাকৰ পেকেটৰ শাৰীবোৰ কমি আহে , মাকৰ ক’লা কাপোৰৰ সৰু বেগটোত
দহটকীয়া নোট , পাচটকীয়া মুদ্ৰাৰ ভৰ হয় । সি কেতিয়াবা পাৰবোৰলৈ চায় , কেতিয়াবা ফুটপাথৰ মানুহবোৰলৈ , কেতিয়াবা মাকৰ বেগটোলৈ । কেতিয়াবা আকৌ নিপুণ বেপাৰীৰ দৰে মন্দিৰৰ বাহিৰৰ ভিৰটোলৈ চাই প্ৰত্যাশিত
গ্ৰাহকৰ অনুমান কৰে । যিমানেই গ্ৰাহকৰ ভিৰ হৈ তাৰ মুখতো এটা লুকাব
নোৱাৰা হাঁহিয়ে বাঁহ পাতে , তেতিয়া সি আৰু ৰেলিঙত বেছি পৰ ভেজা দি নাথাকে । মাকৰ কাষত বহি কিবাকিবি আব্দাৰ কৰে, বোধহয় ৰাতিলৈ তাৰ মন পছন্দৰ বস্তু খোৱাৰ কথা কৈ কুটুৰি থাকে । বেছি পেনপেনাই থাকিলে মাকে যদিও কেতিয়াবা ডাবি দি উঠে , তথাপিতো মাকৰ মুখত সেইদিনা বেছি চিন্তা বা
খঙৰ ভাব দেখা নায়ায়, হয়তো তাইও ৰাতিলৈ এমুঠি ভালকৈ খোৱাৰ সপোন দেখে ।
এইখিনিলৈকে ঠিকেই থাকে, সদায় ঘটি অহা ঘটনা । মই বাছৰ ছিটত টোপনি নগলে প্ৰায়েই পাৰ হৈ
যাওঁতে মাক-পুতেক হাললৈ চাওঁ,পাৰগালক খুৱাই থকা মানুহৰ
ভিৰ দেখিলে ভাল লাগে , নেদেখিলে অকণমান হ’লেও বেয়া লাগে । কিন্তু যেতিয়া মুম্বাইৰ আকাশত ডাৱৰে চানি ধৰে , ঘণ্টাৰ পিছত ঘণ্টা নেৰানেপেৰা বৰষুণ পৰে , তেতিয়া মানুহবোৰ আহিবলৈ এৰি দিয়ে , পাৰখিনিও লাহে লাহে নোহোৱা হয় । বৰষুণ আৰম্ভ হোৱাৰ প্ৰথম কেইদিন মানলৈ
মানুহ্জনী আহে ,ডাঙৰ এখন পলিথিনেৰে শুকান
বুট আৰু মটৰ্খিনি শুকান কৰি ৰাখিবলৈ বৰ যত্ন কৰে । ল’ৰাটো আহে যদিও আগৰ দৰে ৰেলিঙত ভেজা দি নাথাকে, এক নিৰস চাৱনি লৈ মাকৰ কাষত জুপুকা মাৰি বহি থাকে । সন্মুখৰ পলিথিনৰ পেকেটবোৰ থকা ভাজেই থাকে , বৰ কষ্টেৰে তাই বৰষুণৰ পানীবোৰৰ পৰা সেইবোৰ
বচাবলৈ চেষ্টা কৰে । সিহতৰ বিফল চেষ্টাবোৰ দেখিলে গম পোৱা যায় ভোকৰ তাড়না কিমান । কেইদিনমান পিছত তাই আৰু নহা হয় । ফুটপাথৰ কোণটো খালী হৈ পৰি থাকে । মোৰ বৰকৈ জানিবলৈ মান যায় , তাইৰ আৰু ল’ৰাটোৰ কথা । বাৰিষাৰ দিন কেইটাত সিঁহত ক’ত থাকে , কি কৰে , খায় কি ? কিবাটো কৰেই চাগে নহ’লে বাৰিষা যোৱাৰ লগে লগে আকৌ পুখুৰীৰ পাৰত শুকান বুটৰ বেহা লৈ বহিবলৈ জীয়াই
থাকে কেনেকৈ । জানিবলৈ মন যায় , কিন্তু এলেহুৱা স্বভাৱৰ বাবেই হওঁক বা সময়ৰ নাটনিৰ বাবেই
হওঁক কোনোদিনে জনা নহয় । আপোনাৰো মন যায় চাগৈ এনেকুৱা চৰিত্ৰ বিলাকৰ কাহিনী
শুনিবলৈ ।
No comments:
Post a Comment