টোকোৰা চৰাইৰ বাহ
বাৰাণ্ডাৰ খুটাটোত ভেজা দি চালো ,
ওখৰো ওখ তামোলজোপাৰ
পাতত তাৰ ঘৰ পতাৰ আয়োজন ।
বতাহে কোবাই যোৱা পাতবোৰ ,
বৰষুণে ধুই যোৱা বাঁহনিখন ,
ক্ৰমশ ওন্দোলাই আকৌ
বৰ্বৰতাৰ হুংকাৰ দিয়া আকাশখন ,
কোনেও ভাঙিব পৰা নাই
তাৰ স্বাধীন হোৱাৰ সত্ত্বাটো ।
মই অসহায় হৈ মাথো চাইছো ।
সি ওলাইছে ,
মোৰ উৰুখা পজাঁৰ খেৰ এডাল
কাঢ়ি নি মোক বাৰে বাৰে
পংগু কৰি তুলিছে ।
এজাক ধুমুহা আহিছে ।
খুটাতো সাৱটি মই
পৰাজয়ৰ ক্ষণ গনিছো ,
নীৰৱে ।
No comments:
Post a Comment