Friday, February 14, 2014

ভণ্টিলাইন দে


সৰুকণ সৰুৰেপৰা ইংলিছ্ত ইমান ভাল নাছিল ।আখৰবোৰ জোটাই জোটাই শব্দবোৰ অনুমান কৰিব জানে আৰু । কিবা কিবিকৈহে পাছ কৰি আহিছে স্কুলত ।আজি ৰাতিপুৱাৰে পৰা তাৰ টেমাতো গৰম হৈ আছে ।কোনোবা নাম নথকা নম্বৰ এটাৰ পৰা মেছেজ এটা আহিছে । মেছেজটোৰ প্ৰথম শব্দটো বাৰু সি বুজিলে "হেপ্পী" , লাষ্টৰটোও বুজিলে "দে" । এই মাজৰটোহে কি জানো লিখিলে , ভণ্টিলাইন  নে ভেণ্টিলেন  ।  মানে কিনো বাৰু , "ভণ্টি লাইন দে" নেকি ? সিটো ভণ্টি নহয় , হ'লেই যেনিবা সি লাইন দিব কিয় ? নে "ভণ্টিক লাইন দে "? হওঁতে তাৰ পেহীয়েকৰ জীয়েক এজনী ভণ্টি আছে , কিন্তু তাইতো  এল পি স্কুলতহে পঢ়ে । তাইকতো লাইন দিয়াৰ কথাই নাই । তেন্তে কোনে কাক লাইন দিয়াৰ কথা লিখিলে বাৰু । লাইন দিলেই যেনিবা , তাত হেপ্পী হোৱাৰ কি কথা থাকিল । বৰ সমস্যা দেই । মুঠতে  সৰুকণৰ মাঠাতো গৰম হৈ আছে ।

Tuesday, September 10, 2013

দেখিছানে বাৰু ...

"দেখিছানে বাৰু মানুহটোৰ কাণ্ড, মই কেনেকৈ বাৰু এইপাতৰ লগাত সংসাৰ কৰি খাম" , শৰ্মানীয়ে বজাৰৰ মোনাকেইটা ভাঁজ কৰি ফ্ৰীজটোৰ ওপৰত থলে । আজি শৰ্মানীক মাতিবই নোৱাৰা হৈ আছে । হবৰে কথা , কাইলে ছোৱালীজনীৰ সৰু বিয়া , দুদিন আগৰে পৰা  ঘৰখন কিবা আলহীৰে ঠাহ খাই আছে । ইফালে গলে যদি জামুগুৰিৰ বাইদেউ তামোল কাটি বহি আছে , সিফালে গলে গহপুৰৰ ডাঙৰ মামীয়ে কাৰোবাক গাখীৰ চাহ এটুপি দিবলৈ ফৰ্মাইছ দিয়েই আছে । কামৰ কাম একো নাই খালী কথাৰ বকলা মেলিছে । ইফালে কিমান যে কাম বাকী , শৰ্মানীয়ে ভাবিলেই কিবা মুৰটো ঘুৰাই যোৱা যেন অনুভৱ কৰে । ছোৱালীজনীৰ সৰু বিয়া , কম কথানে , প্ৰায় আঢ়ৈশমান মানুহৰ যোগাৰ - ৰাবাৰ বাগানৰ পৰা পাচলিৰ বজাৰ , ৰহমান বেপাৰীক মাছৰ এডভাঞ্চ দিয়া , গধূলীবজাৰৰ পৰা ভাল ভাল চাই তামোল পানৰ গুছিটো , থাপাৰ হোটলৰ মিঠাইৰ টিং দুটা আৰূ দৈ - কিমান যে বজাৰ বাকী আছেই ।

শৰ্মানীয়ে বহুদিনৰ পৰা বকি বকি শৰ্মাক অফিছৰ পৰা তিনিদিনৰ ছুটী লোৱালে । এনেই বেংকত কাম বুলিলে শৰ্মাৰ বৰ এটা তাগিদা নাই । মন গলেই কৰে, নগলে নকৰে । খোলা খুলি হিচাপ , কাৰো পৰা টকা এটা খাইও পোৱা নাই , কাকো ট্কা  এটা এনেই দিয়াও নাই । বৰবাবুই শৰ্মাক বৰা পছণ্ড কৰে । ছুটীৰ কথা কওতে একে আষাৰেই মান্তি হল । শৰ্মানীয়ে ভাবিলে , "ৰক্ষা দেও , বজাৰ খিনি অন্তত ঠিকে ঠাকে হৈ যাব " কিন্তু কি ঠিক হব, ৰাতিপুৱা সাত বজাতে মানুহটোক চাহ টুপী দি কলে ," আপুনি সোন্কালে গাটো ধুই বজাৰ খিনি অতাওক , প্ৰথমে মাছ বেপাৰী, তাৰ পাছ্ত তামোল পান , তাৰ পাছ্ত থাপাক মিঠাই আৰু দৈৰ অৰ্ডাৰতো দিব । থাপাক কৈ দিব দৈত যাতে বেছি পানী নামাৰে , আজিকালি সি বৰ ঠগাব খোজে । পাচলিখিনি একেবাৰে লৈয়েই আহিব । হাফছাৰ্টৰ পকেটত ছিলিপ খন দিলো , জোখমতে আনিব ।'  সেই যে সাত বজাতে শৰ্মানীয়ে কথাখিনি কৈ গ্'ল , এই আঠ বাজি দহ মিনিটলৈকে , শৰ্মা ৰেডী হোৱাই নাই । শৰ্মানীয়ে মাজতে দুবাৰ চকু ফুৰাই গল , এবাৰ মানুহটো কিবা পিন্ধিব দিয়া ধূতিখনকৈ ইফাল সিফাল কৰি চাই আছে , এবাৰত  মানুহটো দাড়ি কাটিবলৈ লৈছে । আয়নাখনত চাই চাই কিবা জীৱনৰ চিন্তা ভবনা নোহোৱাৰ নিছিনাকৈ এডাল এডাল কৈ ফ্ৰেঞ্চ কাট দাড়ি মিলোৱাত ব্যস্ত । তিনিবাৰত শৰ্মানীয়ে "দেখিছানে বাৰু মানুহটোৰ কাণ্ড... " বুলি হুমকি দিয়াতহে শৰ্মাৰ গা লৰিল ।
ন বজাত শৰ্মা  তিনিটা ডাঙৰ মোনা, হাফছাৰ্টৰ পকেটত এখন দীঘল ছিলিপ , পেণ্টৰ পকেটত এখন বান্ধি থোৱা তামোল লৈ ওলাই আহিল । আজি বহুত বজাৰ বাবে স্কুটাৰখন নানিলে , ৰিক্সাকেই লোৱা যাওঁক বুলি আগবাঢ়িল ।

প্ৰথমখিনি শৰ্মা ঠিকেই গ'ল । ভবা মতেই মাছ বজাৰত ৰহমান বেপাৰীৰ কাষ পালেগৈ , ৰহমান দোকানত নাছিল বাবে শৰ্মাই অলপ ৰৈ ৰহমানক নিজে লগ ধৰি ভাল মাছৰ কথা কম বুলি ৰল । তাতেই আকৌ লগ পালে গজেনক, সৰুৰে পৰা একেলগে পঢ়া গজেন । তাৰ লগতে কথা আৰম্ভ । এসময়ত ৰহমান আহিল, কথা হল , টকা দিলে আৰু শৰ্মা তামোল পানৰ বাবে আগবাঢ়িল । চাইকেল ঠেলি ঠেলি গজেনো একেলগে আহি থাকিল । কিমান যে কথা ওলাল , স্কুলৰ ফুটবল খেল , মেটিনী চাবলৈ গৈ চাইকেলে মানুহে নলাত সোমোৱা, প্ৰথমবাৰ লুকাই লুকাই ছাধা খাবলৈ শিকা ।এবাৰ গ'ল কিক মাৰোতে সিটো পাৰ্টীৰ গ'ল বক্স পোৱাৰ কথা , কছাৰী গাওঁৰ লগত খেলোতে চাৰিটা ৰেড কাৰ্ড খোৱাৰ কথা ।  বেলি আগবাঢ়ি গৈ আছে আৰু লাহে লাহে শৰ্মাৰ ছিলিপৰ নামবোৰত এটা এটাকৈ টিক হৈ গৈ আছে । যিমানেই মোনাৰ ওজন বাঢ়ি আহিছে ,কথাৰ ৰসো সমানে আগবাঢ়ি গৈ আছে । থাপাৰ হোটেলত মিঠাইৰ অৰ্ডাৰ দিয়ালৈ প্ৰায় দেৰ বাজিল । ভালকৈ বহি দুই বন্ধুয়ে চাহ আৰু গজা খালে । শৰ্মাই মাজতে এবাৰ ছিলিপখন উলিয়ালে আৰু কি কি বাকী থাকিল জুকিয়াই ললে । নাই পাচলিখিনি বাদ দি সকলো হ'ল । গজেনেই কলে , বৰ্ডিং ফিল্ডৰ কাষৰ বজাৰখনতেই অলপ কমত পাচলি পাব । কথা মতেই কাম । পাচলিৰ বজাৰত লিষ্ট মতে কিনি গৈছে , বন্ধাকবি, আলু , ৰঙালাও, পটল , তেজপাত, শুকান জলকীয়া ইত্যাদি । ইতিমধ্যে তিনিটা মোনাৰ ওপৰিও আৰু বস্তু গোট খাইছে । যেতিয়া ছিলিপখনৰ শেষ আইটেম পাপৰৰ পেকেটটোত টিক মাৰি ছিলিপ খন ওলোটাই আৰু কিবা ৰৈ গল নেকি চালে, তেতিয়াহে গণ্ডগোলতো লাগিল ।

শৰ্মাই এবাৰ ছিলিপখন চালে , এবাৰ গজেনৰ মুখলৈ চালে । গজেনে আকৌ কি ঘট্না বুলি ছিলিপখন হাতত ললে । সিও এবাৰ শৰ্মাৰ মুখলৈ এবাৰ ঘড়ীটোলৈ চালে ।কিবা চকুৱে চকুৱে ইংগিত দিয়াৰ লেখীয়া হ'ল ।  চাৰিটাই বাজিল্, দেৰী হৈছে যদিও এতিয়াও সময় আছে । শৰ্মাই বিনোদ দোকানীক কলে ," হেৰা বিনোদ্, এই মোনাকেইটা অলপ ইয়াতেই থলো দেই । অকণমান চাবা , আমি সাউতকৈ যাম্, সাউতকৈ আহিম ।" বিনোদ দোকানীয়ে হব বাৰু বুলি কোৱালৈ শৰ্মা আৰু গজেন নৰলেই । গ'ল যে গ'লেই , দহ মিনিট হ'ল, বিশ মিনিট হ'ল, মানুহ নাই , একঘণ্টা হ'ল কাৰো দেখাদেখি নাই।

প্ৰায় সাতমান বজাত শৰ্মা আৰু গজেন ঘৰ সোমালহি । তেতিয়াও শৰ্মাই কৈ আছিল  কছাৰী গাওঁৰ ৰেড কাৰ্ডৰ কথা । ৰেফাৰীয়ে কেনেকৈ পকেটৰ পৰা ইখনৰ পিছত সিখন কাৰ্ড উলিয়াই দেখুৱাবলৈ পকেটত হাত দিওতে দোকানৰ ছিলিপখন ওলাল । তেতিয়াহে শৰ্মাৰ মাত হেৰাল , বজাৰৰ মোনা , পাচলি , তামোল পান সোপাকে বিনোদৰ দোকানত এৰি থৈ আহিল । শৰ্মানী সিমানতেই ভিতৰৰ পৰা ওলাই আহিল , শৰ্মাই যিমান পাৰে সিমান মিঠাকৈ কলে ," হেৰা মই সাউতকৈ আহো ৰবা । " শৰ্মানীয়ে থপিয়াই ছিলিপখন হাতত ল'লে আৰু  কলে , "  হব , আৰু কলৈকো গৈ দেখুৱাব নালাগে । বিনোদে দোকানৰ ল'ৰাটো পঠিয়াই সকলো দি গৈছে । ইমান কেয়াৰলেছ মানুহৰ লগত কোনে সংসাৰ কৰে বাৰু ।" শৰ্মাই নহয় মানে , আমি মানে কৰি থাকোতে শৰ্মানী ভিতৰ পালেগৈ ।

শৰ্মানীৰ আৰু একো শুনিবলৈ মন নাই , কলৈ গৈছিল , কিয় গৈছিল । খঙৰ ভমকত ছিলিপখন ফালি পেলাবলৈ লওতেহে শৰ্মানীয়ে দেখিলে , ছিলিপৰ ওলটা পিঠিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা কেইটা , " প্ৰীতি ফুটবল খেল প্ৰতিযোগিতা , পাৰ্বতী নগৰ উদয়ন সংঘ বনাম কছাৰী গাওঁ স্পৰ্ট ক্লাব , বৰ্ডিঙ ফিল্ড.. "

শৰ্মানীক আৰু একো ব্যাখা কৰাৰ প্ৰয়োজন নহল ।




Saturday, July 27, 2013

ছুটকেছ

মহীকান্ত একেবাৰে উৰি অহাদি আহিল , যেনিবা সি তাৰ কেৰেয়া নথকা চাইকেলখন নহয় স্কুটাৰ চলাইহে আহিছে । কেকুৰীটো পাৰ পাওঁতে সি একপ্ৰকাৰ পৰিছিলেই, এখন ভৰিত ভেজাদি কোনোমতে নপৰাকৈ ঘৰ পালেহি  । জপনাখন আধা খোলা কৰিয়েই সি ঘৰ সোমালহি । মাকে ভিতৰৰ পৰা বকি উঠিল , ' কিমানবাৰ ক'লো জপনাখন মাৰি ঘৰ সোমাবলৈ , সদায় সদায় একেই কাণ্ড । হৰিহতৰ ছাগলীজনী সোমায়হিহে লাগে । ' 'তই একেখন ৰেকৰ্ডকে বজাই নাথাকিবি বৌটি , আজি মোৰ বহুত ইম্পটেন কাম আছে ।'  মহীকান্তৰ কিবা ইম্পটেন কাম আছে বুলি যাদৱৰ  দোকানৰ সন্মুখত বহি থকা ল'ৰা কেইটায়ো বুজিছিল । সি দোকানৰ আগেৰে চাইকেল উৰুৱাই আহোতে , কোনোবা দুটামানে কিবা এটা চিঞঁৰি কৈছিল , কিন্তু তাৰ সেইবোৰ শুনিবলৈ আজি সময় নাই । কোনোবা এটাই আকৌ তাৰ ইম্পটেন কামটো কিবা পেট বেয়া হোৱা জাতীয় বুলিহে ভাবিছিল ।
 দেউৰী গাওঁৰ পৰা এই দুমাইল বাট সি সচাকৈ উৰিয়েই আহিছিল , মাজত মাথো এবাৰ ৰামধন মহৰীৰ ঘৰৰ নঙলাত ৰৈছিল । মহৰীৰ ঘৰৰ ভিতৰৰ ফালে কিবা এটা চোৱাৰ উমান কৰি সি আকৌ তাৰ ৰেলী চাইকেলখন উৰুৱাই দিছিল । সাজ প্ৰায় লাগিছিলেই । মহীকান্তই পুখুৰীৰ পানী দুবাল্টিমান তুলি ঘঁহি ঘঁহি গাটো ধুলে , গোসাই থাপনাত কিবাকিবি প্ৰাৰ্থনা মাতি সেৱাও ল'লে । মাকে কিবা কণা গোসায়ে ল'ৰাটোক সুমতি দিয়া বুলি ভাবিবলৈ আৰম্ভ কৰিছিল ।  তাৰ বিছনাখনত পাৰি  থোৱা আগদিনা মাকে ধুই বিছনা চাদৰখন তুলি সি মাকক ক'লে , 'বৌটি ইমান লেতেৰা চাদৰখন কেলেই পাৰি থৈছ , ধুই থোৱা বিছনা চাদৰ নাই নেকি ? ' মাকেও ভাবিলে ইমান ডাঙৰ কি ইম্পটেন কাম আছে বাৰু ।

মহীকান্তই ৰাতিপুৱাতে ভালকৈ জাপি গাৰুৰ তলত থোৱা কাপোৰযোৰ উলিয়ালে , যোৱা সপ্তাহত কিনি থোৱা কুৰিটকাৰ ছেণ্টৰ বটলতো এবাৰ শুঙি চালে আৰু দুছিটামান মাৰিম বুলি ভাবি থমকি ৰ'ল , 'এহ , অলপ পিছত মাৰিম ।' সি আকৌ চিন্তা কৰিলে , 'সকলো ঠিকে ঠাকে হৈ যাবতো ?নাই নাই, ঠিক হ'বই, দেউৰী গাওঁৰ কালী গোসাইৰ নাম আছে । আজিলৈকে সকলো কোনো কামত ফেল হোৱা নাই।ৰজতৰ কামটোও তেওঁহে কৰি দিয়া । আৰু গোসায়ে নিজে গেৰেণ্টী  দিছে । গতিকে ছুটকেছ পায়হিয়ে লাগে ।' যোৱা এটা বছৰে মহীকান্তই যে এই কামটোৰ কাৰণে কি কি কৰা নাই । কিমান বেজ , কিমান জৰাফুকাৰ আশ্ৰয় ললে । কিন্তু এইবাৰ কামটো হবই বুলি তাৰ নিজৰে এটা বিশ্বাস জন্মিছে । কালী গোসাই পৰমাণী গোসাই , কোনোয়ে কয় গোসাই সৰুতে মায়্ঙত আছিল , তাতেই সকলো শিকি অহা ।
দৰ্জাখনৰ ডাংদাল নলগোৱাকৈয়ে থৈছে সি , ছুটকেছটো ডাঙৰ হ'বটো , গতিকে অহা ৰাস্তাটো কিলিয়েৰ কৰি থোৱাই ভাল । মহীয়ে এনেই এবাৰ নঙলা মুখৰ পৰা ঘুৰি আহিল । বৌটিয়েকে ইতিমধ্যে খাই বৈ শুলেই । লাহে লাহে দেৰী হৈছে  সি আকৌ এবাৰ পেলেনিংটো ঠিকে ঠাকে কৰিছিল নে নাই ভাবি চালে ।
প্ৰথমতে তাক ৰামধন মহৰীৰ ঘৰৰ কামকৰা লৰা কনকে  মহৰীৰ জীয়েক সৰুমাইৰ চুলি এডাল আনি তাক দিলে । এই কামটোৱেই সকলোতকৈ টান আছিল আৰু তাৰ বাবে সি কনকক পাচটকা দিব লগা হৈছিল । সি চুলিডাল নি গোসায়ে কোৱাৰ নিচিনাকৈ পোনেই বৰপুখুৰীৰ পানীত ধুই , আগলী কলপাত এখন , গুৱা পান , এখন গামোছা আৰু নগদ তিনিশ এটকা দি গোসাইৰ ঘৰ পালেগৈ । গোসায়ে বহুত কিবাকিবি পুৰণি পুথি উলিয়ালে , প্ৰায় আধাঘণ্টামান মন্ত্ৰ মাতি চুলিডাল তাৰ হাতত দিলে আৰু ক'লে , " তোৰ কাম হৈ যাব , মই মায়্ঙৰ মোহিনীজাল মাৰি দিছো । মাত্ৰ এই চুলিডাল তই ছোৱালীৰ পদুলিমুখত পুতি থবি আৰু যদি ধ্যান ৰাখিবি যাতে তাই চুলিডাল পুতি থোৱা ঠাইখিনি আজি দিনটোৰ ভিতৰত গছকে । ৰাতিলৈকে ছোৱালী তোৰ ঘৰত ছুটকেছ লৈ হাজিৰ হ'ব ।মই গেৰেণ্টী দিলো ।'  সৰুমাইয়ে একো নজনাকৈয়ে সিহঁতৰ বকুলজোপাৰ তলত চুলি পুতি থোৱা ঠাইডোখৰ গছকি যোৱা সি নিজেই দেখিছে । মানে পেলেনিংটো পুৰা হৈছেই ।  মহীয়ে তাইক খোলাখুলিকৈ ভালপোৱাৰ কথা কব নোৱাৰিলে কি হ'ল, গোসায়ে চব ঠিক কৰি দিছে ।
মহীয়ে এইবাৰ ছেণ্টৰ বট্লটো আকৌ উলিয়ালে আৰু কাণ দুখন সজাগ কৰি ছুটকেছ অহালৈ বাট চাই থাকিল । ইপিনে মহৰীৰ ঘৰত সৰুমাই টোপনিত লালকাল ।

Tuesday, July 23, 2013

তালিবানী সাঁতোৰ

'এহ তই কলেই হ'বনে , আমাৰ জিতুৱে আগৰে পৰাই সাতুৰিব জানে । সৰুতেই সি আমাৰ বাৰীৰ পুখুৰীতো ইপাৰ সিপাৰ মাৰিছিল ।' আচলতে জিতুয়ে সাতুৰিব জনাটো সচা কথা , কিন্তু তাৰ বায়েকে যিটো পুখুৰীৰ কথা ক'লে সেইটো আচলতে সৰু এটা খালহে আছিল । জিতুৰ দেউতাকে ঠাণ্ডাৰ দিনবোৰত চোতালত মাটি পেলাবলৈ খান্দোতে খান্দোতে সেইটো খালৰ জন্ম । সৰুতে এবাৰ গৰমৰ বন্ধত মই , জিতু আৰু ৰতন সিহঁতৰ বাৰীৰ পিছফালে বৰশী বাবলৈ বৰলৰ টোপ বিচাৰি গৈছিলো । বৰলৰ টোপেৰে বৰশী টোৱালে যে ডাঙৰ মাছ লাগিবই সেইটো পিছে খাটাং । খালটোৰ পাৰত থকা গছ এজোপাতে ৰতনে বৰলৰ বাহ এখন দেখিলে । কেনেকৈ পৰা যায় সেইটো এটা ডাঙৰ সমস্যা । জিতুই অভিজ্ঞতাৰে মাত লগালে , ' তহঁতে একো নেজান । এইখন দিনকণা বৰলৰ বাহ ।দিনকণা বৰলে দিনত একো নেদেখে , শিলগুটি দুটামান মাৰিলেই হ'ল , বাহ মাটিত , দিনকণাবোৰে আমাক দেখাই নাপাব । কাম ফিনিছ ।'  আমি জিতুৰ সাধাৰণ জ্ঞান দেখি তবধ মানিলো , আৰু ডাঙৰ মাছ ধৰাৰ আশাৰে শিলগুটি মৰাত ব্যস্ত হলো । ৰতনৰ এটা শিলগুটি জেগাত পৰিল আৰু গোটেই বৰলৰ বাঁহখন তলত পৰিল । জিতু নিশ্চিন্ত মনেৰে বাহখন আনিবলৈ আগবাঢ়ি গ'ল । কিন্তু গছৰ ওপৰৰ বৰলৰ বাহ যে দেখিলেই চিনি পোৱা টান আৰু বাহ ভগা বৰল দিনকণা হলেও যে ভাঙোতা জনক সুদাই নেৰে আমাৰ কোনো অনুমান নাছিল । গোটেই জাক বৰলে জিতুক যিটো খেদা দিলে , উপায় নাপাই জিতু খালৰ পানীৰ আশ্ৰয় ললে । বৰলৰ কামোৰ খাই সি একেবাৰতে খালৰ ইটো পাৰ পালেহি ।আমি পিছে ঘৰত মাৰ খোৱাৰ ভয়ত বৰলৰ বাহৰ কথাটো ঘৰত নকলো যদিও , সাতোৰৰ কথাটো চবকে কলো । পিছ্ত এই ঘটনাটোৱেই জিতুক সাতুৰিব জনা আৰু একেবাৰতে পুখুৰী ইপাৰ সিপাৰ মাৰিব পৰা বুলি সাক্ষী হৈ ৰ'ল ।
তাৰ পিছত বহুত বছৰ পানীৰ লগত গা ধোৱা আৰু খোৱা আদিৰ বাহিৰে বেলেগ মিতিৰালি নাই ।আজিকালি জিতু দিল্লিত চাকৰি কৰে । সেইদিনা ঘপকৈ তাৰ  ৰুমমেটে কলে বোলো সাতোঁৰ ক্লাছ জইন কৰো , বডীটো ফিট হৈ থাকিব ।জিতুৱে লগে লগেই কলে , ' অ ঠিক আছে  মই সৰুৰে পৰা সাতুৰিব জানো , আগৰে পৰা পুখুৰী ইপাৰ সিপাৰ মাৰি আহিছো , তোকো শিকাই দিম । ' প্ৰথম দিনা দুই গুৰু শিষ্য ছুইমিং পুল পালেগৈ । বন্দবস্ত , প্ৰথমে জিতুৱে সাতুৰি দেখুৱাব , ৰুমমেটে ভালকৈ চাই ল'ব । তাৰ পিছ্ত জিতুৱে তাক টেকনিকটো কৈ দিব । কথা মতে কাম , জিতুৱে দীঘলকৈ উশাহলৈ সাতোঁৰ আৰম্ভ কৰিলে । প্ৰথম পাচ মিটাৰ মান ঠিকেই গ'ল , তাৰ পিছৰ খিনি যাওঁতে জিতুৱে ইমানেই হাত ভৰি মাৰিলে যে গোটেই ছুইমিং পুলটোত সৰুসুৰা ছুনামিৰ সৃষ্টি হ'ল । তথাপিতো জিতুৱে কিবা কিবিকৈ সিটো পাৰ পালে আৰু ৰুমমেটলৈ চাই এটা বিজয়ৰ হাঁহি মাৰি সুধিলে ," কেনেকুৱা ? ' ৰুমমেটে তপৰাই মাত দিলে ," ঠিকেই আছিল , পিছে এনেকুৱা লাগিল যেন কিবা এখন যুদ্ধ চলি আছে , চাৰিওপিনে গুলীয়া গুলি আৰু তোক কোৱা হৈছে ভাগ বেটা ভাগ , নহ'লে গুলিয়াই দিম । তোৰ সাতোঁৰতো কিবা তালিবানী সাতোৰৰ লেখীয়া হৈছে ।'

এই খিনি কথাকে মৈ জিতুৰ বায়েকক কওঁতে তাই ক'লে ,'এহ তই কলেই হ'বনে , আমাৰ জিতুৱে আগৰে পৰাই সাতুৰিব জানে । সৰুতেই সি আমাৰ বাৰীৰ পুখুৰীতো ইপাৰ সিপাৰ মাৰিছিল ' , পিছে আমিহে জানো সেই সাঁতোৰৰ ৰহস্য । ....

Friday, June 21, 2013

The fourth one

“No, I can’t stay any longer in this house. I will leave to my mothers today itself” , the lady kept packing her bag while her hands and her tears were rolling at the same pace.  The man with his last and desperate attempt to prove innocence said,” Why don’t you try to understand, there is no such thing? Are you not ashamed of thinking such nuisance of me at this age?”  The lady flew over like an arrow and shouted at the top of her voice,” Oh ho, now I should be ashamed of thinking of it itself while you should not be for doing it. You think I don’t know about the affair you had before marriage. I am sure that the fourth one is from her only.” She kept fuming like anything. The man couldn't stand the mere utterance of the word affair and cursed her, “Go wherever you want to go , be it your mothers , fathers or hell. Just leave”. Ahmed, who could hear all these shouting and cursing from the road asked the neighbor,“Arrey Masterji , what’s the matter with the couple ?” Masterji , with his wit full smile said , “ The man lost the elections this time again . But surprisingly he got four votes instead of three that he used to get from his three family members. The lady suspects, the fourth one came from his affair before the marriage. That’s what the fight is for!”

Thursday, June 20, 2013

চাৰি নম্বৰটো কাৰ ?

'অ' মই আৰু  এইখন ঘৰত নাথাকো , আজিয়েই মাৰ ঘৰলৈ যামগৈ ।' বৰুৱানীয়ে কৈও আছে কাপোৰৰ বেগটো বান্ধিও আছে, চকুৰ পানী আৰু হাতৰ কাম সমানে চলি আছে । বৰুৱাই শেষবাৰৰ বাবে ক'লে ," হেৰা বুজিবলৈ চেষ্টা নকৰা কিয় , তেনেকুৱা একো কথা নাই । এইটো বয়সত বাৰু এইবোৰ কথা ভাবিবলৈ তোমাৰ লাজ নালাগিলনে ?" বৰুৱানীয়ে শৰপাতৰ লেখীয়াকৈ উৰি আহিল আৰু দুগুণ জোৰেৰে চিঞঁৰি উঠিল ," মোৰ ভাবিবলৈও লাজ লাগিব লাগে আৰু নিজৰ হ'লে লেটিপেটিবোৰ কৰিবলৈও লাজ নালাগে । জানো নহয় বিয়াৰ আগৰজনীৰ কথা , চাৰি নম্বৰটো তাইৰেই হ'ব ।" বৰুৱাই চিঞঁৰিলে , " মাৰৰ ঘৰলৈ যাৱ , বাপেৰৰ ঘৰলৈ , জহন্নামে যাৱ  গৈ থাক ।" ইমানপৰে ৰাস্তাৰ পৰা শুনি থকা ৰামধনে কাষৰ হৰি মাষ্টৰক সুধিলে ," কথাটো কিহে মাষ্টৰ ?" হৰি মাষ্টৰে ক'লে ," বৰুৱা এইবাৰো ইলেকচনত হাৰিলে , কিন্তু এইবাৰ ঘৰৰ পৰিয়াল তিনিটা বাদ দিও আৰু এটা ভোট পালে । বৰুৱানীৰ সন্দেহ চাৰি নম্বৰটো বৰুৱাৰ বিয়াৰ আগৰ লেটিপেটিজনীৰ , সেয়ে মহাৰণ"

Monday, June 17, 2013

চূণ চাধা চুণ ...

আমাৰ মাজৰ বহুতেই জীৱনৰ এটা সময় হোষ্টেলত কটাই আহিছে । হোষ্টলৰ কথাই সুকীয়া । লগে ভাগে থকা কথা , সকলোবোৰৰ নিজৰ নিজৰ লাগে । নিজৰ বস্তু , পৰৰ বস্তু কোনো চিন চাব নাই । চব একাকাৰ । একেটা টুথপেষ্ট , একেটা  অল আউট , একেটা ছাৰ্ট , একেযোৰ হাৱাই  - কিমানে যে ব্যৱহাৰ কৰিলে , কোনো ঠিকনা নাই । শেষত গৈ গৈ কোনো এটা বস্তুৰ মালিক কোন আছিল ভাবিব লগাত পৰে । বস্তুবোৰৰ পৰিছয় নোহোৱা হোৱাৰ ওপৰিও  আন এটা পৰিচয় হোষ্টেলত সোমোৱাৰ পিছত নোহোৱা হয় । সেইটো হৈছে নিজৰ নাম । নিজৰ নাম এৰি উপনাম এটা পৰিবলৈ বৰ বেছিদিন নালাগে , আচলতে কিছু কিছু ক্ষেত্ৰত এদিনো নালাগে । আমাৰ লগৰ এটাই হল্ডল আৰু বেগটো ৰিক্সাৰ পৰা নমাই হোস্টেলৰ চিৰিত থৈ ক'লে অ মাই গড , কোনে জানো শুনিলে , তাৰ নাম আজিও মাইগড ।
সাধাৰণতে এই উপনামবোৰ মানুহজনৰ একোটা চাৰিত্ৰিক বৈশিষ্টৰ ওপৰত ৰখা হয় ।  একেটা চৰিত্ৰৰ ওপৰত ভিত্তি কৰি  বেলেগ বেলেগ ধৰণৰ নামকৰণ হ'ব পাৰে । ওখ হ'লে তাৰ নাম তামোল , জখলা , খুটি , প'ল ভল্ট ইত্যাদি ইত্যাদি । এটা ওলাল ওখৰ লগতে অলপ খঙাল ,  তাৰ নামকৰণ হ'ল ৰাইফল । চুটি চাপৰ আৰু খুব জোশ থকা ল'ৰা , সি হেনো ছানী দেউলৰ ভায়েক মিনি দেউল, তাৰ অন্য নাম হাফ পেডেল , নেনো , পোণাকণ । কিছুমান নাম আকৌ কোনো এটা কাম কৰিব পৰা সামৰ্থ্যৰ ওপৰত নিৰ্ভৰশীল - যেনে ৰঙাপানী খোৱাৰ ক্ষমতা । কিবা ৰিখটাৰ স্কেলৰ নিচিনা  - ক্ষমতা বঢ়াৰ লগে লগে নামো সলনি হৈ গৈ থাকে । বটল, টেকেলি, টেংকি ইত্যাদি হৈ হৈ ক্ৰ্মান্বয়ে এসময়ত কুৱা নামেৰে জনাজাত হয় । কুৱাৰ সমান ৰঙা পানী খাব পৰা দ্বিতীয়জন আমি নাই বুলিয়েই ভাবিছিলো । কিন্তু আমাক আচৰিত কৰি এদিন আৰু এজন মহান ব্যক্তিত্বৰ আৱিৰ্ভাৱ হ'ল। তেখেতে পানিটুপী ধৰি থাকে , মাজে মাজে সৰুপানী চুই আহি আকৌ পানী ধৰেহি । কিমান সোমাইছে কিমান ওলাইছে , কিন্তু একো এফেক্ট নাই - ইটো কুৱাতকৈও এখোপ চৰা। বহুদিন ভাবি চিন্তি তেখেতকো নাম দিয়া হ'ল কালভাৰ্ট । কেতিয়াবা আকৌ একে চৰিত্ৰৰ দুজন তিনিজন একেটা হোষ্টলতে বসবাস কৰে , তেতিয়া সিহতৰ নামৰ আগত বিভিন্ন বিশেষণ নিজে নিজে যোগ হয় । যেনে - গাহুকাই, ছোটা গাহু ,  বগা বামুণ বি বি , ক্'লা বামুণ কে বি । কেতিয়াবা আকৌ  এটাৰ নাম পৰিল ছাণ্টা সিং , তাৰ ৰুমমেটৰো একেই বিশেষত্ব , তাৰ নাম পৰিল বাণ্টা সিং । ছাণ্টা বান্টাৰ ৰুমত যেতিয়া আৰু এজন প্ৰাণী থাকিবলৈ দিয়া হ'ল তেতিয়াহে লেঠা লাগিল । তৃতীয়জনৰ চৰিত্ৰ সম্পুৰ্ন বিপৰীত ,ৰুমৰ বাকী দুজনৰ নিচিনা নাম ৰাখিব নোৱাৰি । গতিকে তাৰ নাম দিয়া হ'ল ডট কম । জুনিয়ৰবোৰক খুবকৈ কোৱা হ'ল ছাণ্টা বাণ্টা ডট কমৰ পৰা ইটো লৈ আন সিটো লৈ আন । এই উপনামবোৰ ইমানেই ব্যৱহাৰ হয় যে বহুতৰ আচল নাম পাহৰিয়েই যোৱাৰ উপক্ৰম হয় । কেতিয়াবা আকৌ এনে এটা অৱস্থা আহে যে নিজৰ আচল নামেৰে মাতিলেহে কিবা আচহুৱা লাগে । মোৰ মনত থকা আৰু কিছুমান নাম -- ওখ পাখ একেবাৰে বগা ল'ৰা যাৰ নাম বগা ভুত , হালধীয়া বেৰীয়া দাত এটাৰে গল্ডী , কেকোৰা চুলিৰে ভেৰা , খীণ মীণ চেহেৰাৰ জকা ইত্যাদি । মোৰ সকলোতকৈ ভাল লগা নামটোৰ আকৌ কথাই সুকীয়া ।
তিনিটা ল'ৰা প্ৰায়ে একেলগে ঘুৰে । এটা বগা অলপ লিডাৰৰ নিচিনা , বাকী দুটা অলপ ক'লা । লিডাৰ প্ৰায়ে মাজত থাকে আৰু বাকী দুটাই বডীগাৰ্ডৰ নিচিনাকৈ দুয়োকাষে ঘুৰে । এদিন তিনিওটা একেলগে পাৰ হৈ যাওঁতে কাৰোবাৰ ৰুমত এটা পুৰণি গান বাজি আছিল , " সুন চাবা সুণ , প্যাৰ কে ধুন্দ ..." কোনোবা পণ্ডিত এজনে তিনিওকে দেখি নামকৰণ কৰিয়েই দিলে " চুন চাধা চুণ , একেবাৰে চাধা টেমাটোৰ লেখীয়াকৈ কলৈ যাৱ "
মানুহৰ চৰিত্ৰবোৰ সলনি হয় , কিন্তু নাম একেই থাকে । কালভাৰ্টে হেনো আজিকালি তামোলো নাখায় , চুন চাধা চুনৰ আজিকালি মাতবোলো নাই , গল্ডীৰ বেৰীয়া দাত্টো বাইকৰ খুন্দাত ভাঙি থাকিল । কিন্তু নামবোৰ এতিয়াও একেই আছে । আপোনাৰ বাৰু কি উপনাম আছিল ??