নিৰ্মলা পেহী তেতিয়া খুবকৈ আমাৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছে । আমি সৰু , স্কুলত পঢ়ো , ক্লাছ ছিক্স মানত চাগে । মানুহজনী আমাৰ একো সম্বন্ধত নেলাগে , কিন্তু তেওঁ মাক বৌ বুলি মাতে, দেউতাক কাকা বুলি মাতে । অকল আমাৰ মা-দেউতাকে নহয় , তেওঁলোকৰ সমবয়সীয়া প্ৰায়বোৰ মানুহকে তেওঁ কাকা-বৌ বুলি মাতে । সেইসূত্ৰে আমাৰ নিৰ্মলা পেহী । অভাৱে কোঙা কৰা পেহীৰ স্বাস্থ্য দেখিইলেই বুজিব পাৰি যে এসাজ খাই আনসাজলৈ চিন্তা কৰিবলগীয়া অৱস্থা পেহীৰ । আগতে মাজে মাজে বিয়া-সকাম আদিত পেহী আহে , আন আন দূৰ সম্পৰ্কীয় মানুহৰ নিচিনাকৈ । কিন্তু আজি কেইদিনমানৰ পৰা পেহীৰ খুব আহ-যাহ , আমিনো আৰু কি পাত্তা পাওঁ । পেহী আহে , মাৰ লগত কথা পাতে , চাহ তামোল খায় । প্ৰথমতে পেহী খালী হাতে আহে । আজি কেইদিনমানৰ পৰা আকৌ এটা ডাঙৰ ভেনিটি বেগ লৈ আহে । গাওঁৰ মানুহ বাৰু গাওঁৰ মানুহৰ ঘৰলৈ ফুৰিবলৈ আহোতে ভেনিটি বেগ লৈ আহেনে ? আমাৰ খুব হাঁহি উঠে ।
পেহীৰ আন কিছুমান কথা আৰু হাঁহি উঠা । পেহীৰ ইমান শিক্ষা-দীক্ষা নাছিল । আমাৰ ঠাইখিনিত তেতিয়া দুখনেই ভাল হাইস্কুল আছিল । এখন বয়জ হায়াৰ ছেকেণ্ডাৰী আৰু আনখন গাৰ্লছ হাইস্কুল , দুয়োখন স্কুলেই চৰকাৰী । ক্লাছ ফাইভত ছিট পাবলৈ তেতিয়াৰ দিনত এন্ট্ৰেঞ্চ পৰীক্ষা দিব লাগিছিল । চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ল'ৰা-ছোৱালীবোৰক ঘৰলৈ ফুৰিবলৈ অহা সকলো মানুহেই ভয় খুৱাইছিল , ভালকে পঢ় , ছিট পৰীক্ষা পাছ কৰিব লাগিব কিন্তু । ক্লাছ ফাইভত পঢ়ি থকাবোৰক মানুহে সুধিছিল , ছিট পালানে ? ল'ৰা হ'লে "বয়জ" ত পঢ়ানে , ছোৱালী হ'লে "গাৰ্লছ"ত পঢ়ানে বুলি সোধাতো আমাৰ দিনত নিত্য নৈমিত্তিক কথা আছিল । ছিট পৰীক্ষা পাছ কৰি বয়জ বা গৰ্লছত পঢ়াতোৱেই যেন জীৱনৰ লক্ষ্য আছিল সেই সময়ত । সকলোৱে সোধাৰ দৰে পেহীয়েও সুধিছিল । কিন্তু পেহীয়ে বয়জ আৰু গাৰ্লছ মানে কি আচলতে নাজানিছিল । কেতিয়াবা যদি ভণ্টিক , "মাজনী তুমি বয়জ" ত পঢ়ানে বুলি সুধিছিল , কেতিয়াবা মোক তুমি গাৰ্লছত ছিট পালানে বুলি সুধিছিল । নতুনকৈ ইংৰাজী শিকিবলৈ আৰম্ভ কৰা আমাৰ বাবে পেহীৰ এই বয়জ / গাৰ্লছৰ পাৰ্থক্য নজনাটোৱেই আমাৰ বাবে বৰ হাঁহিৰ খোৰাক আছিল।
নতুনকৈ ভেনিটি বেগলৈ ফুৰিবলৈ অহা পেহীৰ চাল চলন লাহে লাহে আৰু সলনি হ'ল । পেহী আহে , ভেনিটি বেগটো খুলি কিবা কিবি ক্ৰীম ,পাউদাৰ , লোচন জাতীয় বস্তু এসোপা দেখুৱায় । মাহঁতৰ দৰে মানুহবিলাকক এইটো ক্ৰীমৰ গুণ কি , সেইটো পাউদাৰেৰে বাচন ধুলে কি অকণমান পাউদাৰেৰে কেনেকৈ গোটেই বাচনবোৰ চাফা কৰিব পাৰি আদি বুজাই থাকে । দেউতাক পালে "কাকা , এইটো কলগেটেৰে দাত ঘহিলে দাতৰ বিষ কমে আৰু পোক নহয় "। তেতিয়াতো আমাৰ কাৰণে সকলো টুথপেষ্টেই কলগেট , সকলো ডিটাৰজেণ্ট পাউদাৰেই চাৰ্ফ । দেউতাইও পোকে খোৱা দাতটোত হাত দি ভাবে , এৰাটো এইটো কলগেট লব পাৰিলে বেয়া নহয় । এই কলগেট , চাৰ্ফ , বাচন ধোৱা পাউদাৰ আদিয়ে লাহে লাহে পেহীৰ ভেনিটি বেগৰ পৰা ওলাই আমাৰ ঘৰৰ পাকঘৰৰ , আমাৰ চুবুৰীৰ বেলেগৰ ঘৰৰ বাথৰুমৰ সদস্য হ'ল । পেহীয়ে এইবোৰ যিমান বিকে , কোম্পানীৰ পিনৰ পৰাও সমানেই কমিছন পায় । ক'ত কেনেকৈ আৰু কোনে পেহীক এই কোম্পানীৰ এজেণ্ট বনালে নাজানো , কিন্তু লাহে লাহে পেহী এজনী পাকৈত ছেল্ছ পাৰ্ছন হৈ উঠিল । পেহীৰ বস্তুৰ বিক্ৰী বাঢ়িল , পেহীৰ কমিছনো বাঢ়িল । এতিয়া পেহীয়ে আন দুগৰাকী মানকো তেওঁৰ তলতীয়া এজেণ্ট হিচাপে ৰাখে । গাওঁৰ সেই কেংমৰা , অভাৱত জুৰুলা , নিশকতীয়া পেহীৰ লাহে লাহে স্বাস্থ্যও ভাল হৈ আহিল ।
গাওঁৰ মানুহৰ আশীৰ্বাদত পেহীৰ খালী স্বাস্থ্যই সলনি নহ'ল । নিৰ্মলা পেহীৰ নামটো সলনি কৰি গাওঁৰ ডেকাবোৰে কমিছনাৰ পেহী থলে । এগৰাকী পাকৈত ছেলছ পাৰ্ছন হৈ উঠা পেহীয়ে ইমানো বেয়া নাপালে । হাজৰ হওঁক সেইটোও এটা ফ্ৰী এডভাৰ্টাইজমেণ্ট ।