Tuesday, March 28, 2017

আবতৰীয়া চিঠি


মৰমৰ সুমন , হিমাংশু আৰু নাম পাহৰা ল’ৰাটো ,

      মৰম ল’বি বুলি ক’বলৈতো আৰু একোৱেই বাকী নাই । কেনেকৈ মৰম দিম , কেনেকৈ পাবি ? তথাপি যদি তহতৰ আত্মাবোৰ ক’ৰবাত ভাঁহি ফুৰিছে মুক্তিৰ অপেক্ষাত , তালৈকো মোৰ মৰমবোৰ পঠিয়াই দিছো । কথাবোৰ সময় থাকোতেই ক’ব পৰা হ’লে ভাল আছিল , তহতো গলিগৈ , ময়ো নাভাবিলো , এতিয়া মাথো শুন্যতা ।
            কিমান সৰু আছিলি তহত , মোৰ ভাইটোৰ লগৰ নে তাতকৈও সৰু আছিলি ? স্কুলৰ বাৰণ্ডাত শাৰী পাতি প্ৰাৰ্থনা আওৰোৱা তহতৰ এটা দুটাৰ চেহেৰাবোৰ মোৰ অলপ অলপ মনত আছে । তহতো আমাৰ নিচিনাইতো আছিলি , একেখন স্কুল , একেবোৰ চাৰ বাইদেউ , একেবোৰ অংক , একেবোৰ পদ্য । কিহৰনো পাৰ্থক্য , মাথোন কাৰোবাৰ ভাগত এচাৰিৰ দুটা কোব বেছি , কাৰোবাৰ ভাগত শ্ৰুতলিপিৰ দুটা নম্বৰ বেছি । সেই একেখন বিশেষত্ববিহীন ঠাইত আমাৰ জন্ম , আমাৰ কৈশোৰ ।
            তিনিটা ডাঙৰ পুখুৰী , এখন স্কুল , কেইজোপামান ডাঙৰ আঁহতগছ , দুটা নামঘৰ , এটা পুথিভঁৰাল , দুখনমান কণ্ট্ৰ’লৰ চাউল চেনী পোৱা গেলামালৰ দোকান , গাওঁখনক দুভাগ কৰি অজগৰৰদৰে পৰি থকা ৰাষ্ট্ৰীয় ঘাইপথটো , এয়াই আমাৰ গাওঁ। “জননী জন্মভূমি স্বৰ্গদপী গৰিয়সী ”, হেডছাৰে কিমান ধুনীয়াকৈ বুজাইছিল এইষাৰ কথাৰ অৰ্থ । অৰ্থবোৰ বুজি পাইছিলো যদিও সেই সময়ত বৰকৈ পতিয়ন যোৱা নাছিলো । ভাল পাইছিলোনে সেই সময়ত এইখন গাওঁক স্বৰ্গতকৈও বেছি ? সন্দেহ আছিল মোৰ নিজৰ মনত । তহতকো বুজাইছিল চাগে , পাইছিলিনে তহঁতে বুজি ? আৰু বুজি পাইছিলি যদি পতিয়ন গৈছিলিনে ?
            তিনিশ, চাৰে তিনিশ পৰিয়ালৰ গাওঁখন, এজনো ভাল গায়ক নাই , নায়ক নাই , কোনো বহুত ধনী মানুহ নাই , কোনো ডাক্তৰ নাই , ইঞ্জিনীয়াৰ নাই । এটা দুটা অফিচাৰ থকা বুলি শুনিছিলো যদিও কেতিয়াও গাওঁত সিহঁতৰ ছা দেখা নাই । সিহতেও হয়তো মোৰ দৰে “স্বৰ্গদপী গৰিয়সী”ত পতিয়ন যোৱা নাই । গাওঁখনত এজন ভাল খেলুৱৈ নাই , এজনো ভাল সাহিত্যিক – শিল্পী নাই , চাবলগীয়া ভাল বস্তু এটা নাই । ভাবিছিলো এই এলেহুৱা , সহজ সৰল হোজা মানুহখিনিৰ মাজতনো কিহৰ স্বৰ্গ ।
            মাজতে এবাৰ দুজনমান খুৰাসম্বন্ধীয় ল’ৰা ওলাইছিল এটা ভলীবল টিম খুলি । সেই সময়ত এখন জিলাভিত্তিক ভলীবল টুৰ্ণামেণ্টো হৈছিল । তাৰেই অকণমান ভাল ভাল খেলুৱৈ এজন খেলৰ সুবাদত প্ৰথমে ডিষ্ট্ৰিকৰ হৈ খেলিবলৈ সুবিধা পাইছিল আৰু পিছলৈ গৈ স্পৰ্ট্ছ কোটাত কোনোবা ডিফেঞ্চ ছাৰ্ভিছ এটাত চাকৰি পাইছিল । সিওঁ গ’ল , লাহে লাহে খেল আৰু খেলুৱৈৰ মানদণ্ড কমি আহিল । অভিনেতাও আছিল দুজনমান , পিছে মঞ্চত উঠি মঞ্চ কপোৱা জাতীয় প্ৰতিভাৰ অভাৱ আছিল । দেউতাহতৰ বয়সৰ দুজন মানুহ , এজন কৰুণা আৰু আনজনৰ নাম পাহৰিলো । প্ৰতিবছৰে বহাগ বিহুৰ ভেশছন প্ৰতিযোগিতাত  প্ৰথম পুৰস্কাৰ লৈ যোৱা বহুৱা আছিল এই দুজন । হাঁহিৰ খোৰাক দিছিল ঠিকেই , কিন্তু বিহুৰ ভেশছনৰ বাহিৰে সিহঁতৰ কোনো বিশেষ অভিনয় কৃতিত্ব নাছিল ।
            বিহু বুলোতেই মনত পৰিছে , গাওঁখনত এটা ভাল বিহুৱা দল আছিল । ফাগুণৰ শেষৰফালে গাওঁৰ পুথিভৰাঁলটোৰ মুধছত ওলোমাই থোৱা আঠ-দহটা ঢোল নমাইছিল সিহতে । চাইকেলত কেৰেয়া বান্ধি নিতুল,পৰেশদাহঁতে ঢোলবোৰ নতুনকৈ ছোৱাই আনিছিল । তেতিয়া মনটো খুব ফুৰ্তি লাগিছিল । দুদিনমনৰ ভিতৰতে সন্ধিয়া স্কুলত বিহুদলৰ প্ৰেকটিছ আৰম্ভ হৈছিল । তহতে পাইছিলিনে সেইবোৰ , পাইছিলি চাগে । বহুত সৰু আছিলি বাবে তহতৰ মনত নাথাকিব পাৰে । বিহুৰ দলটোৱে দুমাহ গাওঁখন ৰজনজনাই গৈছিল । সেই দালটো সচাকৈয়ে বৰ ভাল আছিল । মোৰ মানত যদি গাওঁখনত সেই সময়ত কিবা গৌৰৱৰ বস্তু আছিল , সেই বিহু দলটোৱেই আছিল ।
            কিন্তু এটা বিহুদলেই জানো গাওঁখ্নক স্বৰ্গতকৈও গৰিয়সী কৰি তুলিব পাৰে । মোৰ মতে হেডচাৰৰ ব্যাখ্যাবোৰ ভুল আছিল । তহতে কথাবোৰ কেনেদৰে লৈছিলি নাজানো । ডাঙৰ হৈ গাওঁৰ পৰা উঠি আহি বেলেগ ঠাই ল’লো , চহৰ দেখিলো , নগৰ মহানগৰত থাকিলো । প্ৰথমতে মাহেকে পষেকে , পিছলৈ পুজাই-পাৰ্বনে গাওঁখন দেখা হয় । লাহে লাহে বিহু দল ভাগিল , খেলা ল্’ৰাবোৰো নোহোৱা হ’ল। কিছুমান মানুহ ডাঙৰ , কোনোবা বেপাৰী হ’ল, কিছুমানে ঠিকা কৰি দালান সাজিলে । চহৰৰ ধামখুমীয়া আৰু একঘেয়ামী জীৱনৰ ব্যস্ততাত হঠাত গাওঁলৈ মনত পৰে । স্কুলৰ পদ্যবোৰ, বছৰেকীয়া বিহু দলৰ হুছৰিবোৰ , ভেশছনত ভাওঁ লোৱা কৰুণাহতৰ কথাবোৰ , ফিল্ডত বল লৈ টনা আজোৰা কৰা মানুহবোৰ , হেডছাৰৰ কথাবোৰ, তহতৰ কথাবোৰ ।
            বিশেষত্ব নাথাকিলেও, মোনো ডাঙৰ বাব থকা মানুহ নাথাকিলেও, গায়ক-অভিনেতা-শিল্পী নাথাকিলেও মানুহবোৰ বৰ সৰল আছিল । একেলগে মিলি এখন বিহু সন্মিলন , মাঘত একেটা পুখুৰীতে মাছ ধৰা , গেলামালৰ দোকানত দেউতাহতৰ আড্ডাৰ মাজত আমিও খেলি থকা , এই সকলোবোৰতো স্বৰ্গই আছিল । পিছলৈ গাওঁখনত বহুত নতুন বস্তু হ’ল । পুখুৰীৰ পাৰত ৰঙ্গমঞ্চ হ’ল , পুখুৰীৰ মাছ লৈ কাজিয়া হ’ল ,মুৰ ফলা-ফলি কাজিয়া হ’ল , পুলিছ আহি থকা হ’ল , ক’ৰ্ট-কাছাৰীৰ মামলা হ’ল , একেখন বিহুতলীত দুখনকৈ অৰিয়া-অৰি বিহু সন্মিলন হ’ল । নামঘৰো ভাগি দুভাগ হ’ল , পুখিভৰালতো জহি খহি গ’ল । মুঠৰ ওপৰত এক বিৰক্তিকৰ পৰিৱেশ ।
এবাৰ মাজতে গাওলৈ যাওঁতে দেখিলো মদৰ আড্ডা । কওঁতাও কোনো নাই , শুনোতাও কোনো নাই । সিহতৰ বিকট চিঞঁৰত ঘৰৰ ভিতৰৰ পৰাই আইতাহতে কৈ থাকিল , “খগেনটো পগলা হ’ল ” । আগতে চাহ, পকৰী-ঘূগূণী পোৱা গুমটিখনত মদৰ পেকেট বিকা হ’ল । কবলৈ কোনোৱেই যেন নাথাকিল । দেউতাহতৰ বয়সৰ মানুহবোৰে নিজৰ সন্মানত লাগে বুলিয়েই পাগল সবৰ লাগত মুখ লাগি নোলোৱাই ভাল বুলি ঘৰতে সোমাই থাকিল । কোনোবাইতো মাত দিব লাগিছিল , কোনো নাছিলনে ? নে শিক্ষিতবোৰ সব পুথি সামৰি গান্ধীৰ তিনি বান্দৰৰ মুৰ্তি হৈ থাকিল । মই গৈছিলো কেবাবাৰো , ভাবিছিলো কিবা এটা কম , কিন্তু একেই বাধা । “বোপাই , মুখ লাগি ন’লবি । কালিয়েই মাৰ পিট হৈছে ইহতৰ ।” থাকিলো পিছ-হুহকি ।
            তিনিবছৰমানৰ পিছত আৰু ভয়াবহ অৱস্থা ,। বিহুতলীত বহাগৰ প্ৰথম দিনাই দুফালে দুটা মাইক লৈ ফুল ভলিউমত যেন যুদ্ধহে । বোলো কি পাবি জিকিলে, গাওঁখনৰ তহতৰ ভাগটো স্বৰ্গ হ’ব নে আমাৰ ভাগটো ?
            সন্ধিয়া একেই ৰঙ্গমঞ্চৰ আৰত এন্ধাৰত এজাক নিচাখোৰ । সৰুতে ভাবিছিলো কিনো মোৰ এই গাওঁখন , এদিনো বাতৰি কাগজৰ এটা চুকতো নাম নাই । এইবাৰ গাওঁলৈ যাওঁতে গম পালো , পেপাৰত গাওঁৰ খবৰ এটা ওলাইছে. “ড্ৰাগছৰ ফলত কিশোৰৰ মৃত্যু ”। সুমন, সেয়াতো পেপাৰত তোৰেই নাম আছিল ! ক’ত পালি সেই বৰবিষ, কিয় , কিহৰ তাড়নাত তাৰ চিকাৰ হ’লি ? কিশোৰ , এতিয়া মনত পৰিছে মই পাহৰি থকা আনটো ল’ৰাৰ নাম । আমাৰ ঘৰৰ কেইঘৰ মান দূৰত আছিল সিহতৰ ঘৰ । ভলীবল খেলি চাকৰি পোৱাজন তোৰ মামা নাছিলনে কিশোৰ ? বিছনাৰ তলত ইঞ্জেকছনৰ পেকেটবোৰ লুকুৱাই কলৈ গলি তই । আন এদিন পেপাৰত হিমাংশুৰ নাম পালো । আবকাৰী বিষয়াই অতৰ্কিতে অভিযান চলাই হিমাংশুৰ লগতে ছয়্জনমানক ড্ৰাগছ লৈ থকা অৱস্থাত হাতেলোতে কৰায়ত্ত কৰিছে ।
গাওঁখনৰ নাম এতিয়া প্ৰায়েই ওলাইছে পেপাৰত । কিনো গৌৰৱৰ কথাটো হৈছে, কিনো বিশেষত্ব হৈছে । তহতক লগ পাবলৈ , এবাৰ কথা পাতিবলৈ থাকি গ’ল । হয়তো স্বৰ্গ নহ’লেও , পৃথিৱীৰ এখন সহজ-সৰল গাওঁ হিচাপে ধৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰিলো হয় । এতিয়াতো বহুত দেৰি হ’ল । কোনে চেষ্টা চলাব , ডাঙৰ প্ৰশ্ন ।
ইতি ,
হিৰণ্য ডেকা




বি:দ্ৰ: - গুৱাহাটীৰ পৰা প্ৰায় সত্তৰ কিলমিটাৰ দুৰৰ এখন গাওঁৰ এইবোৰ কিছুমান সচা ঘটনাৰ ওপৰত আধাৰিত কথা । নামবোৰ অলপ ইফাল সিফাল হ’ব পাৰে , কিন্তু ঘটনাবোৰৰ ভয়াবহতা সমানেই গুৰুতৰ । অসমখন ড্ৰাগছৰ কবলত দ্বিতীয়খন পঞ্জাৱহোৱাৰ পিনে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে , আমি মন দিয়া উচিত । 

No comments:

Post a Comment