যোৱা চাৰিদিনমানৰ পৰা গাওঁখনত এক উখলমাখল পৰিৱেশৰ সৃষ্টি হৈছে , হ’বৰ
কথাও | গাওঁখনলৈ প্ৰথম থিয়েটাৰ আহিছে | থিয়েটাৰ কমিটিৰ মানুহসোপাই এটা বেটাৰীত চলা মাইক আৰু এখন ৰিক্সা ভাড়ালৈ লৈছে , আবেলি হ’বলৈ নেপাওতেই নিজৰ স্বভাৱসুলভ ভঙ্গীমাৰে প্ৰায় একেটা কথাকেই কৈ গৈছে | “ শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ,
আজি সন্ধিয়া ঠিক সাত বজাৰ লগে লগে ৰংমন থিয়েটাৰৰ মঞ্চত আপোনালোকে উপভোগ কৰিবলৈ পাব অসমৰ চুকে কোণে ভ্ৰাম্যমান জগতত আলোড়ণৰ সৃষ্টিকাৰী , স্বনামধন্য নাট্যকাৰ অমুক সিং ৰচিত , তমুক দত্ত পৰিচালিত শিহৰণকাৰী নাট “গডজিলা” ।
এই নাটখনিক মঞ্চলৈ আগবঢ়াই আনিব এখনি আটকধুনীয়া গীতি নৃত্য-নাটিকা ...” মুঠতে থিয়েটাৰখনে অসমৰ চুকে কোণে আলোড়ণৰ সৃষ্টি কৰিব পাৰিছেনে নাই নাজানিলেও গাওঁখনৰ
চুকে কোণেযে আলোড়্ণৰ সৃষ্টি বাৰুকৈয়ে কৰিছে সেইটো খাতাং । আবেলিৰ পৰা সাজ নভগালৈ এই একেখিনিকে ইমানবাৰ চিঞঁৰি আছে যে মাইকলগোৱা ৰিক্সাখন চলোৱা ভঙুৱা কানাইকো যদি মাইকটো হাতত দিয়া হয় সিয়ো খোকোজা নলগাকৈ এই কামটো কৰিব পৰাকৈ ওস্তাদ হৈ উঠিছে |
বিপুলে আজি পঢ়া ঠাইটো সলনি কৰি ৰাস্তাৰ পিনে মুখ কৰি থকা খিৰিকীখনৰ মুখতে এখন চকী
পাৰি লৈছে । চকীখনৰ ওপৰত তাৰ সমাজ অধ্যয়নৰ কিতাপখন মেলি থৈছে হয় , কিন্তু কিমান অধ্যয়ন কৰিছে সেইটো তাৰ বাহিৰে
ঘৰখনৰ বাকী সকলোৱে বুজিছে ।
সি যিমানেই মাক ,
বায়েকহঁতক দেখুৱাই চিঞঁৰি চিঞঁৰি পঢ়াৰ ভাওঁ দিছে মাকহঁতৰ সিমানেই মুখ
টিপি টিপি হহাঁৰ ৰোল উঠিছে ।
কানাইৰ মাইক টনা ৰিক্সাখন সিহতৰ চুবুৰীত সোমোৱাৰ লগে লগে বিপুল
বহি থকা মুঢ়াটোৰ পৰা উঠি খিৰিকীৰ ৰ’ডকেইডালত খামোছ মাৰি ধৰি পঢ়ি থকা দফাটোকে আকৌ উৰাই ঘুৰাই মাতিছে । “সেইয়া
আৰম্ভ হ’বই এতিয়া , দেউতাটোযে ক’ত থাকিল । ” সি এবাৰ মাকক সুধিম
বুলি ভাবিলে , পিছে মাকৰ ধমক খোৱাৰ
ভয়ত মনে মনে থাকিল ।
এনেয়ো মাকে তাক আগতেই কৈ থৈছে , পঢ়া-শুনা কৰা ল’ৰাই ৰাতি
পঢ়া সময় নষ্ট কৰি নাটক চালে কেনকৈ হ’ব । “কিন্তু
আমাৰ লগৰ যে সবেই যাব, বিতোপন
, সৌৰভ , বাবলু । ল’ৰাতো বাদেই দিয়া ছোৱালীবিলাকো যাব । মা
তুমি একোয়ে নাজানা , গডজিলাখন
যে কিমান ভাল হৈছে ।
আৰু মই ৰাতি পঢ়াখিনি দিনতেই পঢ়ি থ’ম নহয় ।” তাৰ
পিছতে মাক আৰু তাৰ বন্দোবস্ত , সি সন্ধিয়া পাচবজালৈ পঢ়িব লাগিব আৰু দেউতাক অফিচৰ পৰা আহি যদি তাক লৈ যায় তেতিয়া
যাব পাৰিব । বিপুলে ঘড়ীটো চালে,
এতিয়াও পোন্ধৰ মিনিট বাকী আছে । ৰাস্তাৰে
গৈ থকা কানাই ৰিক্সাখন চুবুৰীটো পাৰ হ’ল , পিছে পিছে তাৰ সমনীয়া কেইটামান নাচি বাগি পাৰ হৈ
গ’ল ।
পাচবজাৰ ঘণ্টাতো পৰাৰ লগে লগে তাৰ সমাজ অধ্যয়্নৰ অধ্যয়ণ সামৰি
পদূলি মুৰ পালেগৈ । নাই দেউতাকৰ দেখা
দেখি নাই । আনদিনাখন ইমান পৰতে দেউতাক আহি পায়হি , আজিহে ইমান দেৰি হ’ব পায়নে
বাৰু । প্ৰায় বিশমিনিটমান অধীৰ অপেক্ষাৰ অন্তত দেউতাকৰ অহাৰ উমান পোৱা
গ’ল । দূৰত
দেউতাকৰ স্কুটাৰৰ শব্দতো তাৰ বৰ মিঠা লাগিল । দেউতাকে
স্কুটাৰ সামৰি , গা পা ধুই অটাই
মানে , বিপুল তেল টেঙা সানি ৰেডী । তাৰ
পিছত দেউতাকক তেল মৰাৰ নামত পানী এগিলাচ আনি দিয়া , মুৰ পিটিকি দিয়া আদি কামবোৰ সি স্বয়ংক্ৰিয় ভাবেই কৰি থাকিল । মুৰ
পিতিকি থাকোতে তাৰ মনত বাৰে বাৰে দিনত স্কুলৰ দেৱালত লগাই যোৱা গডজিলাৰ ছবিখনেই ভাহি
থাকিল । “আস কিমান যে মজা লাগিব” ।
আৰু কেইটিমান মুহূৰ্ত্তপিছতেই আৰম্ভ হ’ব বুলি সন্ধিয়া ছয়বজাৰ পৰা চিঞঁৰি থকা নাটক খন
অৱশেষত নমান বজাত আৰম্ভ হ’ল । বিপুল
ভালকৈ চাম বুলি ডিঙি মেলি গডজিলা ওলোৱালৈ ৰৈ থাকিল । কিবা
এসোপা গীত-মাত হ’ল ,
নৃত্য হ’ল , লাইটৰ
বাহদুৰি হ’ল , গডজিলা নোলায় হে নোলায় । এসময়ত নৃত্য-নাটিকা শেষ হ’ল । মঞ্চত
বহুত বিল্ডিং ওলাল , মানুহ
ওলাল , গাড়ী ওলাল । মিউজিকৰ
মানুহবোৰে ওলোৱা শব্দবোৰ লাহে লাহে অলপ ভয়ানক হৈ আহিছে । এপাকত
মঞ্চত বিজুলী মাৰিছে , মিউজিকত
বজ্ৰপাত আৰু ধুমুহা বতাহৰ শব্দ । বিপুলৰ লাহে লাহে ভয় লাগিছে, চাৰিওপিনে অন্ধকাৰ , মাজে
মাজে বিজুলী গাজনিৰ পোহৰ ।
গডজিলা ওলাবই এতিয়া ।
এবাৰ দেউতাকৰ পিনে চালে সি, নাই কোনো সাৰ সুৰ নাই । দেউতাকৰ সোঁহাতখনত খামুচি ধৰি ইখন হাতেৰে চুক দুটা মুদি বিপুলে
মঞ্চত হাহাকাৰ কৰি থকা প্ৰাণীটোলৈ চালে । কিমান ভয়লগা তাৰ মুখখন , ইমান ডাঙৰ জন্তু এইটো । গডজিলা
ওলাল , কেইখনমান গাড়ী ভাঙিলে , কেইটামান মানুহক মুখেৰে কামুৰি দলিয়াই দিলে , আৰু এটা
বিকট চিঞঁৰ মাৰি মঞ্চত লাইটৰ বাহাদুৰিত সৃষ্টি কৰা সাগৰৰ খনৰ বুকুলৈ সোমাই গ’ল । বিপুলে এইকেইটা দৃশ্য চাবই নোৱাৰিলে , এপাকত ভাবিলে দেউতাকক কৈ ঘৰলৈ যাও নেকি ?
নাই নাই লগৰ বোৰে গম পালে কি হ’ব বাৰু ,
তাক যে ভয়পদুৰা বুলি জোকাবলৈ নেৰে । তাৰ
লগৰবোৰৰ কোনোবা ওচৰে পাজৰে আছে নেকি ,
থকিলে তাক এখন হাতেৰে চকুমুদি থকা দেখিলে নেকি ? বিপুলে এন্ধাৰতে ইফালে সিফালে চালে, নাই একো মনিব নোৱাৰি।
দেউতাকক জগাই মনে মনে গুচি যাম বুলি দেউতাকক সি হেচুকি চালে । ইফালে
কাহিনীত কি চলিছে , কোনে
কি কৰিছে তাৰ খবৰ নাই ।
চকুদুটা মুদি দুহাতেৰে কাণদুখন ঢাকি বিপুলে নাটকখন শেষ হোৱালৈ
বাট চাই থাকিল ।
No comments:
Post a Comment