তিতৌৰ মুঠতে আহৰি নাই । গাওঁখনত যলৈ যায় , সকলোতে তাৰ কাম ওলায় । আমুকে বোলে তিতৌ ইটো কৰিব লাগিছিল নহ্য় , তামুকে বোলে তিতৌ তালৈ যাব লাগিছিল নহয় । এশ একুৰি কাম । গোটেই গাওঁখনৰ দায়িত্ব যেন তাৰ ওপৰতহে । মাকে তাৰ নাম ৰাখিছিল কামাখ্যা , কিন্তু সৰুৰে পৰা অলৌ তলৌ কৈ ইফালৰ পৰা সিফাল ঘুৰি ফুৰোতে ফুৰোতে নাম পৰিল তিতৌ ।
অনাই বনাই ঘুৰি ফুৰিলেও কিন্তু তিতৌৰ মগজটোৱে ঠিকেই কাম কৰিছিল । পঢ়া-শুনাত ইমান ভাল নাছিল যদিও বুদ্ধিত ফেৰ পেলাব নোৱাৰি । তিতৌহতঁৰ ঘৰ অৱস্থা ইমান ভাল নাছিল । মাকে সৰুৰে পৰা লোকৰ ঘৰে ঘৰে কাম কৰি পৰিয়ালটো চলাইছিল । সিহঁতৰ চুবুৰীতে ঘন মহাজনৰ ঘৰ । মহাজনৰ পুতেকটো তিতৌতকৈ দুবছৰমান ডাঙৰ, বৰ অহংকাৰী । কথাটো প্ৰতি তিতৌক খোছটো মৰাতো তাৰ অভ্যাস । তিতৌৰ খং উঠিলেও একো কব নোৱাৰে , কিন্তু বেটাক ঠেকাত পেলোৱাৰ চেগ বিচাৰি ফুৰে । মাজে মাজে চেগ নোপোৱা নহয় ।
মহাজনৰ এখন বৰ মৰমৰ এম্বেচাডৰ গাড়ী আছিল । সেই সময়ত ওচৰৰ গাওঁবোৰতো কিজানি তেনেকুৱা গাড়ী দুই তিনিখনমানহে আছিল । গাড়ীত উঠিলে মহাজন আৰু পুতেকৰ ভেম কি চাবা , যেন গোটেই গাওঁখনকে উৰুৱাই লৈ যাব । মহাজনে গাড়ীত আচোৰ এটা পৰিলেও জীৱ যোৱা যেন পায় । এবাৰ চাইকেল এখন খুন্দিয়াই বাওঁপিনৰ হেডলাইটতো ভাঙোতে মতি ড্ৰাইভাৰক এমাহৰ বেতন কাটি একেদিনাই খেদাই দিছিল । প্ৰতিদিনে গাড়ীখন ধুই চিকুনাই ৰখাৰ দায়িত্ব ড্ৰাইভাৰৰ ।
এবাৰ মহাজন কিবা কামত দুদিনমান গাওঁৰ বাহিৰত আছিল । পুতেকতো তেতিয়া বাৰ তেৰ বছৰমান হ'ব , তিতৌ দহমান । মহাজনৰ পুতেকে বাপেক নোহোৱাৰ চলতে গাড়ীখন চলাই অলপ ডেমাকী দেখুৱাও বুলি ষ্টাৰ্ট কৰিলে । ড্ৰাইভাৰক দেখি দেখি শিকা যেতিয়া যেনেতেনে গাড়ীখন চলাই বাট পালেহি । তিতৌহতঁৰ কেকুৰীতো পাৰ হওঁতে খুব জোৰেৰে হৰ্ণ বজালে । তিতৌ একেকোবে বাহিৰ পালেহি । মহাজনৰ পুতেকে আৰু বেছি দুৰলৈ গৈ কিবা এটা হ'লে বাপেকৰ গালি খোৱাতকৈ ঘূৰি যোৱাতোৱে ভাল হ'ব বুলি ভাবিলে । সমস্যাতো তাতেই হ'ল । চিধা চিধি গ'ল ঠিকেই , এতিয়া বেক কৰে কেনেকৈ ? আয়নাত চাই চাই গাড়ী ঘুৰাবতো নেজানে । আয়্নাখন চাই সি ভাবি থাকোতেই দেখিলে পিছফালৰ পৰা তিতৌ আহি আছে । ' অই তিতৌ ইফালে আহ , মই গাড়ীখন বেক কৰিম তই পিছফালটো চাই দিবি ' । তিতৌয়ে মুৰ দুপিয়াই গাড়ীখনৰ পিছ পালেগৈ । " আৰু এই বুৰ্বক শুন , মই লাহে লাহে বেক কৰি যাম , তই মোক গ' বেক , গ' বেক বুলি কৈ যাবি , বেলেগ নকবি " । তিতৌৰ ওঠেৰে এটা দুষ্ট হাঁহি বাগৰি গ'ল ," বেটা , ই মোক ইংলিছ শুনায় , ৰ তোক কি কৰো চাই থাক।"
মহাজনৰ পুতেকে বেক গীয়েৰ লগাই লাহে লাহে গাড়ীখন পিছুৱালে , তিতৌৱে পিছ্ফালৰ আহঁতজোপাৰ শিপাত বহি চিঞঁৰিব আৰম্ভ কৰিলে , " বেক ককাইটি বেক " । লাহে লাহে এম্বেচাডৰ গাড়ী পিছুৱাই আহিছে , তিতৌয়ে চিঞঁৰি আছে ,"বেক ককাইটি বেক , বেক ককাইটি বেক " । মহাজনৰ পুতেকে আয়্না চাই আহিছে যদিও একো ভালকৈ দেখা নাই , তিতৌৰ চিঞঁৰৰ অনুমানতে বেক কৰি আছে । লাহে লাহে বেক কৰি থাকোতেই এপাকত গাড়ীখন জোৰেৰে নামি গ'ল আৰু মহাজনৰ পুতেকে একো তৰ্কিব পৰাৰ আগতেই গাড়ী গৈ পিছফালৰ নলাৰ বোকাত সোমালগৈ । ইমান সময় ,"বেক ককাইটি বেক" বুলি চিঞঁৰি থকা তিতৌয়ে ডবল জোৰেৰে চিঞঁৰিলে ,"বছ ককাইটি , মানুহ মাতি দিয়া" ।
যেতিয়া দুদিন পিছত মহাজনৰ এচাৰিৰ কোব খাই পুতেকটোৱে তিতৌক বিচাৰি থাকিল , তিতৌৰ কোনো শুংসূত্ৰ পোৱা নগ'ল ।