কেতিয়া পাম আকৌ সেই দিনবোৰ ,
তৰাবছা আকাশৰ শৰতৰ নিশাবোৰ ,
স্মৃতিয়ে আমনি কৰে সঘনাই আজিযে,
উটি যায় অতীতৰ চাকনৈয়াত মন মোৰ ...
নিয়ৰে ভিজা সেই দূবৰি পদূলিৰ ,
শেৱালিৰ সুগন্ধিও ভাহে বহুদূৰ
এটি দুটিকৈ তাতে জোনাকী উৰে
দূৰৈৰ বাহীটিয়ে মোক বলিয়া কৰে .
স্মৃতিয়ে আমনি কৰে সঘনাই আজিযে,
উটি যায় অতীতৰ চাকনৈয়াত মন মোৰ ...
কেতিয়া পাম আকৌ সেই দিনবোৰ ,
তৰাবছা আকাশৰ শৰতৰ নিশাবোৰ ।
আছেনে আজিও তাত বালিমাহী জাক,
উৰেনে সিহঁত লৈ আঘোণৰ ডাক ,
যদি নৈখনে নুটুৱাই বান্ধি থোৱা নাওখন ,
মই বিচাৰি ওলামগৈ ঘাটৰ লগৰীজন ।
স্মৃতিয়ে আমনি কৰে সঘনাই আজিযে,
উটি যায় অতীতৰ চাকনৈয়াত মন মোৰ ...
কেতিয়া পাম আকৌ সেই দিনবোৰ ,
তৰাবছা আকাশৰ শৰতৰ নিশাবোৰ ।
No comments:
Post a Comment