মৰম লবা বুলি কৈ একো নতুনত্ব আনিবৰ আয়োজন নকৰো দিয়া আমাৰ মাজত , তুমিতো জানাই
কিমান মৰমেৰে আবৰি ৰখাৰ কথা আছিল তোমাক । আচলতে এই মৰম লবা
বুলি কোৱা কথাষাৰেই কিবা এক গণ্ডগোলীয়া কাৰবাৰ । ভাল লাগিলে মৰম জাগে , মৰম জাগিলে ভাল পোৱা
হয়, প্ৰেম নামৰ এটা অনুভূতিৰ জন্ম হ্য় । ভাল লগা , মৰম ,ভালপোৱা ইত্যাদি ইত্যাদি বিলাক জানো গগুগোলীয়া নহয় ।
তোমাৰ
পদূলিত ৰৈ
সিয়াঁৰি চাইছিলো তোমাক
শুনাম বুলি এটি কবিতাৰ সুৰ ,
বকুলজোপাই কলে
ইয়াত নহয় ,সৌ তাত
য্ত স্তব্ধ হৈছে আবেলিৰ হেঙুলীয়া খিনি ,
অলপ মৰমৰ অপেক্ষাত ...
যদিওবা সেই কবিতাটো শুনোৱা নহ’ল , যদিওবা
আবেলিৰ হেঙুলীয়াখিনি ক্ৰমশ নাইকিয়া হৈ বকুলজোপাৰ তলত আন্ধাৰে গোট মাৰিলে , দুটি জোনাকী পৰুৱাই জোৰ পাতি সন্ধিয়া নমাৰ বতৰা দিলে তথাপিও সেই অনুভূতি
সলনি নহ’ল । শেতেলীত চকুৰ পতা
জাপ খাওঁতে অনুভূতিটো এটি সপোন হৈ সাৰ পালে । সপোনত সি কেতিয়াবা বতাহ হ’ল , কেতিয়াবা নৈ আৰু কেতিয়াবা
মৌপিয়া চৰাই হৈ উৰি গুছি গ’ল এটি ধুনীয়া গীতৰ সন্ধানত । হেজাৰটা বসন্তৰ দূৰত্ব সপোনটোৱে ইঞ্চি ইঞ্চিকৈ কূটি
খালে ।
সপোনত দেখা হোৱাৰ প্ৰতিশ্ৰুতিৰে
নিশাটোক বিদায় দিছিলো ,
কৈছিলো পুৱাৰ সূৰুযক শুনাম
এক নতুন প্ৰেমৰ কাহিনী ..
যেতিয়া সাৰ পাইছিলো
ঝিলিটোৰ চিঞঁৰত
সপোনটো জানো ক’ত
হেৰাই গৈছিল ।
সপোনটো হেৰাই গলেও বতাহৰ পম খেদি খেদি মই ঠিকেই উলিয়াম
তোমাৰ ঠিকনা । সৰিয়হ ফুল এডৰাৰ মাজৰ এটা লুংলুঙীয়া বাট , নিয়ঁৰে আৱৰি ধৰা দূবৰি
বনৰ চুমুক লৈ গৈ আছিলো তোমাৰ সন্ধানত । সৰিয়হ ফুলৰ হালধীয়া বোৰে ক’লে তোমাৰ ঠিকনা আৰু আগলৈ । নৈখন পাৰ হ’লো , বাহনিডৰাক সুধিলো
, গহীনতাৰে কলে – যতে আকাশখনে চুইছে গাওঁখনৰ মাটি , সেই গাওঁখনতেই তোমাৰ
পজাঁ । নুমাই যাব খোজা টিপচাকি
এটাক সাক্ষী কৰি তুমি হয়তো গুণগুণাই আছা অপেক্ষাৰ গাণ , হয়তো মোৰেই অপেক্ষাৰ
গান । চিন্তা নকৰিবা , প্ৰেমৰ বৰষুণে নিতিয়ালে
মই ঠিকেই ওলামগৈ তোমাৰ ঠিকনা ।
No comments:
Post a Comment