শিয়ালৰ সভা
হাবিত আজি আড়ম্বৰ ,
শিয়ালৰ সভা বহিছে ।
শিয়ালেই ৰজা,শিয়ালেই প্ৰজা ।
ৰঙা শিয়াল, বগা শিয়াল ,
কণা শিয়াল ,খোৰা শিয়াল ,
খকুৱা আৰু বলিয়া শিয়াল ।
বিলৰ পাৰত চিকাৰ হোৱা
শহাপহুটোৰ মৰাশটো
লৈ বহিছে সিহঁত ।
কোনে কিমান খাব !
এটাই কৈছে " হোৱা" ,
আন দুটাই কৈছে ," নহয় নহয় হোৱা হোৱা " ।
কোনোটোৱে ডবিয়াই উঠিছে ,
" কালিযে আছিল হোৱা হোৱা , আজিটো মোৰহে হোৱা "
আজিকালি প্ৰ্ৰায়েই সভা বহে শিয়ালৰ !!
No comments:
Post a Comment