জলঙা
খকমককৈ যেতিয়া
এদিন সাৰ পাই উঠিবা
তোমাৰ বন্ধ কুঠৰীত ,
পৃথিৱীখন এটা সৰু গোলক
হৈ যোৱা সপোনটোৰ কথা ভাবি
হয়তো তুমি ঘামি উঠিবা !
বহুদিন নোখোলা খিৰিকীখনৰ
সিপাৰৰ পোহৰবোৰে
অহৰহ খুন্দিয়াইছে
আয়্নাৰ ধূলি তৰপ ;
এয়া বন্ধ কোঠা নে তোমাৰ বুকুৰ স্পন্দন
?
কৰবাৰ ৰ’দৰ
টুকুৰা এটা
ছিটিকি আহি যদি হঠাত
খিৰিকীত উয়ে কুটা ফুটাটোৰে
সোমাই আহে ,
অকণমান সাহস কৰি খিৰিকীখন
খুলি চাবা ,
কিজানিবা আকৌ নিজৰ প্ৰেমত পৰা !!!!
No comments:
Post a Comment