জাল
ৰাতিপুৱা
সাগৰত মই জাল মেলো ,
তাৰ
এন্ধাৰ বক্ষৰ পৰা মই তুলি আনো
আচহুৱা
বৰণৰ আৰু আচহুৱা সৌন্দৰ্যৰ বস্তুবোৰ -
কোনোবোৰ
হাঁহিটোৰ দৰে জিলিকা ,
কোনোবোৰ
চকুলোৰ দৰে তিৰবিৰোৱা ,
কোনোবোৰ
নকইনাৰ দুগালৰদৰে গুলপীয়া !
দিনটোৰ
বোজাবোৰ কঢ়িয়াই যেতিয়া ঘৰলৈ ওভতো ,
মোৰ
চেনেহীয়ে ফুলনিত অলসভাৱে
ফুল
এপাহ চিঙি বহি থাকে !
ক্ষন্তেক
মই থমকি ৰওঁ ,
তাইৰ
দুভৰিত মোৰ বোজাটো খুলি দি নীৰৱে ৰওঁ ।
তাই
চকু ফুৰাই হুমুনিয়াহ কাঢ়ি কয় ,
“
এই আচহুৱা বস্তুবোৰ মোৰনো কি কামৰ ?
”
মই
লাজত তলমুৰ কৰি ভাবো ,
“
এৰা , মইতো
এইবোৰৰ বাবে যুজাঁ নাই ,
বজাৰত
ৰূপ দি কিনা নাই ;
এয়াতো
চেনেহীৰ যোগ্য নহ্য় ! ”
গোটেই
ৰাতি মই উজাগৰে
এটা
এটা বস্তু আলিবাটলৈ দলিয়াওঁ !
ৰাতিপুৱাই
মোৰ পদূলিলে অচিনা নাবিকবোৰ আহে ,
এটা
এটাকৈ আচহুৱা বস্তুবোৰ সিহঁতে
দূৰণিৰ
দেশলৈ কঢ়িয়াই লৈ যায় !
ৰাতিপুৱা
সাগৰত মই পুনৰ জাল মেলো ...
-- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ The Gardener আলমত
No comments:
Post a Comment