প্ৰায়েই
এনেকুৱা হয় । কেৱল মাত্ৰ মোৰ লগত যে হয় তেনে নহয় , আপোনাৰ
লগতো হয় চাগৈ । আমি যেতিয়া
বিভিন্ন দৈনন্দিন কামত , যেনে অফিচ
যোৱা ,
বজাৰ
কৰা,
স্কুল-
কলেজ যোৱা আদিত ব্যস্ত থাকো কিছুমান সৰু সৰু সদায় ঘটা কাম আমি লক্ষ্য কৰো । সেইবোৰ
সৰু সৰু কথাবোৰ আমাৰ অভ্যাস গত চকুৱে সদায় দেখি দেখি মনত এখন ছবি বনায় থয় ।
কেতিয়াবা যদি সেই সৰু সৰু নিত্য-নৈমিত্তিক কামবোৰ, বস্তুবোৰ, মানুহবোৰ, কথাবোৰ সদায়
ঘটাৰ দৰে নঘটে,
সদায়
থকা ঠাইত নাথাকে , আমাৰ মনত খু-দুৱনি লাগে । কিনোঁ হ'ল
জানিবলৈ বৰ মন যায় । প্ৰায়েই এই কিনোঁ হ'ল জানিবলৈ মন
যোৱা কথাটো জানিবলৈ মনা যোৱা কথা হৈয়েই থাকি যায় । মোৰ ক্ষেত্ৰত প্ৰায়ে এনেকুৱা হয়
,
জানিবলৈ
মান থাকি যায় ,
কিন্তু " নলগা
জেংত লগাৰ কি দৰকাৰ ", " কাইলৈ নিজে
নিজে আহিব চাগৈ " ইত্যাদি এলেহুৱা চিন্তাবোৰ জনা কামটো হৈ উঠিবলৈ নিদিয়ে ।
পিছদিনা যদি আকৌ কামটো নিত্য নৈমিত্তিক ধৰণে নহয়, জানিবলৈ
আৰু বেছি মন যায় , কিন্তু এলেহুৱা স্বভাৱটোৱে দুগুণ
যোৰ দি মনটোক আমাৰ নিজৰ কামলৈ ঘুৰাই আনে ।
অফিচলৈ যাওঁতে
ৰাস্তাত বান্দ্ৰাৰ ওচৰত এটা ডাঙৰ পুখুৰী আছে । বাছত বাওঁপিনে খিৰিকীৰ কাষত বহোঁ
কাৰণে ৰাস্তাত কৈ হৈছে , মানুহবোৰে কি কৰে
দেখি পাওঁ । পুখুৰীটোৰ পাৰে পাৰে লোহাৰ
জেওৰা , জেওৰাৰ
ৰাস্তাৰ পিনৰ পাৰটোত ফুটপাথ । পুখুৰীটোৰ গাতে লাগি ৰেলৱে ষ্টেচন আৰু বজাৰৰ পিনে
যাবা পৰাকৈ গলি এট। গলিটো আৰু আমাৰ
বাছ খন যোৱা ডাঙৰ ৰাস্তাটো য’ত লগ লাগিছে , সেই
কোণটোতে ফুটপাথটোৰ ওপৰত বহি থাকে মই আজি
লিখিব খোজা মহানগৰীৰ তিনিটা জীৱনৰ প্ৰথমটো জীৱন । এগৰাকী ত্ৰিশ-বত্ৰিশ বছৰীয়া
মহিলা,
সন্মুখত
শুকান বুট ,
মটৰ আদিৰ
এসোপা পলিথিনৰ
পেকেট । মানুহজনীৰ পিছ পিনে পুখুৰীৰ ৰেলিঙত ভেজা দি থাকে এটা পাচ-ছয় বছৰীয়া ল'ৰা ।
ৰেলিঙৰ সিটো পাৰে পুখুৰীৰ পাৰত এজাক পাৰ চৰাই , ক'লা-বগা
,
পখৰা
প্ৰায় ষাঠি-সত্তৰটা মানৰ এটা জাক । ৰাতিপুৱা
ৰাস্তাৰ ইপাৰৰ মন্দিৰটোলৈ বহুতো মানুহ আহে , মঙলবাৰ
আৰু বৃহস্পতিবাৰে মন্দিৰলৈ অহা মানুহবোৰে তাইৰ পৰা দহ টকীয়া পাচ টকীয়া বুটৰ পেকেটবোৰ কিনি সেই পাৰ
জাকৰ মাজত বিলাই দিয়ে । কেতিয়াবা মন্দিৰলৈ নহা মানুহ কিছুমানেও তাইৰ পৰা পেকেট কিনি বিলাই দিয়ে , ৰেলিঙত ভেজা দি
চায় । ভকতিৰ জোৰত
অহাবোৰে পুণ্য ঘটাৰ হিচাপ কৰে , আনবোৰে এনেই মনত বিলাই দিয়াৰ আনন্দ পায় । মানুহজনীৰ
পুতেকেও চাই চাই মনত আনন্দ পায় , কিন্তু পূণ্য নঘটে বা বিলাই দিয়াৰ আনন্দ নহয় । যিমানেই পাৰৰ
সংখ্যা বাঢ়ে আৰু ফুটপাথৰ কোণটোত মানুহৰ স্ৰোত বাঢ়ে সিমানেই তাৰ মাকৰ পেকেটৰ
শাৰীবোৰ কমি আহে , মাকৰ ক’লা কাপোৰৰ সৰু বেগটোত দহটকীয়া
নোট , পাচটকীয়া মুদ্ৰাৰ
ভৰ হয় । সি কেতিয়াবা
পাৰবোৰলৈ চায় , কেতিয়াবা ফুটপাথৰ
মানুহবোৰলৈ , কেতিয়াবা মাকৰ
বেগটোলৈ । কেতিয়াবা আকৌ
নিপুণ বেপাৰীৰ দৰে মন্দিৰৰ বাহিৰৰ ভিৰটোলৈ চাই প্ৰত্যাশিত গ্ৰাহকৰ অনুমান কৰে । যিমানেই গ্ৰাহকৰ
ভিৰ হৈ তাৰ মুখতো এটা লুকাব নোৱাৰা হাঁহিয়ে বাঁহ পাতে , তেতিয়া সি আৰু ৰেলিঙত বেছি পৰ ভেজা দি নাথাকে । মাকৰ কাষত বহি কিবাকিবি আব্দাৰ কৰে, বোধহয় ৰাতিলৈ তাৰ মন পছন্দৰ বস্তু খোৱাৰ কথা কৈ কুটুৰি থাকে
। বেছি পেনপেনাই
থাকিলে মাকে যদিও কেতিয়াবা ডাবি দি উঠে , তথাপিতো মাকৰ মুখত সেইদিনা বেছি চিন্তা বা খঙৰ ভাব দেখা
নায়ায়, হয়তো তাইও ৰাতিলৈ
এমুঠি ভালকৈ খোৱাৰ সপোন দেখে। এইখিনিলৈকে ঠিকেই থাকে , সদায় ঘটি অহা ঘটনা । মই বাছৰ ছিটত টোপনি নগলে প্ৰায়েই পাৰ হৈ যাওঁতে মাক-পুতেক
হাললৈ চাওঁ, পাৰগালক খুৱাই
থকা মানুহৰ ভিৰ দেখিলে ভাল লাগে , নেদেখিলে অকণমান হ’লেও বেয়া লাগে । কিন্তু যেতিয়া মুম্বাইৰ আকাশত ডাৱৰে চানি ধৰে , ঘণ্টাৰ পিছত
ঘণ্টা নেৰানেপেৰা বৰষুণ পৰে , তেতিয়া মানুহবোৰ আহিবলৈ এৰি দিয়ে , পাৰখিনিও লাহে লাহে
নোহোৱা হয় । বৰষুণ আৰম্ভ
হোৱাৰ প্ৰথম কেইদিন মানলৈ মানুহ্জনী আহে , ডাঙৰ এখন পলিথিনেৰে শুকান বুট আৰু মটৰ্খিনি শুকান কৰি
ৰাখিবলৈ বৰ যত্ন কৰে । ল’ৰাটো আহে যদিও আগৰ দৰে ৰেলিঙত
ভেজা দি নাথাকে, এক নিৰস চাৱনি লৈ
মাকৰ কাষত জুপুকা মাৰি বহি থাকে । সন্মুখৰ পলিথিনৰ পেকেটবোৰ থকা ভাজেই থাকে , বৰ কষ্টেৰে তাই
বৰষুণৰ পানীবোৰৰ পৰা সেইবোৰ বচাবলৈ চেষ্টা কৰে । সিহতৰ বিফল চেষ্টাবোৰ দেখিলে গম পোৱা যায় ভোকৰ তাড়না কিমান । কেইদিনমান পিছত
তাই আৰু নহা হয় । ফুটপাথৰ কোণটো
খালী হৈ পৰি থাকে । মোৰ বৰকৈ জানিবলৈ
মান যায় , তাইৰ আৰু ল’ৰাটোৰ কথা । বাৰিষাৰ দিন
কেইটাত সিঁহত ক’ত থাকে , কি কৰে , খায় কি ? কিবাটো কৰেই চাগে
নহ’লে বাৰিষা যোৱাৰ লগে লগে আকৌ
পুখুৰীৰ পাৰত শুকান বুটৰ বেহা লৈ বহিবলৈ জীয়াই থাকে কেনেকৈ । জানিবলৈ মন যায় , কিন্তু এলেহুৱা স্বভাৱৰ বাবেই হওঁক বা সময়ৰ নাটনিৰ বাবেই
হওঁক কোনোদিনে জনা নহয় । আপোনাৰো মন যায়
চাগৈ ।
মোৰ লেখাৰ দ্বিতীয় চৰিত্ৰৰ আকৌ আবিৰ্ভাৱ ঘটে গধূলি
পৰত । গধূলি অফিছৰ পৰা আহি প্ৰায়েই অলপ ওলাই যোৱা হয় , কোনোবাদিনা খোজ কঢ়াৰ
উদ্দেশ্যে , কেতিয়াবা আকৌ আলু-পিয়াজৰ ধান্দাত । বজাৰলৈ যোৱা আৰু খোজ
কাঢ়িবলৈ যোৱা পাৰ্কখনৰ ৰাস্তা একেটাই । ঘৰৰ পৰা ওলাই অলপ খোজকাঢ়ি সোপিনে ঘূৰিলেই ডাঙৰ
ৰাস্তাটো , ৰাস্তাত উঠি অলপ আগলৈ সাগৰ পিনৰ পৰা অহা এটা
দূৰ্গন্ধময় নলা আৰু তাৰ ওপৰত দলং এখন । মুম্বাইৰ প্ৰতিটো নৰ্দমাই চাগে ইমানেই দুৰ্গন্ধময় , কিবা কলেজৰ দিনৰ হাইড্ৰ’জেন ছালফাইডৰ অকটা
গোন্ধটোলৈ মনত পৰি যায় । দলংখন পাৰ হৈ বাওঁপিনে ঘূৰি বজাৰলৈ যোৱা ৰাস্তাটো , চিধাই গ’লে খোজকাঢ়িবলৈ যোৱা
পাৰ্কখন । বিভিন্ন ধৰণৰ মানুহ গধূলিপৰত অহাযোৱা কৰে এইতো বাটেদি , কিছুমান মোৰ দৰে বজাৰ বা
খোজ কঢ়া বা দৌৰিবলৈ যোৱা । কিছুমান আকৌ অফিছৰ পৰা ঘৰলৈ উভতা মানুহ । এবিধ আকৌ ধনী ধনী মানুহৰ
পোহনীয়া কুকুৰবোৰ বাহিৰ ফুৰাবলৈ অনা মানুহ । কুকুৰবোৰক ৰাস্তাৰ কাষত , নৰ্দমাটোৰ দলঙৰ পাৰত , ৰখাই থোৱা গাড়ীবোৰৰ কাষত
নিত্য কৰ্ম কৰোৱাটো এওঁলোকৰ চাকৰি । মানুহক টানি লৈ ফুৰোৱা এই
পোহনীয়া কুকুৰকৈটাৰ বাহিৰেও , মালিক নোহোৱা এদল কুকুৰে এই সময়ত এই খিনি বাটত ভিৰ
কৰেহি । মুঠতে বিধে বিধে মানুহ , বিধে বিধে কুকুৰে এইটো সময়ত অঞ্চলটো মুখৰিত হৈ থাকে । প্ৰায়বোৰে , লাগিলে মানুহেই হওঁক অথবা
কুকুৰেই হওঁক , গতানুগতিক কামত ব্যস্ত থাকে । তাৰ মাজত একমাত্ৰ
অগতানুগতিক চৰিত্ৰ হ’ল আমাৰ নায়ক । পিন্ধনত এটা জোখতকৈ ডাঙৰ হাফ ছাৰ্ট ,ফৰ্মেল লংপেণ্ট , মুখত কেইবাদিনো নুখুৰুৱা
ডাড়ি । চাইকেল এখন চলাই আমাৰ নায়কে প্ৰায়েই এইটো সময়ত পদাৰ্পণ কৰেহি । চাইকেলৰ কেৰেয়াত
চাহবেপাৰীবোৰে লৈ ফুৰাৰ নিচিনা এটা ডাঙৰ বাচন আৰু এসোপামান বাতৰি
কাগজৰ ছিগা টুকুৰা । প্ৰথমতে মই মানুহকজনক চাহ বেপাৰী বুলিয়ে
ভাবিছিলো , কিন্তু পিছলৈ মোৰ ভুল ভাঙিল । তেওঁ অহাৰ লগে লগে মালিকবিহীন কুকুৰবোৰে চাইকেলখনৰ পিছ লয় । কোনোবা এটা সুবিধাজনক
স্থানত সি চাইকেখন ৰখায় , বাটৰ কুকুৰবোৰে আগুৰি ধৰে । সি প্ৰথমতে মাটিত বাতৰি
কাগজৰ টুকুৰাখন আটোম টোকাৰিকৈ পাৰি লয় । তাৰ পিছত তাৰ বাচনটোৰ পৰা এবাতি ভাতৰ নিচিনা দেখিবলৈ
খোৱা বস্তু উলিয়াই কাগজখনত ৰাখে আৰু চাইকেলখনত ভেজা দি গোটেই কুকুৰবোৰে
খোৱাবস্তুখিনি খোৱাটো উপভোগকৰে । অলপমান সময় থকাৰ পিছত আকৌ চাইকেলত উঠি পৰৱৰ্ত্তী
সুবিধাজনক ঠাইটোলৈ আগবাঢ়ে । সি গলিটো সোমোৱাৰ পৰা ওলাই যোৱালৈকে গোটেই বাটৰ
কুকুৰবোৰে নেজ নচুৱাই নচুৱাই তালৈচাইথকে । তাৰ অহা সময়ো প্ৰায় নিৰ্ধাৰিত , খুব বেছি পাচ-দহ মিনিটৰ
হেৰ-ফেৰ । সেই নিৰ্ধাৰিত সময়ছোৱাত এশ দুশ মিটাৰৰ মুৰে মুৰে আমাৰ
গলিটোৰ কুকুৰবোৰে জুম পাতি আশাৰে বাট চাই
থাকে। সেই সময়ত পাৰ হৈ যোৱা মানুহবোৰেও নিজে গম নোপোৱাকৈয়ে তাৰ আগমণটোক এক সাধাৰণ
ঘট্না বুলি ধৰি লৈছে, মইও লৈছো । কেতিয়াবা
তাক লগা ধৰি সুধিম বুলি ভাবো তাৰ কথাবোৰ, কিয় এনেকে বাটৰ অলাগী
কুকুৰক সদায় খাদ্য যোগান ধৰে , ইমান সময় সি ক’ত পায় ,দিনটো এনেকৈয়ে ঘুৰি
ফুৰেনে নে অকল সন্ধিয়াহে এই কামটো কৰে । সুধিবলৈমনাযায়তাৰ
উদ্দেশ্য , সি নিজেই কৰে নে কাৰোবাৰ কাৰণে কাম কৰে । কিবা এটা এলাহতই কথাটো
আজিলৈকে সোধা হোৱা নাই । সি যিদিনা নাহে , কুকুৰবোৰে জুম পাতি বৰ
আশাৰে ডাঙৰ ৰাস্তাটোৰ ফালে চাই ৰৈ থাকে । সেইদিনা পাৰ বজাৰলৈ গ’লে মোৰো কিবা খালি খালি
লাগে । এদিন এলাহ অতৰাই শুনিম তাৰ কাহিনী ।
No comments:
Post a Comment