-
আগৰ
খণ্ডত – পৰীক্ষা চলি থকাৰ মাজতে কোনোবাই পাহাৰত বিদেশীয়ে ঘৰ বনোৱাৰ খবৰ দিলে , হোষ্টেলৰ বিশ পচিশজনীয়া দল এটাই আগ
–পাছ নুগুণি বিদেশী খেদিবলৈ আগ বাঢ়িল । তাৰ পাছত ----
হকীষ্টিক , বেট আৰু ক্ৰিকেটৰ ষ্টাম্প ভাগত পোৱা কেইটা সন্মুখত , জেওৰা খুটি , এনেই পৰি থকা ৰ’ড
ভাগত পোৱা কেইটা মাজত আৰু একো ভাগত নোপোৱা কেইটা একেবাৰে শেষৰ পিনে গোট খাই আমি
পাহাৰৰ ওপৰত অবৈধ ভাৱে ঘৰ সজা বাংলাদেশী খেদা অপাৰেছনলৈ বুলি আগবাঢ়িলো । লিডাৰৰ ভুমিকাত থকা কেইটাৰ অঙ্গী-ভঙ্গীৰ পৰা
বুজা গ’ল আজি হয়
গুৱাহাটী , নহয় ৰঙামাটি । হোষ্টেলৰ গেট পাৰ হৈ পাহাৰৰ ফালে উঠালৈকে
ইতিমধ্যে প্ৰতিটো ব্লকৰ , প্ৰতিটো ছেমিষ্টাৰৰ পাচ-ছয় জন মানকৈ
প্ৰতিনিধি গোট খাইছিল । বিভিন্ন ধৰণৰ ৰং বিৰংৰ পিন্ধন , সৰু পায়াৰ ভৰিত যদি ফেঞ্চি বজাৰৰ
পৰা অৰিজিনেল বুলি ঠগ খাই কিনি অনা দুই নম্বৰী অডিডাছৰ জোতা , নন্দীৰ মুৰত আকৌ ৰঙা কপোৰ এখন । গোস্বামী আকৌ নিজৰ দেহৰ জোখতকৈ বেছি ডাঙৰ
গেঞ্জী এটা পিন্ধি , সোঁহাতে
চাধা মলি মলি নতুনকৈ হোষ্টেলত সোমোৱা, ডিষ্ট্ৰিক লেভেলত
বক্সিং খেলা, ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিদীপক কৈ গ’ল ,
“ অই বক্সিং
”
“হয় দাদা ”
“ এটামান বাংলাদেশীক নক আউত কৰিব পাৰিবিনে নাই ?”
“পাৰিম দাদা ”
“অ’ অ’ , পাৰিব লাগিব নহ’লে ,
নহ’লে ৰাতিলৈ তোক মই নক আউত কৰিম ”
গোস্বামীৰ চাধা মলি শেষ হৈ ওঠৰ তলত সোমাই দিয়ালৈকে
আগে আগে গৈ থকা কেইটা ইতিমধ্যে ঘটনাস্থলী পালেগৈয়েই । সৰু সৰু তৰ্জা বেৰৰ ঘৰ কেইটামান , বাঁহৰ জেওৰাৰে ঘৰৰ চৌহদ বেৰি থোৱা
আছে ।
“অ’ই , কোনটো ঘৰলৈ প্ৰথমে যাওঁ বে ? ” , কোনোবা
এটাই সুধিলে ।
উত্তৰ অহালৈ বাট নেচাই , এডিডাছৰ জোতা পিন্ধা সৰু পায়াই এগোৰতে জপনাখন ভাঙি এটা ঘৰৰ চৌহদলৈ সোমাই গ’ল , “ অই , কোন আছ ওলাই আহ ”
পায়াৰ বীৰত্ব প্ৰদৰ্শনলৈহে যেন চবেই বাট চাই আছিল । বেট , ষ্টাম্প , জেওৰাখুটি লোৱা কেইটাও লগে
লগে জেওৰা , জপনা আদিত কোবাই ওলাই আহ ওলাই আহ চিঞঁৰেৰে এক
হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল । ঘৰৰ ভিতৰৰ পৰা কোনো ওলাই অহা নাই । আমাৰ লীডাৰ কেইটাৰ চিঞৰৰ লাহে লাহে বাঢ়িল , জেওৰা , জপনা
আদিত কোবৰ পৰিমাণ বৃদ্ধি হ’ল যদিও সন্দেহযুক্ত বিদেশী নাগৰিক
এতিয়াও ওলাই অহা নাই । দোষী
ওলাই নহালৈকে আমাৰ লীডাৰ কেইটায়ো কোনো ডাঙৰ পদক্ষেপ লবলৈ সংকোচ কৰি আছে । কোনোবা এটাই ক’লে , “ এই
ঘৰটোত কোনো নাই যেন পাইছো , কাষৰ ঘৰটোত যাওঁ ব’ল । তাত
মানুহ আছে ”
“অ’ , তাত এখন লুঙীও মেলি থোৱা অছে । ”
লুঙী মেলি থোৱা ঘৰটোৰ পিনে সকলোৱে একেলগে চালে । সম্ভাৱ্য বিদেশী লুকাই থকা এইতোৱেই আটাইতকৈ
সুবিধাজনক ঠাই যেন অনুভৱ হ’ল । এটা
এটাকৈ বহুকেইটা ঘৰ চোতালত ভৰি দিলেগৈ । কেইটামান বাহিৰত পহৰা দিয়াৰ নিচিনাকৈ থিয় দি ৰ’ল । ইতিমধ্যে
কাষৰ-পাজৰ মানুহ কিছুমানেও কি হৈছেনো বুলি ভূমুকি মাৰিবলৈ ধৰিলে । দৰ্শকৰ আগমণত আমাৰ ওপৰত কিবা এটা কৰি
দেখুৱাৰ প্ৰেছাৰ বাঢ়িবলৈ আৰম্ভ কৰিলে । কেইটামানে আকৌ আগৰবাৰৰ দৰে ঘৰৰ মানুহক ওলাই আহিবলৈ হুকুম দিলে । আমি ঘৰৰ বন্ধ দৰ্জাখনলৈ চাই থাকিলো । ভিতৰত মানুহ থকাৰ কিবা এটা উমান পোৱা গ’ল । কিবা অলপ ফুছ ফুছ ফাছ ফাছৰ শব্দ শুনা গ’ল ।
কোনোবা এটাই আকৌ চমন জাৰি কৰিলে , “কোন আছ ওলাই আহ , নহ’লে আমি দৰ্জা ভাঙি দিম ।” দৰ্জা ভাঙিম বুলি কোৱাটোৱে কথাটোত জোৰ দিবলৈ হাতৰ লাঠিডালেৰে
খুটা এটাত দুবাৰ মান মাৰি দেখুৱালে । দৰ্জা ভঙাৰ সাহস আমাৰ আছিল নে নাই সন্দেহ আছিল যদিও , লাঠিৰ কোবে ঠিকেই কাম দিলে । ঘৰৰ ভিতৰৰ পৰা মতা – মাইকী আৰু ল’ৰা ছোৱালী এহাল হাতত কিবা কাগজ লৈ
ওলাই আহিল । কাগজ
মানে লেমিনেশ্বন কৰা মেট্ৰিকৰ এডমিট কাৰ্ড , পুৰণি প্লাষ্টিকত মেৰিয়াই থোৱা মাটিৰ নামজাৰিৰ কাগজ, উৱলি যোৱা ৰেছন কাৰ্ড আৰু কিবাকিবি এসোপামান কাগজ লৈ গৃহস্থৰ আমাৰ আগত কাকুতি মিনতি ,
“দাদাসকল , ছাৰসকল আমি ইয়াৰে মানুহ , বিদেশী নহয় । এবাৰ আমাৰ পেপাৰবিলাক চাই লওঁক ” ...
n
পেপাৰবিলাক
চোৱা হ’লনে , পেপাৰত কি ওলাল । এইবোৰত
লাগি থাকোতে পৰীক্ষাৰ কি হ’ল । শেষ
ভাগ আহা খ্ণ্ডত ....
No comments:
Post a Comment