n
এতিয়ালৈকে
আপোনালোকে পঢ়িলে , কেনেকৈ
আমি হোষ্টেলৰ ওপৰত অবৈধভাৱে ঘৰ সজা বাংলাদেশী
খেদিবলৈ গৈ হাতত এসোপামান পৰিচয়পত্ৰৰ লেখীয়া কাগজ লৈ ওলোৱা মালিকৰ সন্মুখীন হ’লো । এতিয়া
আগলৈ –
মাৰিম , কাটিম জাতীয় জাতীয়তাবাদৰ ভাৱেৰে যোৱাবোৰৰ বাবে কিবা এটা অপ্ৰত্যাশিত পৰিস্থিতিৰ
উদ্ভৱ হ’ল । আহিছিলো বিদেশী খেদিবলৈ , কিন্তু এতিয়াতো কথা বিপৰীত । মানুহকেইজন দেখাত বা কথা-বতৰাত বিদেশী যেন লগা নাই । কি কৰা যায় , ইমান
দূৰ আহিলো যেতিয়া এতিয়া এনেকৈ একো নোকোৱাকৈ ওলটি যাবলৈও বেয়া কথা হ’ল । ইফালে ওচৰ পাজৰৰ পৰা এটা দুটা মানুহেও ভূমুকি
মাৰিছে । পিছ্ফালে থকা আমাৰ কেইটামানে এবাৰ ভাবিছে হোষ্টেললৈ
ওভটি যাওঁ নেকি ? ভিতৰত থকা কেইটাৰ একেই অৱস্থা , কি কৰে এতিয়া ,
এৰিবও নোৱাৰি একো কৰিবও নোৱাৰি ।
কি কৰো কি নকৰো ভাবি থাকোতেই গোস্বামীয়ে মাত লগালে , “চাওঁ কাগজ লৈ আহ , এনেকুৱা ডুপ্লিকেট কাগজ আমি বহুত দেখিছো , মাটিৰ
কাগজ ক’ত , পি আৰ চি ক’ত ”
সকলোৰে মুখত অকনমান উশাহ আহিল , ই বেটাই কিবা এটা হেস্ত নেস্ত কৰিব । মানুহজনে কপা কপা হাতেৰে গোস্বামীলৈ কাগজবোৰ আগবঢ়ালে । গোস্বামীয়েও ইখনৰ পিছত সিখন কাগজ লুটিয়াই বগৰাই তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ ধৰিলে
। প্ৰায় পাচ মিনিটমান সময় মাটিৰ মণ্ডলে চোৱাৰ নিচিনাকৈ
চাই গোস্বামীয়ে আমাক পিছ হুহকিবলৈ ইঙ্গিত দিলে । বুজা গ’ল , আমাৰ অন্দোলনৰ বৃথা হ’ল ।
“কোনে খবৰ দিছিলে বে, তাৰ নাম নাজনো ” , বক্সিংৰ খঙ মুৰ ওপৰত উঠিলগৈ ।
সেমেনা সেমেনিকৈ পাহাৰৰ পৰা নামি আহি
আমি হোষ্টেলৰ বাৰাণ্ডাত একত্ৰিত হ’লো । প্ৰথম খবৰ দিয়া জনক বিচৰা হ’ল , কিন্তু কোনেও
সঠিককৈ ক’ব নোৱাৰিলে । প্ৰথমতে খঙ আৰু হতাশাভৰা আলোচনা হ’ল । এটাৰ পিছত এটা সমুহীয়া চিগাৰেট শেষ হ’ল । লাহে লাহে আলোচনাৰ বিষয়বস্তু , সচাকৈ বাংলাদেশী পোৱা হ’লে আজি কোনে কি বীৰত্ব প্ৰদৰ্শন
কৰিলেহেতেন তালৈ ৰুপান্তৰিত হ’ল ।
“মই আৰু আমাৰ দাদা দুজনে এবাৰ বাংলাদেশী এটাক পিটি ভৰি ভাঙি দিছিলো বে চৌকীডিং
থানাৰ সন্মুখত । পুলিছে আমাক ৰখাবলৈ সাহস নাই কৰা বে ” , দিনে দুটামানকৈ ভাল ফাণ্ডা নিদিলে ৰাতি
টোপনি নহা বুলি খ্যাত নবদাৰ এই কথাত কোনেও বিশ্বাস নকৰিলে যদিও আলোচনা এনেকৈয়ে চলি
থাকিল ।
“গোস্বামীয়ে , কাগজবোৰ ঠিকেই চালেনে বাৰু ,
আজিকালি আমাতকৈ সিহতৰ কাগজপাতি বেছি থাকে ।” গোস্বামীয়ে কাগজত কি পালে সুধিবলৈ চবেই গোস্বামীক বিচাৰিলো , কিন্তু তেতিয়াহে সকলোৰে লক্ষ্য হ’ল আমাক তাৰ পৰা গুচি আহিবলৈ কোৱা গোস্বামীৰ কোনো দেখা দেখি নাই ।
“অই পায়া , তই গোস্বামীৰ লগতে আহিছিলি নহয় ?
”
“নাই , মইতো আগতেই আহিলো তহতৰ লগত । গোস্বামী সকলোতকৈ লাষ্টত আহিছিল নেকি ?”
পায়াৰ প্ৰশবোধক চেহেৰাৰ উত্তৰটো দেখি আমাৰ মাজত আকৌ অলপ উটকণ্ঠাৰ সৃষ্টি হ’ল । তাক আকৌ মানুহবোৰে ধৰি ৰাখিলে নেকি , পুলিচত কেছ দিলে নেকি । আকৌ আগৰ দৰে মুহুৰ্ত্ততে সিদ্ধান্ত হ’ল , গোস্বামী উদ্ধাৰ অভিযানৰ । যি যেনেভাগেই আছিল তেনে ভাগেই ওলালো অহাবাটেৰে ।
এইবাৰ যেনিবা আমি পাহাৰ বগাব লগা নহ’ল ।
আদমান বাটতে , সিফালৰ পৰা নন্দী আৰু গোস্বামী আহি আছে
, দুহাতত দুটা কলা প্লাষ্টিকৰ মোনা মুখত উন্মুক্ত চিগাৰেটৰ ধোৱাঁ
আৰু এক বিজয়সুলভ হাহি ।
“ব’ল ব’ল ,
মেছত আজি পাৰ্টী আছে । মোৰ ফালৰ পৰা । ”
“ কিহৰ পাৰ্টী গোস্বামী দা
? ”
“ কিয় তহতক যে গুচি আহিবলৈ
কলো , তহতে আমি সোমোৱা প্ৰথম
ঘৰত হ’বলা ভালকৈ নেচালি । তাত যে কোনো মানুহ নাচিল , কিন্তু চোতালৰ এচুকৰ গড়াঁলটোত যে দুটা
ডাঙৰ ডাঙৰ লোকেল মুৰ্গী নেদেখিলি ? আমি ইমান সময় নষ্ট কৰি কিবা
লাভ নোহোৱাকৈ আহিম নেকি । ব’ল ব’ল, জল্দি ভাত খাই আজি হ’ল নাইট ফালিব লাগিব , কালি পৰীক্ষা আছে ”
গোস্বামীক আমি মনৰ পৰা বহুত আশীৰ্বাদ দি ৰাতিৰ চাৰপ্ৰাইজ
পাৰ্টীটো খালো ঠিকেই , কিন্তু
সেই অভিযানৰ পিছত আমাৰ বহুতৰে পিছ্দিনাৰ পৰীক্ষাত সেই মুৰ্গী মালিকৰ শাওঁ লাগিল । সদায় আহি থকা কমন প্ৰশ্ন নাহিল কাৰোবাৰ , কোনোবাৰ পুৰীয়া ধৰা পৰিল । পৰীক্ষাৰ
পিছতেই বহুতৰ বেক লগাটো প্ৰায় খাটাং হ’ল । মুঠতে
বাংলাদেশী খেদাৰ ভাল এটা অধ্যায়ৰ অন্ত হ’ল ।
বি:দ্ৰ: - পিছত শুনিছিলো , পিছ্দিনা মুৰ্গী মালিকে হোষ্টেলৰ ল’ৰাক একো ক’ব নোৱাৰি ৱাৰ্ডেনৰ পৰা দুটা মুৰ্গীৰ নামত পাচশ টকা আদায় কৰিছিল । ৱাৰ্ডেনেও সেই টকা নিজৰ পকেটৰ পৰা নিদি , আমাৰ পৰা তোলা ৱেলফেয়াৰ ফাণ্দৰ পৰাহে
কাটি দিছিল । সুতে মুলে লছ হ’ল এক মাত্ৰ আমাৰ লগৰ দামানীৰ ,
নিৰামিষভোজী বেচেৰাই মাংস নেখালে যদিও তাৰ ভাগৰ ৱেলফেয়াৰ ফাণ্ডৰ পৰাও
৬ ট্কা ২৫ পইচা কটা গ’ল ( ৫০০ টকা /৮০ জন ল’ৰাৰ ভাগত গাইপতি ৬ ট্কা ২৫ পইচা ) ।
No comments:
Post a Comment