মৰমৰ সুমন , হিমাংশু আৰু নাম পাহৰা ল’ৰাটো ,
মৰম ল’বি বুলি ক’বলৈতো আৰু একোৱেই বাকী নাই । কেনেকৈ মৰম দিম , কেনেকৈ পাবি ? তথাপি যদি তহতৰ আত্মাবোৰ ক’ৰবাত ভাঁহি ফুৰিছে মুক্তিৰ
অপেক্ষাত , তালৈকো
মোৰ মৰমবোৰ পঠিয়াই দিছো । কথাবোৰ
সময় থাকোতেই ক’ব পৰা হ’লে ভাল আছিল , তহতো গলিগৈ , ময়ো নাভাবিলো , এতিয়া মাথো শুন্যতা ।
কিমান সৰু আছিলি তহত , মোৰ ভাইটোৰ লগৰ নে
তাতকৈও সৰু আছিলি ? স্কুলৰ বাৰণ্ডাত শাৰী পাতি প্ৰাৰ্থনা আওৰোৱা তহতৰ এটা দুটাৰ
চেহেৰাবোৰ মোৰ অলপ অলপ মনত আছে । তহতো আমাৰ নিচিনাইতো আছিলি , একেখন স্কুল , একেবোৰ চাৰ বাইদেউ , একেবোৰ অংক , একেবোৰ পদ্য । কিহৰনো পাৰ্থক্য , মাথোন কাৰোবাৰ ভাগত
এচাৰিৰ দুটা কোব বেছি , কাৰোবাৰ ভাগত শ্ৰুতলিপিৰ দুটা নম্বৰ বেছি । সেই একেখন
বিশেষত্ববিহীন ঠাইত আমাৰ জন্ম , আমাৰ কৈশোৰ ।
তিনিটা ডাঙৰ পুখুৰী
, এখন
স্কুল , কেইজোপামান
ডাঙৰ আঁহতগছ , দুটা নামঘৰ , এটা পুথিভঁৰাল , দুখনমান কণ্ট্ৰ’লৰ চাউল চেনী পোৱা গেলামালৰ দোকান , গাওঁখনক দুভাগ কৰি অজগৰৰদৰে পৰি থকা ৰাষ্ট্ৰীয় ঘাইপথটো , এয়াই আমাৰ গাওঁ।
“জননী জন্মভূমি স্বৰ্গদপী গৰিয়সী ”, হেডছাৰে কিমান ধুনীয়াকৈ বুজাইছিল এইষাৰ কথাৰ অৰ্থ । অৰ্থবোৰ বুজি
পাইছিলো যদিও সেই সময়ত বৰকৈ পতিয়ন যোৱা নাছিলো । ভাল পাইছিলোনে সেই সময়ত এইখন
গাওঁক স্বৰ্গতকৈও বেছি ? সন্দেহ আছিল মোৰ নিজৰ মনত । তহতকো বুজাইছিল চাগে , পাইছিলিনে তহঁতে
বুজি ? আৰু
বুজি পাইছিলি যদি পতিয়ন গৈছিলিনে ?
তিনিশ, চাৰে তিনিশ
পৰিয়ালৰ গাওঁখন, এজনো ভাল গায়ক নাই , নায়ক নাই , কোনো বহুত ধনী মানুহ নাই , কোনো ডাক্তৰ নাই , ইঞ্জিনীয়াৰ নাই । এটা দুটা অফিচাৰ
থকা বুলি শুনিছিলো যদিও কেতিয়াও গাওঁত সিহঁতৰ ছা দেখা নাই । সিহতেও হয়তো মোৰ দৰে “স্বৰ্গদপী
গৰিয়সী”ত পতিয়ন যোৱা নাই । গাওঁখনত এজন ভাল খেলুৱৈ নাই , এজনো ভাল সাহিত্যিক – শিল্পী
নাই , চাবলগীয়া
ভাল বস্তু এটা নাই । ভাবিছিলো
এই এলেহুৱা , সহজ সৰল হোজা মানুহখিনিৰ মাজতনো কিহৰ স্বৰ্গ ।
মাজতে এবাৰ দুজনমান
খুৰাসম্বন্ধীয় ল’ৰা ওলাইছিল এটা ভলীবল টিম খুলি । সেই সময়ত এখন জিলাভিত্তিক ভলীবল টুৰ্ণামেণ্টো হৈছিল । তাৰেই অকণমান ভাল
ভাল খেলুৱৈ এজন খেলৰ সুবাদত প্ৰথমে ডিষ্ট্ৰিকৰ হৈ খেলিবলৈ সুবিধা পাইছিল আৰু পিছলৈ
গৈ স্পৰ্ট্ছ কোটাত কোনোবা ডিফেঞ্চ ছাৰ্ভিছ এটাত চাকৰি পাইছিল । সিওঁ গ’ল , লাহে লাহে খেল আৰু
খেলুৱৈৰ মানদণ্ড কমি আহিল । অভিনেতাও আছিল দুজনমান , পিছে মঞ্চত উঠি মঞ্চ কপোৱা
জাতীয় প্ৰতিভাৰ অভাৱ আছিল । দেউতাহতৰ বয়সৰ দুজন মানুহ , এজন কৰুণা আৰু আনজনৰ নাম
পাহৰিলো ।
প্ৰতিবছৰে
বহাগ বিহুৰ ভেশছন প্ৰতিযোগিতাত প্ৰথম
পুৰস্কাৰ লৈ যোৱা বহুৱা আছিল এই দুজন । হাঁহিৰ খোৰাক দিছিল ঠিকেই , কিন্তু বিহুৰ ভেশছনৰ বাহিৰে
সিহঁতৰ কোনো বিশেষ অভিনয় কৃতিত্ব নাছিল ।
বিহু বুলোতেই মনত
পৰিছে , গাওঁখনত
এটা ভাল বিহুৱা দল আছিল । ফাগুণৰ
শেষৰফালে গাওঁৰ পুথিভৰাঁলটোৰ মুধছত ওলোমাই থোৱা আঠ-দহটা ঢোল নমাইছিল সিহতে । চাইকেলত কেৰেয়া
বান্ধি নিতুল,পৰেশদাহঁতে ঢোলবোৰ নতুনকৈ ছোৱাই আনিছিল । তেতিয়া মনটো খুব ফুৰ্তি লাগিছিল
।
দুদিনমনৰ
ভিতৰতে সন্ধিয়া স্কুলত বিহুদলৰ প্ৰেকটিছ আৰম্ভ হৈছিল । তহতে পাইছিলিনে সেইবোৰ , পাইছিলি চাগে । বহুত সৰু আছিলি
বাবে তহতৰ মনত নাথাকিব পাৰে । বিহুৰ দলটোৱে দুমাহ গাওঁখন ৰজনজনাই গৈছিল । সেই দালটো সচাকৈয়ে
বৰ ভাল আছিল । মোৰ
মানত যদি গাওঁখনত সেই সময়ত কিবা গৌৰৱৰ বস্তু আছিল , সেই বিহু দলটোৱেই আছিল ।
কিন্তু এটা বিহুদলেই
জানো গাওঁখ্নক স্বৰ্গতকৈও গৰিয়সী কৰি তুলিব পাৰে । মোৰ মতে হেডচাৰৰ ব্যাখ্যাবোৰ
ভুল আছিল ।
তহতে
কথাবোৰ কেনেদৰে লৈছিলি নাজানো । ডাঙৰ হৈ গাওঁৰ পৰা উঠি আহি বেলেগ ঠাই ল’লো , চহৰ দেখিলো , নগৰ মহানগৰত থাকিলো
।
প্ৰথমতে
মাহেকে পষেকে , পিছলৈ পুজাই-পাৰ্বনে গাওঁখন দেখা হয় । লাহে লাহে বিহু দল ভাগিল , খেলা ল্’ৰাবোৰো নোহোৱা হ’ল। কিছুমান মানুহ ডাঙৰ
, কোনোবা
বেপাৰী হ’ল, কিছুমানে ঠিকা কৰি
দালান সাজিলে । চহৰৰ
ধামখুমীয়া আৰু একঘেয়ামী জীৱনৰ ব্যস্ততাত হঠাত গাওঁলৈ মনত পৰে । স্কুলৰ পদ্যবোৰ, বছৰেকীয়া বিহু দলৰ
হুছৰিবোৰ , ভেশছনত
ভাওঁ লোৱা কৰুণাহতৰ কথাবোৰ , ফিল্ডত বল লৈ টনা আজোৰা কৰা মানুহবোৰ , হেডছাৰৰ কথাবোৰ, তহতৰ কথাবোৰ ।
বিশেষত্ব নাথাকিলেও, মোনো ডাঙৰ বাব থকা
মানুহ নাথাকিলেও, গায়ক-অভিনেতা-শিল্পী নাথাকিলেও মানুহবোৰ বৰ সৰল আছিল । একেলগে মিলি এখন
বিহু সন্মিলন , মাঘত একেটা পুখুৰীতে মাছ ধৰা , গেলামালৰ দোকানত
দেউতাহতৰ আড্ডাৰ মাজত আমিও খেলি থকা , এই সকলোবোৰতো স্বৰ্গই আছিল । পিছলৈ গাওঁখনত বহুত নতুন বস্তু
হ’ল
।
পুখুৰীৰ
পাৰত ৰঙ্গমঞ্চ হ’ল , পুখুৰীৰ
মাছ লৈ কাজিয়া হ’ল ,মুৰ
ফলা-ফলি কাজিয়া হ’ল , পুলিছ
আহি থকা হ’ল
, ক’ৰ্ট-কাছাৰীৰ মামলা
হ’ল
, একেখন
বিহুতলীত দুখনকৈ অৰিয়া-অৰি বিহু সন্মিলন হ’ল ।
নামঘৰো
ভাগি দুভাগ হ’ল , পুখিভৰালতো
জহি খহি গ’ল
।
মুঠৰ
ওপৰত এক বিৰক্তিকৰ পৰিৱেশ ।
এবাৰ মাজতে গাওলৈ যাওঁতে দেখিলো
মদৰ আড্ডা ।
কওঁতাও
কোনো নাই , শুনোতাও
কোনো নাই ।
সিহতৰ
বিকট চিঞঁৰত ঘৰৰ ভিতৰৰ পৰাই আইতাহতে কৈ থাকিল , “খগেনটো পগলা হ’ল ” । আগতে চাহ, পকৰী-ঘূগূণী পোৱা
গুমটিখনত মদৰ পেকেট বিকা হ’ল ।
কবলৈ
কোনোৱেই যেন নাথাকিল । দেউতাহতৰ
বয়সৰ মানুহবোৰে নিজৰ সন্মানত লাগে বুলিয়েই পাগল সবৰ লাগত মুখ লাগি নোলোৱাই ভাল
বুলি ঘৰতে সোমাই থাকিল । কোনোবাইতো
মাত দিব লাগিছিল , কোনো নাছিলনে ? নে শিক্ষিতবোৰ সব পুথি সামৰি গান্ধীৰ তিনি বান্দৰৰ মুৰ্তি
হৈ থাকিল ।
মই
গৈছিলো কেবাবাৰো , ভাবিছিলো কিবা এটা কম , কিন্তু একেই বাধা । “বোপাই , মুখ লাগি ন’লবি । কালিয়েই মাৰ পিট
হৈছে ইহতৰ ।”
থাকিলো
পিছ-হুহকি ।
তিনিবছৰমানৰ পিছত
আৰু ভয়াবহ অৱস্থা ,। বিহুতলীত
বহাগৰ প্ৰথম দিনাই দুফালে দুটা মাইক লৈ ফুল ভলিউমত যেন যুদ্ধহে । বোলো কি পাবি
জিকিলে, গাওঁখনৰ
তহতৰ ভাগটো স্বৰ্গ হ’ব নে আমাৰ ভাগটো ?
সন্ধিয়া
একেই ৰঙ্গমঞ্চৰ আৰত এন্ধাৰত এজাক নিচাখোৰ । সৰুতে ভাবিছিলো কিনো মোৰ এই গাওঁখন , এদিনো বাতৰি কাগজৰ
এটা চুকতো নাম নাই । এইবাৰ
গাওঁলৈ যাওঁতে গম পালো , পেপাৰত গাওঁৰ খবৰ এটা ওলাইছে. “ড্ৰাগছৰ ফলত কিশোৰৰ মৃত্যু ”। সুমন, সেয়াতো পেপাৰত
তোৰেই নাম আছিল ! ক’ত পালি সেই বৰবিষ, কিয় , কিহৰ তাড়নাত তাৰ
চিকাৰ হ’লি
? কিশোৰ
, এতিয়া
মনত পৰিছে মই পাহৰি থকা আনটো ল’ৰাৰ নাম । আমাৰ
ঘৰৰ কেইঘৰ মান দূৰত আছিল সিহতৰ ঘৰ । ভলীবল খেলি চাকৰি পোৱাজন তোৰ মামা নাছিলনে কিশোৰ ? বিছনাৰ তলত
ইঞ্জেকছনৰ পেকেটবোৰ লুকুৱাই কলৈ গলি তই । আন এদিন পেপাৰত হিমাংশুৰ নাম পালো । আবকাৰী বিষয়াই
অতৰ্কিতে অভিযান চলাই হিমাংশুৰ লগতে ছয়্জনমানক ড্ৰাগছ লৈ থকা অৱস্থাত হাতেলোতে কৰায়ত্ত
কৰিছে ।
গাওঁখনৰ নাম এতিয়া প্ৰায়েই
ওলাইছে পেপাৰত । কিনো
গৌৰৱৰ কথাটো হৈছে, কিনো বিশেষত্ব হৈছে । তহতক লগ পাবলৈ , এবাৰ কথা পাতিবলৈ থাকি গ’ল । হয়তো স্বৰ্গ নহ’লেও , পৃথিৱীৰ এখন
সহজ-সৰল গাওঁ হিচাপে ধৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰিলো হয় । এতিয়াতো বহুত দেৰি হ’ল । কোনে চেষ্টা চলাব , ডাঙৰ প্ৰশ্ন ।
ইতি ,
হিৰণ্য ডেকা
বি:দ্ৰ: - গুৱাহাটীৰ পৰা প্ৰায় সত্তৰ কিলমিটাৰ দুৰৰ এখন
গাওঁৰ এইবোৰ কিছুমান সচা ঘটনাৰ ওপৰত আধাৰিত কথা । নামবোৰ অলপ ইফাল সিফাল হ’ব পাৰে , কিন্তু ঘটনাবোৰৰ
ভয়াবহতা সমানেই গুৰুতৰ । অসমখন
ড্ৰাগছৰ কবলত দ্বিতীয়খন পঞ্জাৱহোৱাৰ পিনে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে , আমি মন দিয়া উচিত ।