Wednesday, May 29, 2013

হেৰি , নালাগে দিয়ক !!!

       নতুন চহৰ নতুন কথা । নতুনকৈ আহিছো যেতিয়া নতুন নতুন নিয়মো বান্ধি লব লগা হৈছে । তাৰে মাজত এটা নিয়ম হ'ল ঘৰলৈ ওভতি আহোতে সদায় পাৰিলে একেখন ফুট ব্ৰীজেৰে খোজকাঢ়ি অহাটো । প্ৰায় সাতশ মিটাৰ মান এই নিয়মীয়া  যাত্ৰা । সাতশ মিটাৰ "মান" বুলি কোৱাৰ কথাতো হ'ল মই কেতিয়াও জুখি মাখি চোৱা নাই , খোজ কাঢ়ি আহোতে প্ৰায় সাত মিনিট লাগে । সেয়ে সাতশ মিটাৰমান হ'ব বুলি অনুমান । বাৰু  এতিয়া আহো আচল কথালৈ । এইযে সাত মিনিটমান খোজ কাঢ়ো , এইখিনি হ'ল কিবা ডাঙৰ মানুহৰ নিচিনা লগা এটা সময় । যিহেতু ফুট ব্ৰীজৰ ওপৰেৰে আহো , বহুত মানুহ , বহুত জুপুৰী ঘৰ, তিনিটা মান ৰাস্তা , সৰু বৰ বহুত গাড়ীৰ ওপৰেদি আহো । ওপৰৰ পৰা চব দেখি থাকি , সৰু সৰু দেখি বাবে নিজকে কিবা ডাঙৰ ডাঙৰ লাগে । তাৰ মাজতে এটুকুৰা বৰ্গাকৃতিৰ মুকলি ঠাই আছে , দীঘলে প্ৰায় ডেৰশ ফুট , বহলে এশ ত্ৰিশ ফুট মান হ'ব লাগে । মই জুখি চোৱা নাই , অনুমান । প্ৰায়ে তাত সৰু ল'ৰা কেইটামানে খেলি থাকে , এটা ছানাৱালা আৰু দুখনমান অট্' থাকে । যোৱাকালিও আছিল , তাৰ আগৰদিনাও আছিল আৰু হয়তো মই মোৰ এই নিয়মীয়া যাত্ৰা আৰম্ভ কৰাৰ বহু আগৰ পৰা তেনেকৈযে আছে ।  আজিহে কিবা ব্যতিক্ৰম হ 'ল । সেইখিনি ঠাই পাৰ হওতে দেখিলো , তলত বৰ উমাগম । কালিও যিটুকুৰা বৰ্গাকৃতিৰ ঠাই মুকলি আছিল আজি তাত ৰঙা নীলা কাপোৰেৰে মেৰিয়াই দুটা ৰুমৰ নিচিনা সজাইছে , ওপৰত কোনো চালিৰ নিছিনা বস্তু নাই । তাৰে এটা কোঠাত দুখন ৰজা দিনীয়া চকী অকণমান ওখ ঠাই এটুকুৰাত ৰাখিছে , আৰু তাৰ সন্মুখত প্ৰায় পঞ্চাসখন মান চকী ৰজাদিনীয়া চকী দুখনলৈ মুখ কৰি শাৰী পাতি থৈছে । ইটো কোঠাত দুখন মেজত ডাঙৰ টৌ কিছুমানত কিবাকিবি ঢাকি থৈছে । বগা ছোলা-ক'লা পেণ্ট পিন্ধা তিনিজনমান মানুহে টৌ কেইটা ৰখীয়া হৈ আছে । আয়োজন দেখি অনুমান কৰিব পাৰি কাৰোবাৰ বিয়া । কাইলৈ য'ত একো নাছিল আজি তাত এখন বিয়া চলিছে । ভাবি আচৰিত লাগিল যদিও আমোদো লাগিল । পটককৈ মনটো  গাওঁলৈ উৰা মাৰিল । আইতাহতৰ  গাওঁৰ বিয়াবোৰলৈ ।
      গাওঁৰ বিয়াবোৰ বৰ উদুলি মুদুলি । আজিকালিহে সকলো কাম টেণ্ট হাইছৰ মানুহে কৰে , আগতে বিয়াৰ ৰভা দিবলৈ মানুহ প্ৰায় সাতদিনমান আগৰে পৰা আহে । তাতেও কিমান যে স্পেশিয়েলিষ্ট থাকে - ৰাজেনৰ ঘৰৰ বাঁহ কেইডালহে ৰভা দিবলৈ ভাল , ৰভাৰ টিং আনিবলৈ পদ্ম ঠিকাদাৰৰ ল'ৰাটোক বৰ তেল মাৰিব লাগে , আৰু ফুলেন কাইটিয়েহে শুভবিবাহ লিখা গেটখন বনাব পাৰিব । ফুলেন কাইটিৰ আকৌ নিয়ম্, গেটখন সি আকৌ বিয়াৰ আগদিনা ৰাতিহে বনাব , গোটেই ৰাতি তাক চাহ যোগান দি থকাতো বিয়াঘৰীয়াৰ দায়িত্ব । কিমান যে দিমাণ্ড । তাতোকৈ ডাঙৰ স্পেশিয়েলিষ্ট দৰকাৰ হয়    বিয়াৰ ভোজৰ বাবে । গাওঁৰ বিয়াৰ ৰভা  যিমানেই জকমকীয়া হওঁক , নাম ৰাখিব ভোজেহে । গতিকে মতা হওঁক কাষৰ গাওঁৰ কলাই দাইক । উস কিযে সোৱাদ - বুটৰ দাইলত কাঠআলুৰ টুকুৰা , ৰৌ মাছৰ জোল খনৰ জুতিটো , আৰু কিবা এটাযে জলকীয়াৰে বনায় ।  জলকীয়াৰ ব্যঞ্জন খনৰ সোৱাদতকৈ নামটোহে বেছি আমোদ্জনক , যিহেতু জলকীয়াৰে তৈয়াৰী গতিকে কেতিয়াবা তাৰ নাম বীৰাপ্পান , কেতিয়াবা লাডেন , কেতিয়াবা নগা আচাৰ ইত্যাদি ইত্যাদি । আজিকালি বা কি নাম চলি আছে । ৰান্ধনী যেনেকৈ স্পেশিয়েলিষ্ট  , তেনেকৈ বিলনীও স্পেশিয়েলিষ্ট লাগিব । যেনে চন্দ্ৰ বৰতা - মিঠাই টিংতো ক্'ত আছে , মাছ সকলোৱে পাবনে নাপায় , সৰু ল্'ৰা কেইটা বাৰে বাৰে খবলৈ বহা নাইতো , কইনাৰ মাকে কিবা খালেনে নাই -কিমানযে মেনেজ কৰিব লাগে । তাতে আকৌ পানী দি থকা ছোৱালীকেই জনী বাৰে বাৰে ফুচফুচীয়া মেলত বহে । সকলোতকৈ অমোদজনক চৰিত্ৰ হ'ল আমাৰ হলিকাই । অলপ জিভাখন দীঘল , গতিকে  বিয়া সবাহত তেওঁৰ আগভাগ লোৱা মাত্ৰাটোও বেছি । তিনিদিনমান আগৰ পৰাই বিয়াঘৰীয়ৰ ৰভাৰখুটাত ডিজাইন দিয়া, বজাৰৰ পৰা অনা চাউলৰ বস্তাটো তোলা , তেলৰ ভাৰৰ মাছ কিনা ইত্যাদি ইত্যাদি তেওঁহে কৰে । কৰে মানে কৰে যিমান তাতকৈ চাহ আৰু চিৰা দৈ খাব তিনিগুণ । তেওঁৰ এটা বৰ হাঁহিউঠা নিয়ম আছে , সদায় বিয়াঘৰৰ ভোজত বহিব একেবাৰে আৰম্ভণিৰ ঠাইটোত আৰু কাষত বহাব নিজৰ চিনাকী কোনোবা লাজকুৰীয়া মানুহ এজনক । বিলনীয়াই যদি হলিকাইৰ পিনৰ পৰা বিলাবলৈ আৰম্ভ কৰে তেওঁৰ পাতখন ভালদৰেই ভৰাই দিয়ে । যেতিয়া এবাৰ মানুহবোৰৰ পাত উদং হয় তেতিয়া হলিকাইক চাবলৈ ভাল হয় ।'হেৰা ভাইটি , এবাৰ মাছটো ঘুৰাই দিবাহে।' যদিহে বিলনীজনে অন্য দিশেৰে আৰম্ভ কৰে তেতিয়া কাষৰ মানুহ্জনক দেখাই ক্''হেৰা ভাইটি , এওঁক অকণমান দাইল দিয়াহে , বৰ লাজ কৰিছে ।' মাজতে আকৌ কইনাৰ বাপেক ওলাই কয়হি ,' হলিকাই , একো নাখলেই দেখোন , ঘৰৰ বিয়াত নাখালে কেনেকে হ্'ব্। হেৰা ভাইটি , আৰু এটা মিঠাই দিয়াহে ''হেৰা ভাইটি' বোলাজন একেজন মানুহ হয় তেতিয়া ভাইটিৰ মেজাজটো অলপ গৰম হয়েই । ভাইটিয়ে ক্',"লওক্" , হলিকায়ে ক্'ব "নালাগে দিয়ক"। 'নালাগে দিয়ক'ৰ অৰ্থ বুজাইহে বুজে, নালাগে কিন্তু দিলে লম জাতীয় অৰ্থ । 
       এনেকুৱা কিমানযে হলিকাই আছে আমাৰ গাঁওৰ বিয়াবোৰ ৰসাল কৰি তুলিবলৈ ।ভাবিবলৈ বাধ্য হ'লো , এইযে বৰ্গাকৃতিৰ বিয়াখন , তাতো বাৰু এনেকুৱা মানুহ ওলাবনে । কোনাবাই ক'বনে ,"হেৰি , নালাগে দিয়ক"  !!!!

Tuesday, May 28, 2013

অচিনাকী পেহাৰ কথাবোৰ

…          সেইদিনা অফিছৰ পৰা আহি থাকোতে ঘটনাতো ঘটিল । প্ৰায় বিলাক মানুহৰে অৱস্থা তথৈবচ , হোৱাৰো কথা । দিনৰ দিনটো কাম কৰি কৰি ঘৰলৈ ওভতাৰ কথা । গেলা গৰমৰ অসহ্যকৰ ভাৱটো আৰু  দিনটোৰ কামৰ কৰাৰ পিছত জন্ম হোৱা অশান্তিকৰ পৰিৱেশটোত সকলোৰে তথৈবচ হ'বই । তাতে কোনে বা কিমান গালি খাই আহিছে আৰু ঘৰত গৈ কিমানখিনি গালি খাব লগা আছে তাৰোতো কোনো ঠিকনা নাই । এইবোৰৰ মাজত লোকেল ট্ৰেইনৰ ষ্টিলৰ ওলোমাই থোৱা হেণ্ডেলডালত ধৰি ওভতি আছো । কোনোবাই প্ৰথম নতুন চহৰলৈ আহোতে কৈছিল , বোলো লোকেল ট্ৰেইনত যাবলৈ হ্'লে কিন্তু সাৱধান দেই । মোবাইল ফোন , মণিবেগ , আৰু  তোমাৰ পকেটত যিমানবোৰ হাবি যাবি সোমাই পকেটতো ওফন্দাই ৰাখিছে সে ইবোৰ বেগত ভৰাবা আৰু বেগতো মাকে কেচুৱা লোৱাৰ দৰে বুকুত ওলমাই লবা । ভাবিছিলো কিবা ৰহস্য নিশ্চয় আছে । পিছে ৰহস্যৰ আতি-গুৰি নাভাবি তাকে ই গুৰুবাক্য মানি ময়ো প্ৰ্ৰায় আধা খালী ট্ৰেইনখনত কেচুৱা সদৃশ মোৰ বেগটো সাৱটি আহি আছো । তেতিয়াই সেই ঘটনাতো ঘটিল ।
        নাই নাই , বেগতোৰ একো নাই হোৱা । মোৰো একো নাই হোৱা । সন্মুখত বহি থকা তিনিজনীয়া পৰিয়াল এটালৈহে মোৰ চকু গ্'ল । মানুহ্জন প্ৰায় মোৰ পেহাৰ বয়সৰ । আচলতে পেহাৰ বয়সৰ মানে, তেওঁক যদি আপোনাৰ আগত থিয় কৰাই দিও আৰু কওঁ এও মোৰ পেহা , আপুনি নমস্কাৰ দিয়াটো খাটাং। এই জাতিটোৰ বযসিয়াল মানুহ্বোৰ কিবা দেখাত অসমীয়াৰ দূৰ-সম্পৰ্কীয় যেনহে পাওঁ । তেনেকৈ পেহাৰ লগত পেহী এজনীও আৰু তেওঁলোকৰ জীয়েক । পেহী আমাৰ অসমীয়া পেহীৰ নিছিনা নহলেও , জিয়েকজনী ঠিক পেহাৰ ছোৱালীৰ নিচিনাই । হয়্তো মেট্ৰিক দিছে, বা তেনেকুৱা ধৰণৰ কিবা পৰীক্ষা এটা । এতিয়া আহো ঘটনাতোলৈ । পেহাই পেহীজনীক কিবা এটা বিষয়ত খুব কথা কৈ আহিছে । পেহীয়ে প্ৰায় পাচটা মান সংলাপৰ পিছত সৰুকৈ হা জাতীয় কিবা এটা কৈছে , মুৰতো লৰাইছে । জীয়েকে ঠুতৰিত হাত দি মাথো শুনি গৈছে । আকৌ পেহাৰ দহটামান সংলাপ , পেহীৰ সৰু হা জাতীয় কিবা এটা । এনেকৈ এটা ষ্টেশন পাৰ হ'ল । মই       ইমান মন দিয়া নাছিলো , কিন্তু যেতিয়া একেদৰে চলি থাকিল , আৰু মোৰ হাততো বিশেষ একো টাইম পাছ জাতীয় কাম নাচিল , মই ডুব গলো কল্পনাৰ সাগৰত । কল্পনা কৰিব ধৰিলো তেওঁলোকে কি আলোচনা কৰিব পাৰেনো ? যিহেতু কথা বতৰা একো বুজা নাইয়েই , নিজৰ ধৰণেই প্লট ভাবিবো ললো ।
        প্ৰথম প্লট , হয়্তো জীয়েকে মেট্ৰিক দিলে, অহা মাহত ৰিজাল্টো দিব । সমস্যা হল জীয়েকে ঘৰৰ কাষৰ হায়াৰ ছেকেণ্ডাৰী খনত পঢ়িব নে মোমায়েকৰ তাত থাকি কলেজত পঢ়িব । পেহীৰ মতে ঘৰতে থাকি পঢ়্ক , পেহাই যুক্তি দি আছে কলেজত পঢ়িলে কিমান সুবিধা হ'ব ।যিহেতু দিনৰ ভাগত পেহীয়ে নিজৰ মত শুনাইছেই, এতিয়া পেহাৰ পাল , কিমান যুক্তিৰে নিজৰ ইচ্ছাটোক পেহীত ইচ্ছাতোতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিব পাৰে । জীয়েকে কি কব আৰু , তাইৰ নিজৰতো কোনো ভাল লগা বেয়া লগা নাই , লগৰ কেইজনীয়ে কত বা এডমিছন লয় তাকো ঠিক হোৱা নাই । একেলগে পঢ়িব পালে ভাল আছিল । ইহঁত নহলেও যদি চায়ন্সৰ টিউচনত লগ পোৱা ল'ৰাটো , তাইৰ লগত যে সকলোৱে জোকায় , তাৰ লগত পঢ়িব পালেও বেয়া নালাগিব ।
     দ্বিতীয় প্লট , পেহীৰ ককায়েকৰ ছোৱালীজনীৰ বিয়াত কি প্ৰেজেণ্ট দিব তাৰে আলোচনা । পেহীয়ে আচলতে কি দিম পছন্দ কৰিছেই, ভি আই পিৰ ডাঙৰ চুটকেছ এটা আৰু কেচাপাটৰ ছেট এযোৰ । হয়ো হয় , ডাঙৰ ককায়েকৰ একমাত্ৰ ছোৱলী , ইমানখিনি নিদিলে বাৰু পাৰিনে । ভি আই পিতো বাৰু পছন্দ হ্'ল , পেহাৰ বাজেটতো মিলিল । পিছে কেচা পাটৰ কথাটোহে ইমান প্ছন্দ নহল পেহাৰ । ভি আই পিতো দিলেই হয় , আকৌ কিহৰ কেচা পাট লাগেহে ? কাপোৰৰ দোকান্ত সোমাল যদিও , ইহঁতে বৰ ঠগে, আৰু দুখনমানত চাই ল'ম , শুৱালকুচী বস্ত্ৰালয়ত এবাৰ যাম কাইলে ইত্যাদি ইত্যাদি কৈ পেহীক লৈ আহিল । এতিয়া যুক্তি দি আছে - আজিকালিনো আচল পাটৰ কাপোৰ ক'ত পায় , অফিচৰ বৰুৱাদাক পাট বুলি বেনাৰসৰ কাপোৰ দি কেনেকে ঠগিলে , আজিকালি ভি আই পি দিলেও চলে । জিয়েকে একৈ মুদ্ৰাত ঠুতৰিত হাত দি ভাবিছে কাইলে শুৱালকুচী বস্ত্ৰালয় গলে ময়ো এযোৰ পাটৰ ছেট চাই আহিম কিন্তু ...

     তৃতীয় প্লট , পেহাই কৈছে টাউনৰ কাষৰ মাটিডোখৰ এতিয়াই নিকিনিলে পিছত পোৱা নাযাব । ইফালে নতুনকৈ ওৱাৰ্ড নম্বৰো হ'ব , তেতিয়া লাইট , পানীৰ একো চিন্তা নাই । আৰু টাউনখনোতো দিনে দিনে বাঢ়ি গৈ আছে ।কি ঠিক দুবছৰ মান পিচত টেলেঙাচুক টাউনতে পৰে বা । পেহীয়ে ইমান ভাল পোৱা নাই , ঘৰত দুজনীকৈ জীয়েক , আজি এৰি কাইলে উলিয়াই দিব লাগিব , ইমান টকা ভাঙি মাটিতুকুৰত কোন থকিব । ইফালে জীয়েকে ভাবিছে , আমাৰ নতুন ঘৰ হ্'লে ইমান ধুনীয়াকৈ সজাই ৰখিম নহয় , একেবাৰে ৰেণুবাহঁতৰ  ঘৰটোৰ নিচিনাকৈ ৰাখিম । ইমান যে ভাল হ্'ব ।
   চতুৰ্থ প্লটতো ভাবিব লওতে ঘুৰি চাই দেখো পেহা সপৰিয়ালে আগৰ কোনোবা এটা ষ্টেশনতে নামি ৰল । মইহে আলোচনাৰ আচল কথাবোৰ বুজিব নোৱাৰিলো । একে কেচুৱাৰ দৰে বেগটো বুকুত সাৱটি আহি থাকিলো ।