Saturday, August 26, 2017

কমিচনাৰ পেহী - ১

নিৰ্মলা পেহী তেতিয়া খুবকৈ আমাৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছে । আমি সৰু , স্কুলত পঢ়ো , ক্লাছ ছিক্স মানত চাগে । মানুহজনী আমাৰ একো সম্বন্ধত নেলাগে , কিন্তু তেওঁ মাক বৌ বুলি মাতে, দেউতাক কাকা বুলি মাতে । অকল আমাৰ মা-দেউতাকে নহয় , তেওঁলোকৰ সমবয়সীয়া প্ৰায়বোৰ মানুহকে তেওঁ কাকা-বৌ বুলি মাতে । সেইসূত্ৰে আমাৰ নিৰ্মলা পেহী । অভাৱে কোঙা কৰা পেহীৰ স্বাস্থ্য দেখিইলেই বুজিব পাৰি যে এসাজ খাই আনসাজলৈ চিন্তা কৰিবলগীয়া অৱস্থা পেহীৰ । আগতে মাজে মাজে বিয়া-সকাম আদিত পেহী আহে , আন আন দূৰ সম্পৰ্কীয় মানুহৰ নিচিনাকৈ । কিন্তু আজি কেইদিনমানৰ পৰা পেহীৰ খুব আহ-যাহ , আমিনো আৰু কি পাত্তা পাওঁ । পেহী আহে , মাৰ লগত কথা পাতে , চাহ তামোল খায় ।  প্ৰথমতে পেহী খালী হাতে আহে ।  আজি কেইদিনমানৰ পৰা আকৌ এটা ডাঙৰ ভেনিটি বেগ লৈ আহে । গাওঁৰ মানুহ বাৰু গাওঁৰ মানুহৰ ঘৰলৈ ফুৰিবলৈ আহোতে ভেনিটি বেগ লৈ আহেনে  ? আমাৰ খুব হাঁহি উঠে ।

পেহীৰ আন কিছুমান কথা আৰু হাঁহি উঠা । পেহীৰ ইমান শিক্ষা-দীক্ষা নাছিল ।  আমাৰ ঠাইখিনিত তেতিয়া দুখনেই ভাল হাইস্কুল আছিল । এখন বয়জ হায়াৰ ছেকেণ্ডাৰী আৰু আনখন গাৰ্লছ হাইস্কুল , দুয়োখন স্কুলেই চৰকাৰী । ক্লাছ ফাইভত ছিট পাবলৈ তেতিয়াৰ  দিনত এন্ট্ৰেঞ্চ পৰীক্ষা দিব লাগিছিল ।  চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ল'ৰা-ছোৱালীবোৰক ঘৰলৈ ফুৰিবলৈ অহা সকলো মানুহেই ভয় খুৱাইছিল , ভালকে পঢ় , ছিট পৰীক্ষা পাছ কৰিব লাগিব কিন্তু ।  ক্লাছ ফাইভত পঢ়ি থকাবোৰক মানুহে সুধিছিল , ছিট পালানে ? ল'ৰা হ'লে "বয়জ" ত পঢ়ানে , ছোৱালী হ'লে "গাৰ্লছ"ত পঢ়ানে বুলি সোধাতো আমাৰ দিনত নিত্য নৈমিত্তিক কথা আছিল । ছিট পৰীক্ষা পাছ কৰি বয়জ বা গৰ্লছত পঢ়াতোৱেই যেন জীৱনৰ লক্ষ্য আছিল সেই সময়ত । সকলোৱে সোধাৰ দৰে পেহীয়েও সুধিছিল । কিন্তু পেহীয়ে বয়জ আৰু গাৰ্লছ মানে কি আচলতে নাজানিছিল । কেতিয়াবা যদি ভণ্টিক , "মাজনী তুমি বয়জ" ত পঢ়ানে বুলি সুধিছিল  , কেতিয়াবা মোক তুমি গাৰ্লছত ছিট পালানে বুলি সুধিছিল । নতুনকৈ ইংৰাজী শিকিবলৈ আৰম্ভ কৰা আমাৰ বাবে পেহীৰ এই বয়জ / গাৰ্লছৰ পাৰ্থক্য নজনাটোৱেই আমাৰ বাবে বৰ হাঁহিৰ খোৰাক আছিল।

নতুনকৈ ভেনিটি বেগলৈ ফুৰিবলৈ অহা পেহীৰ চাল চলন লাহে লাহে আৰু সলনি হ'ল । পেহী আহে , ভেনিটি বেগটো খুলি কিবা কিবি ক্ৰীম ,পাউদাৰ ,  লোচন জাতীয় বস্তু এসোপা দেখুৱায় । মাহঁতৰ দৰে মানুহবিলাকক এইটো ক্ৰীমৰ গুণ কি , সেইটো পাউদাৰেৰে বাচন ধুলে কি অকণমান পাউদাৰেৰে কেনেকৈ গোটেই বাচনবোৰ চাফা কৰিব পাৰি আদি বুজাই থাকে । দেউতাক পালে "কাকা , এইটো কলগেটেৰে দাত ঘহিলে দাতৰ বিষ কমে আৰু পোক নহয় "।  তেতিয়াতো আমাৰ কাৰণে সকলো টুথপেষ্টেই কলগেট , সকলো ডিটাৰজেণ্ট পাউদাৰেই চাৰ্ফ । দেউতাইও পোকে খোৱা দাতটোত হাত দি ভাবে , এৰাটো এইটো কলগেট লব পাৰিলে বেয়া নহয় ।  এই কলগেট , চাৰ্ফ , বাচন ধোৱা পাউদাৰ আদিয়ে লাহে লাহে পেহীৰ ভেনিটি বেগৰ পৰা ওলাই আমাৰ ঘৰৰ পাকঘৰৰ , আমাৰ চুবুৰীৰ বেলেগৰ ঘৰৰ বাথৰুমৰ সদস্য হ'ল ।  পেহীয়ে এইবোৰ যিমান বিকে , কোম্পানীৰ পিনৰ পৰাও সমানেই কমিছন পায় । ক'ত কেনেকৈ আৰু কোনে পেহীক এই কোম্পানীৰ এজেণ্ট বনালে নাজানো , কিন্তু লাহে লাহে পেহী এজনী পাকৈত ছেল্ছ পাৰ্ছন হৈ উঠিল । পেহীৰ বস্তুৰ বিক্ৰী বাঢ়িল , পেহীৰ কমিছনো বাঢ়িল ।  এতিয়া পেহীয়ে আন দুগৰাকী মানকো তেওঁৰ তলতীয়া এজেণ্ট হিচাপে ৰাখে । গাওঁৰ সেই কেংমৰা , অভাৱত জুৰুলা , নিশকতীয়া পেহীৰ লাহে লাহে স্বাস্থ্যও ভাল হৈ আহিল ।

 গাওঁৰ মানুহৰ আশীৰ্বাদত  পেহীৰ খালী স্বাস্থ্যই সলনি নহ'ল ।  নিৰ্মলা পেহীৰ নামটো সলনি কৰি গাওঁৰ ডেকাবোৰে  কমিছনাৰ পেহী থলে ।  এগৰাকী পাকৈত ছেলছ পাৰ্ছন হৈ উঠা পেহীয়ে ইমানো বেয়া নাপালে । হাজৰ হওঁক সেইটোও এটা ফ্ৰী এডভাৰ্টাইজমেণ্ট । 

Thursday, March 30, 2017

ৰস ৰচনা


মাই ডিয়েৰ জ্যোতিপ্ৰছাদ ,

            নমস্কাৰ দেই !  ভালে আছেনে ?  বহুদিন আপোনাৰ একো আপডেট পোৱা নাই । ফেচবুকত সোমোৱা নাই নেকি আপুনি । কিযে আউটডেটেদ মানুহ নহয় আপুনি , ফেচবুক একাউণ্ট নাই , মোবাইলত হোৱাট্ছআপ নাই । এনেকৈ মানুহ থাকে নেকি ? কেনেকৈযে জীয়াই আছে আপুনিহে জানে দেই । ইমান আউট্ডেটেদ হৈ থাকিলে আপোনাক মানুহে দেখোন পাহৰিয়েই যাব ।
  
 আজিকালি আৰু আগৰদিন নাই নহয় । মোৰে ভাৰতৰে চিৰ সুন্দৰ সংস্কৃতি গানটো গাই আপুনি যদি ফেচবুক লাইভ এটা নিদিয়ে , কোনেনো ক'ব সেইয়া চিৰ সুন্দৰ সংস্কৃতি বুলি । ফেচবুক লাইভত যদি আপোনাৰ মিনিমাম এশটা লাইক , পঞ্চাছটামান লভ আৰু দহটামান শ্বেয়াৰ নাথাকে , এইটো গীত কেনেকৈ বাৰু সংস্কৃতিৰ পাৰ্ট হ'ব পাৰে । আপুনি যে আগতে কৈছিল লুইতৰ পানী যাবি অ' বৈ  , এনেকৈ কেনেকৈ বৈ যাব । বাৰু বৈ গ'লেই যেনিবা , ইনস্তাগ্ৰামত পানী বৈ যোৱা ফটো এখন নিদিলে , মানুহে কেনেকৈ গম পাব । আৰু মানুহে যদি ফটো নেদেখে , লাইক নকৰে, শ্বেয়াৰ নকৰে , লুইতৰ পানী বৈ যোৱা কি , নমামী ব্ৰহ্মপুত্ৰ গালেও লাভ নাই  ।  

কিছুমান কথা আপুনি ভুলকৈ গাই থৈ গ'ল যেন লাগিছে , ড'ণ্ট মাইণ্ড দেই । মোৰে জীৱনৰে সখা কৃষ্ণ ! এতিয়া মানুহৰ সখা কৃষ্ণ হ'ব পাৰে নেকি ? এতিয়াৰ সখা কৃষ্ণ হৈছে স্মাৰ্টফোন আৰু 4জি নেটৱৰ্ক । আপুনিনো কি বুজিব , আপুনিযে আউটডেটেড মানুহ । আজিকালি কৃষ্ণ তৃষ্ণ সখি নেকি , মোবাইল আৰু ইণ্টাৰনেটতোহে নিজৰ পৰিয়ালৰ মানুহৰ নিচিনা । বাকী কোনেও নুখুৱাই , মোবাইলেহে খুৱাব । আপুনিযে একো নাজানেদেই । 

আৰু অপোনাৰ জুনিয়ৰযে , ৰাভা , তেওঁ আৰু এখোপ চৰা। তেওঁ বোলে বাৰাণসীগৈ তাণ্ডৱ নৃত্য নাচি সকলোকে অবাক কৰি দিছিল । পিছে লাভ নাই । কেনেকুৱা মানুহ চাওঁকচোন , ইমান দূৰ যোৱা মানুহ এজনে অন্তত প্ৰত্যেকটো স্টপেজতে এটাকৈ আপডেট নিদিলেও , তাণ্ডৱ নৃত্যটো লাইভ দিব লাগিছিল । কম ছে কম চেল্ফী এটাটো দিব লাগিছিল । কিযে হ'ব । আপোনালোকে আছামখন আউটডেটেদ কৰি দিলে দেই । 

এটা কথা কওঁকচোন , "তই কৰিব লাগিব অগ্নিস্নান , সাজু সাজু হ নৱজোৱান " বুলি গান গালেই নৱজোৱান সাজু হ'ব নেকি ? কিযে এক্সপেক্ট কৰে নহয় আপুনি । এটা হোৱাট্ছআপ  গ্ৰুপত মেছেজ ফৰৱাৰ্ড কৰা নাই , এটাও পোষ্ট কৰা নাই , এটাও ইভেণ্ট ক্ৰিয়েট কৰা নাই , নৱজোৱান ক'ৰ পৰা সাজু হ'ব বাৰু ।  আপুনি ইমান গান ৰচিলে, সুৰ দিলে , আগৰ দিনত বুলি চলি গ'ল আৰু । অপোনাৰ লাক ভাল আছিল । এতিয়াৰ দিনত "অ আমাৰ গাওঁ"  অবুলি চিঞঁৰি চিঞঁৰি গালেও লাভ নাই । আপুনি যদি গানটো গাই টিভিৰ প্ৰাইমটাইমত বিতৰ্কৰ সৃষ্টি কৰিব নোৱাৰে, তেন্তে আপুনি পাছ পৰি থাকিব । বিতৰ্কৰ নিচিনা এটা আৰ্ট নজনাকৈ আপুনিযে কেনেকৈ চলি আছে ক'ব নোৱাৰে দেই ।

এতিয়াও বাৰু বৰ দেৰি হোৱা নাই মাই ডিয়েৰ জ্যোতিপ্ৰছাদ , সোনকালে এটা স্মাৰ্টফোন লওঁক , ৰাভাকো এটা কিনি ল'বলৈ কওঁক । ফ্ৰী 4জি ছিম এখন লৈ আৰম্ভ কৰক আকৌ বিপ্লৱ , তেতিয়াহে যদি কিবা আলপ উন্নতি কৰিব পাৰে আমাৰ আছামৰ ।

বাৰু আজিলৈ আহো, হোৱাট্ছআপত পিঙ কৰিব বুলি আশা থাকিল ।

বাই বাই ।

ইতি ,
খাটি অছমীয়া 




Tuesday, March 28, 2017

আবতৰীয়া চিঠি


মৰমৰ সুমন , হিমাংশু আৰু নাম পাহৰা লৰাটো ,

      মৰম লবি বুলি কবলৈতো আৰু একোৱেই বাকী নাই কেনেকৈ মৰম দিম , কেনেকৈ পাবি ? তথাপি যদি তহতৰ আত্মাবোৰ কৰবাত ভাঁহি ফুৰিছে মুক্তিৰ অপেক্ষাত , তালৈকো মোৰ মৰমবোৰ পঠিয়াই দিছো কথাবোৰ সময় থাকোতেই কব পৰা হলে ভাল আছিল , তহতো গলিগৈ , ময়ো নাভাবিলো , এতিয়া মাথো শুন্যতা
            কিমান সৰু আছিলি তহত , মোৰ ভাইটোৰ লগৰ নে তাতকৈও সৰু আছিলি ? স্কুলৰ বাৰণ্ডাত শাৰী পাতি প্ৰাৰ্থনা আওৰোৱা তহতৰ এটা দুটাৰ চেহেৰাবোৰ মোৰ অলপ অলপ মনত আছে তহতো আমাৰ নিচিনাইতো আছিলি , একেখন স্কুল , একেবোৰ চাৰ বাইদেউ , একেবোৰ অংক , একেবোৰ পদ্য কিহৰনো পাৰ্থক্য , মাথোন কাৰোবাৰ ভাগত এচাৰিৰ দুটা কোব বেছি , কাৰোবাৰ ভাগত শ্ৰুতলিপিৰ দুটা নম্বৰ বেছি সেই একেখন বিশেষত্ববিহীন ঠাইত আমাৰ জন্ম , আমাৰ কৈশোৰ
            তিনিটা ডাঙৰ পুখুৰী , এখন স্কুল , কেইজোপামান ডাঙৰ আঁহতগছ , দুটা নামঘৰ , এটা পুথিভঁৰাল , দুখনমান কণ্ট্ৰলৰ চাউল চেনী পোৱা গেলামালৰ দোকান , গাওঁখনক দুভাগ কৰি অজগৰৰদৰে পৰি থকা ৰাষ্ট্ৰীয় ঘাইপথটো , এয়াই আমাৰ গাওঁ। “জননী জন্মভূমি স্বৰ্গদপী গৰিয়সী ”, হেডছাৰে কিমান ধুনীয়াকৈ বুজাইছিল এইষাৰ কথাৰ অৰ্থ অৰ্থবোৰ বুজি পাইছিলো যদিও সেই সময়ত বৰকৈ পতিয়ন যোৱা নাছিলো ভাল পাইছিলোনে সেই সময়ত এইখন গাওঁক স্বৰ্গতকৈও বেছি ? সন্দেহ আছিল মোৰ নিজৰ মনত তহতকো বুজাইছিল চাগে , পাইছিলিনে তহঁতে বুজি ? আৰু বুজি পাইছিলি যদি পতিয়ন গৈছিলিনে ?
            তিনিশ, চাৰে তিনিশ পৰিয়ালৰ গাওঁখন, এজনো ভাল গায়ক নাই , নায়ক নাই , কোনো বহুত ধনী মানুহ নাই , কোনো ডাক্তৰ নাই , ইঞ্জিনীয়াৰ নাই এটা দুটা অফিচাৰ থকা বুলি শুনিছিলো যদিও কেতিয়াও গাওঁত সিহঁতৰ ছা দেখা নাই সিহতেও হয়তো মোৰ দৰে “স্বৰ্গদপী গৰিয়সী”ত পতিয়ন যোৱা নাই গাওঁখনত এজন ভাল খেলুৱৈ নাই , এজনো ভাল সাহিত্যিক – শিল্পী নাই , চাবলগীয়া ভাল বস্তু এটা নাই ভাবিছিলো এই এলেহুৱা , সহজ সৰল হোজা মানুহখিনিৰ মাজতনো কিহৰ স্বৰ্গ
            মাজতে এবাৰ দুজনমান খুৰাসম্বন্ধীয় লৰা ওলাইছিল এটা ভলীবল টিম খুলি সেই সময়ত এখন জিলাভিত্তিক ভলীবল টুৰ্ণামেণ্টো হৈছিল তাৰেই অকণমান ভাল ভাল খেলুৱৈ এজন খেলৰ সুবাদত প্ৰথমে ডিষ্ট্ৰিকৰ হৈ খেলিবলৈ সুবিধা পাইছিল আৰু পিছলৈ গৈ স্পৰ্ট্ছ কোটাত কোনোবা ডিফেঞ্চ ছাৰ্ভিছ এটাত চাকৰি পাইছিল সিওঁ গ, লাহে লাহে খেল আৰু খেলুৱৈৰ মানদণ্ড কমি আহিল অভিনেতাও আছিল দুজনমান , পিছে মঞ্চত উঠি মঞ্চ কপোৱা জাতীয় প্ৰতিভাৰ অভাৱ আছিল দেউতাহতৰ বয়সৰ দুজন মানুহ , এজন কৰুণা আৰু আনজনৰ নাম পাহৰিলো প্ৰতিবছৰে বহাগ বিহুৰ ভেশছন প্ৰতিযোগিতাত  প্ৰথম পুৰস্কাৰ লৈ যোৱা বহুৱা আছিল এই দুজন হাঁহিৰ খোৰাক দিছিল ঠিকেই , কিন্তু বিহুৰ ভেশছনৰ বাহিৰে সিহঁতৰ কোনো বিশেষ অভিনয় কৃতিত্ব নাছিল
            বিহু বুলোতেই মনত পৰিছে , গাওঁখনত এটা ভাল বিহুৱা দল আছিল ফাগুণৰ শেষৰফালে গাওঁৰ পুথিভৰাঁলটোৰ মুধছত ওলোমাই থোৱা আঠ-দহটা ঢোল নমাইছিল সিহতে চাইকেলত কেৰেয়া বান্ধি নিতুল,পৰেশদাহঁতে ঢোলবোৰ নতুনকৈ ছোৱাই আনিছিল তেতিয়া মনটো খুব ফুৰ্তি লাগিছিল দুদিনমনৰ ভিতৰতে সন্ধিয়া স্কুলত বিহুদলৰ প্ৰেকটিছ আৰম্ভ হৈছিল তহতে পাইছিলিনে সেইবোৰ , পাইছিলি চাগে বহুত সৰু আছিলি বাবে তহতৰ মনত নাথাকিব পাৰে বিহুৰ দলটোৱে দুমাহ গাওঁখন ৰজনজনাই গৈছিল সেই দালটো সচাকৈয়ে বৰ ভাল আছিল মোৰ মানত যদি গাওঁখনত সেই সময়ত কিবা গৌৰৱৰ বস্তু আছিল , সেই বিহু দলটোৱেই আছিল
            কিন্তু এটা বিহুদলেই জানো গাওঁখ্নক স্বৰ্গতকৈও গৰিয়সী কৰি তুলিব পাৰে মোৰ মতে হেডচাৰৰ ব্যাখ্যাবোৰ ভুল আছিল তহতে কথাবোৰ কেনেদৰে লৈছিলি নাজানো ডাঙৰ হৈ গাওঁৰ পৰা উঠি আহি বেলেগ ঠাই ললো , চহৰ দেখিলো , নগৰ মহানগৰত থাকিলো প্ৰথমতে মাহেকে পষেকে , পিছলৈ পুজাই-পাৰ্বনে গাওঁখন দেখা হয় লাহে লাহে বিহু দল ভাগিল , খেলা ল্ৰাবোৰো নোহোৱা হকিছুমান মানুহ ডাঙৰ , কোনোবা বেপাৰী হ, কিছুমানে ঠিকা কৰি দালান সাজিলে চহৰৰ ধামখুমীয়া আৰু একঘেয়ামী জীৱনৰ ব্যস্ততাত হঠাত গাওঁলৈ মনত পৰে স্কুলৰ পদ্যবোৰ, বছৰেকীয়া বিহু দলৰ হুছৰিবোৰ , ভেশছনত ভাওঁ লোৱা কৰুণাহতৰ কথাবোৰ , ফিল্ডত বল লৈ টনা আজোৰা কৰা মানুহবোৰ , হেডছাৰৰ কথাবোৰ, তহতৰ কথাবোৰ
            বিশেষত্ব নাথাকিলেও, মোনো ডাঙৰ বাব থকা মানুহ নাথাকিলেও, গায়ক-অভিনেতা-শিল্পী নাথাকিলেও মানুহবোৰ বৰ সৰল আছিল একেলগে মিলি এখন বিহু সন্মিলন , মাঘত একেটা পুখুৰীতে মাছ ধৰা , গেলামালৰ দোকানত দেউতাহতৰ আড্ডাৰ মাজত আমিও খেলি থকা , এই সকলোবোৰতো স্বৰ্গই আছিল পিছলৈ গাওঁখনত বহুত নতুন বস্তু হপুখুৰীৰ পাৰত ৰঙ্গমঞ্চ হ, পুখুৰীৰ মাছ লৈ কাজিয়া হ,মুৰ ফলা-ফলি কাজিয়া হ, পুলিছ আহি থকা হ, ৰ্ট-কাছাৰীৰ মামলা হ, একেখন বিহুতলীত দুখনকৈ অৰিয়া-অৰি বিহু সন্মিলন হনামঘৰো ভাগি দুভাগ হ, পুখিভৰালতো জহি খহি গমুঠৰ ওপৰত এক বিৰক্তিকৰ পৰিৱেশ
এবাৰ মাজতে গাওলৈ যাওঁতে দেখিলো মদৰ আড্ডা কওঁতাও কোনো নাই , শুনোতাও কোনো নাই সিহতৰ বিকট চিঞঁৰত ঘৰৰ ভিতৰৰ পৰাই আইতাহতে কৈ থাকিল , “খগেনটো পগলা হআগতে চাহ, পকৰী-ঘূগূণী পোৱা গুমটিখনত মদৰ পেকেট বিকা হকবলৈ কোনোৱেই যেন নাথাকিল দেউতাহতৰ বয়সৰ মানুহবোৰে নিজৰ সন্মানত লাগে বুলিয়েই পাগল সবৰ লাগত মুখ লাগি নোলোৱাই ভাল বুলি ঘৰতে সোমাই থাকিল কোনোবাইতো মাত দিব লাগিছিল , কোনো নাছিলনে ? নে শিক্ষিতবোৰ সব পুথি সামৰি গান্ধীৰ তিনি বান্দৰৰ মুৰ্তি হৈ থাকিল মই গৈছিলো কেবাবাৰো , ভাবিছিলো কিবা এটা কম , কিন্তু একেই বাধা । “বোপাই , মুখ লাগি নলবি কালিয়েই মাৰ পিট হৈছে ইহতৰ ।” থাকিলো পিছ-হুহকি
            তিনিবছৰমানৰ পিছত আৰু ভয়াবহ অৱস্থা ,বিহুতলীত বহাগৰ প্ৰথম দিনাই দুফালে দুটা মাইক লৈ ফুল ভলিউমত যেন যুদ্ধহে বোলো কি পাবি জিকিলে, গাওঁখনৰ তহতৰ ভাগটো স্বৰ্গ হব নে আমাৰ ভাগটো ?
            সন্ধিয়া একেই ৰঙ্গমঞ্চৰ আৰত এন্ধাৰত এজাক নিচাখোৰ সৰুতে ভাবিছিলো কিনো মোৰ এই গাওঁখন , এদিনো বাতৰি কাগজৰ এটা চুকতো নাম নাই এইবাৰ গাওঁলৈ যাওঁতে গম পালো , পেপাৰত গাওঁৰ খবৰ এটা ওলাইছে. “ড্ৰাগছৰ ফলত কিশোৰৰ মৃত্যু ”সুমন, সেয়াতো পেপাৰত তোৰেই নাম আছিল ! ত পালি সেই বৰবিষ, কিয় , কিহৰ তাড়নাত তাৰ চিকাৰ হলি ? কিশোৰ , এতিয়া মনত পৰিছে মই পাহৰি থকা আনটো লৰাৰ নাম আমাৰ ঘৰৰ কেইঘৰ মান দূৰত আছিল সিহতৰ ঘৰ ভলীবল খেলি চাকৰি পোৱাজন তোৰ মামা নাছিলনে কিশোৰ ? বিছনাৰ তলত ইঞ্জেকছনৰ পেকেটবোৰ লুকুৱাই কলৈ গলি তই আন এদিন পেপাৰত হিমাংশুৰ নাম পালো আবকাৰী বিষয়াই অতৰ্কিতে অভিযান চলাই হিমাংশুৰ লগতে ছয়্জনমানক ড্ৰাগছ লৈ থকা অৱস্থাত হাতেলোতে কৰায়ত্ত কৰিছে
গাওঁখনৰ নাম এতিয়া প্ৰায়েই ওলাইছে পেপাৰত কিনো গৌৰৱৰ কথাটো হৈছে, কিনো বিশেষত্ব হৈছে তহতক লগ পাবলৈ , এবাৰ কথা পাতিবলৈ থাকি গহয়তো স্বৰ্গ নহলেও , পৃথিৱীৰ এখন সহজ-সৰল গাওঁ হিচাপে ধৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰিলো হয় এতিয়াতো বহুত দেৰি হকোনে চেষ্টা চলাব , ডাঙৰ প্ৰশ্ন
ইতি ,
হিৰণ্য ডেকা




বি:দ্ৰ: - গুৱাহাটীৰ পৰা প্ৰায় সত্তৰ কিলমিটাৰ দুৰৰ এখন গাওঁৰ এইবোৰ কিছুমান সচা ঘটনাৰ ওপৰত আধাৰিত কথা নামবোৰ অলপ ইফাল সিফাল হব পাৰে , কিন্তু ঘটনাবোৰৰ ভয়াবহতা সমানেই গুৰুতৰ অসমখন ড্ৰাগছৰ কবলত দ্বিতীয়খন পঞ্জাৱহোৱাৰ পিনে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে , আমি মন দিয়া উচিত । 

নাট


যোৱা চাৰিদিনমানৰ পৰা গাওঁখনত এক উখলমাখল পৰিৱেশৰ সৃষ্টি হৈছে , বৰ কথাও | গাওঁখনলৈ প্ৰথম থিয়েটাৰ আহিছে | থিয়েটাৰ কমিটিৰ মানুহসোপাই এটা বেটাৰীত চলা মাইক আৰু এখন ৰিক্সা ভাড়ালৈ লৈছে , আবেলি বলৈ নেপাওতেই নিজৰ স্বভাৱসুলভ ভঙ্গীমাৰে প্ৰায় একেটা কথাকেই কৈ গৈছে | “ শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ, আজি সন্ধিয়া ঠিক সাত বজাৰ লগে লগে ৰংমন থিয়েটাৰৰ মঞ্চত আপোনালোকে উপভোগ কৰিবলৈ পাব অসমৰ চুকে কোণে ভ্ৰাম্যমান জগতত আলোড়ণৰ সৃষ্টিকাৰী , স্বনামধন্য নাট্যকাৰ অমুক সিং ৰচিত , তমুক দত্ত পৰিচালিত শিহৰণকাৰী নাট “গডজিলা” এই নাটখনিক মঞ্চলৈ আগবঢ়াই আনিব এখনি আটকধুনীয়া গীতি নৃত্য-নাটিকা ...মুঠতে থিয়েটাৰখনে অসমৰ চুকে কোণে আলোড়ণৰ সৃষ্টি কৰিব পাৰিছেনে নাই নাজানিলেও গাওঁখনৰ চুকে কোণেযে আলোড়্ণৰ সৃষ্টি বাৰুকৈয়ে কৰিছে সেইটো খাতাং আবেলিৰ পৰা সাজ নভগালৈ এই একেখিনিকে ইমানবাৰ চিঞঁৰি আছে যে মাইকলগোৱা ৰিক্সাখন চলোৱা ভঙুৱা কানাইকো যদি মাইকটো হাতত দিয়া হয় সিয়ো খোকোজা নলগাকৈ এই কামটো কৰিব পৰাকৈ ওস্তাদ হৈ উঠিছে | 
            
          বিপুলে আজি পঢ়া ঠাইটো সলনি কৰি ৰাস্তাৰ পিনে মুখ কৰি থকা খিৰিকীখনৰ মুখতে এখন চকী পাৰি লৈছে চকীখনৰ ওপৰত তাৰ সমাজ অধ্যয়নৰ কিতাপখন মেলি থৈছে হয় , কিন্তু কিমান অধ্যয়ন কৰিছে সেইটো তাৰ বাহিৰে ঘৰখনৰ বাকী সকলোৱে বুজিছে সি যিমানেই মাক , বায়েকহঁতক দেখুৱাই চিঞঁৰি চিঞঁৰি পঢ়াৰ ভাওঁ দিছে মাকহঁতৰ সিমানেই মুখ টিপি টিপি হহাঁৰ ৰোল উঠিছে কানাইৰ মাইক টনা ৰিক্সাখন সিহতৰ চুবুৰীত সোমোৱাৰ লগে লগে বিপুল বহি থকা মুঢ়াটোৰ পৰা উঠি খিৰিকীৰ ৰডকেইডালত খামোছ মাৰি ধৰি পঢ়ি থকা দফাটোকে আকৌ উৰাই ঘুৰাই মাতিছে । “সেইয়া আৰম্ভ হবই এতিয়া , দেউতাটোযে কত থাকিল । ” সি এবাৰ মাকক সুধিম বুলি ভাবিলে , পিছে মাকৰ ধমক খোৱাৰ ভয়ত মনে মনে থাকিল এনেয়ো মাকে তাক আগতেই কৈ থৈছে , পঢ়া-শুনা কৰা লৰাই ৰাতি পঢ়া সময় নষ্ট কৰি নাটক চালে কেনকৈ হ। “কিন্তু আমাৰ লগৰ যে সবেই যাব, বিতোপন , সৌৰভ , বাবলু ৰাতো বাদেই দিয়া ছোৱালীবিলাকো যাব মা তুমি একোয়ে নাজানা , গডজিলাখন যে কিমান ভাল হৈছে আৰু মই ৰাতি পঢ়াখিনি দিনতেই পঢ়ি থম নহয় ।” তাৰ পিছতে মাক আৰু তাৰ বন্দোবস্ত , সি সন্ধিয়া পাচবজালৈ পঢ়িব লাগিব আৰু দেউতাক অফিচৰ পৰা আহি যদি তাক লৈ যায় তেতিয়া যাব পাৰিব বিপুলে ঘড়ীটো চালে, এতিয়াও পোন্ধৰ মিনিট বাকী আছে ৰাস্তাৰে গৈ থকা কানাই ৰিক্সাখন চুবুৰীটো পাৰ হ, পিছে পিছে তাৰ সমনীয়া কেইটামান নাচি বাগি পাৰ হৈ গ

পাচবজাৰ ঘণ্টাতো পৰাৰ লগে লগে তাৰ সমাজ অধ্যয়্নৰ অধ্যয়ণ সামৰি পদূলি মুৰ পালেগৈ নাই দেউতাকৰ দেখা দেখি নাই আনদিনাখন ইমান পৰতে দেউতাক আহি পায়হি , আজিহে ইমান দেৰি হব পায়নে বাৰু প্ৰায় বিশমিনিটমান অধীৰ অপেক্ষাৰ অন্তত দেউতাকৰ অহাৰ উমান পোৱা গদূৰত দেউতাকৰ স্কুটাৰৰ শব্দতো তাৰ বৰ মিঠা লাগিল দেউতাকে স্কুটাৰ সামৰি , গা পা ধুই অটাই মানে , বিপুল তেল টেঙা সানি ৰেডী তাৰ পিছত দেউতাকক তেল মৰাৰ নামত পানী এগিলাচ আনি দিয়া , মুৰ পিটিকি দিয়া আদি কামবোৰ সি স্বয়ংক্ৰিয় ভাবেই কৰি থাকিল মুৰ পিতিকি থাকোতে তাৰ মনত বাৰে বাৰে দিনত স্কুলৰ দেৱালত লগাই যোৱা গডজিলাৰ ছবিখনেই ভাহি থাকিল । “আস কিমান যে মজা লাগিব” ।

আৰু কেইটিমান মুহূৰ্ত্তপিছতেই আৰম্ভ হব বুলি সন্ধিয়া ছয়বজাৰ পৰা চিঞঁৰি থকা নাটক খন অৱশেষত নমান বজাত আৰম্ভ হবিপুল ভালকৈ চাম বুলি ডিঙি মেলি গডজিলা ওলোৱালৈ ৰৈ থাকিল কিবা এসোপা গীত-মাত হ, নৃত্য হ, লাইটৰ বাহদুৰি হ, গডজিলা নোলায় হে নোলায় এসময়ত নৃত্য-নাটিকা শেষ হমঞ্চত বহুত বিল্ডিং ওলাল , মানুহ ওলাল , গাড়ী ওলাল মিউজিকৰ মানুহবোৰে ওলোৱা শব্দবোৰ লাহে লাহে অলপ ভয়ানক হৈ আহিছে এপাকত মঞ্চত বিজুলী মাৰিছে , মিউজিকত বজ্ৰপাত আৰু ধুমুহা বতাহৰ শব্দ বিপুলৰ লাহে লাহে ভয় লাগিছে, চাৰিওপিনে অন্ধকাৰ , মাজে মাজে বিজুলী গাজনিৰ পোহৰ গডজিলা ওলাবই এতিয়া

এবাৰ দেউতাকৰ পিনে চালে সি, নাই কোনো সাৰ সুৰ নাই দেউতাকৰ সোঁহাতখনত খামুচি ধৰি ইখন হাতেৰে চুক দুটা মুদি বিপুলে মঞ্চত হাহাকাৰ কৰি থকা প্ৰাণীটোলৈ চালে কিমান ভয়লগা তাৰ মুখখন , ইমান ডাঙৰ জন্তু এইটো গডজিলা ওলাল , কেইখনমান গাড়ী ভাঙিলে , কেইটামান মানুহক মুখেৰে কামুৰি দলিয়াই দিলে , আৰু এটা বিকট চিঞঁৰ মাৰি মঞ্চত লাইটৰ বাহাদুৰিত সৃষ্টি কৰা সাগৰৰ খনৰ বুকুলৈ সোমাই গবিপুলে এইকেইটা দৃশ্য চাবই নোৱাৰিলে , এপাকত ভাবিলে দেউতাকক কৈ ঘৰলৈ যাও নেকি ? নাই নাই লগৰ বোৰে গম পালে কি হব বাৰু , তাক যে ভয়পদুৰা বুলি জোকাবলৈ নেৰে তাৰ লগৰবোৰৰ কোনোবা ওচৰে পাজৰে আছে নেকি , থকিলে তাক এখন হাতেৰে চকুমুদি থকা দেখিলে নেকি ? বিপুলে এন্ধাৰতে ইফালে সিফালে চালে, নাই একো মনিব নোৱাৰি। দেউতাকক জগাই মনে মনে গুচি যাম বুলি দেউতাকক সি হেচুকি চালে ইফালে কাহিনীত কি চলিছে , কোনে কি কৰিছে তাৰ খবৰ নাই চকুদুটা মুদি দুহাতেৰে কাণদুখন ঢাকি বিপুলে নাটকখন শেষ হোৱালৈ বাট চাই থাকিল