Sunday, May 17, 2015

জাল

জাল

ৰাতিপুৱা সাগৰত মই জাল মেলো ,
তাৰ এন্ধাৰ বক্ষৰ পৰা মই তুলি আনো
আচহুৱা বৰণৰ আৰু আচহুৱা সৌন্দৰ্যৰ বস্তুবোৰ -
কোনোবোৰ হাঁহিটোৰ দৰে জিলিকা ,
কোনোবোৰ চকুলোৰ দৰে তিৰবিৰোৱা ,
কোনোবোৰ নকইনাৰ দুগালৰদৰে গুলপীয়া  !


দিনটোৰ বোজাবোৰ কঢ়িয়াই যেতিয়া ঘৰলৈ ওভতো ,
মোৰ চেনেহীয়ে ফুলনিত অলসভাৱে
ফুল এপাহ চিঙি বহি থাকে !
ক্ষন্তেক মই থমকি ৰওঁ ,
তাইৰ দুভৰিত মোৰ বোজাটো খুলি দি নীৰৱে ৰওঁ

তাই চকু ফুৰাই  হুমুনিয়াহ কাঢ়ি কয় ,
“ এই আচহুৱা বস্তুবোৰ মোৰনো কি কামৰ ? ”
মই লাজত তলমুৰ  কৰি ভাবো ,
“ এৰা , মইতো এইবোৰৰ বাবে যুজাঁ নাই ,
বজাৰত ৰূপ দি কিনা নাই ;
এয়াতো চেনেহীৰ যোগ্য নহ্য় ! ”


গোটেই ৰাতি মই উজাগৰে
এটা এটা বস্তু আলিবাটলৈ দলিয়াওঁ !
ৰাতিপুৱাই মোৰ পদূলিলে অচিনা নাবিকবোৰ আহে ,
এটা এটাকৈ আচহুৱা বস্তুবোৰ সিহঁতে  
দূৰণিৰ দেশলৈ কঢ়িয়াই লৈ যায় !


ৰাতিপুৱা সাগৰত মই পুনৰ জাল মেলো ...



                                                                                                       -- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ The Gardener  আলমত