Thursday, June 25, 2015

খোপোৰা কাগজবোৰ কেনেকৈ হেৰাল

          মোৰ ককাদেউতাই কোনোবা চৰকাৰী অফিচ এটাত গাড়ী চলাইছিল । ডেকাকালত বহুত ডাঙৰ ডাঙৰ চাহাবৰ লগত অফিছৰ কামত যোৱা, 'ত ছিকাৰ কৰিবলৈ চাহাবক লৈ যাওঁতে গাড়ীৰ হেডলাইট বেয়া হৈ হাবিৰ মাজত গোটেই ৰাতি গাড়ীত বহি থকা, এবাৰ মিজোৰামৰ লুংলেই নামৰ ঠাইলৈ যাওঁতে আগৰ গাড়ীখনত থকা বন্ধুজন পাহাৰৰ পৰা লুটি খাই পৰি চিন মোকাম নোহোৱা হোৱা , অফিছত গাড়ী হৈ চাইকেল লৈ আহি থাকোতে কেনেকৈ ভূতে পালে ইত্যাদি ইত্যাদি কাহিনীবোৰ আমাক শুনোৱা আমাৰ মনত আছে । আমি ৰৈ লাগি চাই থাকো ককাৰ মুখৰ আওঁ-ভাওঁ , শুনি শুনি কল্পনা কৰো   একা বেকা ৰাস্তাবোৰ , ভূতৰ চেহেৰাবোৰ , মিজো পাহাৰৰ খাৱৈবোৰ , কাণেৰে হাত সুমুৱাই দি দাঙি ধৰিলে ফিছাটো মাটিত চুচঁৰি যোৱা মাছবোৰৰ কথা । অৱসৰ পোৱাৰ পিছত তেখেতে আমাক প্ৰায়ে কাহিনীবোৰ শুনাইছিল , আমিও আব্দাৰ কৰিছিলো আমাৰ প্ৰিয় কাহিনীবোৰ শুনাবলৈ । কাহিনীবোৰ শেষ হ'লে প্ৰায়েই কিবা নহয় কিবা এটা হুকুম আহি পৰিছিল - যা আগফালৰ বাৰান্ডাৰ পৰা খোপোৰা কাগজখন লৈ আহ , হৰেশৰ দোকানৰ পৰা দৌৰি গৈ চিৰা আধাসেৰ আন গৈ , চন্দৰৰ ঘৰলৈ গৈ কবি তামোল পাণ এযোৰা আৰু পাচঁ সিকি পইচা লৈ গধূলি মাতিছো বুলি । হুকুম মতে আমি দৌৰি থাকো ।
         ককা ঢুকুৱাৰ পিছত আৰু সেই কাহিনীবিলাক নোহোৱা হ'ল । এতিয়া মনত পেলাব খুজিলেও ভূতবোৰ দেখিবলৈ কেনে আছিল , কপলীয়া মুৰৰ বিষ জাৰি দিবলৈ পাচ সিকি পইচা লাগিছিল নে বাৰ অনা লাগিছিল , চুচঁৰি যোৱা মাছটো ধনশিৰীৰ নে জীয়াভৰলীৰ আছিল মনত নপৰে । সিদিনা হঠাত উপলব্ধি কৰিলো যে অকল কাহিনীবোৰেই নহয় আন কিছুমান বস্তুও লাহে লাহে হেৰাই গৈছে । ককাৰ শব্দবোৰ যেনে  খোপোৰা কাগজ ( ককাই খবৰ কাগজক খোপ্ৰা কাগজ বুলি কৈছিল ) , এসেৰ , সিকি , আধলি , বাৰ অনা, এপিয়লা চাহ , মেজৰ ওপৰত থকা কলমটো এইবোৰটো আমি বহুদিন শুনাই নাই । আমি সৰুতে প্ৰায়ে শুনা বহুত শব্দ আজিকালি লাহে লাহে অপ্ৰচলিত হৈ আহিছে । কিছুমান শব্দ আকৌ শুলৰ কিতাপতে পঢ়া , কওঁতে আমি কোনোদিন ব্যৱহাৰ কৰা নাই যেনে জলবায়ু , বন্দৰ , উতকৃষ্ট । মোৰ লগৰ এটাক এবাৰ ফোনত সুধিলো , তোৰ তাত বতৰ কেনেকুৱা । বন্ধুও বৰ ৰসিক , সি উত্তৰ দিলে নাতিশীতোষ্ণ । এনেকুৱা শব্দবোৰ আমি সাধাৰণ কথা বতৰাত ব্যৱহাৰ নকৰো । এনেকৈ ব্যৱহাৰ নকৰোতে নকৰোতে কিমান যে সহজ সৰল আমি বুজি পোৱা শব্দ লাহে লাহে নোহোৱা হৈ আহিছে এই কথাটো ভাবিব লগীয়া ।
      মই কলাকাতাত থকোতে কোনোবা এখন গ্ৰন্থমেলাত অসমীয়া কিতাপৰ দোকান কেইখনমান দেখিলো , বিচাৰি বিচাৰি কেইখনমান অসমীয়া কিতাপ কিনা হ'ল । তাৰে মাজত এখন আছিল বুঢ়ী আইৰ সাধু । সম্পাদকে বহু কষ্ট কৰি আজিৰ ল'ৰা ছোৱালীয়ে বুজিব পৰাকৈ প্ৰতিটো সাধুৰ শেষত এনেকুৱা আজিকালি অপ্ৰচলিত শব্দ কিছুমানৰ সমাৰ্থক শব্দৰ তালিকা দিছে । কথাটো দেখি ভাল পালো । তাৰমানে যিবিলাক শব্দৰ অৰ্থ আমাক আগেতে বুজাব লগা নহৈছিল ,আজিকালি অৰ্থ বুজোৱাৰ প্ৰয়োজন বাৰুকৈয়ে আহি পৰিছে ।  কথাটো ঠিক এপেণ্ডিক্সৰ লেখীয়া । এপেণ্ডিক্স আমাৰ তলপেটৰ সোঁফালে থাকে । আমৰি পূৰ্বপুৰুষ ( মানে আদিমানৱ , ইতৰ বা  বান্দৰ প্ৰজাতি ) ৰো এপেণ্ডিক্স আছিল , কিবা ঘাহজাতীয় বস্তু হজম কৰোতে এপেণ্ডিক্সৰ পৰা ৰস নিগৰি পাচন প্ৰক্ৰিয়াত সহায় কৰে । কিন্তু মানুহৰ ক্ষেত্ৰত এপেণ্ডিক্সৰ প্ৰয়োজন নাই , ঘাঁহ খোৱা বাদ দিয়াৰ পৰা এই অংগটো আমাৰ বাবে অলাগতিয়াল হৈ পৰিছে । কেতিয়াব অপেণ্ডিক্সে পেটৰ বিষ কৰে , বেছি বিষ কৰিলে আমি অপাৰেছন কৰি কাতি বাহিৰ কৰি দিওঁ। 

     ঠিক তেনেকৈ ব্যৱহাৰ নহওঁতে নহওঁতে আমাৰ চিনাকী শব্দ কিছুমানো হেৰাই গৈছে যেন অনুভৱ হয় । সময়ৰ লগে লগে ভাষাই নতুন নতুন ৰূপ ল'বই , নহ'লে ভাষা বৰ্ত্তি থাকিবলৈ টান হ'ব । সংস্কৃত ভাষাটো হেনো বহুত আধুনিক ভাষাৰ জনক, দেৱ ভাষা , কিন্তু সময়ৰ লগে লগে সলনি নোহোৱাৰ বাবে আজি এই ভাষা অক্সিজেন দি জীয়াই ৰাখিব লগা হৈছে । ইংৰাজী ভাষাটো হেনো প্ৰতিদিনে কিবা নহয় কিবা সলনি হৈ আছে , নিতৌ নতুন শব্দ যোগ হৈছে  । অক্সফৰ্ড ডিক্সনাৰীৰ কত্তৃপক্ষ সকলে কিন্তু প্ৰতিবছৰে গোটেই পৃথিৱীতে সমীক্ষা চলাই নতুনকৈ প্ৰচলন হোৱা শব্দবোৰক তেওঁলোকৰ অক্সফৰ্ড ডিক্সনাৰীত অন্তৰ্ভুক্ত কৰি আহিছে । কোনোবাই পদক্ষেপ লৈছে , গতিকে ভাষাটো মৰি যোৱাৰ প্ৰশ্ন নাই । আমাৰ নিজৰ ভাষাটোৰ ক্ষেত্ৰত কিন্তু শব্দবোৰ লাহে লাহে অপ্ৰচলিত হৈ নোহোৱা হৈ আহিছে । মোৰ বোধেৰে নতুন কোনো শব্দও অসমীয়া ভাষাত যোগ হোৱা নাই , আৰু অক্সকৰ্ড ডিক্সনাৰীৰ দৰে কোনো কত্তৃপক্ষও নাই দায়িত্ব বহনৰ বাবে । আজিকালি অসমীয়া পঢ়িব নজনা অসমীয়াৰ সংখ্যা বহুত বেছি , মোৰে চিনাকী বহুখিনি আছে । 
      ককা নাই , খোপোৰা কাগজ , সেৰ , সিকি , আধলি আদিও নাই । ভাষাটো এপেণ্ডিক্সৰ দৰে কাটি পেলাব লাগিব নেকি ?  ভাবিবৰ থল আছে ।

Tuesday, June 23, 2015

ছোৱালীবোৰ কিহত ভাল !


       মই মোৰ আজৰি সময়ত সাধাৰণতে ইণ্টাৰনেটৰ শৰণাপন্ন হৈ পাৰ কৰো ইয়াৰ মানে এইটো নহয় যে অকল আজৰি সময়তহে ইণ্টাৰনেট কৰো ইণ্টাৰনেট নকৰা হলে কিজানি সেই সময়বোৰ অন্যান্য কিবাকিবি কামত খৰছ কৰিব পাৰিলো হয় বাৰু যি কি নহওঁক আজিৰ বিষয়বস্তু মোৰ সময়ৰ সদব্যৱহাৰ নহয় ।  এইযে মই ইণ্টাৰনেটত সময় খৰছ কৰো সেই সময়ৰ সিংহভাগ আধিকাৰ কৰে YouTube ৱেবছাইটোৱে YouTube ৰ বুদ্ধিমত্তা আজিকালি ইমানেই বাঢ়ি আহিছে যে , যদি আপুনি YouTube কৰোতে আপোনাৰ আইডি ৰে লগ ইন কৰি থয় , পিছৰবাৰ YouTube চলালে আপুনি ইয়াৰ আগতে কি কি ভিডিঅচাইছিল তাৰ ওপৰত ভিত্তি কৰি সিহঁতে আপোনাৰ পছন্দ হব পৰা কিছুমান ভিডিঅনিজে নিজে দেখুৱাব খোজে এনেকুৱাকৈ YouTube য়ে নিজে আগবঢ়োৱা বহুত গানৰ ভিডিঅ’ , খেলৰ ভিডিঅমই বহুবাৰ চাইছো ; নিজে বিচাৰিবই নালাগে , এবাৰ চালেই হল আগৰবাৰ তাৰ সম্পৰ্কীয় ভিডিঅবোৰ নিজে নিজে হাজিৰ হয়
            এনেকৈ চোৱা ভিডিঅবোৰৰ মাজত এটা বিশেষ ভিডিঅই মোক বৰকৈ আকৰ্ষিত কৰিছিল সেই ভিডিঅটোত আছিল  পশ্চিম আফ্ৰিকাৰ গিনী নামৰ দেশখনৰ এখন সৰু গাওঁৰ পৰা অহা মামাদি কেইটা নামৰ এজ্ন ওস্তাদ বাদ্যবাজক প্ৰায় সাত বছৰ বয়সৰ পৰা মামাদিয়ে জেম্বে (Djembe) নামৰ এক কাঠৰ বাদ্য বজাই আহিছে আৰু বৰ্তমান পয়্ষষ্ঠি বছৰীয়া মামাদিয়ে সমগ্ৰ বিশতে এই বাদ্য বিধৰ প্ৰচলনত উতসাহ যোগাই আহিছে দেখিবলৈ আমাৰ বানবাটিটোৰ লেখীয়া এই জেম্বে আজিকালি সমগ্ৰ বিশ্বতে ইমান জনপ্ৰিয় যে আজিকালি মঞ্চত জেম্বে নোহোৱাকৈ এজনো  percussionist  বাদ্যবাজক দেখা পোৱা নাযায় আমাৰ অসমৰ বিহু মঞ্চতো বহুতো এইবিধ বাদ্য ব্যৱহাৰ কৰা দেখা গৈছে মই যিটো ভিডিঅচোৱাৰ কথা কৈছো সেইটো আছিল ২০০৯ চনৰ ডাবলিন বিগ বেঙ ফেষ্টিভেলৰ এটা আলোচনাৰ ভিডিঅ এই বিগ বেং ফেষ্টিভেলত গোটেই পৃথিৱীৰে গণ্যমান্য percussionist  বাদ্যবাজক সকলক আমন্ত্ৰণ জনাই , তেওঁলোকে বিভিন্ন বাদ্যযন্ত্ৰৰ বজাই দেখুৱাই , সংগীত আৰু নৃত্যৰ বিভিন্ন বিষয়ত আলোচনা বিলোচনা কৰে তেনেকুৱা এটা আলোচনাতে মামাদিক তেওঁৰ সাধনা কৰি অহা এই জেম্বে নাম্ৰ বাদ্যযন্ত্ৰটোৰ জন্মৰ বিষয়ে কোনোবা এজনে প্ৰশ্ন কৰে  মামাদিৰ দৰে এজন সংগীত সাধক , এজন লোকসংগীতৰ বুৰঞ্জীবিদ , এজন মালিংকে সম্প্ৰদায়ৰ ( গিনীৰ বিখ্যাত সংগীত প্ৰেমী সম্প্ৰদায় , আমাৰ ঠিক হিন্দুস্তানী সংগীতৰ  ঘৰানাৰ দৰে ) হোতা এজনৰ বাবে এইটো তেনেই সাধাৰণ প্ৰশ্ন আছিল কিন্তু মামাদিয়ে এই প্ৰশ্নতোৰ উত্তৰ হিচাপে যিটো প্ৰশ্ন উত্থাপন কৰিলে সেইটোৱেহে মোৰ মনটোক চুই গ।  যেতিয়া আমি এই ঢোল বা অন্যান্য চামৰাৰে তৈয়াৰী বাদ্যযন্ত্ৰৰ জন্মবিষয়ে ভাবো , তেতিয়াই আমাৰ মনলৈ এটাই দৃশ্য ভাঁহি আহে, কিছুমান আদিবাসী মানুহে একুৰ জুই আগুৰি নাচি থাকে, কোনোব কেইজনমানে ঢোল জাতীয় বাদ্য যন্ত্ৰ বজাই থাকে, আৰু কোনোবা দেৱতাৰ পুজা চলি থাকে বা কোনোব এজন বলিৰ বাবে সাজু হৈ থাকে  কিন্তু যেতিয়া এই বাদ্যযন্ত্ৰটোৰ জন্মৰ কথা সোধা হ, মামাদিয়ে অন্য এক কাহিনীহে কলে এই বাদ্যযন্ত্ৰটো জন্ম হোৱাৰ আগতে জন্ম হৈছিল এক জনপ্ৰিয় তাল বা Rhythm এই সংগীতৰ তাল বিলাক বলি দিয়াৰ সময়ৰ বা পুজা কৰাৰ সময়ৰ আদিবাসী সংগীতৰ তালৰ দৰে নাছিল ই আছিল সমাজত প্ৰচলিত অন্য উতসৱ মূখৰ পৰিবেশৰ তাল সমাজৰ মানুহবোৰে লগ হৈ যেতিয়া বিয়া , ৰা ছোৱালীৰ নামকৰণ , অতিথিক আদৰি অনা, প্ৰথম খেতিৰ চপোৱাৰ দিনা , বিলত একেলগে সমুহীয়াকৈ মাছধৰা আদি আনন্দদায়ক কাম কৰে , তেতিয়া সকলোৱে লগ লাগি এই সংগীতৰ তালৰ আশ্ৰয় লয়  তালৰ লগে লগে আহিল সংগীত আৰু তাৰ পিছত আহিল তাল ধৰি ৰাখিবলৈ হাতচাপৰি মুঠতে এই জেম্বে বোলা বাদ্যটোৰ জন্মৰ শ শ বছৰ আগতে  তিনিটা বস্তুৰ জন্ম হৈছিল – এক উতসৱ মুখৰ পৰিৱেশ , আনন্দদায়ক সংগীত আৰু তাল ধৰি ৰাখিবলৈ হাতচাপৰি সকলোতকৈ আচৰিত কথা এয়ে যে এই আটাইকেইটা বস্তুৰ জন্ম দিছিল সেই সমাজৰ মহিলাসকলে পিছলৈ যেতিয়া পশ্চিম আফ্ৰিকাৰ কমাৰসকলে এই তাল ধৰি ৰাখিব পৰা আৰু হাতচাপৰিৰ সলনি অন্য এটা বাদ্যয্ন্ত্ৰৰ ব্যৱহাৰৰ কথা ভাবিলে , তেতিয়া এই জেম্বে নামৰ বাদ্যযন্ত্ৰ বিধৰ সৃষ্টি কৰে দীঘল ট্ৰফী এটাৰ দৰে দেখিবলৈ কাঠৰ ওপৰত জন্তুৰ চামৰা আৰু ৰছীৰে তৈয়াৰী এইবিধ বাদ্যযন্তৰ তৈয়াৰ কৰোতেও আকৌ মহিলাসকলৰ পৰাই প্ৰথমে বুধি লোৱা হৈছিল তেতিয়াৰ আফ্ৰিকান মহিলাসকলে যিকোনো খোৱাবস্ত খুন্দি গুৰি কৰিবলৈ উৰালৰ ব্যৱহাৰ কৰিছিলদুগৰাকী মহিলাই এটা কাঠৰ উৰালত ছ্য় সাত ফুট দীঘল কাঠৰ মাৰিৰে গানৰ তালে তালে ঐ বস্তু খুন্দা কামটো কৰিছিল গানৰ মাজে মাজে সেওই একেই আনন্দদায়ক তাল তাৰ পৰাই বুধি লৈ পিছলৈ এই জেম্বেৰ জন্ম হয়

মামাদি কেইটাই ইমানখিনি কোৱাৰ পিছত এট সাধাৰন প্ৰশ্নৰে তেওঁৰ উত্তৰটো সম্পূৰ্ণ কৰে , ইমানখিনি বস্তুৰ জন্ম য্দি মহিলাৰ পৰাই হয় তেতিয়া হলে আজিৰ দিনত কিয়া আমি ইমান বেছি মহিলা বাদ্যযন্ত্ৰী দেখা নাপাওঁ ? ওপৰৰ কাহিনীটো আফ্ৰিকাৰ হব পাৰে , কিন্তু একেটা প্ৰশ্ন আমাৰ সমাজতো উত্তৰ নোহোৱাকৈ আছে ।  যেতিয়া কোনোবা মহিলাই কয় যে তেখেতে সংগীত সাধনা কৰে , আমাৰ মনলৈ তেখেতে কেনেকুৱা গান গায় এই কথাটোহে আহে আমাৰ এই মনৰ ছবিবোৰ সলনি কৰিবলৈ হভাৰতত বিশেষকৈ মহিলা বাদ্যয্ন্ত্ৰীৰ বৰ অভাৱ তাৰ মাজতো অনুৰাধা পালৰ দৰে শিল্পী বা কেতবোৰ সম্পূৰ্ণ ছোৱালী মানুহৰ সংগীত দল আছে , কিন্তু আমাক আৰু বহুত এনে শিল্পীৰ প্ৰয়োজন- বিশেষকৈ অকলে বাদ্যযন্ত্ৰ  বজাই শিৱমণি , তৌফিক কুৰেছিৰ দৰে শিল্পীৰ লগত তাল মিলাই বজাব পৰা মহিলা বাদ্যযন্ত্ৰীৰ প্ৰয়োজন তাল নাৰীৰ ভিতৰত জন্মসূত্ৰে আছে , আমি মাত্ৰ উতসাহ দিয়াৰ দৰকাৰ

What are girls good for !

    I have the habit of spending much of my free time on the internet. This doesn't mean only "free" time, this also include time which I could have used for other activities. Anyways, that's not the point. The major share of the time I spend on the internet is watching videos on YouTube. They are going so smart day by day, if you have logged into YouTube and search something, they will suggest you similar videos next time. So as a part of this suggestion scheme by YouTube, I have watched many music videos, sports videos and many more. 
    One such video which particularly impressed me was of one "Mamady Keita”, a master Percussion music player from a small village from the African country of Guinea, near the borders of Mali. Form the age of seven, Mamady has been playing and encouraging people around the world to play a special goblet shaped percussion instrument known as the Djembe. Djembe is so popular now a days that you will not find a single percussionist on the stage without a Djembe .This video that I watched was a part of talk show from Dublin Bing Bang Festival 2009, a festival which brings the best of percussive performances, workshops, master classes, dances around the globe on a single platform. So, as a part of this talk show in which Mamady participated, somebody asked him about the origin of the very instrument that he plays, the Djembe. Mamady , a master drummer, a historian of music of his ethnic group name Malinke , was very good in answering such kind of questions. But what amused me more was the question that he asked as a reply of the question he was asked for. When somebody asks us about the origin of drumming music or rhythmic music, we always picture the same old image of some native masked tribal people gathering around a fireplace, some people dancing and some playing a drum; which is a part of either praying to their god, or making some sacrifices. Hollywood movies helped us greatly in forming that image in the back of our head. But when asked about the origin of this particular instrument, Mamady had something else in his mind. He said, before the instrument was born there was rhythm of popular kind which was born. These rhythms were not that sacrifice making or praying type of rhythm, but these were the rhythm of some common and popular rhythm played at the celebrations of the common mass gathering. So, there were the situations for celebration like marriage, baptism, the ceremony fishing day in the sacred lakes, ceremony of the first harvesting of cultivation, welcoming of visitors etc. Along with these celebrations were born the songs of popular kind and to keep the rhythm to these celebratory songs, there came the clapping. Hundreds of years before the Djembe were born, there were these three ancestors born - the situation for celebration, the songs for celebration and the clapping rhythm. And the astonishing fact among these all is that, it was the women of the society who invented all these. Later the blacksmith of that region of Western Africa came up with the idea of creating and instrument to keep the rhythm and they developed the Goblet shaped wooden instrument, tied with animal skin and rope, which today is known as the Djembe. The very idea of Djembe also originated from the women itself. African women used to crush or ground their food ingredients like seeds and all in a cup shaped wooden receptacle known as mortar. Two women would keep crushing the ingredients with a six seven feet long wooden club, they would keep singing in a rhythm played the club. These crushing in a rhythm invented the idea of Djembe.
      Mamady Keita finished the answer with a simple question, if everything originates from women, and then why don't have enough woman percussion players? Though the whole story is from African society, but our society also has the same puzzle unsolved. If a woman says she is into music, back of our head pictures her as a singer by default. We should change our mind-set about that. Women are more powerful, not today but since ages. India particularly is not so rich in female percussionists. There are a few who has marked excellence like Anuradha Pal, but we need more. We have a few all girls band in India, but solo female percussionists are rare. Rhythm is inborn to women; they should be encouraged more and more into the world of percussion music. Hopefully someday we will have female percussionist in India who plays at par with Shivamani, Taufiq Quershi etc or may be better. 


Sunday, June 21, 2015

নেলী ব্লাই আৰু অসমৰ টিভিৰ ব্ৰেকিং নিউজৰ সংজ্ঞা ...

       মোৰ সাধাৰণ জ্ঞান বোলা বস্তুটো বৰ কম । কেতিয়াবা কৰবাৰ কাগজৰ টুকুৰাত , কেতিয়াবা ফেচবুকৰ বেলেগৰ আপডেট , কেতিয়াবা ইমেইলত ইজন সিজনৰ পৰা কিবা নহয় কিবা এটা পাওঁ , পঢ়ি ভাল লাগিলে পঢ়ি থওঁ । কিন্তু এনেকৈ গোটোৱা মোৰ তথাকথিত সাধাৰণ জ্ঞানবোৰ কেতিয়াবা দহমিনিট , কেতিয়াবা এঘণ্টা , কেতিয়াবা এমাহলৈ মনত থাকে । প্ৰায়েই সেইবোৰ পাহৰি যাওঁ , সময়ত মনত নাহে , কৰবাত কোনোবাই কথা পাতি থাকিলে বিষয়টো আগতে কৰবাত শুনা শুনা লাগে , কিন্তু স্থান কাল পাত্ৰ সঠিককৈ মনলৈ নাহে । কোনটো কথা কিমান দিনলৈ মনত থাকিব সেইটো নিৰ্ভৰ কৰে সেই কাগজৰ টুকুৰাত পঢ়া বস্তুটো কিমান ৰসাল বা সংবেদনশীল তাৰ ওপৰত । এনেকৈ এদিন অফিছত বহি ইন্টাৰনেট কৰি থাকোতে ঘ্পকৈ লক্ষ্য কৰিলো Google ৰ হোমপেজ খনলৈ । Google প্ৰায়ে নিজৰ হোমপেজ খন অলপ আকৰ্ষনীয় কৰি তুলিবলৈ দিনতোৰ বিশিষ্ট ঘটনাবোৰৰ যিকোনো এটা লৈ Doodle হিচাপে প্ৰকাশ কৰে । এই Doodle বোৰ চাবলগীয়া হয় , আৰু প্ৰায়েই ই  মোৰ ক্ষন্তেকীয়া  সাধাৰণ জ্ঞানৰ উতস হিচাপে কাম কৰে । সিদিনাৰ আকৰ্ষন আছিল এখন ক'লা বগা ছবি , মাজত এগৰাকী মহিলাৰ মুখ , চুলিখিনি দুফালে দুধাৰি বৈ কিবা এক ভূতীয়া ৰূপ লৈছে । মোৰ প্ৰথম ধাৰণা আছিল , মোনোবা ইংৰাজী ভূতৰ চিনেমাৰ বিষয়ে লিখিছে নিশ্চয় , হয়তো কোনোবা ডাইৰেক্টৰৰ জন্মদিন , নহলে কোনোবা বিখ্যাত ভূতৰ চিনেমা চিৰিজৰ কথা ।

চিনেমাৰ প্ৰতি এনেও অলপ দূৰ্বলতা আছে , এইখন চিনেমা নিশ্চয চাব লাগিব বুলি যেতিয়া ভিতৰলৈ গলো , তেতিয়াহে আচল কথাবোৰ গম পালো । সেই ভূতৰ লেখীয়া মহিলা গৰাকী আচলতে নেলী ব্লাই ( Nellie Bly ) নামৰ এগৰাকী আমেৰিকান মহিলা সাংবাদিক । আচলতে ঠিক সাংবাদিক নহয় , একপ্ৰকাৰৰ কিংবদন্তী । ১৮৬৪ চনত জন্ম হোৱা নেলীৰ আচল নাম আছিল Elizabeth Jane Cochran ২০ বছৰ বয়সত পিটছবাৰ্গ ডিচপেটচ নামৰ এখন বাতৰিকাকতত " What Girls are good for " বুলি প্ৰকাশ হোৱা এটা উপলুঙা সূচক লেখা পঢ়ি নেলীয়ে তাৰ উচিত উত্তৰ দি সম্পাদকলৈ এখন চিঠি লিখে । চিঠিত নেলীয়ে নিজৰ আচল নাম প্ৰকাশ নকৰি , ছদ্মনাম ," Lonely Orphan Girl " | নেলীৰ সেই বিপ্লৱী চিঠি পঢ়ি কাকত খনৰ কত্তৃপক্ষই নেলীৰ আছল পৰিচয় জানিবলৈ একেই বাতৰি কাকততেই এক বিজ্ঞাপন দিয়ে । নেলীয়ে বাতৰিকাকতৰ কত্তৃপক্ষক লগ ধৰাৰ লগে লগে তেওঁক এজন সাংবাদিক হিচাপে নিযুক্তি দিয়ে । " The Girl Puzzle" নামৰ নেলীৰ প্ৰথম লেখাটোৱে আকৌ অলোড়নৰ সৃষ্টি কৰে । এবছৰৰ ভিতৰত তেওঁ কাকতৰ হৈ মেক্সিকোলৈ ঢাপলি মেলে । মেক্সিকোৰ চৰকাৰে তাৰ সাধাৰণ মানুহৰ ওপৰত চলোৱা ঘ্টনাৰ আধাৰত নেলীয়ে কিছুমান কলম লিখি উলিয়াই  , আৰু পিছলৈ গৈ " Six months in Mexico" নামেৰে এখন কিতাপ প্ৰকাশ হয় । এইখন কিতাপেই নেলীক ২১  বচৰ বয়সত মেক্সিকো চৰকাৰৰ ৰোষত পেলায় । পিছলৈ নেলীয়ে নিউয়ৰ্কলৈ যায় আৰু নিউয়ৰ্ক ৱৰ্ল্ড নামৰ কাকতখনত কাম আৰম্ভ কৰে । এই কাকতখনৰ মালিক আকৌ আন এক বিখ্যাত ব্যক্তি । আমি সৰুৰে পৰা শুনি অহা পুলিটজাৰ বটা যাৰ নামত প্ৰৱৰ্তন কৰা হৈছিল, জোছেফ পুলিটজাৰৰ এই কাকতখনত কাম আৰম্ভ কৰি নেলীয়ে অন্য এক প্ৰথা আৰম্ভ কৰে । নেলীৰ পুলিটজাৰৰ অধীনত কৰা প্ৰথম কামটোৱে সম্ভৱত Investigative Journalism সূচনা কৰে । ব্লেকৱেল দ্বীপৰ মানসিক চিকিতসালয়ত হোৱা অনিয়্ম , অত্যাচাৰৰ কাহিনী ফাদিল কৰিবলৈ নেলীয়ে এদিন সচাকৈয়ে মান্সিক বিকাৰগ্ৰস্ত ৰোগীৰ ভাওঁ লৈ ব্লেকৱেলৰ বন্ধ কুঠৰীত সোমায়গৈ । প্ৰায় দহদিন অখাদ্য খাই  , মানসিক অত্যাচাৰৰ মাজত থাকি যেতিয়া কাকতৰ মালিকৰ অনুৰোধত নেলী মানসিক চিকিতসালয় খনৰ পৰা ওলায় আহে , তেও লিখি উলিয়াই ," Ten Days in a Mad house " নামৰ কিতাপখন । এই কিতাপখনে সমগ্ৰ জগততে আলোড়নৰ সৃষ্টি কৰে । ব্লেকৱেল কত্তৃপক্ষই নিজৰ অবৰ্ণনীয় আচাৰ ব্যৱহাৰ , খাদ্য , নিয়ম ইত্যাদি সকলো সলাবলৈ বাধ্য হয় । এয়াহে সাংবাদিকতা । নেলী ইমানতে ক্ষান্ত নাছিল । ১৮৬২ চনত প্ৰকাশ পাইছিল জুলছ ভাৰ্নৰ বিখ্যাত উপন্যাস , " Around the World in Eighty Days " | এই যাত্ৰাত সম্ভৱ হয়ণে নহয় প্ৰমাণ কৰিবলৈ নেলীয়ে ১৮৮৯ চনত নিজেই পৃথিৱী ভ্ৰমণ আৰম্ভ কৰে, ২৫ বচৰীয়া এই সাংবাদিক গৰাকীয়ে খোজকাঢ়ি , জাহাজত, ঘোৰা গাড়ীত , বেলুন ইত্যাদি বিভিন্ন মাধ্যমেৰে মাত্ৰ ৭২ দিনত প্ৰায় ২৫ হেজাৰ মাইলৰ এই যাত্ৰা সম্পূৰ্ন কৰে । পিছলৈ আন বহুতে এই যাত্ৰা আৰু কম সময়তে সম্পূৰ্ণ কৰে , কিন্তু মাত্ৰ ২৫ বছৰ বয়সত , এগৰাকী অকলশৰীয়া মহিলা সাংবাদিক হিচাপে এই যাত্ৰাৰ কোনো তুলনা নাই । 

 আজিকালি আমাৰ অসমীয়া বহুতো নিউজ চেনেল হ'ল । চেনেলবোৰ চাই ভালেই লাগে , পিছে প্ৰায়ে হতাশাও হয় । এইযে গুৱাহাটীৰ ৰাজপথত ৰাতি কোনে কি কৰিছে,ৰাভা দিৱস, শিল্পী দিৱসৰ দিনা বিষ্ণু ৰাভা আৰ জ্যোতিপ্ৰসাদৰ জৰাজীৰ্ণ ঘৰ কেইটা দেখুৱাই চৰকাৰক গালি দিয়ে , ভেলেণ্টাইন ডে ৰ দিনা কোনে ফুল কিনিছে, সৰস্ৱতী পুজাত কোনে কি পিন্ধিব ইণ্টাৰ্ভিউ লৈ ফুৰে তেওঁলোকে অলপ সাংবাদিকতা শিকা উচিত বুলি মই ভাবো । ৰাভা দিৱসত বিষ্ণু ৰাভাৰ জৰাজীৰ্ণ ঘৰটো দেখুৱাই সহানুভূতি লোৱাৰ সলনি যদি ঘৰটো মেৰামতি কৰাৰ দাযিত্ব লয় তেতিয়া নিশ্চয় অহা ৰাভাদিৱসত কিবা এটা নতুন দেখুৱাবলৈ সক্ষম হ আৰু সকলো সময়তে ব্ৰেকিং নিউজ নহলেও চেনেলবোৰ চলিব পাৰিব বুলি ধাৰণা হয় , সাংবাদিকতৰ কোনো কিতাপতে ব্ৰেকিং নিউজ নহলে নিউজ চেনেল নচলে বুলি লিখা আছে বুলি মোৰ মনে নকয় । বি বি চি ৱৰ্ল্ড নিউজতো ইমান ব্ৰেকিং নিউজ নাই যিমান আমাৰ চেনেলকেইটাই দেখুৱাই থাকে । বলিয়া হাতী , কোনোবা নাঙঠ বাবাৰ আৱিৰ্ভাব ইত্যাদি ব্ৰেকিং নিউজ নহয় , য্দি নেলী ব্লাইৰ দৰে কোনোবা পগলাফাটেকত নিজে দহদিন থাকি আহি তাৰ বাতৰি ফাদিল কৰে , ৭২ দিনত পৃথিৱী ঘূৰি আহি কয় এয়াতো ৮০ দিনৰ আগতেই সম্ভৱ , কোনোৱা দেশৰ চৰকাৰ অনিয়ম ফাদিল কৰি কয় এয়াতো ভুল , এইবিলাকহে ব্ৰেকিং নিউজ । আমাৰ শিকিবলগা বহুতো আছে ।