Friday, August 22, 2014

বেক ককাইটি বেক

   তিতৌৰ মুঠতে আহৰি নাই । গাওঁখনত যলৈ যায় , সকলোতে তাৰ কাম ওলায় । আমুকে বোলে তিতৌ ইটো কৰিব লাগিছিল নহ্য় , তামুকে বোলে তিতৌ তালৈ যাব লাগিছিল নহয় । এশ একুৰি কাম । গোটেই গাওঁখনৰ দায়িত্ব যেন তাৰ ওপৰতহে ।  মাকে তাৰ নাম ৰাখিছিল কামাখ্যা , কিন্তু সৰুৰে পৰা অলৌ তলৌ কৈ ইফালৰ পৰা সিফাল ঘুৰি ফুৰোতে ফুৰোতে নাম পৰিল তিতৌ । 

   অনাই বনাই ঘুৰি ফুৰিলেও কিন্তু তিতৌৰ মগজটোৱে ঠিকেই কাম কৰিছিল । পঢ়া-শুনাত ইমান ভাল নাছিল যদিও বুদ্ধিত ফেৰ পেলাব নোৱাৰি । তিতৌহতঁৰ ঘৰ অৱস্থা ইমান ভাল নাছিল । মাকে সৰুৰে পৰা লোকৰ ঘৰে ঘৰে কাম কৰি পৰিয়ালটো চলাইছিল । সিহঁতৰ চুবুৰীতে ঘন মহাজনৰ ঘৰ । মহাজনৰ পুতেকটো তিতৌতকৈ দুবছৰমান ডাঙৰ, বৰ অহংকাৰী । কথাটো প্ৰতি তিতৌক খোছটো মৰাতো তাৰ অভ্যাস । তিতৌৰ খং উঠিলেও একো কব নোৱাৰে , কিন্তু বেটাক ঠেকাত পেলোৱাৰ চেগ বিচাৰি ফুৰে । মাজে মাজে চেগ নোপোৱা নহয় ।

    মহাজনৰ এখন বৰ মৰমৰ এম্বেচাডৰ গাড়ী আছিল । সেই সময়ত ওচৰৰ গাওঁবোৰতো কিজানি তেনেকুৱা গাড়ী দুই তিনিখনমানহে আছিল । গাড়ীত উঠিলে মহাজন আৰু পুতেকৰ ভেম কি চাবা , যেন গোটেই গাওঁখনকে উৰুৱাই লৈ যাব । মহাজনে গাড়ীত আচোৰ এটা পৰিলেও জীৱ যোৱা যেন পায় । এবাৰ চাইকেল এখন খুন্দিয়াই বাওঁপিনৰ হেডলাইটতো ভাঙোতে মতি ড্ৰাইভাৰক এমাহৰ বেতন কাটি  একেদিনাই খেদাই দিছিল । প্ৰতিদিনে গাড়ীখন ধুই চিকুনাই ৰখাৰ দায়িত্ব ড্ৰাইভাৰৰ । 

    এবাৰ মহাজন কিবা কামত দুদিনমান গাওঁৰ বাহিৰত আছিল । পুতেকতো তেতিয়া বাৰ তেৰ বছৰমান হ'ব , তিতৌ দহমান । মহাজনৰ পুতেকে বাপেক নোহোৱাৰ চলতে গাড়ীখন চলাই অলপ ডেমাকী দেখুৱাও বুলি ষ্টাৰ্ট কৰিলে । ড্ৰাইভাৰক দেখি দেখি শিকা যেতিয়া যেনেতেনে গাড়ীখন চলাই বাট পালেহি । তিতৌহতঁৰ কেকুৰীতো পাৰ হওঁতে খুব জোৰেৰে হৰ্ণ বজালে । তিতৌ একেকোবে বাহিৰ পালেহি । মহাজনৰ পুতেকে আৰু বেছি দুৰলৈ গৈ কিবা এটা হ'লে বাপেকৰ গালি খোৱাতকৈ ঘূৰি যোৱাতোৱে ভাল হ'ব বুলি ভাবিলে । সমস্যাতো তাতেই হ'ল । চিধা চিধি গ'ল ঠিকেই , এতিয়া বেক কৰে কেনেকৈ ? আয়নাত চাই চাই গাড়ী ঘুৰাবতো নেজানে । আয়্নাখন চাই সি ভাবি থাকোতেই দেখিলে পিছফালৰ পৰা তিতৌ আহি আছে । ' অই তিতৌ ইফালে আহ , মই গাড়ীখন বেক কৰিম তই পিছফালটো চাই দিবি ' । তিতৌয়ে মুৰ দুপিয়াই গাড়ীখনৰ পিছ পালেগৈ । " আৰু এই বুৰ্বক শুন , মই লাহে লাহে বেক কৰি যাম , তই মোক গ' বেক , গ' বেক বুলি কৈ যাবি , বেলেগ নকবি " । তিতৌৰ ওঠেৰে এটা দুষ্ট হাঁহি বাগৰি গ'ল ," বেটা , ই মোক ইংলিছ শুনায় , ৰ তোক কি কৰো চাই থাক।" 

    মহাজনৰ পুতেকে বেক গীয়েৰ লগাই লাহে লাহে গাড়ীখন পিছুৱালে , তিতৌৱে পিছ্ফালৰ আহঁতজোপাৰ শিপাত বহি চিঞঁৰিব আৰম্ভ কৰিলে , " বেক ককাইটি বেক " । লাহে লাহে এম্বেচাডৰ গাড়ী পিছুৱাই আহিছে , তিতৌয়ে চিঞঁৰি আছে ,"বেক ককাইটি বেক , বেক ককাইটি বেক " । মহাজনৰ পুতেকে আয়্না চাই আহিছে যদিও একো ভালকৈ দেখা নাই , তিতৌৰ চিঞঁৰৰ অনুমানতে বেক কৰি আছে । লাহে লাহে বেক কৰি থাকোতেই এপাকত গাড়ীখন জোৰেৰে নামি গ'ল আৰু মহাজনৰ পুতেকে একো তৰ্কিব পৰাৰ আগতেই গাড়ী গৈ পিছফালৰ নলাৰ বোকাত সোমালগৈ । ইমান সময় ,"বেক ককাইটি বেক" বুলি চিঞঁৰি থকা তিতৌয়ে ডবল জোৰেৰে চিঞঁৰিলে ,"বছ ককাইটি , মানুহ মাতি দিয়া" ।

     যেতিয়া দুদিন পিছত মহাজনৰ এচাৰিৰ কোব খাই পুতেকটোৱে তিতৌক বিচাৰি থাকিল , তিতৌৰ কোনো শুংসূত্ৰ পোৱা নগ'ল ।


Sunday, August 17, 2014

এৰি অহা চিনাকী

কেতিয়া পাম আকৌ সেই দিনবোৰ ,
তৰাবছা আকাশৰ শৰতৰ নিশাবোৰ ,
স্মৃতিয়ে আমনি কৰে সঘনাই আজিযে,
উটি যায় অতীতৰ চাকনৈয়াত মন মোৰ ...


নিয়ৰে ভিজা সেই দূবৰি পদূলিৰ ,
শেৱালিৰ সুগন্ধিও ভাহে বহুদূৰ
এটি দুটিকৈ তাতে জোনাকী উৰে 
দূৰৈৰ বাহীটিয়ে মোক বলিয়া কৰে .

স্মৃতিয়ে আমনি কৰে সঘনাই আজিযে,
উটি যায় অতীতৰ চাকনৈয়াত মন মোৰ ...
কেতিয়া পাম আকৌ সেই দিনবোৰ ,
তৰাবছা আকাশৰ শৰতৰ নিশাবোৰ ।


আছেনে আজিও তাত বালিমাহী জাক, 
উৰেনে সিহঁত লৈ আঘোণৰ ডাক ,
 যদি নৈখনে নুটুৱাই বান্ধি থোৱা নাওখন , 
মই বিচাৰি ওলামগৈ ঘাটৰ লগৰীজন । 


স্মৃতিয়ে আমনি কৰে সঘনাই আজিযে,
উটি যায় অতীতৰ চাকনৈয়াত মন মোৰ ...
কেতিয়া পাম আকৌ সেই দিনবোৰ ,
তৰাবছা আকাশৰ শৰতৰ নিশাবোৰ ।


Friday, August 15, 2014

বাস্তৱ


 

  বাস্তৱ 


তিনি ৰঙৰ বেলুন ফুলাই
আজি উৰুৱাই দিছা ,
উৰুৱাই দিছা শান্তিৰ কপৌ আৰু 
গোলাপৰ পাহি !

ইহঁত আজি ঠিকেই উৰিছে ,
দশোদিশ !!

ৰাতিটো নুপুৱাওতেই দাখন 
শান কৰি থবি;

 কাইলৈ যে ইহঁত আকৌ পৰি ৰব,
কাইটীয়া গছৰ আলিঙ্গনত !

Friday, August 8, 2014

নীলা খামৰ চিঠি



    মৰম লবা বুলি কৈ একো নতুনত্ব  আনিবৰ আয়োজন নকৰো দিয়া আমাৰ মাজত , তুমিতো জানাই কিমান মৰমেৰে  আবৰি ৰখাৰ কথা আছিল তোমাক আচলতে এই মৰম লবা বুলি কোৱা কথাষাৰেই কিবা এক গণ্ডগোলীয়া কাৰবাৰ ভাল লাগিলে মৰম জাগে , মৰম জাগিলে ভাল পোৱা হয়, প্ৰেম নামৰ এটা অনুভূতিৰ জন্ম হ্য় ভাল লগা , মৰম ,ভালপোৱা ইত্যাদি ইত্যাদি বিলাক জানো গগুগোলীয়া নহয়  
   তোমাৰ পদূলিত ৰৈ
সিয়াঁৰি চাইছিলো তোমাক
শুনাম বুলি এটি কবিতাৰ সুৰ ,
বকুলজোপাই কলে
ইয়াত নহয় ,সৌ তাত
য্ত স্তব্ধ হৈছে আবেলিৰ হেঙুলীয়া খিনি ,
অলপ মৰমৰ অপেক্ষাত ...

   যদিওবা সেই কবিতাটো শুনোৱা নহ, যদিওবা আবেলিৰ হেঙুলীয়াখিনি ক্ৰমশ নাইকিয়া হৈ বকুলজোপাৰ তলত আন্ধাৰে গোট মাৰিলে , দুটি জোনাকী পৰুৱাই জোৰ পাতি সন্ধিয়া নমাৰ বতৰা দিলে তথাপিও সেই অনুভূতি সলনি নহশেতেলীত চকুৰ পতা জাপ খাওঁতে অনুভূতিটো এটি সপোন হৈ সাৰ পালে সপোনত সি কেতিয়াবা বতাহ হ, কেতিয়াবা নৈ আৰু কেতিয়াবা মৌপিয়া চৰাই হৈ উৰি গুছি গল এটি ধুনীয়া গীতৰ সন্ধানত হেজাৰটা বসন্তৰ দূৰত্ব সপোনটোৱে ইঞ্চি ইঞ্চিকৈ কূটি খালে । 

সপোনত দেখা হোৱাৰ প্ৰতিশ্ৰুতিৰে
নিশাটোক বিদায় দিছিলো ,
কৈছিলো পুৱাৰ সূৰুযক শুনাম
এক নতুন প্ৰেমৰ কাহিনী ..
যেতিয়া সাৰ পাইছিলো
ঝিলিটোৰ চিঞঁৰত
সপোনটো জানো ক
হেৰাই গৈছিল
            
    সপোনটো হেৰাই গলেও বতাহৰ পম খেদি খেদি মই ঠিকেই উলিয়াম তোমাৰ ঠিকনা সৰিয়হ ফুল এডৰাৰ মাজৰ এটা লুংলুঙীয়া বাট , নিয়ঁৰে আৱৰি ধৰা দূবৰি বনৰ চুমুক লৈ গৈ আছিলো তোমাৰ সন্ধানত সৰিয়হ ফুলৰ হালধীয়া বোৰে কলে তোমাৰ ঠিকনা আৰু আগলৈ নৈখন পাৰ হলো , বাহনিডৰাক সুধিলো , গহীনতাৰে কলে – যতে আকাশখনে চুইছে গাওঁখনৰ মাটি , সেই গাওঁখনতেই তোমাৰ পজাঁ নুমাই যাব খোজা টিপচাকি এটাক সাক্ষী কৰি তুমি হয়তো গুণগুণাই আছা অপেক্ষাৰ গাণ , হয়তো মোৰেই অপেক্ষাৰ গান চিন্তা নকৰিবা , প্ৰেমৰ বৰষুণে নিতিয়ালে মই ঠিকেই ওলামগৈ তোমাৰ ঠিকনা