Tuesday, September 10, 2013

দেখিছানে বাৰু ...

"দেখিছানে বাৰু মানুহটোৰ কাণ্ড, মই কেনেকৈ বাৰু এইপাতৰ লগাত সংসাৰ কৰি খাম" , শৰ্মানীয়ে বজাৰৰ মোনাকেইটা ভাঁজ কৰি ফ্ৰীজটোৰ ওপৰত থলে । আজি শৰ্মানীক মাতিবই নোৱাৰা হৈ আছে । হবৰে কথা , কাইলে ছোৱালীজনীৰ সৰু বিয়া , দুদিন আগৰে পৰা  ঘৰখন কিবা আলহীৰে ঠাহ খাই আছে । ইফালে গলে যদি জামুগুৰিৰ বাইদেউ তামোল কাটি বহি আছে , সিফালে গলে গহপুৰৰ ডাঙৰ মামীয়ে কাৰোবাক গাখীৰ চাহ এটুপি দিবলৈ ফৰ্মাইছ দিয়েই আছে । কামৰ কাম একো নাই খালী কথাৰ বকলা মেলিছে । ইফালে কিমান যে কাম বাকী , শৰ্মানীয়ে ভাবিলেই কিবা মুৰটো ঘুৰাই যোৱা যেন অনুভৱ কৰে । ছোৱালীজনীৰ সৰু বিয়া , কম কথানে , প্ৰায় আঢ়ৈশমান মানুহৰ যোগাৰ - ৰাবাৰ বাগানৰ পৰা পাচলিৰ বজাৰ , ৰহমান বেপাৰীক মাছৰ এডভাঞ্চ দিয়া , গধূলীবজাৰৰ পৰা ভাল ভাল চাই তামোল পানৰ গুছিটো , থাপাৰ হোটলৰ মিঠাইৰ টিং দুটা আৰূ দৈ - কিমান যে বজাৰ বাকী আছেই ।

শৰ্মানীয়ে বহুদিনৰ পৰা বকি বকি শৰ্মাক অফিছৰ পৰা তিনিদিনৰ ছুটী লোৱালে । এনেই বেংকত কাম বুলিলে শৰ্মাৰ বৰ এটা তাগিদা নাই । মন গলেই কৰে, নগলে নকৰে । খোলা খুলি হিচাপ , কাৰো পৰা টকা এটা খাইও পোৱা নাই , কাকো ট্কা  এটা এনেই দিয়াও নাই । বৰবাবুই শৰ্মাক বৰা পছণ্ড কৰে । ছুটীৰ কথা কওতে একে আষাৰেই মান্তি হল । শৰ্মানীয়ে ভাবিলে , "ৰক্ষা দেও , বজাৰ খিনি অন্তত ঠিকে ঠাকে হৈ যাব " কিন্তু কি ঠিক হব, ৰাতিপুৱা সাত বজাতে মানুহটোক চাহ টুপী দি কলে ," আপুনি সোন্কালে গাটো ধুই বজাৰ খিনি অতাওক , প্ৰথমে মাছ বেপাৰী, তাৰ পাছ্ত তামোল পান , তাৰ পাছ্ত থাপাক মিঠাই আৰু দৈৰ অৰ্ডাৰতো দিব । থাপাক কৈ দিব দৈত যাতে বেছি পানী নামাৰে , আজিকালি সি বৰ ঠগাব খোজে । পাচলিখিনি একেবাৰে লৈয়েই আহিব । হাফছাৰ্টৰ পকেটত ছিলিপ খন দিলো , জোখমতে আনিব ।'  সেই যে সাত বজাতে শৰ্মানীয়ে কথাখিনি কৈ গ্'ল , এই আঠ বাজি দহ মিনিটলৈকে , শৰ্মা ৰেডী হোৱাই নাই । শৰ্মানীয়ে মাজতে দুবাৰ চকু ফুৰাই গল , এবাৰ মানুহটো কিবা পিন্ধিব দিয়া ধূতিখনকৈ ইফাল সিফাল কৰি চাই আছে , এবাৰত  মানুহটো দাড়ি কাটিবলৈ লৈছে । আয়নাখনত চাই চাই কিবা জীৱনৰ চিন্তা ভবনা নোহোৱাৰ নিছিনাকৈ এডাল এডাল কৈ ফ্ৰেঞ্চ কাট দাড়ি মিলোৱাত ব্যস্ত । তিনিবাৰত শৰ্মানীয়ে "দেখিছানে বাৰু মানুহটোৰ কাণ্ড... " বুলি হুমকি দিয়াতহে শৰ্মাৰ গা লৰিল ।
ন বজাত শৰ্মা  তিনিটা ডাঙৰ মোনা, হাফছাৰ্টৰ পকেটত এখন দীঘল ছিলিপ , পেণ্টৰ পকেটত এখন বান্ধি থোৱা তামোল লৈ ওলাই আহিল । আজি বহুত বজাৰ বাবে স্কুটাৰখন নানিলে , ৰিক্সাকেই লোৱা যাওঁক বুলি আগবাঢ়িল ।

প্ৰথমখিনি শৰ্মা ঠিকেই গ'ল । ভবা মতেই মাছ বজাৰত ৰহমান বেপাৰীৰ কাষ পালেগৈ , ৰহমান দোকানত নাছিল বাবে শৰ্মাই অলপ ৰৈ ৰহমানক নিজে লগ ধৰি ভাল মাছৰ কথা কম বুলি ৰল । তাতেই আকৌ লগ পালে গজেনক, সৰুৰে পৰা একেলগে পঢ়া গজেন । তাৰ লগতে কথা আৰম্ভ । এসময়ত ৰহমান আহিল, কথা হল , টকা দিলে আৰু শৰ্মা তামোল পানৰ বাবে আগবাঢ়িল । চাইকেল ঠেলি ঠেলি গজেনো একেলগে আহি থাকিল । কিমান যে কথা ওলাল , স্কুলৰ ফুটবল খেল , মেটিনী চাবলৈ গৈ চাইকেলে মানুহে নলাত সোমোৱা, প্ৰথমবাৰ লুকাই লুকাই ছাধা খাবলৈ শিকা ।এবাৰ গ'ল কিক মাৰোতে সিটো পাৰ্টীৰ গ'ল বক্স পোৱাৰ কথা , কছাৰী গাওঁৰ লগত খেলোতে চাৰিটা ৰেড কাৰ্ড খোৱাৰ কথা ।  বেলি আগবাঢ়ি গৈ আছে আৰু লাহে লাহে শৰ্মাৰ ছিলিপৰ নামবোৰত এটা এটাকৈ টিক হৈ গৈ আছে । যিমানেই মোনাৰ ওজন বাঢ়ি আহিছে ,কথাৰ ৰসো সমানে আগবাঢ়ি গৈ আছে । থাপাৰ হোটেলত মিঠাইৰ অৰ্ডাৰ দিয়ালৈ প্ৰায় দেৰ বাজিল । ভালকৈ বহি দুই বন্ধুয়ে চাহ আৰু গজা খালে । শৰ্মাই মাজতে এবাৰ ছিলিপখন উলিয়ালে আৰু কি কি বাকী থাকিল জুকিয়াই ললে । নাই পাচলিখিনি বাদ দি সকলো হ'ল । গজেনেই কলে , বৰ্ডিং ফিল্ডৰ কাষৰ বজাৰখনতেই অলপ কমত পাচলি পাব । কথা মতেই কাম । পাচলিৰ বজাৰত লিষ্ট মতে কিনি গৈছে , বন্ধাকবি, আলু , ৰঙালাও, পটল , তেজপাত, শুকান জলকীয়া ইত্যাদি । ইতিমধ্যে তিনিটা মোনাৰ ওপৰিও আৰু বস্তু গোট খাইছে । যেতিয়া ছিলিপখনৰ শেষ আইটেম পাপৰৰ পেকেটটোত টিক মাৰি ছিলিপ খন ওলোটাই আৰু কিবা ৰৈ গল নেকি চালে, তেতিয়াহে গণ্ডগোলতো লাগিল ।

শৰ্মাই এবাৰ ছিলিপখন চালে , এবাৰ গজেনৰ মুখলৈ চালে । গজেনে আকৌ কি ঘট্না বুলি ছিলিপখন হাতত ললে । সিও এবাৰ শৰ্মাৰ মুখলৈ এবাৰ ঘড়ীটোলৈ চালে ।কিবা চকুৱে চকুৱে ইংগিত দিয়াৰ লেখীয়া হ'ল ।  চাৰিটাই বাজিল্, দেৰী হৈছে যদিও এতিয়াও সময় আছে । শৰ্মাই বিনোদ দোকানীক কলে ," হেৰা বিনোদ্, এই মোনাকেইটা অলপ ইয়াতেই থলো দেই । অকণমান চাবা , আমি সাউতকৈ যাম্, সাউতকৈ আহিম ।" বিনোদ দোকানীয়ে হব বাৰু বুলি কোৱালৈ শৰ্মা আৰু গজেন নৰলেই । গ'ল যে গ'লেই , দহ মিনিট হ'ল, বিশ মিনিট হ'ল, মানুহ নাই , একঘণ্টা হ'ল কাৰো দেখাদেখি নাই।

প্ৰায় সাতমান বজাত শৰ্মা আৰু গজেন ঘৰ সোমালহি । তেতিয়াও শৰ্মাই কৈ আছিল  কছাৰী গাওঁৰ ৰেড কাৰ্ডৰ কথা । ৰেফাৰীয়ে কেনেকৈ পকেটৰ পৰা ইখনৰ পিছত সিখন কাৰ্ড উলিয়াই দেখুৱাবলৈ পকেটত হাত দিওতে দোকানৰ ছিলিপখন ওলাল । তেতিয়াহে শৰ্মাৰ মাত হেৰাল , বজাৰৰ মোনা , পাচলি , তামোল পান সোপাকে বিনোদৰ দোকানত এৰি থৈ আহিল । শৰ্মানী সিমানতেই ভিতৰৰ পৰা ওলাই আহিল , শৰ্মাই যিমান পাৰে সিমান মিঠাকৈ কলে ," হেৰা মই সাউতকৈ আহো ৰবা । " শৰ্মানীয়ে থপিয়াই ছিলিপখন হাতত ল'লে আৰু  কলে , "  হব , আৰু কলৈকো গৈ দেখুৱাব নালাগে । বিনোদে দোকানৰ ল'ৰাটো পঠিয়াই সকলো দি গৈছে । ইমান কেয়াৰলেছ মানুহৰ লগত কোনে সংসাৰ কৰে বাৰু ।" শৰ্মাই নহয় মানে , আমি মানে কৰি থাকোতে শৰ্মানী ভিতৰ পালেগৈ ।

শৰ্মানীৰ আৰু একো শুনিবলৈ মন নাই , কলৈ গৈছিল , কিয় গৈছিল । খঙৰ ভমকত ছিলিপখন ফালি পেলাবলৈ লওতেহে শৰ্মানীয়ে দেখিলে , ছিলিপৰ ওলটা পিঠিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা কেইটা , " প্ৰীতি ফুটবল খেল প্ৰতিযোগিতা , পাৰ্বতী নগৰ উদয়ন সংঘ বনাম কছাৰী গাওঁ স্পৰ্ট ক্লাব , বৰ্ডিঙ ফিল্ড.. "

শৰ্মানীক আৰু একো ব্যাখা কৰাৰ প্ৰয়োজন নহল ।




Saturday, July 27, 2013

ছুটকেছ

মহীকান্ত একেবাৰে উৰি অহাদি আহিল , যেনিবা সি তাৰ কেৰেয়া নথকা চাইকেলখন নহয় স্কুটাৰ চলাইহে আহিছে । কেকুৰীটো পাৰ পাওঁতে সি একপ্ৰকাৰ পৰিছিলেই, এখন ভৰিত ভেজাদি কোনোমতে নপৰাকৈ ঘৰ পালেহি  । জপনাখন আধা খোলা কৰিয়েই সি ঘৰ সোমালহি । মাকে ভিতৰৰ পৰা বকি উঠিল , ' কিমানবাৰ ক'লো জপনাখন মাৰি ঘৰ সোমাবলৈ , সদায় সদায় একেই কাণ্ড । হৰিহতৰ ছাগলীজনী সোমায়হিহে লাগে । ' 'তই একেখন ৰেকৰ্ডকে বজাই নাথাকিবি বৌটি , আজি মোৰ বহুত ইম্পটেন কাম আছে ।'  মহীকান্তৰ কিবা ইম্পটেন কাম আছে বুলি যাদৱৰ  দোকানৰ সন্মুখত বহি থকা ল'ৰা কেইটায়ো বুজিছিল । সি দোকানৰ আগেৰে চাইকেল উৰুৱাই আহোতে , কোনোবা দুটামানে কিবা এটা চিঞঁৰি কৈছিল , কিন্তু তাৰ সেইবোৰ শুনিবলৈ আজি সময় নাই । কোনোবা এটাই আকৌ তাৰ ইম্পটেন কামটো কিবা পেট বেয়া হোৱা জাতীয় বুলিহে ভাবিছিল ।
 দেউৰী গাওঁৰ পৰা এই দুমাইল বাট সি সচাকৈ উৰিয়েই আহিছিল , মাজত মাথো এবাৰ ৰামধন মহৰীৰ ঘৰৰ নঙলাত ৰৈছিল । মহৰীৰ ঘৰৰ ভিতৰৰ ফালে কিবা এটা চোৱাৰ উমান কৰি সি আকৌ তাৰ ৰেলী চাইকেলখন উৰুৱাই দিছিল । সাজ প্ৰায় লাগিছিলেই । মহীকান্তই পুখুৰীৰ পানী দুবাল্টিমান তুলি ঘঁহি ঘঁহি গাটো ধুলে , গোসাই থাপনাত কিবাকিবি প্ৰাৰ্থনা মাতি সেৱাও ল'লে । মাকে কিবা কণা গোসায়ে ল'ৰাটোক সুমতি দিয়া বুলি ভাবিবলৈ আৰম্ভ কৰিছিল ।  তাৰ বিছনাখনত পাৰি  থোৱা আগদিনা মাকে ধুই বিছনা চাদৰখন তুলি সি মাকক ক'লে , 'বৌটি ইমান লেতেৰা চাদৰখন কেলেই পাৰি থৈছ , ধুই থোৱা বিছনা চাদৰ নাই নেকি ? ' মাকেও ভাবিলে ইমান ডাঙৰ কি ইম্পটেন কাম আছে বাৰু ।

মহীকান্তই ৰাতিপুৱাতে ভালকৈ জাপি গাৰুৰ তলত থোৱা কাপোৰযোৰ উলিয়ালে , যোৱা সপ্তাহত কিনি থোৱা কুৰিটকাৰ ছেণ্টৰ বটলতো এবাৰ শুঙি চালে আৰু দুছিটামান মাৰিম বুলি ভাবি থমকি ৰ'ল , 'এহ , অলপ পিছত মাৰিম ।' সি আকৌ চিন্তা কৰিলে , 'সকলো ঠিকে ঠাকে হৈ যাবতো ?নাই নাই, ঠিক হ'বই, দেউৰী গাওঁৰ কালী গোসাইৰ নাম আছে । আজিলৈকে সকলো কোনো কামত ফেল হোৱা নাই।ৰজতৰ কামটোও তেওঁহে কৰি দিয়া । আৰু গোসায়ে নিজে গেৰেণ্টী  দিছে । গতিকে ছুটকেছ পায়হিয়ে লাগে ।' যোৱা এটা বছৰে মহীকান্তই যে এই কামটোৰ কাৰণে কি কি কৰা নাই । কিমান বেজ , কিমান জৰাফুকাৰ আশ্ৰয় ললে । কিন্তু এইবাৰ কামটো হবই বুলি তাৰ নিজৰে এটা বিশ্বাস জন্মিছে । কালী গোসাই পৰমাণী গোসাই , কোনোয়ে কয় গোসাই সৰুতে মায়্ঙত আছিল , তাতেই সকলো শিকি অহা ।
দৰ্জাখনৰ ডাংদাল নলগোৱাকৈয়ে থৈছে সি , ছুটকেছটো ডাঙৰ হ'বটো , গতিকে অহা ৰাস্তাটো কিলিয়েৰ কৰি থোৱাই ভাল । মহীয়ে এনেই এবাৰ নঙলা মুখৰ পৰা ঘুৰি আহিল । বৌটিয়েকে ইতিমধ্যে খাই বৈ শুলেই । লাহে লাহে দেৰী হৈছে  সি আকৌ এবাৰ পেলেনিংটো ঠিকে ঠাকে কৰিছিল নে নাই ভাবি চালে ।
প্ৰথমতে তাক ৰামধন মহৰীৰ ঘৰৰ কামকৰা লৰা কনকে  মহৰীৰ জীয়েক সৰুমাইৰ চুলি এডাল আনি তাক দিলে । এই কামটোৱেই সকলোতকৈ টান আছিল আৰু তাৰ বাবে সি কনকক পাচটকা দিব লগা হৈছিল । সি চুলিডাল নি গোসায়ে কোৱাৰ নিচিনাকৈ পোনেই বৰপুখুৰীৰ পানীত ধুই , আগলী কলপাত এখন , গুৱা পান , এখন গামোছা আৰু নগদ তিনিশ এটকা দি গোসাইৰ ঘৰ পালেগৈ । গোসায়ে বহুত কিবাকিবি পুৰণি পুথি উলিয়ালে , প্ৰায় আধাঘণ্টামান মন্ত্ৰ মাতি চুলিডাল তাৰ হাতত দিলে আৰু ক'লে , " তোৰ কাম হৈ যাব , মই মায়্ঙৰ মোহিনীজাল মাৰি দিছো । মাত্ৰ এই চুলিডাল তই ছোৱালীৰ পদুলিমুখত পুতি থবি আৰু যদি ধ্যান ৰাখিবি যাতে তাই চুলিডাল পুতি থোৱা ঠাইখিনি আজি দিনটোৰ ভিতৰত গছকে । ৰাতিলৈকে ছোৱালী তোৰ ঘৰত ছুটকেছ লৈ হাজিৰ হ'ব ।মই গেৰেণ্টী দিলো ।'  সৰুমাইয়ে একো নজনাকৈয়ে সিহঁতৰ বকুলজোপাৰ তলত চুলি পুতি থোৱা ঠাইডোখৰ গছকি যোৱা সি নিজেই দেখিছে । মানে পেলেনিংটো পুৰা হৈছেই ।  মহীয়ে তাইক খোলাখুলিকৈ ভালপোৱাৰ কথা কব নোৱাৰিলে কি হ'ল, গোসায়ে চব ঠিক কৰি দিছে ।
মহীয়ে এইবাৰ ছেণ্টৰ বট্লটো আকৌ উলিয়ালে আৰু কাণ দুখন সজাগ কৰি ছুটকেছ অহালৈ বাট চাই থাকিল । ইপিনে মহৰীৰ ঘৰত সৰুমাই টোপনিত লালকাল ।

Tuesday, July 23, 2013

তালিবানী সাঁতোৰ

'এহ তই কলেই হ'বনে , আমাৰ জিতুৱে আগৰে পৰাই সাতুৰিব জানে । সৰুতেই সি আমাৰ বাৰীৰ পুখুৰীতো ইপাৰ সিপাৰ মাৰিছিল ।' আচলতে জিতুয়ে সাতুৰিব জনাটো সচা কথা , কিন্তু তাৰ বায়েকে যিটো পুখুৰীৰ কথা ক'লে সেইটো আচলতে সৰু এটা খালহে আছিল । জিতুৰ দেউতাকে ঠাণ্ডাৰ দিনবোৰত চোতালত মাটি পেলাবলৈ খান্দোতে খান্দোতে সেইটো খালৰ জন্ম । সৰুতে এবাৰ গৰমৰ বন্ধত মই , জিতু আৰু ৰতন সিহঁতৰ বাৰীৰ পিছফালে বৰশী বাবলৈ বৰলৰ টোপ বিচাৰি গৈছিলো । বৰলৰ টোপেৰে বৰশী টোৱালে যে ডাঙৰ মাছ লাগিবই সেইটো পিছে খাটাং । খালটোৰ পাৰত থকা গছ এজোপাতে ৰতনে বৰলৰ বাহ এখন দেখিলে । কেনেকৈ পৰা যায় সেইটো এটা ডাঙৰ সমস্যা । জিতুই অভিজ্ঞতাৰে মাত লগালে , ' তহঁতে একো নেজান । এইখন দিনকণা বৰলৰ বাহ ।দিনকণা বৰলে দিনত একো নেদেখে , শিলগুটি দুটামান মাৰিলেই হ'ল , বাহ মাটিত , দিনকণাবোৰে আমাক দেখাই নাপাব । কাম ফিনিছ ।'  আমি জিতুৰ সাধাৰণ জ্ঞান দেখি তবধ মানিলো , আৰু ডাঙৰ মাছ ধৰাৰ আশাৰে শিলগুটি মৰাত ব্যস্ত হলো । ৰতনৰ এটা শিলগুটি জেগাত পৰিল আৰু গোটেই বৰলৰ বাঁহখন তলত পৰিল । জিতু নিশ্চিন্ত মনেৰে বাহখন আনিবলৈ আগবাঢ়ি গ'ল । কিন্তু গছৰ ওপৰৰ বৰলৰ বাহ যে দেখিলেই চিনি পোৱা টান আৰু বাহ ভগা বৰল দিনকণা হলেও যে ভাঙোতা জনক সুদাই নেৰে আমাৰ কোনো অনুমান নাছিল । গোটেই জাক বৰলে জিতুক যিটো খেদা দিলে , উপায় নাপাই জিতু খালৰ পানীৰ আশ্ৰয় ললে । বৰলৰ কামোৰ খাই সি একেবাৰতে খালৰ ইটো পাৰ পালেহি ।আমি পিছে ঘৰত মাৰ খোৱাৰ ভয়ত বৰলৰ বাহৰ কথাটো ঘৰত নকলো যদিও , সাতোৰৰ কথাটো চবকে কলো । পিছ্ত এই ঘটনাটোৱেই জিতুক সাতুৰিব জনা আৰু একেবাৰতে পুখুৰী ইপাৰ সিপাৰ মাৰিব পৰা বুলি সাক্ষী হৈ ৰ'ল ।
তাৰ পিছত বহুত বছৰ পানীৰ লগত গা ধোৱা আৰু খোৱা আদিৰ বাহিৰে বেলেগ মিতিৰালি নাই ।আজিকালি জিতু দিল্লিত চাকৰি কৰে । সেইদিনা ঘপকৈ তাৰ  ৰুমমেটে কলে বোলো সাতোঁৰ ক্লাছ জইন কৰো , বডীটো ফিট হৈ থাকিব ।জিতুৱে লগে লগেই কলে , ' অ ঠিক আছে  মই সৰুৰে পৰা সাতুৰিব জানো , আগৰে পৰা পুখুৰী ইপাৰ সিপাৰ মাৰি আহিছো , তোকো শিকাই দিম । ' প্ৰথম দিনা দুই গুৰু শিষ্য ছুইমিং পুল পালেগৈ । বন্দবস্ত , প্ৰথমে জিতুৱে সাতুৰি দেখুৱাব , ৰুমমেটে ভালকৈ চাই ল'ব । তাৰ পিছ্ত জিতুৱে তাক টেকনিকটো কৈ দিব । কথা মতে কাম , জিতুৱে দীঘলকৈ উশাহলৈ সাতোঁৰ আৰম্ভ কৰিলে । প্ৰথম পাচ মিটাৰ মান ঠিকেই গ'ল , তাৰ পিছৰ খিনি যাওঁতে জিতুৱে ইমানেই হাত ভৰি মাৰিলে যে গোটেই ছুইমিং পুলটোত সৰুসুৰা ছুনামিৰ সৃষ্টি হ'ল । তথাপিতো জিতুৱে কিবা কিবিকৈ সিটো পাৰ পালে আৰু ৰুমমেটলৈ চাই এটা বিজয়ৰ হাঁহি মাৰি সুধিলে ," কেনেকুৱা ? ' ৰুমমেটে তপৰাই মাত দিলে ," ঠিকেই আছিল , পিছে এনেকুৱা লাগিল যেন কিবা এখন যুদ্ধ চলি আছে , চাৰিওপিনে গুলীয়া গুলি আৰু তোক কোৱা হৈছে ভাগ বেটা ভাগ , নহ'লে গুলিয়াই দিম । তোৰ সাতোঁৰতো কিবা তালিবানী সাতোৰৰ লেখীয়া হৈছে ।'

এই খিনি কথাকে মৈ জিতুৰ বায়েকক কওঁতে তাই ক'লে ,'এহ তই কলেই হ'বনে , আমাৰ জিতুৱে আগৰে পৰাই সাতুৰিব জানে । সৰুতেই সি আমাৰ বাৰীৰ পুখুৰীতো ইপাৰ সিপাৰ মাৰিছিল ' , পিছে আমিহে জানো সেই সাঁতোৰৰ ৰহস্য । ....

Friday, June 21, 2013

The fourth one

“No, I can’t stay any longer in this house. I will leave to my mothers today itself” , the lady kept packing her bag while her hands and her tears were rolling at the same pace.  The man with his last and desperate attempt to prove innocence said,” Why don’t you try to understand, there is no such thing? Are you not ashamed of thinking such nuisance of me at this age?”  The lady flew over like an arrow and shouted at the top of her voice,” Oh ho, now I should be ashamed of thinking of it itself while you should not be for doing it. You think I don’t know about the affair you had before marriage. I am sure that the fourth one is from her only.” She kept fuming like anything. The man couldn't stand the mere utterance of the word affair and cursed her, “Go wherever you want to go , be it your mothers , fathers or hell. Just leave”. Ahmed, who could hear all these shouting and cursing from the road asked the neighbor,“Arrey Masterji , what’s the matter with the couple ?” Masterji , with his wit full smile said , “ The man lost the elections this time again . But surprisingly he got four votes instead of three that he used to get from his three family members. The lady suspects, the fourth one came from his affair before the marriage. That’s what the fight is for!”

Thursday, June 20, 2013

চাৰি নম্বৰটো কাৰ ?

'অ' মই আৰু  এইখন ঘৰত নাথাকো , আজিয়েই মাৰ ঘৰলৈ যামগৈ ।' বৰুৱানীয়ে কৈও আছে কাপোৰৰ বেগটো বান্ধিও আছে, চকুৰ পানী আৰু হাতৰ কাম সমানে চলি আছে । বৰুৱাই শেষবাৰৰ বাবে ক'লে ," হেৰা বুজিবলৈ চেষ্টা নকৰা কিয় , তেনেকুৱা একো কথা নাই । এইটো বয়সত বাৰু এইবোৰ কথা ভাবিবলৈ তোমাৰ লাজ নালাগিলনে ?" বৰুৱানীয়ে শৰপাতৰ লেখীয়াকৈ উৰি আহিল আৰু দুগুণ জোৰেৰে চিঞঁৰি উঠিল ," মোৰ ভাবিবলৈও লাজ লাগিব লাগে আৰু নিজৰ হ'লে লেটিপেটিবোৰ কৰিবলৈও লাজ নালাগে । জানো নহয় বিয়াৰ আগৰজনীৰ কথা , চাৰি নম্বৰটো তাইৰেই হ'ব ।" বৰুৱাই চিঞঁৰিলে , " মাৰৰ ঘৰলৈ যাৱ , বাপেৰৰ ঘৰলৈ , জহন্নামে যাৱ  গৈ থাক ।" ইমানপৰে ৰাস্তাৰ পৰা শুনি থকা ৰামধনে কাষৰ হৰি মাষ্টৰক সুধিলে ," কথাটো কিহে মাষ্টৰ ?" হৰি মাষ্টৰে ক'লে ," বৰুৱা এইবাৰো ইলেকচনত হাৰিলে , কিন্তু এইবাৰ ঘৰৰ পৰিয়াল তিনিটা বাদ দিও আৰু এটা ভোট পালে । বৰুৱানীৰ সন্দেহ চাৰি নম্বৰটো বৰুৱাৰ বিয়াৰ আগৰ লেটিপেটিজনীৰ , সেয়ে মহাৰণ"

Monday, June 17, 2013

চূণ চাধা চুণ ...

আমাৰ মাজৰ বহুতেই জীৱনৰ এটা সময় হোষ্টেলত কটাই আহিছে । হোষ্টলৰ কথাই সুকীয়া । লগে ভাগে থকা কথা , সকলোবোৰৰ নিজৰ নিজৰ লাগে । নিজৰ বস্তু , পৰৰ বস্তু কোনো চিন চাব নাই । চব একাকাৰ । একেটা টুথপেষ্ট , একেটা  অল আউট , একেটা ছাৰ্ট , একেযোৰ হাৱাই  - কিমানে যে ব্যৱহাৰ কৰিলে , কোনো ঠিকনা নাই । শেষত গৈ গৈ কোনো এটা বস্তুৰ মালিক কোন আছিল ভাবিব লগাত পৰে । বস্তুবোৰৰ পৰিছয় নোহোৱা হোৱাৰ ওপৰিও  আন এটা পৰিচয় হোষ্টেলত সোমোৱাৰ পিছত নোহোৱা হয় । সেইটো হৈছে নিজৰ নাম । নিজৰ নাম এৰি উপনাম এটা পৰিবলৈ বৰ বেছিদিন নালাগে , আচলতে কিছু কিছু ক্ষেত্ৰত এদিনো নালাগে । আমাৰ লগৰ এটাই হল্ডল আৰু বেগটো ৰিক্সাৰ পৰা নমাই হোস্টেলৰ চিৰিত থৈ ক'লে অ মাই গড , কোনে জানো শুনিলে , তাৰ নাম আজিও মাইগড ।
সাধাৰণতে এই উপনামবোৰ মানুহজনৰ একোটা চাৰিত্ৰিক বৈশিষ্টৰ ওপৰত ৰখা হয় ।  একেটা চৰিত্ৰৰ ওপৰত ভিত্তি কৰি  বেলেগ বেলেগ ধৰণৰ নামকৰণ হ'ব পাৰে । ওখ হ'লে তাৰ নাম তামোল , জখলা , খুটি , প'ল ভল্ট ইত্যাদি ইত্যাদি । এটা ওলাল ওখৰ লগতে অলপ খঙাল ,  তাৰ নামকৰণ হ'ল ৰাইফল । চুটি চাপৰ আৰু খুব জোশ থকা ল'ৰা , সি হেনো ছানী দেউলৰ ভায়েক মিনি দেউল, তাৰ অন্য নাম হাফ পেডেল , নেনো , পোণাকণ । কিছুমান নাম আকৌ কোনো এটা কাম কৰিব পৰা সামৰ্থ্যৰ ওপৰত নিৰ্ভৰশীল - যেনে ৰঙাপানী খোৱাৰ ক্ষমতা । কিবা ৰিখটাৰ স্কেলৰ নিচিনা  - ক্ষমতা বঢ়াৰ লগে লগে নামো সলনি হৈ গৈ থাকে । বটল, টেকেলি, টেংকি ইত্যাদি হৈ হৈ ক্ৰ্মান্বয়ে এসময়ত কুৱা নামেৰে জনাজাত হয় । কুৱাৰ সমান ৰঙা পানী খাব পৰা দ্বিতীয়জন আমি নাই বুলিয়েই ভাবিছিলো । কিন্তু আমাক আচৰিত কৰি এদিন আৰু এজন মহান ব্যক্তিত্বৰ আৱিৰ্ভাৱ হ'ল। তেখেতে পানিটুপী ধৰি থাকে , মাজে মাজে সৰুপানী চুই আহি আকৌ পানী ধৰেহি । কিমান সোমাইছে কিমান ওলাইছে , কিন্তু একো এফেক্ট নাই - ইটো কুৱাতকৈও এখোপ চৰা। বহুদিন ভাবি চিন্তি তেখেতকো নাম দিয়া হ'ল কালভাৰ্ট । কেতিয়াবা আকৌ একে চৰিত্ৰৰ দুজন তিনিজন একেটা হোষ্টলতে বসবাস কৰে , তেতিয়া সিহতৰ নামৰ আগত বিভিন্ন বিশেষণ নিজে নিজে যোগ হয় । যেনে - গাহুকাই, ছোটা গাহু ,  বগা বামুণ বি বি , ক্'লা বামুণ কে বি । কেতিয়াবা আকৌ  এটাৰ নাম পৰিল ছাণ্টা সিং , তাৰ ৰুমমেটৰো একেই বিশেষত্ব , তাৰ নাম পৰিল বাণ্টা সিং । ছাণ্টা বান্টাৰ ৰুমত যেতিয়া আৰু এজন প্ৰাণী থাকিবলৈ দিয়া হ'ল তেতিয়াহে লেঠা লাগিল । তৃতীয়জনৰ চৰিত্ৰ সম্পুৰ্ন বিপৰীত ,ৰুমৰ বাকী দুজনৰ নিচিনা নাম ৰাখিব নোৱাৰি । গতিকে তাৰ নাম দিয়া হ'ল ডট কম । জুনিয়ৰবোৰক খুবকৈ কোৱা হ'ল ছাণ্টা বাণ্টা ডট কমৰ পৰা ইটো লৈ আন সিটো লৈ আন । এই উপনামবোৰ ইমানেই ব্যৱহাৰ হয় যে বহুতৰ আচল নাম পাহৰিয়েই যোৱাৰ উপক্ৰম হয় । কেতিয়াবা আকৌ এনে এটা অৱস্থা আহে যে নিজৰ আচল নামেৰে মাতিলেহে কিবা আচহুৱা লাগে । মোৰ মনত থকা আৰু কিছুমান নাম -- ওখ পাখ একেবাৰে বগা ল'ৰা যাৰ নাম বগা ভুত , হালধীয়া বেৰীয়া দাত এটাৰে গল্ডী , কেকোৰা চুলিৰে ভেৰা , খীণ মীণ চেহেৰাৰ জকা ইত্যাদি । মোৰ সকলোতকৈ ভাল লগা নামটোৰ আকৌ কথাই সুকীয়া ।
তিনিটা ল'ৰা প্ৰায়ে একেলগে ঘুৰে । এটা বগা অলপ লিডাৰৰ নিচিনা , বাকী দুটা অলপ ক'লা । লিডাৰ প্ৰায়ে মাজত থাকে আৰু বাকী দুটাই বডীগাৰ্ডৰ নিচিনাকৈ দুয়োকাষে ঘুৰে । এদিন তিনিওটা একেলগে পাৰ হৈ যাওঁতে কাৰোবাৰ ৰুমত এটা পুৰণি গান বাজি আছিল , " সুন চাবা সুণ , প্যাৰ কে ধুন্দ ..." কোনোবা পণ্ডিত এজনে তিনিওকে দেখি নামকৰণ কৰিয়েই দিলে " চুন চাধা চুণ , একেবাৰে চাধা টেমাটোৰ লেখীয়াকৈ কলৈ যাৱ "
মানুহৰ চৰিত্ৰবোৰ সলনি হয় , কিন্তু নাম একেই থাকে । কালভাৰ্টে হেনো আজিকালি তামোলো নাখায় , চুন চাধা চুনৰ আজিকালি মাতবোলো নাই , গল্ডীৰ বেৰীয়া দাত্টো বাইকৰ খুন্দাত ভাঙি থাকিল । কিন্তু নামবোৰ এতিয়াও একেই আছে । আপোনাৰ বাৰু কি উপনাম আছিল ??

Sunday, June 16, 2013

ওস্তাদি

ৰাজুৱে সদায় ওস্তাদি মৰা কথা কয় । তাৰ আগত মুঠতে কিবা এটা কলেই হল - সি চব জানে আৰু চব কৰিবও পাৰে । প্ৰায়বোৰে ক্ষেত্ৰতে সি পিছে কোৱা কামটো কৰিবলৈ সাহস কৰে । স্কুলত হেদমাষ্টৰৰ স্কুটাৰৰ টায়াৰ কটা কামটোৱেই হওঁক বা ৰূপহী হলত ব্লেকত টিকেট বেছা কামটোৱেই হওঁক , যিমানেই চেলেঞ্জ বাঢ়ি যায় তিমানেই ৰাজুৰ ওস্তাদি বাঢ়ি যায় । গতিকে ৰাজুৰ ডিমাণ্ড আমাৰ বন্ধুমহলত বেছি । তাৰ কাৰণেই সৰু টাউনখনত আমাৰ গ্ৰুপটোৰ নাম  তেলখোৱা গ্ৰুপ বুলি জনাজাত । তেলখোৱাৰ মানেতো হল বাঘৰ আগতেল খোৱা গ্ৰুপ । এই ৰাজুক লৈয়েই আমাৰ স্কুলৰ দিনবোৰৰ ঘটনাবোৰ সজীৱ হৈ উঠিছিল ।
আমি মেট্ৰিক দি উঠিছো আৰু । তিনিমাহলৈ ৰিজাল্ট নাই মানে ছুটী। কিমান যে প্লেনিং - মই কুংফু আৰু গীটাৰ শিকা কথা , বিতুৱে আকৌ তিনিমাহলৈ আৰু চাইনবৰ্ডো নপঢ়া কথা , জ্যোতিৱে জিমত নাম লগোৱা আৰু বাইক চলাবলৈ শিকা কথা । ৰাজুৰো নতুন প্লেনিং এই তিনিমাহত সি বাঘৰ পোৱালি এটা পুহিবলৈ অনা কথা । তাৰ দেউতাক ফৰেষ্টত চাকৰি কৰে , গতিকে সি তিনিমাহত কিবা এটা অঘটন ঘটাব বুলি আমি খাটাং । আবেলি গোটেইবোৰ লগা হওঁ ফিল্ডত । প্ৰথমে ক্ৰিকেট , তাৰ পিছত আড্ডা । সকলোৰে প্লেনিংবোৰৰ খবৰ লওঁ । মুঠতে বিতুৰ ছাইনবৰ্ডও নপঢ়াৰ প্লেনিংটোৰ বাহিৰে বাকী কাৰো ইমান ভাল অৱস্থা নাছিল । ৰাজুৰ প্লেনিংটোৰ কথা সুধিলে গহীনাই কয়," মোৰ হৈ যাব , তহতৰহে কাম নাই , চব মুখৰ কথা কামত একো নাই ।" তহতৰ কাম নাই বুলি কওঁতেই এদিন জ্যোতিৰ টেমা গৰম হ'ল ," তয়ে কছোন তোৰ কিমান কাম আছে । মই এটা কাম দিম কৰিব পাৰিবি ?পাৰিলে মোৰ পৰা দুশ টকা আৰু নোৱাৰিলে কিন্তু আজিৰ পৰা তোৰ ওস্তাদি নচলিব ।বাজী ?"  টকাৰ কথা শুনি আমাৰ চকু কপালত । ৰাজুও এৰি দিয়া ভকত নহয়, একেকোবেই কৈ দিলে ," হৈ য়াব । তহঁতে চাব খুজিছতো মই কি বস্তু , দেখুৱাই দিম।কি কাম ক আৰু কেতিয়া কৰিব লাগে ক ?" মই , বিতু আৰু দিপু আজি কিবা নতুন ঘটনা পাম বুলি বৰ আশাৰে মুখ মেলি চাই আছো । দুশ টকাৰ কথা আছে ভাই , নিশ্চয় কিবা ডাঙৰ প্লেনিং আছে ।জ্যোতিৰ মাষ্টাৰ মাইণ্ডৰ প্লেনিং , " টাউনৰ মেইন ৰোডত তই লেংটা হৈ দৌৰিব পাৰিবি ?" ৰাজুৱে দুইমিনিট মান চিন্তা কৰিলে আৰু ক'লে ," ও, হৈ যাব । কিন্তু তহতে কাৰো আগত ক'ব নোৱাৰিবি । আৰু মোক কিন্তু দৌৰ শেষ হোৱাৰ লগে লগে টকাটো দিব লাগিব । " ৰাজুৱে একেবাৰে হা বুলি কোৱাত আমাৰ মাষ্টাৰ মাইণ্ড জ্যোতিৰ অলপ টেনশন হ'ল । আকৌ এপাত ব্ৰহ্মাস্ত্ৰ নিক্ষেপ । " টকা পাবি , কিন্তু দৌৰ আমাৰ মতে হ'ব লাগিব । চৰ্ত হ'ল , দৌৰৰ ঠাই আৰু সময় আমি ঠিক কৰিম ।" সেই আবেলিটোৰ পিছত আমাৰ মাষ্টাৰ মাইণ্ড আৰু আমি বহুদিন প্লেনিং কৰি কৰি অৱশেষত এটা দেওবাৰে ৰাজুক ফাণ্ডত পেলাব পৰা সুযোগতো পালো । ৰাজুক মতাই অনা হ'ল আৰু টাৰগেট দিয়া হ'ল । " ৰূপহী হলত যৌৱনে আমনি কৰে চলি আছে । আবেলিৰ শ্ব'টো শেষ হয় পাচটাত ।আজি পাচ বজাত তই ৰেডী হৈ থাকিব লাগিব আৰু গোটেই মানুহবোৰ ওলোৱাৰ পাছ্ত তই মানুহবোৰৰ মাজেদি লেংটা হৈ দৌৰিব লাগিব । দৌৰ হলৰ পৰা আৰম্ভ হৈ বজাৰৰ ৰাস্তাৰ মাজেদি আহি স্টেট বেংকৰ কাষত শেষ হ'ব লাগিব । আৰু তই কাম শেষ কৰিলে দুশ নহ্য় পাচশ টকা পাবি ।" প্লেনিং ভাল হোৱা দেখি মই , বিতু আৰু দীপুও এশ এশ টকা যোগ দিলো । ৰাজুৰ মুখত তেতিয়াও এটা দুষ্ট হাঁহি লাগি আছিল । তাৰ হাঁহি দেখি বাকীবোৰৰ কথা নাজানো , মোৰ কিন্তু এশ টকা পানীত পৰিল পৰিল ভাৱ এটা আহি  গৈছিল । মাষ্টাৰ মাইণ্ড কিন্তু খাটাং যে ৰাজুৱে এইবাৰ নোৱাৰিব । এনেয়ে যৌৱনে আমনি কৰিব চাবলৈ গাওঁৰ পৰাও মানুহ  বাছ ভাৰা কৰি কৰি আহিছে । তাতে আজি দেওবাৰ , হাউছ্ফুল থাকিবই , কিমান যে চিনাকী মানুহ ওলাব । ৰাজু যিমানেই দেমকেয়াৰ হওঁক নিশ্চয় লাজ কৰিব ।
 আবেলি চাৰিমান বজাৰ পৰাই আমি ৰূপহী হলত চাইকেলৰ ওপৰত ভেজা দি ৰেডী । বিতু আহিল্, দীপু , জ্যোতি , মই , আৰু কেইটামান আহিল্, কিন্তু আমাৰ মেইন টাৰগেট ৰাজুৰ দেখা দেখি নাই । চাৰে চাৰি বাজিল, ৰাজু নাই । চাৰিটা পঞ্চাশ , ৰাজু নাই । জ্যোতিয়ে নিজৰ চাৰ্টৰ কলাৰটো দাঙি ক্'লে , " মই জানো নহয় , ৰাজুৰ ওস্তাদি মৰা কথা । আগতেই গম পাওঁ সি নাহে । "  পাচ বজাৰ শ্ব্'ৰ বাবে লাহে লাহে মানুহ গোট খাইছে । আমি বাৰে বাৰে ঘড়ী চাইছো , আৰু নিজৰ নিজৰ টকা বাচি গল বুলি মনে মনে হাঁহিছো ।ঠিক পাচ বাজিছে, আমাৰ চকু মেইন ৰোডলৈ , নাই ৰাজুৰ একো উম ঘাম নাই। হলৰ গেটেৰে মানুহবোৰ ওলাব আৰম্ভ কৰিলে, নাই ৰাজু নাই । আমি নিজৰ চাইকেলবোৰত পেডেল মাৰিব লৈছো আৰু । এনেতে পিছ্ফালৰ পৰা এখন চাইকেল আমাৰ কাষত ৰ'ল  । " চাইকেলখন ধৰ ", বুলি কৈ ৰাজু নামিল এক অদ্ভুত ৰূপত  । তাৰ গাত এখন তাৱেল , মুৰত এটা ক'লা বান্দৰ টুপী । চাইকেল তাতে পেলাই , তাৱেল খুলি ৰাজুৱে গোটেই মানুহবোৰৰ মাজেৰে যিটো দৌৰ দিলে , আমি একো তৰ্কিবই নোৱাৰিলো । আমাৰ মেলা মুখ মেলাতেই থাকিল ।উভতি যোৱা মানুহবোৰ ৰাজুৰ পিছফালটো ভালকৈয়ে দেখিলে । এই বেগত দৌৰিলে ৰাজুৱে এশ মিটাৰ দৌৰত ভাৰতৰ ভিতৰত নহলেও অসমৰ ভিতৰত কিবা এটা প্ৰাইজ পোৱাটো খাটাং । চিনেমা চাই ওলাই অহা মানুহবোৰে কোন পাগাল এইতো , ধৰ তাক ইত্যাদি ইত্যাদি কৰি থাকোতেই ৰাজু গৈ বজাৰ ৰোডৰ আধা পাৰ হ'ল । আমিও চাইকেল পোনাই দিলো । চিনেমা চোৱাবোৰে আমাক উতসাহ দিলে , বেগেতে যা , ধৰ তাক । ইফালে আমিহে গম পাইছো , তাক কি ধৰিম , সিহে আমাক  পাচশ টকা ধৰি থৈ গল ।
 আমি ষ্টেট বেংক পাওগৈ মানে ৰাজু সন্মুখৰ পৰা চাইকেলত ডবল কেৰেয়া কৰি আহি আছিল । কেৰেয়াৰ পিছ্ফালে তাৰ খটাসুৰ ভায়েকটো , হাতৰ মুঠিত এটা ক'লা বান্দৰ টুপী । বেটাই ভায়েকক আগতেই কাপোৰ কানি দি বেংকৰ পানদোকানৰ পিছ্ফালে ৰেডী কৰি থৈছিল । চিনেমা চোৱা মানুহবোৰে ইতিমধ্যে আমাৰ কাষ পালেহি আৰু সুধিলে, ভাইটি পালানে পাগলতোক ? ৰাজুৱে তপৰাই মাত দিলে , "নাই খুড়া , কেনি গল গমকে নাপালো ।" চৰ্ত অনুসৰি আমি সেই পাগলতোযে ৰাজু কাকো ক'ব নোৱাৰিলো ।বহুদিনলৈ আমাৰ পকেটমনিৰ অসুবিধা চলি থাকিল আৰু ৰাজুৰ ওস্তাদিও চলি থাকিল । ৰাজুৰ অন্য এটা ওস্তাদি বাঘ পোৱালি পোহাটো সফল হ'ল নে নাই সেইটো কাহিনী অন্য কেতিয়াবা .....

Wednesday, June 5, 2013

মুৰ্খৰ বাকছ ....

ইণ্ডিয়া দুবছৰ আগতে ৱৰ্ল্ডকাপ জিকাৰ ৰাতিটো ভালকৈয়ে মনত আছে । আচলতে সিদিনাহে মই প্ৰকৃতাৰ্থত মুৰ্খৰ বাকছ এটা দেখিছিলো । গোটেই ছিৰিজটোৱেই বৰ ভাল লগা আছিল । কাপ আৰম্ভণিৰ প্ৰথমতে ইণ্ডিয়া জিকিব বুলি মইতো সপোনতো ভবা নাছিলো ।লাহে লাহে খেল আগুৱাই গ'ল , আমেজটোও বাঢ়ি বাঢ়ি গ'ল । অকল মোৰ আমেজ বঢ়া নহয় , বাকীবোৰৰ আমেজ বাঢ়ি বাঢ়ি গ'ল । সকলোৰে মুখত খালি আজি কোনে কিমান ৰাণ কৰিব, কাক বহুৱাই দিব লাগে , ভাল পেচবলাৰ নাই , তেণ্ডুলকাৰ বুঢ়া হ'ল , ৰাইণাহতে ভাল ফিল্ডিঙ কৰে জাতীয় কথাই চলি আছিল । ছেমি ফাইনেলৰ দিনা দেখিলো অফিছৰ বহুত মানুহেই ছুটীত আছে । কাৰোবাৰ পেট বেয়া , কাৰোবাৰ আলহীক ষ্টেশনত থব লাগে , কাৰোবাৰ মাকৰ চেক আপ আছে জাতীয় ছুটী । ফাইনেল আহিল , উপায় নাই আৰু .কাক কোনে পায় । সকলোবোৰ টিভিৰ আগত । কোনোবাই সৰু টিভি , কোনোবাই কাষৰ ঘৰৰ টিভি , কোনোবাই গলিয়ে গলিয়ে স্ক্ৰীণ টানি প্ৰজেক্টৰত খেল চাইছে । আমি আকৌ চালোগৈ শ্বপিঙ মল এটাৰ ডাঙৰ টিভি এটাত । তাতো মানুহ ভৰপূৰ , কোনোবাই পতাকা উৰুৱাইছে , কোনোবাই পেপা বজাইছে । মুঠতে কি সাংঘাটিক বেপাৰ । খেল খেলিলে , জিকিলেও । চিঞঁৰি চিঞঁৰি ঘৰ পালোহি । ৰাস্তাত মানুহৰ ভিৰ , বিৰ দি বাট নোপোৱা অৱস্থা । কিমান যে বেণ্ড পাৰ্টী, প্ৰচেছ্ন। মই থকা ঠাইডোখৰৰ কেকুঁৰিটোত এটা মন্দিৰ আছে । সৰু মন্দিৰ , সম্পুৰ্ণ খোলা অৱস্থাত আছে । মই কেকুঁৰিটো পাৰ হ'ব লওতে মুৰ্খৰ বাকছটোৰ লগত মোৰ দেখা দেখি হ'ল ।

এজন চল্লিশ বছৰমান বয়সীয়ালোকে এটা টিভি দুহাতেৰে সাৱতি ধৰি কেকো-জেকোকৈ আনি মন্দিৰৰ সন্মুখত থলে , আৰু কিবা এটা উকি মৰাৰ নিছিনা শব্দ কৰি টিভিতোৰ আগত সাষ্টাংগে দীঘল দি পৰিল । পৰিল যি পৰিলেই, উঠাৰ নাম নাই। মোৰ হতবাক হোৱাৰ পাল । ই বেটাই আকৌ কি কৰে । এনেকৈয়ে অলপ সময় যোৱাৰ পাছ্ত দেখিলো , মানুহজনৰ  ঘৈণীয়েক আৰু এজন ভদ্ৰলোক আহিল , মানুহজনক হেচুঁকি চালে ।ঘৈণীয়েকে মানুহটোৰ পিনে এবাৰো নাচাই প্ৰথমতে টিভিটোৰ স্বাস্থ্য পৰীক্ষা কৰিব ধৰিলে । ভদ্ৰলোকে কিবাকিবি ভোৰভোৰাই থাকি আতঁৰি গল আৰু অলপ পিছত দুহাতেৰে পানী অলপ আনি প্ৰণাম কৰি থকাটোৰ মুখত মাৰিলে । অলপ ইকাতি সিকাতি কৰি পৰি থকাটো উঠিল , খুব জোৰেৰে ইণ্ডিয়া ইণ্ডিয়া  বুলি দুবাৰ চিঞঁৰিলে আৰু পিছত অহাজনৰ গাত ভৰ দি কোনোমতে থিয় দিলে । তিনিওজনে অলপ পাছত টিভিতো ডাঙি খোজ ল'লে । প্ৰণাম কৰাজনৰ খোজটোৰ একা বেকা ৰূপ দেখিহে মই ৰহস্যটো ধৰিব পাৰিলো । বেটাই পানী খাই ফিটিঙ , হয়তো মনৰ ফুৰ্তিতে ভগৱান তোকনো আৰু কিহেৰে পুজিম , এই টিভিতোকে দিলো বুলি প্ৰণিপাত কৰিলে । ঘৈণীয়েকে ভাবিছিল ছাগৈ জহনীযোৱাটো যতে মৰে মৰক , মোৰ টিভিটো ভালে ভালে পালেই হ'ল ।

সৰুৰে পৰা শুনি আহিছো টিভিটো মুৰ্খৰ বাকছ । প্ৰকৃততে মুৰ্খৰ বাকছ কিয় বোলে তাৰ বিভিন্ন মত । আগতে মানুহে টিভিটোৰ আগত বহি মুৰ্খৰ দৰে আনে কৰি থ্কা গান-নাচ , চিনেমা- নাটক চায় বাবে মুৰ্খৰ বাকছ বোলে কিজানি । টিভিৰ সিটো পাৰৰ মানুহ বিলাকে যি কৰে সেয়াই সচা যেন লাগে । মোৰ লগৰ এটাৰ আইতাকে টিভিত ৰামায়ণ আৰম্ভ হ'লে আগতে দুহাতেৰে সেৱা এটা কৰি লৈছিল ।আজিকালি মানুহ আকৌ সলনি হ'ল ।আজিকালি টিভিৰ জড়িয়তে পঢ়া - শুনাও হেনো কৰিব পাৰি, ৰন্ধা-বঢ়াও শিকিব পাৰি , দেশ- বিদেশৰ খবৰ লোৱাটো বাৰু বাদেই দিলো ।  সভ্যতা আগ বাঢ়িল , পিছে এতিয়াও কিছুমান ছিৰিয়েলত দেখিব একবাৰে নতুন কাপোৰ, আ-অলংকাৰ পিন্ধি মানুহবোৰ নিজৰ ঘৰতে আলহীৰ দৰে থাকে । আৰু টিভিটোৰ ইটো পাৰে এতিয়াও বহুতে এইবোৰ ৰ লাগি চাই থাকে । মোৰ অনুমান এই যে সাষ্টাংগে  দীঘল দি পৰিল মানুহতো , তাৰ ঘৈণীয়েকেও হয়তো পিছ্দিনা কোনোবা এখন ছিৰিয়ল এনকৈয়ে ৰ লাগি চাব , সেয়েহে প্ৰথমেই টিভিটোৰ পৰীক্ষা নীৰিক্ষা । টিভি আৱিস্কাৰ হোৱা দিনৰে পৰা এনেকুৱা চলি আছে , আগলৈও হয়্তো এনেকুৱাই চলি থাকিব । নামটো ভালেই থৈছে ,"মুৰ্খৰ বাকছ"।  

Tuesday, June 4, 2013

লিছু গছৰ বাদুলী আৰু ভাল লগা চিনেমা...

যোৱাকালি ৰাতিৰ কথা । মোৰ এটা পুৰণি অভ্যাস আছে । প্ৰায়ে কিছুমান নিজৰ ভাল লগা চিনেমা লেপটপটোত কাটি কাটি  চাওঁ । কাটি কাটি চাওঁ মানে যিহেতু ভাল লগা চিনেমা আৰু   তাক বহুবাৰ চোৱা হৈছে গতিকে চিনেমাখনৰ আগ গুৰি চাই নাথাকি পোনেই মনৰ পছন্দ অংশ খিনিলৈ ঢাপলি মেলো ।কেতিয়াবা হিন্দী , কেতিয়াবা পুৰণি অসমীয়া , কেতিয়াবা আকৌ ইংৰাজী চিনমাও চোৱা যায় । আৰু তেনেকৈ চাওঁতে একোখন তিনিঘণ্টীয়া চিনেমা প্ৰায় পোন্ধৰ বিশ মিনিট মানতে ওৰ পৰে ।ঠিক তেনেকুৱা এটা ভাৱেৰেই কালি দুখন চিনেমা একেলগে চাই দিলো । ইংৰাজী চিনেমা, বেছি ভালকৈ বুজি নাপাওঁ , তলত লিখি লিখি দিয়া থাকে আৰু তিনি চাৰি বাৰ মান চাই থোৱা বাবে অলপ অচৰপ বুজিব পাৰো। প্ৰথম চিনেমা খন The Dark Knight Rises আৰু তাৰ পিছে পিছে the Dark Knight । দুয়োখন বেটমেনৰ চিনেমা । বুজিবলৈ উজু , যিহেতু "পৰম শক্তিৱান মানৱ " গতিকে চিনেমাৰ পৰিণতি হোৱালৈ তাৰ জয় আৰু খলনায়কৰ পৰাজয় নিশ্চিত । প্ৰথম খনত এটা মুখা পিন্ধা খলনায়ক আছে, মাতটো কিবা গুহা এটাৰ পৰা ওলাই অহা নিছিনা গলগলীয়া , মই মাতটো ভাল পাওঁ। কিয় ভাল পাওঁ নাজানো , কিনো কিবা এটা ভাল পাওঁ আৰু কাটি কাটি চাওঁতে অকল তাৰ দৃশ্য কেইটাহে চাওঁ ।
ইংৰাজী চিনেমা কৰা মানুহবিলাকে বা চিনেমাৰ কাহিনী লিখা মানুহবিলাকে কিবা অন্যধৰণে চিন্তা কৰে নেকি । কৰ পৰা বাদুলীয়ে আৱৰা কুৱা এটাৰ ওপৰত ভিত্তি কৰি এটা চৰিত্ৰ বনালে আৰু তাৰ ওপৰত কিতাপৰ পিছত কিতাপ , চিনেমাৰ পিছত চিনেমা ওলায়ে আছে । সিহঁতৰ নিজৰ দেশৰ মানুহেতো চাইছেই, আমিও চাবলৈ ভাল পাইছো । কিমান বুজিছো কিমান নাই বুজা পিছৰ কথা । আকৌ কেইদিনমান আগতে একেধৰণে তলত ইংৰাজীবিলাক লিখি দিয়া এখন চিনেমা চাইছিলো Hotel Transylvania  বুলি । তাতেও একেই বাদুলীৰ ওপৰত ভিত্তি কৰি এক নতুন কাহিনী , নতুন চিত্ৰৰূপ । চাই ভালেই লাগে । এইযে বাদুলীৰ নিছিনা প্ৰাণীটো তাৰ ওপৰত ভিত্তি কৰি ইংৰাজী চিনেমা কৰাসকলে , কিতাপ লিখাসকলে ইমান বেলেগ বেলেগ চৰিত্ৰ স্ৰজিলে আৰু সেই চৰিত্ৰবোৰে কিমান যে অজৱ কাণ্ড কৰি দেখুৱালে চাই ভালেই লাগে । আমি পঢ়িছিলো বাদুলী স্তন্যপায়ী জীৱ , কিবা হেনো মুখেৰে শব্দ কৰি সেই শব্দৰ প্ৰতিফলনৰ বাবেহে বাদুলীয়ে দেখা পায় ইত্যাদি ইত্যদি । আমাৰ আইতাৰহতৰ সন্মুখৰ মানুহঘৰৰ এজোপা ডাঙৰ লিছুগছ আছিল । বতৰত একেবাৰে দো খাই লাগে । গোটেই গাওঁত ৰাজেনৰ ঘৰৰ লিছু বুলিলে জনাজাত । কোনোবাই যদি কৰবাৰ পৰা এটা ভাল লিছু খাবলৈ দিয়ে খোৱাজনে এনেয়ে ওস্তাদি মাৰে , এয়া ৰাজেনৰ ঘৰৰ লিছু নহয়নে বুলি । আমি সৰু থাকোতে ভাল লিছু মানে ৰাজেনৰ ঘৰৰ লিছুকে বুজিছিলো । গছজোপাৰ ডাল এটা মাটিৰ পৰা প্ৰায় চাৰি ফুটমান ওপৰত । আমাৰ বাবে সেয়াযে কিমান সুন্দৰ আয়োজন, হাততে ঢুকি পাওঁ আৰু পকা লিছু ছিঙি খাওঁ । আমাৰ লগত সহচৰ হিচাবে থাকে ৰাজেনৰ ডাঙৰ ল'ৰাটো ।আমাতকৈও বেছিকৈ ৰাজেনৰ ঘৰৰ লিছু ভাল পাইছিল হয়তো এই বাদুলীবোৰে । সন্ধিয়া লগাৰ লগে লগে গোটেইখন বাদুলীয়ে ঢপ ঢপাই থাকে । ৰাজেনে আকৌ বাদুলী প্ৰতিৰোধ কৰাৰ বাবে লিছু গছজোপা চাৰিখনমান খেৱালীজালেৰে ঢাকি থয় । কেতিয়াবা দুই  এটা বাদুলী জালত ফছি মৰেও । বাদুলী মৰিলে পিছ্দিনা ওচৰৰ বাগানীয়া চাওঁতালী কেইটামানৰ বৰভোজ । মুঠতে এই ৰাজেন আৰু বাদুলীৰ সংগ্ৰামৰ অন্ত নহয় । আধাখিনি লিছু ৰাজেনে বজাৰত বিকে , কিছুমান জালত নপৰা বাদুলীয়ে খায় আৰু বাকীখিনি ৰাজেনৰ ঘৈণীয়েকৰ চকুৰ আঁতৰ হ'লে আমি চুৰ কৰি খাওঁ । আমি ডাঙৰ হোৱাৰ পিছত কি হ্'ল খবৰ নাপাওঁ । এইবাৰ গাওঁ যাওঁতে গম পালো ৰাজেন মৰা কেইবছৰমান হ্'ল । লিছুজোপা আছে যদিও তাত আৰু লিছু নলগা হ'ল ।ৰাজেনৰ ডাঙৰ ল্'ৰাটোৱে আজিকালি  মদ খাই গধূলি গধূলি বৰকৈ চিঞঁৰে ।
   এইযে ৰাজেনৰ লিছু খোৱা বাদুলীবোৰ , আমি ইংৰাজী চিনেমাত দেখাবোৰৰ নিচিনাইতো । কোনোবা আমাৰ নিচিনা মানুহেই ছাগে এনেকুৱা কোনো গছৰ বাদুলী দেখি এই চৰিত্ৰবোৰৰ জন্ম দিছিল । এইচৰিত্ৰ বোৰেইটো সিহঁতৰ চিনাকী গোটেই পৃথিৱীক জনাইছে । ভাবিছো , আজি ৰাজেনৰ ডাঙৰ ল'ৰাটোৱে মদত নধৰি এনেকুৱা এটা চৰিত্ৰ সৃষ্টি কৰা হ্'লে কিমানযে ভাল লাগিল হয় !!! আজি আকৌ কিবা এখন ভাল লগা চিনেমা চাব লাগিব ।

Monday, June 3, 2013

হেৰাব ধৰা শব্দ ...

মোৰ বন্ধু এজন চাকৰিসুত্ৰে দিল্লীত থাকে । বন্ধু মানে সনা-পিঠা, নলে গলে লগা বন্ধু । দূৰে দূৰে থকা হয় যদিও প্ৰায়ে কথাবতৰা হৈয়ে থাকে । বন্ধু বৰ ৰসিক মানুহ । প্ৰত্যেক মূহূৰ্ততে ৰস উলিয়াব পৰাৰ ক্ষমতা আছে । কথোপকথনবোৰো বৰ আমোদজনক । পঢ়ি থকা দিনত বন্ধু কাশ্মীৰত আছিল । অসমীয়া মানুহৰ এটা অভ্যাস আছে , কাৰোবাৰ লগত বহুদিনৰ মূৰত দেখা হ'লে বা কথা হ'লে  এটা প্ৰশ্ন সদায় থাকিব । যদিও প্ৰশ্নটোৰ পাত্ৰ আৰু স্থান- কাল ভেদে বিভিন্ন আনুষংঙ্গিক থাকে তথাপিতো মূল প্ৰশ্নটো একেই । পাত্ৰ্ভেদে প্ৰশ্নটো হ'ব পাৰে , ' কি খবৰ বৰুৱা , ভালে আছে । অফিছ কেনে চলিছে ?' 'কি খবৰ বৰুৱাদা,ঘৰত সকলো ভাল নে ?','কি খবৰ বে' , ছোৱালী পটালি নে নাই ?' ..ইত্যাদি ইত্যাদি । কিন্তু এই নিয়মটোৰ  ব্যতিক্ৰম আছিল মোৰ বন্ধুৰ কাশ্মীৰত থকাকালীন কথোপকথনৰ পাতনি । যিহেতু আমাৰ বাবে কাশ্মীৰ মানে  ব্যতিক্ৰমী বতৰ , গতিকে গতানুগতিক প্ৰশ্ন এৰি সদায় ব্যতিক্ৰমী প্ৰশ্ন ,"বতৰ কেনেকুৱা"  আৰু  তাৰ উত্তৰটো সি দিয়াৰ আগতেই মই সদায় অনুমান কৰি লওঁ । কেতিয়াবা ক'ব বৰফৰ কোবত একো দেখিবই নোৱাৰি , আফ্ৰিকাৰ মনুহকো বগা বগা লাগিব । কেতিয়াবা ক'ব ঠাণ্ডা পানীৰে আজি গা ধুই চালো , গোটেই ইউনিভাৰ্ছিটিত আজি সকলোৰে মুখত আজিৰ ব্ৰেকিং নিউজ । আমোদজনক এইটোৱেই যে বতৰটো সদায় ব্যতিক্ৰমী আৰু বন্ধুৰ মুখত তাৰ বৰ্ণণাও ।
 এনেকৈয়ে এদিন বন্ধুক সুধিলো , বতৰ কেনে । বন্ধুৱে যিটো উত্তৰ দিলে মই কেতিয়াও অনুমান কৰিব নোৱাৰিলোহেতেন । ক'লে , "নাতিশীতোষ্ণ" ! এটা শব্দৰ উত্তৰটোৱে মোক আমোদ দিলে যদিও অন্য এটা কথাহে মোৰ মনত ভাঁহি উঠিল । চতুৰ্থ মান শ্ৰেণীত পঢ়োতে ভুগোল পঢ়িছিলো , প্ৰত্যেকখন লেখত ল্'বলগীয়া দেশৰ বিষয়ে মুখস্থ কৰিব লাগে । জলবায়ুৰ বিষয়ে চিঞঁৰি চিঞঁৰি  মুখস্থ কৰোতেই শেষবাৰৰ বাবে এই নাতিশীতোষ্ণ শব্দটো উচ্চাৰণ কৰা মনত আছে । তাৰ পিছত কিমান নাতিশীতোষ্ণ  ঠাইৰ বিষয়ে জানিলো , শুনিলো বা দেখিলো , কিন্তু আজিলৈকে কাকো এই শব্দটো নোকোৱাকৈ চলি গ'ল । মোৰ ককাই আগতে কৈছিল দোকানৰ পৰা এসেৰ চেনী লৈ আন , সেৰ শব্দটো পাহৰিয়ে গলো ।সমসাময়িক বুলি ক'লে কোনটো সময়ক বুজাইছে অলপ সময় ভাবিব লাগে ।  এনেকুৱা বা আৰু কিমান শব্দ আছে যিবিলাক আমি বহুদিন ব্যৱহাৰ কৰা নাই , হয়তো আপুনিও বহুদিন ব্যৱহাৰ কৰা নাই । আজি মনত পেলাব লৈ মনতে পৰা নাই । অলপ অলপ ভয়ো লাগিছে , এইবোৰ শব্দ আমি লাহে লাহে পাহৰি গৈছো নেকি ? দুৰণিবটীয়া বন্ধুক ধন্যবাদ জনালো , "নাতিশীতোষ্ণ" শব্দটো উচ্চাৰণ কৰাৰ বাবে । 

Wednesday, May 29, 2013

হেৰি , নালাগে দিয়ক !!!

       নতুন চহৰ নতুন কথা । নতুনকৈ আহিছো যেতিয়া নতুন নতুন নিয়মো বান্ধি লব লগা হৈছে । তাৰে মাজত এটা নিয়ম হ'ল ঘৰলৈ ওভতি আহোতে সদায় পাৰিলে একেখন ফুট ব্ৰীজেৰে খোজকাঢ়ি অহাটো । প্ৰায় সাতশ মিটাৰ মান এই নিয়মীয়া  যাত্ৰা । সাতশ মিটাৰ "মান" বুলি কোৱাৰ কথাতো হ'ল মই কেতিয়াও জুখি মাখি চোৱা নাই , খোজ কাঢ়ি আহোতে প্ৰায় সাত মিনিট লাগে । সেয়ে সাতশ মিটাৰমান হ'ব বুলি অনুমান । বাৰু  এতিয়া আহো আচল কথালৈ । এইযে সাত মিনিটমান খোজ কাঢ়ো , এইখিনি হ'ল কিবা ডাঙৰ মানুহৰ নিচিনা লগা এটা সময় । যিহেতু ফুট ব্ৰীজৰ ওপৰেৰে আহো , বহুত মানুহ , বহুত জুপুৰী ঘৰ, তিনিটা মান ৰাস্তা , সৰু বৰ বহুত গাড়ীৰ ওপৰেদি আহো । ওপৰৰ পৰা চব দেখি থাকি , সৰু সৰু দেখি বাবে নিজকে কিবা ডাঙৰ ডাঙৰ লাগে । তাৰ মাজতে এটুকুৰা বৰ্গাকৃতিৰ মুকলি ঠাই আছে , দীঘলে প্ৰায় ডেৰশ ফুট , বহলে এশ ত্ৰিশ ফুট মান হ'ব লাগে । মই জুখি চোৱা নাই , অনুমান । প্ৰায়ে তাত সৰু ল'ৰা কেইটামানে খেলি থাকে , এটা ছানাৱালা আৰু দুখনমান অট্' থাকে । যোৱাকালিও আছিল , তাৰ আগৰদিনাও আছিল আৰু হয়তো মই মোৰ এই নিয়মীয়া যাত্ৰা আৰম্ভ কৰাৰ বহু আগৰ পৰা তেনেকৈযে আছে ।  আজিহে কিবা ব্যতিক্ৰম হ 'ল । সেইখিনি ঠাই পাৰ হওতে দেখিলো , তলত বৰ উমাগম । কালিও যিটুকুৰা বৰ্গাকৃতিৰ ঠাই মুকলি আছিল আজি তাত ৰঙা নীলা কাপোৰেৰে মেৰিয়াই দুটা ৰুমৰ নিচিনা সজাইছে , ওপৰত কোনো চালিৰ নিছিনা বস্তু নাই । তাৰে এটা কোঠাত দুখন ৰজা দিনীয়া চকী অকণমান ওখ ঠাই এটুকুৰাত ৰাখিছে , আৰু তাৰ সন্মুখত প্ৰায় পঞ্চাসখন মান চকী ৰজাদিনীয়া চকী দুখনলৈ মুখ কৰি শাৰী পাতি থৈছে । ইটো কোঠাত দুখন মেজত ডাঙৰ টৌ কিছুমানত কিবাকিবি ঢাকি থৈছে । বগা ছোলা-ক'লা পেণ্ট পিন্ধা তিনিজনমান মানুহে টৌ কেইটা ৰখীয়া হৈ আছে । আয়োজন দেখি অনুমান কৰিব পাৰি কাৰোবাৰ বিয়া । কাইলৈ য'ত একো নাছিল আজি তাত এখন বিয়া চলিছে । ভাবি আচৰিত লাগিল যদিও আমোদো লাগিল । পটককৈ মনটো  গাওঁলৈ উৰা মাৰিল । আইতাহতৰ  গাওঁৰ বিয়াবোৰলৈ ।
      গাওঁৰ বিয়াবোৰ বৰ উদুলি মুদুলি । আজিকালিহে সকলো কাম টেণ্ট হাইছৰ মানুহে কৰে , আগতে বিয়াৰ ৰভা দিবলৈ মানুহ প্ৰায় সাতদিনমান আগৰে পৰা আহে । তাতেও কিমান যে স্পেশিয়েলিষ্ট থাকে - ৰাজেনৰ ঘৰৰ বাঁহ কেইডালহে ৰভা দিবলৈ ভাল , ৰভাৰ টিং আনিবলৈ পদ্ম ঠিকাদাৰৰ ল'ৰাটোক বৰ তেল মাৰিব লাগে , আৰু ফুলেন কাইটিয়েহে শুভবিবাহ লিখা গেটখন বনাব পাৰিব । ফুলেন কাইটিৰ আকৌ নিয়ম্, গেটখন সি আকৌ বিয়াৰ আগদিনা ৰাতিহে বনাব , গোটেই ৰাতি তাক চাহ যোগান দি থকাতো বিয়াঘৰীয়াৰ দায়িত্ব । কিমান যে দিমাণ্ড । তাতোকৈ ডাঙৰ স্পেশিয়েলিষ্ট দৰকাৰ হয়    বিয়াৰ ভোজৰ বাবে । গাওঁৰ বিয়াৰ ৰভা  যিমানেই জকমকীয়া হওঁক , নাম ৰাখিব ভোজেহে । গতিকে মতা হওঁক কাষৰ গাওঁৰ কলাই দাইক । উস কিযে সোৱাদ - বুটৰ দাইলত কাঠআলুৰ টুকুৰা , ৰৌ মাছৰ জোল খনৰ জুতিটো , আৰু কিবা এটাযে জলকীয়াৰে বনায় ।  জলকীয়াৰ ব্যঞ্জন খনৰ সোৱাদতকৈ নামটোহে বেছি আমোদ্জনক , যিহেতু জলকীয়াৰে তৈয়াৰী গতিকে কেতিয়াবা তাৰ নাম বীৰাপ্পান , কেতিয়াবা লাডেন , কেতিয়াবা নগা আচাৰ ইত্যাদি ইত্যাদি । আজিকালি বা কি নাম চলি আছে । ৰান্ধনী যেনেকৈ স্পেশিয়েলিষ্ট  , তেনেকৈ বিলনীও স্পেশিয়েলিষ্ট লাগিব । যেনে চন্দ্ৰ বৰতা - মিঠাই টিংতো ক্'ত আছে , মাছ সকলোৱে পাবনে নাপায় , সৰু ল্'ৰা কেইটা বাৰে বাৰে খবলৈ বহা নাইতো , কইনাৰ মাকে কিবা খালেনে নাই -কিমানযে মেনেজ কৰিব লাগে । তাতে আকৌ পানী দি থকা ছোৱালীকেই জনী বাৰে বাৰে ফুচফুচীয়া মেলত বহে । সকলোতকৈ অমোদজনক চৰিত্ৰ হ'ল আমাৰ হলিকাই । অলপ জিভাখন দীঘল , গতিকে  বিয়া সবাহত তেওঁৰ আগভাগ লোৱা মাত্ৰাটোও বেছি । তিনিদিনমান আগৰ পৰাই বিয়াঘৰীয়ৰ ৰভাৰখুটাত ডিজাইন দিয়া, বজাৰৰ পৰা অনা চাউলৰ বস্তাটো তোলা , তেলৰ ভাৰৰ মাছ কিনা ইত্যাদি ইত্যাদি তেওঁহে কৰে । কৰে মানে কৰে যিমান তাতকৈ চাহ আৰু চিৰা দৈ খাব তিনিগুণ । তেওঁৰ এটা বৰ হাঁহিউঠা নিয়ম আছে , সদায় বিয়াঘৰৰ ভোজত বহিব একেবাৰে আৰম্ভণিৰ ঠাইটোত আৰু কাষত বহাব নিজৰ চিনাকী কোনোবা লাজকুৰীয়া মানুহ এজনক । বিলনীয়াই যদি হলিকাইৰ পিনৰ পৰা বিলাবলৈ আৰম্ভ কৰে তেওঁৰ পাতখন ভালদৰেই ভৰাই দিয়ে । যেতিয়া এবাৰ মানুহবোৰৰ পাত উদং হয় তেতিয়া হলিকাইক চাবলৈ ভাল হয় ।'হেৰা ভাইটি , এবাৰ মাছটো ঘুৰাই দিবাহে।' যদিহে বিলনীজনে অন্য দিশেৰে আৰম্ভ কৰে তেতিয়া কাষৰ মানুহ্জনক দেখাই ক্''হেৰা ভাইটি , এওঁক অকণমান দাইল দিয়াহে , বৰ লাজ কৰিছে ।' মাজতে আকৌ কইনাৰ বাপেক ওলাই কয়হি ,' হলিকাই , একো নাখলেই দেখোন , ঘৰৰ বিয়াত নাখালে কেনেকে হ্'ব্। হেৰা ভাইটি , আৰু এটা মিঠাই দিয়াহে ''হেৰা ভাইটি' বোলাজন একেজন মানুহ হয় তেতিয়া ভাইটিৰ মেজাজটো অলপ গৰম হয়েই । ভাইটিয়ে ক্',"লওক্" , হলিকায়ে ক্'ব "নালাগে দিয়ক"। 'নালাগে দিয়ক'ৰ অৰ্থ বুজাইহে বুজে, নালাগে কিন্তু দিলে লম জাতীয় অৰ্থ । 
       এনেকুৱা কিমানযে হলিকাই আছে আমাৰ গাঁওৰ বিয়াবোৰ ৰসাল কৰি তুলিবলৈ ।ভাবিবলৈ বাধ্য হ'লো , এইযে বৰ্গাকৃতিৰ বিয়াখন , তাতো বাৰু এনেকুৱা মানুহ ওলাবনে । কোনাবাই ক'বনে ,"হেৰি , নালাগে দিয়ক"  !!!!

Tuesday, May 28, 2013

অচিনাকী পেহাৰ কথাবোৰ

…          সেইদিনা অফিছৰ পৰা আহি থাকোতে ঘটনাতো ঘটিল । প্ৰায় বিলাক মানুহৰে অৱস্থা তথৈবচ , হোৱাৰো কথা । দিনৰ দিনটো কাম কৰি কৰি ঘৰলৈ ওভতাৰ কথা । গেলা গৰমৰ অসহ্যকৰ ভাৱটো আৰু  দিনটোৰ কামৰ কৰাৰ পিছত জন্ম হোৱা অশান্তিকৰ পৰিৱেশটোত সকলোৰে তথৈবচ হ'বই । তাতে কোনে বা কিমান গালি খাই আহিছে আৰু ঘৰত গৈ কিমানখিনি গালি খাব লগা আছে তাৰোতো কোনো ঠিকনা নাই । এইবোৰৰ মাজত লোকেল ট্ৰেইনৰ ষ্টিলৰ ওলোমাই থোৱা হেণ্ডেলডালত ধৰি ওভতি আছো । কোনোবাই প্ৰথম নতুন চহৰলৈ আহোতে কৈছিল , বোলো লোকেল ট্ৰেইনত যাবলৈ হ্'লে কিন্তু সাৱধান দেই । মোবাইল ফোন , মণিবেগ , আৰু  তোমাৰ পকেটত যিমানবোৰ হাবি যাবি সোমাই পকেটতো ওফন্দাই ৰাখিছে সে ইবোৰ বেগত ভৰাবা আৰু বেগতো মাকে কেচুৱা লোৱাৰ দৰে বুকুত ওলমাই লবা । ভাবিছিলো কিবা ৰহস্য নিশ্চয় আছে । পিছে ৰহস্যৰ আতি-গুৰি নাভাবি তাকে ই গুৰুবাক্য মানি ময়ো প্ৰ্ৰায় আধা খালী ট্ৰেইনখনত কেচুৱা সদৃশ মোৰ বেগটো সাৱটি আহি আছো । তেতিয়াই সেই ঘটনাতো ঘটিল ।
        নাই নাই , বেগতোৰ একো নাই হোৱা । মোৰো একো নাই হোৱা । সন্মুখত বহি থকা তিনিজনীয়া পৰিয়াল এটালৈহে মোৰ চকু গ্'ল । মানুহ্জন প্ৰায় মোৰ পেহাৰ বয়সৰ । আচলতে পেহাৰ বয়সৰ মানে, তেওঁক যদি আপোনাৰ আগত থিয় কৰাই দিও আৰু কওঁ এও মোৰ পেহা , আপুনি নমস্কাৰ দিয়াটো খাটাং। এই জাতিটোৰ বযসিয়াল মানুহ্বোৰ কিবা দেখাত অসমীয়াৰ দূৰ-সম্পৰ্কীয় যেনহে পাওঁ । তেনেকৈ পেহাৰ লগত পেহী এজনীও আৰু তেওঁলোকৰ জীয়েক । পেহী আমাৰ অসমীয়া পেহীৰ নিছিনা নহলেও , জিয়েকজনী ঠিক পেহাৰ ছোৱালীৰ নিচিনাই । হয়্তো মেট্ৰিক দিছে, বা তেনেকুৱা ধৰণৰ কিবা পৰীক্ষা এটা । এতিয়া আহো ঘটনাতোলৈ । পেহাই পেহীজনীক কিবা এটা বিষয়ত খুব কথা কৈ আহিছে । পেহীয়ে প্ৰায় পাচটা মান সংলাপৰ পিছত সৰুকৈ হা জাতীয় কিবা এটা কৈছে , মুৰতো লৰাইছে । জীয়েকে ঠুতৰিত হাত দি মাথো শুনি গৈছে । আকৌ পেহাৰ দহটামান সংলাপ , পেহীৰ সৰু হা জাতীয় কিবা এটা । এনেকৈ এটা ষ্টেশন পাৰ হ'ল । মই       ইমান মন দিয়া নাছিলো , কিন্তু যেতিয়া একেদৰে চলি থাকিল , আৰু মোৰ হাততো বিশেষ একো টাইম পাছ জাতীয় কাম নাচিল , মই ডুব গলো কল্পনাৰ সাগৰত । কল্পনা কৰিব ধৰিলো তেওঁলোকে কি আলোচনা কৰিব পাৰেনো ? যিহেতু কথা বতৰা একো বুজা নাইয়েই , নিজৰ ধৰণেই প্লট ভাবিবো ললো ।
        প্ৰথম প্লট , হয়্তো জীয়েকে মেট্ৰিক দিলে, অহা মাহত ৰিজাল্টো দিব । সমস্যা হল জীয়েকে ঘৰৰ কাষৰ হায়াৰ ছেকেণ্ডাৰী খনত পঢ়িব নে মোমায়েকৰ তাত থাকি কলেজত পঢ়িব । পেহীৰ মতে ঘৰতে থাকি পঢ়্ক , পেহাই যুক্তি দি আছে কলেজত পঢ়িলে কিমান সুবিধা হ'ব ।যিহেতু দিনৰ ভাগত পেহীয়ে নিজৰ মত শুনাইছেই, এতিয়া পেহাৰ পাল , কিমান যুক্তিৰে নিজৰ ইচ্ছাটোক পেহীত ইচ্ছাতোতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিব পাৰে । জীয়েকে কি কব আৰু , তাইৰ নিজৰতো কোনো ভাল লগা বেয়া লগা নাই , লগৰ কেইজনীয়ে কত বা এডমিছন লয় তাকো ঠিক হোৱা নাই । একেলগে পঢ়িব পালে ভাল আছিল । ইহঁত নহলেও যদি চায়ন্সৰ টিউচনত লগ পোৱা ল'ৰাটো , তাইৰ লগত যে সকলোৱে জোকায় , তাৰ লগত পঢ়িব পালেও বেয়া নালাগিব ।
     দ্বিতীয় প্লট , পেহীৰ ককায়েকৰ ছোৱালীজনীৰ বিয়াত কি প্ৰেজেণ্ট দিব তাৰে আলোচনা । পেহীয়ে আচলতে কি দিম পছন্দ কৰিছেই, ভি আই পিৰ ডাঙৰ চুটকেছ এটা আৰু কেচাপাটৰ ছেট এযোৰ । হয়ো হয় , ডাঙৰ ককায়েকৰ একমাত্ৰ ছোৱলী , ইমানখিনি নিদিলে বাৰু পাৰিনে । ভি আই পিতো বাৰু পছন্দ হ্'ল , পেহাৰ বাজেটতো মিলিল । পিছে কেচা পাটৰ কথাটোহে ইমান প্ছন্দ নহল পেহাৰ । ভি আই পিতো দিলেই হয় , আকৌ কিহৰ কেচা পাট লাগেহে ? কাপোৰৰ দোকান্ত সোমাল যদিও , ইহঁতে বৰ ঠগে, আৰু দুখনমানত চাই ল'ম , শুৱালকুচী বস্ত্ৰালয়ত এবাৰ যাম কাইলে ইত্যাদি ইত্যাদি কৈ পেহীক লৈ আহিল । এতিয়া যুক্তি দি আছে - আজিকালিনো আচল পাটৰ কাপোৰ ক'ত পায় , অফিচৰ বৰুৱাদাক পাট বুলি বেনাৰসৰ কাপোৰ দি কেনেকে ঠগিলে , আজিকালি ভি আই পি দিলেও চলে । জিয়েকে একৈ মুদ্ৰাত ঠুতৰিত হাত দি ভাবিছে কাইলে শুৱালকুচী বস্ত্ৰালয় গলে ময়ো এযোৰ পাটৰ ছেট চাই আহিম কিন্তু ...

     তৃতীয় প্লট , পেহাই কৈছে টাউনৰ কাষৰ মাটিডোখৰ এতিয়াই নিকিনিলে পিছত পোৱা নাযাব । ইফালে নতুনকৈ ওৱাৰ্ড নম্বৰো হ'ব , তেতিয়া লাইট , পানীৰ একো চিন্তা নাই । আৰু টাউনখনোতো দিনে দিনে বাঢ়ি গৈ আছে ।কি ঠিক দুবছৰ মান পিচত টেলেঙাচুক টাউনতে পৰে বা । পেহীয়ে ইমান ভাল পোৱা নাই , ঘৰত দুজনীকৈ জীয়েক , আজি এৰি কাইলে উলিয়াই দিব লাগিব , ইমান টকা ভাঙি মাটিতুকুৰত কোন থকিব । ইফালে জীয়েকে ভাবিছে , আমাৰ নতুন ঘৰ হ্'লে ইমান ধুনীয়াকৈ সজাই ৰখিম নহয় , একেবাৰে ৰেণুবাহঁতৰ  ঘৰটোৰ নিচিনাকৈ ৰাখিম । ইমান যে ভাল হ্'ব ।
   চতুৰ্থ প্লটতো ভাবিব লওতে ঘুৰি চাই দেখো পেহা সপৰিয়ালে আগৰ কোনোবা এটা ষ্টেশনতে নামি ৰল । মইহে আলোচনাৰ আচল কথাবোৰ বুজিব নোৱাৰিলো । একে কেচুৱাৰ দৰে বেগটো বুকুত সাৱটি আহি থাকিলো ।