নতুন
ৰূপ
আমি চৰকাৰী হাইস্কুলত পঢ়া ল’ৰাবোৰৰ বাবে স্কুলৰ দিনৰ কিছুমান কথা স্মৃতি প্ৰায় একেই , সেই লাগিলে তেজ্পুৰৰ চৰকাৰী স্কুলেই
হওঁক , নলবাৰী হওঁক , ধেমাজি হওঁক বা ডিব্ৰুগড়
হওঁক । আমাৰ চৰকাৰী স্কুলবোৰৰ অৱস্থা
তথৈবচ আছিল । প্ৰায়বোৰ স্কুল ব্ৰিটিছৰ দিনতেই সজোৱা , স্কুলৰ দেৱালবোৰ জহি-খহি যোৱা , স্কুলৰ ফিল্ডবোৰ বাৰিষাৰ দিনত একাঠু বোকাৰে ভৰা ,
শ্বহীদ বেদীৰ নামত কিবা শেলুৱৈ ধৰা , ক’লা শিল এচটাৰ নিচিনা বস্তু এটা , তাৰ ওপৰত এসময়ত ৰঙা
ৰঙেৰে লিখা “মৃত্যুৱোটো এ টা শিল্প ... ” সেই এসময়ৰ ৰঙা ৰঙ গৈ
আজিৰ দিনৰ যিটো ৰঙ লৈছে , দেখিলে শ্বহীদেও লাজ পাব যেন লাগে । স্কুল মেৰামতিৰ বাবে চৰকাৰৰ ক’ৰ টকা কলৈ আহিছে , আহিছেনে
নাই , আহিছে যদি ক’ৰ মেৰপাকত সোমাইছে সেইবোৰৰ
কোনো হিছাপ নাই । মুঠতে বছৰ বছৰ ধৰি সেই একেই খেলপথাৰ , একেই দেৱাল , একেই শ্বহীদ
বেদী , একেই ক্লাছৰুম , চলি আহিছে ।
বাকী বস্তু মেৰামতি নহ’লেও বছৰি কিন্তু এটা বস্তু আমাৰ ল’ৰাবোৰে মিলি মেৰামতি
কৰাৰ গধূৰ দায়িত্ব বহণ কৰিছিল । মেৰামতি ঠিক নহয় ,
যেন এটা নতুন ৰূপ দিছিল । এই কামটো বছৰত দুবাৰকৈ
হৈছিল , এবাৰত এসপ্তাহ দহদিন মান চলিছিল । স্কুলৰ প্ৰায় সকলোবোৰ ল’ৰাই ভাগ নললেও বেছিখিনিয়ৈ মনপুতি কাম টো কৰিছিল । আমাৰ লগৰ বিপুল , ৰাতুল আৰু আমানুলৰ এইকেইদিন যেন কিমান উথপথপ লাগে । কিমান প্লেনিং সিহঁতৰ । কামটো আৰম্ভ হোৱাৰ কেইদিনমান আগৰ পৰাই যা যোগাৰ আৰম্ভ কৰি দিয়ে
। বাকী ল’ৰাবোৰৰ ওপৰত সিহতৰ ভৰষা কম , সেয়ে নিজৰ ভাগৰ দায়িত্ব বিলাক নিজেই কৰি লয় । হাথিয়াৰ যোগাৰ কৰাৰ দায়িত্ব যদি এবাৰ ৰাতুলক দিয়া হয় , তেন্তে আমানুলৰ ভাগত পৰেগৈ আগৰ বছৰৰ কামৰ লগত
তুলনা কৰি নতুন বছৰৰ কামৰ ব্লুপ্ৰিণ্ট তৈয়াৰ
কৰা । বিপুলৰ ঘৰ স্কুলৰ
ওচৰত হোৱাৰ বাবে সাধাৰনতে তাত স্কুলৰ চৌহদ পৰীক্ষা কৰা , কামৰ
আগদিনা কামৰ সিহঁতৰ দায়িত্বত পৰা জেগাবোৰ আগতীয়াকৈ নিৰীক্ষণ কৰি অহা আদি আনুষঙ্গিক
কামবোৰৰ দায়িত্ব দিয়া হয় । কাম আৰম্ভ হোৱাৰ দিনা নিৰ্ধাৰিত সময়তকৈ বহু আগতেই সিহঁত ঘৰৰ পৰা ৰেডী হৈ আহে । অহাৰ সময়ত ভালদৰে গা পা ধুই আটোম টোকাৰিকৈ আগদিনা ৰাতিয়েই সযতনে
সাজু কৰি থোৱা হাথিয়াৰ , কিতাপ
–বহীৰ বেগ অন্যান্য আনুষঙ্গিক বস্তুবোৰ চকু ফুৰাই ৰাওনা হয় । সেইদিনা স্কুলৰ চকীদাৰ হৰিৰাম পোৱাৰ আগতেই সিহঁত স্কুল পায়গৈ । হৰিৰামে ক্লাছৰ দৰ্জা খুলি দিয়াৰ লগে লগে প্লেনিং মতে ইহঁত তিনিটাই
কাম আৰম্ভ কৰি দিয়ে । ব্লুপ্ৰিণ্ট
মতে সিহঁতৰ প্ৰথম কাম তিনিওটাৰে কাম কৰা ঠাই একেলগ কৰা ( একেলগে মনে মিলা মানুহৰ লগত
কাম কৰিলে কাম কৰি ভাল লাগে দিয়কছোন ) , দ্বিতীয় কাম কাম কৰা ঠাই পৰিস্কাৰ কৰি লোৱা ( কামৰ ঠাইটুকুৰা চাফা হ’লে
কামবোৰ সহজতে আঁত লগাব পাৰি ) , তৃতীয় কাম কোনটো কাম প্ৰথমতে
কৰিব লাগিব আৰু কোনটো শেষত ক্ৰম অনুযায়ী সজাই লোৱা ( গুৰুত্ব অনুযায়ী কামবোৰক প্ৰাধান্য
দিয়াটো বহুত জৰুৰী ) । এই তিনিটা দিশ ঠিক হোৱাৰ পিছত সিহঁতে ইষ্টদেৱতাক চিন্তি বছৰৰ
কাম আৰম্ভ কৰে ।
সিহঁতে
সিহঁতৰ ৰোল নম্বৰ লিখা ডেস্ক কেইখন ক্লাছৰ
শেষৰ শাৰীলৈ লৈ যায় ।
ৰাতুলে
নতুন হাথিয়াৰ তিনিখন মানে তিনিখন নতুন মাষ্টাৰ ছেভিং ব্লেড উলিয়াই দিয়ে । তিনিওটাই
নতুন ব্লেডেৰে ডেস্ককেইখনত লিখা আগৰ বছৰ অংকৰ সূত্ৰ ,
সমাজ বিদ্যাৰ চমুটোকা, বিজ্ঞানৰ প্ৰমাণ কৰা আদিবোৰ
ৰুকিবলৈ আৰম্ভ কৰে । ইয়াৰ লগে লগে চৰকাৰী ফাণ্ডেৰেও
মেৰামতি নোহোৱা আমাৰ স্কুলৰ ডেস্ক বেঞ্চবোৰ মাত্ৰ দহমিনিটৰ ভিতৰতৈ নতুন ৰুপ লয় ।
আমনুলে
এইবাৰ কোনটো সূত্ৰ , কবি পৰিচয় , চমুটোকা আহিব পাৰে ঊলিয়াই দিয়ে । তিনিওটাই
নতুনকৈ পৰিস্কাৰ কৰা ডেস্ক-বেঞ্চ কেইখনত মনপুতি লিখা আৰম্ভ কৰে । বাকী ল’ৰাবোৰ আহে মানে সিহঁতৰ প্ৰায় লিখি শেষ হয় ।
পৰীক্ষা
আৰম্ভ হোৱাৰ প্ৰায় ১৫ মিনিটমান আগত যেতিয়া চাৰহত পৰীক্ষাৰ পেপাৰ আৰু বহীবোৰ লৈ ৰুমে
ৰুমে সোমাবলৈ আৰম্ভ কৰে , তেতিয়া শেষৰ শাৰীৰ তিনিখন
বেঞ্চত অগা-পিচাকৈ বহি থকা ৰাতুল, বিপুল আৰু আমনুলে ডেস্কখনত
নতুনকৈ নকল লিখা কবি পৰিচয়টোলৈ চকু ফুৰায় আৰু মনে মনে ভাবে , প্ৰভু এইটো আহিলেই হয় আৰু ফালি দিম ...
আগন্তুক
দহদিনমানত আমাৰ স্কুলৰ প্ৰায়বোৰ ডেস্ক ৬ বাৰকৈ পৰিস্কাৰ হয় আৰু নতুন হোৱাৰ ৰুপ ধৰে
।