এই নিশাটো ইমান সহজ নহয়,
যি বাটেৰে মোৰ হাত এৰি তুমি
এনেকৈ অকলে অকলে যাব ধৰিছা ,
কিজানি তুমি বাট হেৰুওৱা বুলি ভয়তেই
প্ৰতিটো কেঁকুৰিতেই এটা কবিতা এৰি থৈ আহিছো !
যদি ভাগৰ লাগে
আৰু তোমাৰ প্ৰয়োজন হয় ,
তাৰে এটা কবিতাৰ আঙুলিত ধৰি তুমি উভটি আহিবা ।
No comments:
Post a Comment