নদীৰ ভালপোৱা
নদীখনত বাৰিষা আমি মাছ মাৰো ,
খৰালি সাতোৰোঁ , বাৰিষা
নাওঁ চলাও ,
তাৰ বালিচাপৰিত কেতিয়াবা বালিভোজো খাওঁ !
নদীখনৰ সিপাৰেই তাইৰ ঘৰ ,
প্ৰায়ে ৰ লাগি
চাই থাকো সিপাৰৰ গাওঁখন ,
পাওঁ বুলি চেনেহীৰ বতৰা !
নদীখনেও গোপনে তাইক ভাল পাইছিল কিজানি,
এইবাৰ বাৰিষা গোটেই সিপাৰৰ সৈতে
চেনেহীক পলুৱাই
লৈ গ’ল !
No comments:
Post a Comment