সেইদিনা পদূলিমুৰৰ জপনাখন খোলাই আছিল ,
বকুলজোপাৰ তলতো নীৰৱতা নাছিল ।
কেউফালে মানুহ আৰু মানুহ ,
আগচোতালৰ দূবৰিবোৰেও যেন ফুচফুচকৈ
কথা পাতিছিল কিবা গুৰুতৰ ...
বগা কাপোৰখনৰ তলত সি মৰাশ হৈ পৰি আছিল,
নীৰৱে .
শাওণবৰণীয়া কাপোৰ এখন উৰি
আকাশখনে জানো কি প্ৰমাণ কৰিব খুজিছিল ,
মানুহৰ গোমা মুখবোৰে দূপৰতেই
এন্ধাৰ নমাই আনিছিল ।
এনে এন্ধাৰ মোৰ ভাল নালাগে ,
চিঞঁৰি ক'ম যেন লাগিছিল ।
পিৰালীত তাৰ মাকৰ শোতোৰা পৰা দুগাল ,
চকুপানীবোৰ ওলাইছিল , শুকাইছিল
আকৌ ওলাইছিল ,
নিৰবিচ্ছিন্ন এক খেল যেন খেলিছিল |
তেতিয়াও সি পৰি আছিল বগা কাপোৰখনৰ তলত ,
অসহ্যকৰ ...
দেউ এজনে ধূনাৰ মলাটো ঘূৰাইছিল ,
মানুহবোৰে তাৰ বিষয়ে কোৱা ভাল ভাল কথাবোৰ
যেন মলাটোৰ ধোঁৱাৰ লগে লগে উৰি গৈছিল ।
কোনোবাই চন্দন কাঠৰ খৰি বিচাৰিছিল ,
কোনোবাই এমুঠি খেৰ ,
সকলোবোৰ যেন যন্ত্ৰচালিত এক ছন্দত হৈ আছিল ।
এৰা সকলোবোৰতো এই ছন্দত পাকৈত ;
কিমান সহজে তাক সাঙী কৰি লৈ যাব ,
আৰু তাৰ একো নিছান নাৰাখিব ।
তাৰ পলাই যাবলৈ মন গৈছিল কিজানি ,
কিন্তু মায়াবোৰ তাক দুৰ্বল কৰি পলাইছিল ,
মাকৰ চকুলোৰ মায়া ,
মানুহে গোৱা গুণবোৰ শুনাৰ মায়া ,
দেউৰ ধূনাৰ ধোঁৱাৰ মায়া ...
কাইলৈতো এইবোৰ একো নাথাকিব ,
জপনাখন বন্ধ হ'ব ,
বলুকজোপাৰ তল আকৌ নীৰৱ হ'ব ,
দূবৰিও তাতে পৰি ৰ'ব ।
সি এইবোৰ বুজা নাছিল হ'বলা ,
বগা কাপোৰখনৰ তলত তেতিয়াও সি মৰাশ হৈ পৰি আছিল ..
No comments:
Post a Comment