Tuesday, May 20, 2014

কুঁহিপাঠৰ পৰা ...

স্বৰবৰ্ণেৰে চৰিত্ৰ দৰ্শণ


অ নামে অহংকাৰ 
অধপতনৰ মূল,
আ কিন্তু আশীৰ্বাদ 
মানৱতাৰ ফুল ।

ইৰ দৰ্শণ ইচ্ছাশক্তি 
ইমান ডাঙৰ গুণ ,
ঈৰ দৰে ঈৰ্ষা হ'লে 
উন্নতি নহয় সোণ ।

উৰ মতে উন্নতিৰ পথ 
সততাতহে আছে ,
ঊয়ে কৈছে ঊণৰ উমাল
চেনেহতেই আছে ।

ঋয়ে বোলে ঋণ দিবা 
মৰম আৰু আদৰ ,
এইবোৰ গুণেহে আমাক 
নকৰে মনৰ আঁতৰ ।

এ নামে এলাহ পিছে 
এৰি দিয়াই ভাল,
ঐ আখৰে ঐৰাৱতৰ দৰে 
গম্ভীৰ হোৱা পাল ।

ওই কৈছে ওখোৰা মোখোৰা
জীৱনৰ এই বাট ,
ঔয়ে কৈছে ঔষধো নেলাগে 
লগালে মৌসনা মাত ।

স্বৰবৰ্ণই আমাক শিকায় 
কিমানযে কথা ,
ভালগুণবোৰ শিকি লবা
জীৱন হ'ব মিঠা ।


4 comments: