Friday, July 24, 2015

অন্য এক উগ্ৰপন্থী, অন্য এখন যুদ্ধ


সন্ত্ৰাসবাদে সমাজত অশান্তিৰ সৃষ্টি কৰে , কিন্তু সন্ত্ৰাসবাদ যেতিয়া বছৰৰ পিছত বছৰ অবিৰত ভাৱে চলে, ই সমাজক ধ্বংস  কৰে এছিয়াৰ মধ্য আৰু পূব অঞ্চলৰ বহুকেইখন দেশ বছৰ বছৰ ধৰি এনে যুঁজ-বাগৰ , বোমা-বাৰুদ আৰু হত্যা  সন্ত্ৰাসৰ জুয়ে আগুৰি ৰাখিছে । কেতিয়াবা জিহাদৰ গয়না লৈ, কেতিয়াবা প্ৰাচ্ছাত্য অগ্ৰাধিকাৰৰ গয়না লৈ যুঁজাই যুঁজি আছে, মাৰিব পৰাবোৰে মাৰি আছে, মাৰিব নোৱাৰাবোৰ মৰিয়েই আছে । মুঠতে এক অশান্তিময় পৰিৱেশ  দীৰ্ঘ্দিন ধৰি বিৰাজমান হৈ আছে  প্ৰায়ে বাতৰি কাকতত আৰু টিভিৰ মাধ্যমেৰে  আত্মঘাতী বোমা, আমেৰিকান - ব্ৰিটিছ সাংবাদিকক হত্যা কৰি পঠিওৱা ভিডিঅ' , গাজা ষ্ট্ৰিপৰ ধ্বংসস্তুপৰ ফটো , অবিৰতভাৱে চলি থকা গুলীবৰ্ষণৰ দৃশ্য দেখি আহিছো । এনেকুৱা এক ছন্দত এইবোৰ চলি থকা যেন অনুভৱ হয়  যেন কেতিয়াও ধ্বংসলীলা শেষ নহ'  ঠিক কিবা এক চাবি পকোৱা হাত ঘড়ীটোৰ নিচিনা লাগে ৰাতিপুৱাই চাবি পকাই দিলো ,  দিনটো ঘড়ীটো ঠিকেই চলি থাকিল , পিছৰদিনা ৰাতিপুৱা আকৌ চব্বিশ ঘণ্টা চলিব পৰাকৈ ঘড়ীৰ চাবিটো পকাই দিলো । মুঠতে সন্ত্ৰাসবাদৰ ঘড়ীটো ৰখাৰ নাম নোলোৱা হ'ল । কোনোবাই কয় চাবিটো পকোৱাৰ আৰত সদায় আমেৰিকা-ৰাছিয়াৰ দৰে দেশৰ  তেল-পিপাষু ৰাজনীতি কিবা নহয় কিবা প্ৰকাৰে জড়িত , কোনোবাই কয়  এয়া মুষ্টিমেয় ক্ষমতালোভী সন্ত্ৰাসবাদ  নেতাৰ ক্ষমতা দখলৰ খেল   যদিও খবৰবোৰ শুনি থাকো বা দেখি থাকো , খবৰৰ আঁৰৰ আচল ৰহস্যবিলাক জনাটো বা বুজাটো আমাৰ দৰে সাধাৰণ মানুহৰ বাবে অসম্ভৱ । কিন্তু আমাৰ মগজুৱে ঢুকি পোৱাখিনিয়ে কয় , কোনোবা নহয় কোনোবাই সেই সন্ত্ৰাসৰ হাতঘড়ীটোৰ চাবিটো পকাই অহাৰ দায়িত্বসুচাৰুৰূপে পালন কৰি আহিছে , সেইটো ধুৰূপ । 
                   ১৯৯০ দশকৰ আৰম্ভণিৰ পৰা প্ৰায় ২০০৭-০৮ চন মানলৈ  আল-কায়্দা নামৰ উগ্ৰপন্থী সংগঠনটোৱে ভয়ানকভাৱে এই চাবি পকাই অহা কামটো কৰি আহিছিল আল-কায়্দাৰ সন্ত্ৰাসৰ গ্ৰাফডাল ২০০১ চনত আমেৰিকাৰ অভিশপ্ত আক্ৰমণৰ সময়ত শীৰ্ষত আছিল আমেৰিকাৰ চৰকাৰ আৰু সৈন্যবাহিনীৰ নেৰানেপেৰা চেষ্টৰ ফলত আল-কায়দাৰ ভয়াবহতা ক্ৰমাগত ভাৱে কমি আহিল বিন্-লাডেনৰ মৃত্যুৰ পাছত   লাহে লাহে আল-কায়্দাৰ পৰা চাবি পকোৱাৰ দায়িত্বটোত অন্য কিছুমান সন্ত্ৰাসবাদী গোটে আগভাগ লৈছে আইছিছ , '' হাৰাম , হক্কানী নেটৱৰ্ক , হেজবোল্লাহ আদিয়ে প্ৰতিদিনে ধ্বংসযজ্ঞ অব্যাহত ৰাখিছেযিকোনো দিনতে বাতৰিৰ শিৰোনামাত এইবোৰ সন্ত্ৰাসবাদী সংগঠনৰ কিবা নহয় কিবা এটা খবৰ থাকিবই , - আজি বোলে গাজা ষ্ট্ৰিপত আইছিছে দুই শতাধিক লোকক মাৰিলে , '' হাৰামৰ এদিনতে এহেজাৰ দুহেজাৰ মানুকক হত্যা , হক্কানীৰ আত্মঘাতী বোমা বিস্ফোৰণ ইত্যাদি আতংকৰ খবৰ । অকল মধ্য-পূব এছিয়াতেইনে , ইহতে লণ্ডন, পেৰিছ ,কেনিয়া, নাইজেৰিয়া ইত্যাদি দেশতো বিষ বিয়পাইছে আজিৰ দিনত , এছিয়াৰ বাবে সকলোতকৈ ভয়াৱহ হৈ উঠিছে আইছিছ বা ডাইছ বা আইছিল নামেৰে জনাজাত সংগঠনটো
                        এজন স্বয়ম্ভু খলিফাৰ নেতৃত্বত চালিত এই আইছিছে  ইৰাক , ছিৰিয়া , লেবানন আদি দেশত চহৰৰ পিছত চহৰ নিজৰ অধীন কৰিছে , হাজাৰ হাজাৰ  মানুহ মৰিছে , শই শই ঘৰ ভাঙিছে । হতাশাজনক ভাৱে যিমানেই সন্ত্ৰাসৰ দিন আগুৱাই গৈছে , তিমানেই আইছিছৰ দৰে সন্ত্ৰাসবাদী সংগথনৰ সদস্যৰ সংখ্যা বাঢ়ি গৈছে । বিশ্বৰ বহুঅকেইখন দেশ আগুৰি এক সাম্ৰাজ্যত একছত্ৰী শাসন চলোৱাৰ সপোন দেখা আইছিছৰ নেতাসকলৰ প্ৰৰোচৰনাত পৰি  বিভিন্ন প্ৰান্তৰ বহুতো যুৱকে এই সন্ত্ৰাসবাদৰ অংশীদাৰ হবলৈ ইৰাক, ছিৰিয়া পাইছেগৈ । আমেৰিকা, ব্ৰিটেইন আদি দেশতো বাদেই আমাৰ দেশৰো বহুতো যুৱক আইছিছত যোগ দিছেগৈ  নিতৌ নতুন সন্ত্ৰাসৰ ভিডিঅ' ওলাইছে , বাতৰি প্ৰকাশ হৈছে , নিৰাশাজনক ফটো প্ৰকাশ হৈছে , হাজাৰ হাজাৰ নিৰপৰাধ জনতাৰ হত্যা কৰা হৈছে , শই শই ঘৰ ধ্বংস হৈছে , দলে দলে যুৱক সন্ত্ৰাসবাদত যোগ দিছে , মুঠতে সন্ত্ৰাস বিয়পিছে অহৰহ ।
                 কেতিয়াবা ভাব হয় , এইযে ইখনৰ পিছত সিখন চহৰ ধূলিত পৰিণত হোৱা দেখাই আছে , টাটা মোবাইলৰ দৰে গাড়ী বিলাকত মুখত কলা কাপোৰ বান্ধি , কান্ধত ৰকেট লঞ্চাৰ , এ কে ৪৭ / ৫৬ ৰ দৰে মাৰণাস্ত্ৰ লৈ সন্ত্ৰাসবাদীবোৰ আগৰ চহৰখনলৈ ধাবমান হৈছে , সেই চহৰখনৰ মানুহবোৰে কি ভাবিছে বাৰু ? যিসকলে আগতীয়াকৈ খবৰ পাইছে , সেইসকল চাগে আগেই পলাই গৈছে কোনোবা বেলেগ নিৰাপদ ঠাইলৈ তেনেকুৱা মাহযুদ্ধৰ মাজত নিৰাপদ বুলিতো কোনো ঠাই নাই মানুহে যি পাৰে তাকেই লৈ প্ৰাণৰ মমতাত    নিজৰ কষ্টোপাৰ্জিত , নিজে জন্ম হোৱা , জীৱনৰ ইমান কেইটা বছৰটো পাৰ কৰা ঘৰ্-বাৰী এৰি থৈ চিন ভৱিষ্যতৰ দিশে ধাৱমান হৈছে কিমান ভাবিছে চাগৈ ,আজি ৰাতি সেই ঘৰটো ভাঙিব নেকি , নে  ধবংসকাৰীবোৰক বাধা দিবলৈ কোনোবা আহিব নেকি ? কোনোবা ওলাবনে এই অশুভ শক্তিক মষিমূৰ কৰিব পৰা শক্তি ? আছেনে কৰবাত কোনোবা ?
                        এই হত্যালীলা ৰোধৰ কাৰণে ইৰাকী , ইৰাণী আৰু আমেৰিকাৰ সৈন্যবাহিনীয়ে বহু আগৰ পৰাই চেষ্টা চলাই আহিছে কিন্তু , আইছিছৰ বিশালতা , অনৈতিক আৰু অমানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ এতিয়াও বহুত বাকী আছে আইছিছৰ এই অগ্ৰাসনে  ইমানেই ভয়াবহ ৰূপ লৈছে যে  এতিয়া ইৰাকৰ অধিকাংশ , ছিৰিয়াৰ প্ৰায় অৰ্ধেক আৰু লেবাননৰ বহু কেইখন চহৰ নিজৰ অধীনত কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও আফগানিস্থান , তুৰ্কী , ইজৰাইল আদি দেশৰ সৰু বৰ চহৰত আক্ৰমণ চলায়েই আছে । যেতিয়া এই অস্থিৰতা বহুদিন ধৰি চলি আছে আৰু এছিয়াৰ বাহিৰেও আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন দেশত আইছিছে বিভিন্ন কূটঘাত মূলক কাম হাতত লৈছে , বিভিন্ন দেশৰ চৰকাৰেও নিজৰ সামৰিক শক্তি এই যুদ্ধত অংশগ্ৰহণৰ বাবে আগবঢ়াইছে অকল চৰকাৰী সামৰিক বাহিনীয়েই নহয় , কিছুমান অন্যান্য  সশস্ত্ৰ সংগঠনেও  আইছিছৰ বিৰুদ্ধে যুজি আহিছে এই সন্মিলিত শক্তিয়ে  মাজে মাজে ইখন সিখন চহৰ সিহঁতৰ কবলৰ পৰা উদ্ধাৰ কৰিছে যদিও এতিয়াও প্ৰাণৰ মমতা লৈ পলাই যোৱা সাধাৰণ মানুহে নিজৰ ঘৰলৈ উভটি অহাৰ সাহস পোৱা নাই । আহিবই বা কেনেকৈ , এনেকুৱা অবিৰত যুঁজত সাধাৰণ মানুহক সৈন্যবাহিনীৰ ওপৰিও এজন হিৰ'ৰ বাৰুকৈয়ে প্ৰয়োজন এনেকুৱা এজন বীৰ যি ৰাজনীতিৰ উৰ্দ্ধত, সাধাৰণ জনতাৰ মনৰ কথা যিয়ে কয় , যাৰ অভিধানত ভয়ৰ কোনো সংজ্ঞা নাই , যাৰ উপস্থিতিয়ে  তেওঁলোকক দিব পাৰে আত্মবিশ্বাস । এনেকুৱা এজান হিৰইহে আইছিছৰ বিৰুদ্ধে এই যুজঁত সাধাৰণ মানুহক জীয়াই থকাৰ থল দেখুৱাব
               এনেকুৱা এজন হিৰ'ৰ নাম হৈছে আবু আজৰাইল । আইছিছৰ বিৰুদ্ধে যুঁজ দিয়া এক সশস্ত্ৰ সংগঠন ইমাম আলি ব্ৰিগেডৰ এজন কমাণ্ডাৰ আবু আজৰাইল । সুঠাম সবল চেহেৰাৰ অধিকাৰী আবুৰ অবৱব চাব লগীয়া , এখন হাতত অত্যাধুনিক ৰাইফল , বুলেট্প্ৰুফ জেকেটৰ পকেটত বিভিন্ন যুদ্ধৰ আনুষঙ্গিক সামগ্ৰী , ককালৰ খোচনিত ডেগাৰ , এখন হাতত কেতিয়াব কুঠাৰ , কেতিয়াবা উদত্ত তৰোৱাল , দামী দামী টি ছাৰ্ট আৰু টুপী - এক যেন ভয়ভীত নোহোৱা মৃত্যুৰ দূত । যতেই সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ শুনিছে , তাতেই প্ৰত্যাক্ৰ্মণৰ  বাবে জপিয়াই পৰিছে সাধাৰণ মানুহৰ মাজৰ পৰা আহি আসাধাৰণ শৈলীৰে যুদ্ধ কৰা আবুক মানুহে ইতিমধ্যে মৃত্যুৰ দেৱ্দূত , ইৰাকী ৰেম্ব্' আদি নামেৰে অভিষিক্ত কৰিছে । যেনেকুৱা নাম পাইছে , তেনেকুৱা কামো কৰিছে । ধৰক ইপিনৰ পৰা আইছিছৰ সন্ত্ৰাসবাদীয়ে একেধাৰে গুলিয়াই আছে , ইৰাকী সৈন্যৰ দল এটাই খাপ পিটি প্ৰত্যাক্ৰমণ কৰিবলৈ ৰৈ আছে , সাহস পোৱা নাই । হঠাত আহি ওলাল আবু আৰু অন্যান্য ইমাম আলি ব্ৰিগেডৰ কেইজনমান সদস্য, নিৰ্ভীক ভাৱে ধাৰাষাৰ গুলীবৰ্ষণৰ বিৰুদ্ধে আগুৱাই গ'ল সমুখসমৰত , ফলাফল , ইৰাকী সৈন্য বাহিনীয়েও সাহস পাই আইছিছৰ উগ্ৰপন্হীবোৰক পিছুৱাই যাবলৈ বাধ্য কৰালে ।  কৰবাত কোনোবা চহৰত আইছিছে আক্ৰমণ কৰিব যোজা চলাইছে , খবৰ পাই নিজৰ ট্ৰাক লৈ আবু হাজিৰ , ট্ৰাকৰ ডিকিত ৰকেট লঞ্চাৰ , বন্দুক , বোমা, ডেগাৰ, তৰোৱাল  সন্নিবিষ্ট এক সম্পুৰ্ণ যুজৰ প্ৰস্তুতি  


                প্ৰতিটো গুৰুত্বপূৰ্ণ মুহূৰ্ততেআবুৱে নিজৰ আধুনিক মোবাইলৰ পৰা ভিডিঅ' কৰিছে , তাত আইছিছৰ বিৰুদ্ধে কেনেকৈ যুঁজ কৰিছে তাৰেই প্ৰতিফলন । সাধাৰণ মানুহে অন্যায়ৰ বিৰুদ্ধে কৰা এই যুজঁৰ উমান পাব পৰাকৈ আবুৱে এইবোৰ ভিডিঅ' আপলোড কৰিছে নিজৰ ফেচবুকৰ প্ৰফাইলত , বিভিন্ন অন্যান্য মাধ্যমত । আবুৰ লাখ লাখ অনুৰাগীয়ে সেয়া চাইছে , কোনোবাই যে তেউঁলোকৰ হৈ যুজি আছে সেয়া দেখিছে , সাহস পাইছে । অকল যুঁজৰ ভিডিঅই নহয় , আবু যে সাশাৰণ মানুহৰে মাজৰ এজন তাকে প্ৰকাশ কৰিবলৈ কেতিয়াবা জিমত অনুশীলন কৰি থকা ভিডিঅ' , কেতিয়াবা নিজৰ ল'ৰা-ছোৱালীৰ লগত ভিডিঅ' , কেতিয়াবা আইছিছৰ কোনোবা চহৰত সাধাৰণ মানুহে কৰা আব্দাৰৰো ভিডিঅ' দেখাইছে  অকল যুঁজ কৰাই নহয় , মানুহক সাহস দিয়াতোও এক মিছন হিছাপে  লৈছে আবু আৰু তেওঁৰ ইমাম আলি ব্ৰিগেডে  যি সময়ত আইছিছৰ এই ধ্বংসলীলা সোনকালে শেষ হ'বনে নহয় মানুহে সন্দেহ কৰিছে , যেতিয়া ইখনৰ পিছত সিখন দেশৰ বিভিন্ন উগ্ৰপন্থী সংগঠনৰ লগত সিহঁতে সহযোগিতা কৰিছে , তেনে সময়ত আবুয়ে আশ্বাস দিছে নিজৰ এক শ্লোগানৰ জৰিয়তে । আবুয়ে প্ৰচাৰ কৰিছে  "ইলা-তাহিন্" নামৰ নিজৰ এক শ্লোগান যাৰ অৰ্থ ," মাথো ধূলিহে ৰৈ যাব" । সচাকৈয়ে যেন এই অত্যাচাৰ শেষ হৈ অত্যাচাৰীসকলৰ মাথোন ধূলি ৰৈ যায় , এয়াতো সকলো সাধাৰণ জনতাৰ কামনীয়

                 আশ্চৰ্য জনক ভাৱে , ৪০ বছৰ বয়সীয়া , প্ৰাক্তন বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ আৰু এসময়ৰ টাই-কোৱান্ডো চেম্পিয়ন , আইছিছক ধূলিলৈ পৰিৱৰ্ত্তন কৰাৰ শপত লোৱা এই আবুক আমেৰিকান প্ৰশাসনে প্ৰথমতে উগ্ৰপন্হী হিচাবে অভিষিক্ত কৰিছিল , কিন্তু সময়ৰ কালচক্ৰত পৰি এতিয়া আবুৰ ইমাম আলি ব্ৰিগেড, আমেৰিকান সৈন্য , ইৰাকী সৈন্য সকলোৱে একেলগে হাতে হাত ধৰি কাম কৰিব লগীয়া হৈছে । এতিয়া আবুক আমেৰিকা আৰু ইৰাণে উগ্ৰপন্থীৰ সলনি এক সহযোদ্ধা বুলি গণ্য কৰিছে, আৰ্থিক ভাৱেও সহায় আগবঢ়োৱাৰ কথা ওলাইছে । খাৰুৱা তেল -গেছ আৰু ক্ষমতা লাভৰ এই ভয়াবহ দিনবোৰত কোনে কি ৰাজনীতি খেলিছে বুজাটো টানসময়েহে ক'ব মধ্য-পূব এছিয়াৰ এই ধ্বংসলীলা কেতিয়া সমাপ্ত হ' , কিন্তূ এইটো নিশ্ছিত যে আবুৰ দৰে হিৰ'ৰ আবিৰ্ভাৱে লাখ লাখ সাধাৰণ মানুহৰ মনত সাহস যোগাই যাব । আমাৰ দেশতো বহু অন্যায়কামী শক্তিৰ পয়োভৰ ঘটিছে , আমাক আশ্বাস যোগাবলৈ , আমাক নিৰ্ভয় দিবলৈ , আমাক সাহস দিবলৈ এনেকুৱা কোনোবা হিৰ ওলাবনে ?



No comments:

Post a Comment