Sunday, October 11, 2015

দেখি থকা মানুহৰ নেদেখা কথাবোৰ ( ১ )


(১)
প্ৰায়েই এনেকুৱা হয় । কেৱল মাত্ৰ মোৰ লগত যে হয় তেনে নহয় , আপোনাৰ লগতো হয় চাগৈ  আমি যেতিয়া বিভিন্ন দৈনন্দিন কামত , যেনে অফিচ যোৱা , বজাৰ কৰা, স্কুল- কলেজ যোৱা আদিত ব্যস্ত থাকো কিছুমান সৰু সৰু সদায় ঘটা কাম আমি লক্ষ্য কৰো । সেইবোৰ সৰু সৰু কথাবোৰ আমাৰ অভ্যাসগত চকুৱে সদায় দেখি দেখি মনত এখন ছবি বনায় থয় । কেতিয়াবা যদি সেই সৰু সৰু নিত্য-নৈমিত্তিক কামবোৰ, বস্তুবোৰ, মানুহবোৰ,কথাবোৰ  সদায় ঘটাৰ দৰে নঘটে, সদায় থকা ঠাইত নাথাকে , আমাৰ মনত খু-দুৱনি লাগে । কিনোঁ হ'ল জানিবলৈ বৰ মন যায় । প্ৰায়েই এই কিনো হ'ল জানিবলৈ মন যোৱা কথাটো জানিবলৈ মন যোৱা কথা হৈয়েই থাকি যায় । মোৰ ক্ষেত্ৰত প্ৰায়ে এনেকুৱা হয়, জানিবলৈ মান থাকি যায় , কিন্তু  " নলগা জেংত লগাৰ কি দৰকাৰ ", " কাইলৈ নিজে নিজে আহিব চাগৈ " ইত্যাদি এলেহুৱা চিন্তাবোৰে জনা কামটো হৈ উঠিবলৈ নিদিয়ে । পিছদিনা যদি আকৌ কামটো নিত্য নৈমিত্তিক ধৰণে নহয়, জানিবলৈ আৰু বেছি মন যায় , কিন্তু এলেহুৱা স্বভাৱটোৱে  দুগুণ যোৰ দি মনটোক আমাৰ নিজৰ কামলৈ ঘুৰাই আনে ।   

অফিচলৈ যাওঁতে ৰাস্তাত বান্দ্ৰাৰ ওচৰত এটা ডাঙৰ পুখুৰী আছে । বাছত বাওঁপিনে খিৰিকীৰ কাষত বহোঁ কাৰণে ৰাস্তাত কি  হৈছে , মানুহবোৰে কি কৰে দেখি পাওঁ । পুখুৰীটোৰ  পাৰে  পাৰে  লোহাৰ  জেওৰা , জেওৰাৰ ৰাস্তাৰ পিনৰ পাৰটোত ফুটপাথ । পুখুৰীটোৰ গাতে লাগি ৰেলৱে ষ্টেচন আৰু বজাৰৰ পিনে যাব পৰাকৈ গলি এটা গলিটো আৰু  আমাৰ বাছ খন যোৱা ডাঙৰ ৰাস্তাটো য’ত লগ লাগিছে , সেই কোণটোতে ফুটপাথটোৰ ওপৰত বহি থাকে  মই আজি লিখিব মহানগৰীৰ তিনিটা জীৱনৰ প্ৰথমটো জীৱনৰ গৰাকী । এগৰাকী ত্ৰিশ-বত্ৰিশ বছৰীয়া মহিলা, সন্মুখত শুকান বুট , মটৰ  আদিৰ এসোপা  পলিথিনৰ পেকেট । মানুহজনীৰ পিছ পিনে পুখুৰীৰ ৰেলিঙত ভেজা দি থাকে এটা পাচ-ছয় বছৰীয়া ল'ৰা । ৰেলিঙৰ সিটো পাৰে পুখুৰীৰ পাৰত এজাক পাৰ চৰাই , 'লা-বগা ,পখৰা প্ৰায় ষাঠি-সত্তৰটা মানৰ এটা জাক  ৰাতিপুৱা ৰাস্তাৰ ইপাৰৰ মন্দিৰটোলৈ বহুতো মানুহ আহে , মঙলবাৰ আৰু বৃহস্পতিবাৰে মন্দিৰলৈ অহা মানুহবোৰে তাইৰ পৰা  দহ টকীয়া পাচ টকীয়া বুটৰ পেকেটবোৰ কিনি সেই পাৰ জাকৰ মাজত বিলাই দিয়ে  কেতিয়াবা মন্দিৰলৈ নহা মানুহ কিছুমানেও তাইৰ পৰা পেকেট কিনি বিলাই দিয়ে, ৰেলিঙত ভেজা দি চায়  ভকতিৰ জোৰত অহাবোৰে পুণ্য ঘটাৰ হিচাপ কৰে , আনবোৰে এনেই মনত বিলাই দিয়াৰ আনন্দ পায়  মানুহজনীৰ পুতেকেও চাই চাই মনত আনন্দ পায় , কিন্তু সি পূণ্য  ঘটা বা বিলাই দিয়াৰ আনন্দ নাপায়  যিমানেই পাৰৰ সংখ্যা বাঢ়ে আৰু ফুটপাথৰ কোণটোত মানুহৰ স্ৰোত বাঢ়ে সিমানেই তাৰ মাকৰ পেকেটৰ শাৰীবোৰ কমি আহে , মাকৰ কলা কাপোৰৰ সৰু বেগটোত দহটকীয়া নোট , পাচটকীয়া মুদ্ৰাৰ ভৰ হয়  সি কেতিয়াবা পাৰবোৰলৈ চায় , কেতিয়াবা ফুটপাথৰ মানুহবোৰলৈ , কেতিয়াবা মাকৰ বেগটোলৈ  কেতিয়াবা আকৌ নিপুণ বেপাৰীৰ দৰে মন্দিৰৰ বাহিৰৰ ভিৰটোলৈ চাই প্ৰত্যাশিত গ্ৰাহকৰ অনুমান কৰে  যিমানেই গ্ৰাহকৰ ভিৰ হৈ তাৰ মুখতো এটা লুকাব নোৱাৰা হাঁহিয়ে বাঁহ পাতে , তেতিয়া সি আৰু ৰেলিঙত বেছি পৰ  ভেজা দি নাথাকে  মাকৰ কাষত বহি কিবাকিবি আব্দাৰ কৰে, বোধহয় ৰাতিলৈ তাৰ মন পছন্দৰ বস্তু খোৱাৰ কথা কৈ কুটুৰি থাকে  বেছি পেনপেনাই থাকিলে মাকে যদিও কেতিয়াবা ডাবি দি উঠে , তথাপিতো মাকৰ মুখত সেইদিনা বেছি চিন্তা বা খঙৰ ভাব দেখা নায়ায়, হয়তো তাইও ৰাতিলৈ এমুঠি ভালকৈ খোৱাৰ সপোন দেখে


 এইখিনিলৈকে ঠিকেই থাকে, সদায় ঘটি অহা ঘটনা  মই বাছৰ ছিটত টোপনি নগলে প্ৰায়েই পাৰ হৈ যাওঁতে মাক-পুতেক হাললৈ চাওঁ,পাৰগালক খুৱাই থকা মানুহৰ ভিৰ দেখিলে ভাল লাগে , নেদেখিলে অকণমান হলেও বেয়া লাগে  কিন্তু যেতিয়া মুম্বাইৰ আকাশত ডাৱৰে চানি ধৰে , ঘণ্টাৰ পিছত ঘণ্টা নেৰানেপেৰা বৰষুণ পৰে , তেতিয়া মানুহবোৰ আহিবলৈ এৰি দিয়ে , পাৰখিনিও লাহে লাহে  নোহোৱা হয়  বৰষুণ আৰম্ভ হোৱাৰ প্ৰথম কেইদিন মানলৈ মানুহ্জনী আহে ,ডাঙৰ এখন পলিথিনেৰে শুকান বুট আৰু মটৰ্খিনি শুকান কৰি ৰাখিবলৈ বৰ যত্ন কৰে  ৰাটো আহে যদিও আগৰ দৰে ৰেলিঙত ভেজা দি নাথাকে, এক নিৰস চাৱনি লৈ মাকৰ কাষত জুপুকা মাৰি বহি থাকে  সন্মুখৰ পলিথিনৰ পেকেটবোৰ থকা ভাজেই থাকে , বৰ কষ্টেৰে তাই বৰষুণৰ পানীবোৰৰ পৰা সেইবোৰ বচাবলৈ চেষ্টা কৰে  সিহতৰ বিফল চেষ্টাবোৰ দেখিলে গম পোৱা যায় ভোকৰ তাড়না কিমান  কেইদিনমান পিছত তাই আৰু নহা হয়  ফুটপাথৰ কোণটো খালী হৈ পৰি থাকে  মোৰ বৰকৈ জানিবলৈ মান যায় , তাইৰ আৰু লৰাটোৰ কথা  বাৰিষাৰ দিন কেইটাত সিঁহত কত থাকে , কি কৰে , খায় কি ? কিবাটো কৰেই চাগে নহলে বাৰিষা যোৱাৰ লগে লগে আকৌ পুখুৰীৰ পাৰত শুকান বুটৰ বেহা লৈ বহিবলৈ জীয়াই থাকে কেনেকৈ  জানিবলৈ মন যায় , কিন্তু এলেহুৱা স্বভাৱৰ বাবেই হওঁক বা সময়ৰ নাটনিৰ বাবেই হওঁক কোনোদিনে জনা নহ  আপোনাৰো মন যায় চাগৈ এনেকুৱা চৰিত্ৰ বিলাকৰ কাহিনী শুনিবলৈ  । 

No comments:

Post a Comment