Friday, September 2, 2016

…………………ঠিকনা বিচাৰি

         মানুহ টকাৰে ধনী হয়নে ? প্ৰশ্নটো সুধিলে বহুতেই ক'ব , বহুতেই কিয় প্ৰায় বেছিখিনি মানুহেই বেলেগৰ আগত  ক'ব মানুহ টকাৰে ধনী নহয়  ।  কোনোবাই ক'ব টকানো কি , মানুহ মনৰ পৰা ধনী হ'ব লাগে । হয় , সেইটোতো হয়েই , পিছে টকাৰে ধনী হোৱাজনো ধনী , বহল মনেৰে ধনী হোৱাজনো ধনী । উপৰি পুৰুষৰ সম্পত্তিৰে ধনী হোৱাজনো ধনী , নিজে আৰ্জি ডাঙৰ হোৱাজনো ধনী । কিতাপ পঢ়ি জ্ঞানৰ ধনী হোৱা জনো ধনী , দেশ বিদেশ ঘূৰি মানুহ চিনিবলৈ শিকা জনো ধনী । আস্তিক হৈ ভগৱানৰ অস্তিত্ব থকা বুলি বুজাজনো ধনী , নাস্তিক হৈ ভগৱানৰ অস্তিত্ব নাই বুলি বুজাজনো ধনী । সুবংশৰ সৃষ্টি কৰি সমাজ চলোৱা জনো ধনী , অপুত্ৰক হৈ অজস্ৰ সম্পত্তিৰ ধনীজনো ধনী । আধ্যাত্মিক মনৰ মানুহজনো ধনী, বস্তুবাদী মানুহজনো ধনী ।
      
          ইমানবোৰৰ পিছতো আন আন প্ৰকাৰৰ  ধনী মানুহ বহুত আছে , তাৰে ভিতৰত এবিধ ধনী হ'ল অভিজ্ঞতাৰ ধনী ।  চাকৰিয়ালজন চাকৰিৰ অভিজ্ঞতাৰে ধনী , খেলুৱৈজন খেলৰ অভিজ্ঞতাৰে ধনী । অভিনেতাজন অভিনয়ৰ অভিজ্ঞতাৰে ধনী , ভিখাৰীজন ভিক্ষাৰ অভিজ্ঞতাৰে ধনী । মাকবোৰ মাতৃত্বৰ অভিজ্ঞতাৰে ধনী , সৈনিকবোৰ যুদ্ধৰ অভিজ্ঞতাৰে ধনী । মুঠতে বিভিন্ন ধৰণৰ মানুহবোৰ নিজৰ নিজৰ ভাগৰ কামৰ ভিন ভিন অভিজ্ঞতাৰে ধনী ।  

         একেধৰণৰ পৰিৱেশত চলা-ফুৰা কৰা বা একো একোটা বিশেষ সময়ত ডাঙৰ দীঘল হোৱা মানুহবোৰ প্ৰায়েই আকৌ একেধৰণৰ অভিজ্ঞতাৰে পুষ্ট ।  পঞ্চাছৰ ওপৰৰ মানুহবোৰ যেনেকৈ চীন-ভাৰতৰ যুদ্ধৰ অভিজ্ঞতাৰে পুষ্ট ঠিক তেনেকৈ নব্বৈৰ দশকত যৌৱনপ্ৰাপ্ত ল'ৰা-ছোৱালীবোৰ ইটো সিটোলৈ চিঠি লিখাৰ , পত্ৰবন্ধু হোৱাৰ , অসম  আন্দোলনৰ , আলফাৰ অভিজ্ঞতাৰে পুষ্ট । তাৰ পিছৰ দশকৰ ল'ৰা ছোৱালীবোৰ আকৌ স্কুলৰ পৰা পলাই আহি শক্তিমান চোৱাৰ,, ভিডিঅ' গেম খেলাৰ, চাৰ্কাছ চোৱাৰ , লেণ্ডলাইন ফোনত মিছকল দিয়াৰ অভিজ্ঞতাৰে পুষ্ট । তাৰ পিছৰ ল'ৰা ছোৱালী খিনি আকৌ চি আই ডি চোৱা , মেট্ৰিকৰ পিছত বিনামূলীয়া কম্পিউটাৰ , মোবাইলত গেম খেলাৰ অভিজ্ঞতাৰে পুষ্ট ।  মুঠতে এটাৰ পিছত এটা প্ৰজন্ম কিছুমান অভিজ্ঞতাৰে ধনী হৈছে , আৰু কিছুমান অভিজ্ঞতাৰ পৰা দুখীয়া হৈ ৰৈছে । 

          তেনেকুৱা এটা অভিজ্ঞতাৰ পিনৰ পৰা মই দুখীয়া হৈ আছো , সেইটো হৈছে চিঠি লিখাৰ অভিজ্ঞতা ।  আমাৰ সময়ত লেণ্ডফোন আহিল , কোনো সম্পৰ্কীয় মানুহ দূৰণিবটীয়াও হৈ নাথাকিল । দূৰণিবটীয়া বন্ধুবোৰৰ লগত বন্ধুত্ব গঢ়ালৈকে মোবাইলফোনবোৰ বহুত সহজলভ্য হৈ পৰিল । মুঠতে প্ৰয়োজনীয়ই হওঁক অপ্ৰয়োজনীয়ই হওঁক , মোৰ জীৱনত এতিয়ালৈকে এখনো চিঠি লিখা নহ'ল । লাহে লাহে ডাকঘৰবোৰো বেংকৰ শাৰীলৈ উন্নীত হৈ আহিছে । টেলিগ্ৰাম আৰু টেলিগ্ৰাফ অফিছ বন্ধ হোৱাৰ দৰে কোনোবা দিনা ডাক ঘৰ বিলাকেও চিঠিৰ আদান প্ৰদান ব্যৱস্থাও বন্ধ কৰি দিব । ইতিমধ্যে ইনলেণ্ড লেটাৰ , প'ষ্টকাৰ্ড আদি বন্ধ হৈছেই ।  
             
                  এখন চিঠি লিখাৰ মন আছে , দীঘল চিঠি । ভাল বেয়া জনোৱা চিঠি নহয় , বেবেৰিবাং কথা লিখিম , যি মন যায় সেয়ে লিখিম । মানুহ বিচাৰি পোৱা নাই , ঠিকনা বিচাৰি পোৱা নাই । এটা অভিজ্ঞতা হোৱা নাই । 

2 comments: