Sunday, June 21, 2015

নেলী ব্লাই আৰু অসমৰ টিভিৰ ব্ৰেকিং নিউজৰ সংজ্ঞা ...

       মোৰ সাধাৰণ জ্ঞান বোলা বস্তুটো বৰ কম । কেতিয়াবা কৰবাৰ কাগজৰ টুকুৰাত , কেতিয়াবা ফেচবুকৰ বেলেগৰ আপডেট , কেতিয়াবা ইমেইলত ইজন সিজনৰ পৰা কিবা নহয় কিবা এটা পাওঁ , পঢ়ি ভাল লাগিলে পঢ়ি থওঁ । কিন্তু এনেকৈ গোটোৱা মোৰ তথাকথিত সাধাৰণ জ্ঞানবোৰ কেতিয়াবা দহমিনিট , কেতিয়াবা এঘণ্টা , কেতিয়াবা এমাহলৈ মনত থাকে । প্ৰায়েই সেইবোৰ পাহৰি যাওঁ , সময়ত মনত নাহে , কৰবাত কোনোবাই কথা পাতি থাকিলে বিষয়টো আগতে কৰবাত শুনা শুনা লাগে , কিন্তু স্থান কাল পাত্ৰ সঠিককৈ মনলৈ নাহে । কোনটো কথা কিমান দিনলৈ মনত থাকিব সেইটো নিৰ্ভৰ কৰে সেই কাগজৰ টুকুৰাত পঢ়া বস্তুটো কিমান ৰসাল বা সংবেদনশীল তাৰ ওপৰত । এনেকৈ এদিন অফিছত বহি ইন্টাৰনেট কৰি থাকোতে ঘ্পকৈ লক্ষ্য কৰিলো Google ৰ হোমপেজ খনলৈ । Google প্ৰায়ে নিজৰ হোমপেজ খন অলপ আকৰ্ষনীয় কৰি তুলিবলৈ দিনতোৰ বিশিষ্ট ঘটনাবোৰৰ যিকোনো এটা লৈ Doodle হিচাপে প্ৰকাশ কৰে । এই Doodle বোৰ চাবলগীয়া হয় , আৰু প্ৰায়েই ই  মোৰ ক্ষন্তেকীয়া  সাধাৰণ জ্ঞানৰ উতস হিচাপে কাম কৰে । সিদিনাৰ আকৰ্ষন আছিল এখন ক'লা বগা ছবি , মাজত এগৰাকী মহিলাৰ মুখ , চুলিখিনি দুফালে দুধাৰি বৈ কিবা এক ভূতীয়া ৰূপ লৈছে । মোৰ প্ৰথম ধাৰণা আছিল , মোনোবা ইংৰাজী ভূতৰ চিনেমাৰ বিষয়ে লিখিছে নিশ্চয় , হয়তো কোনোবা ডাইৰেক্টৰৰ জন্মদিন , নহলে কোনোবা বিখ্যাত ভূতৰ চিনেমা চিৰিজৰ কথা ।

চিনেমাৰ প্ৰতি এনেও অলপ দূৰ্বলতা আছে , এইখন চিনেমা নিশ্চয চাব লাগিব বুলি যেতিয়া ভিতৰলৈ গলো , তেতিয়াহে আচল কথাবোৰ গম পালো । সেই ভূতৰ লেখীয়া মহিলা গৰাকী আচলতে নেলী ব্লাই ( Nellie Bly ) নামৰ এগৰাকী আমেৰিকান মহিলা সাংবাদিক । আচলতে ঠিক সাংবাদিক নহয় , একপ্ৰকাৰৰ কিংবদন্তী । ১৮৬৪ চনত জন্ম হোৱা নেলীৰ আচল নাম আছিল Elizabeth Jane Cochran । ২০ বছৰ বয়সত পিটছবাৰ্গ ডিচপেটচ নামৰ এখন বাতৰিকাকতত " What Girls are good for " বুলি প্ৰকাশ হোৱা এটা উপলুঙা সূচক লেখা পঢ়ি নেলীয়ে তাৰ উচিত উত্তৰ দি সম্পাদকলৈ এখন চিঠি লিখে । চিঠিত নেলীয়ে নিজৰ আচল নাম প্ৰকাশ নকৰি , ছদ্মনাম ," Lonely Orphan Girl " | নেলীৰ সেই বিপ্লৱী চিঠি পঢ়ি কাকত খনৰ কত্তৃপক্ষই নেলীৰ আছল পৰিচয় জানিবলৈ একেই বাতৰি কাকততেই এক বিজ্ঞাপন দিয়ে । নেলীয়ে বাতৰিকাকতৰ কত্তৃপক্ষক লগ ধৰাৰ লগে লগে তেওঁক এজন সাংবাদিক হিচাপে নিযুক্তি দিয়ে । " The Girl Puzzle" নামৰ নেলীৰ প্ৰথম লেখাটোৱে আকৌ অলোড়নৰ সৃষ্টি কৰে । এবছৰৰ ভিতৰত তেওঁ কাকতৰ হৈ মেক্সিকোলৈ ঢাপলি মেলে । মেক্সিকোৰ চৰকাৰে তাৰ সাধাৰণ মানুহৰ ওপৰত চলোৱা ঘ্টনাৰ আধাৰত নেলীয়ে কিছুমান কলম লিখি উলিয়াই  , আৰু পিছলৈ গৈ " Six months in Mexico" নামেৰে এখন কিতাপ প্ৰকাশ হয় । এইখন কিতাপেই নেলীক ২১  বচৰ বয়সত মেক্সিকো চৰকাৰৰ ৰোষত পেলায় । পিছলৈ নেলীয়ে নিউয়ৰ্কলৈ যায় আৰু নিউয়ৰ্ক ৱৰ্ল্ড নামৰ কাকতখনত কাম আৰম্ভ কৰে । এই কাকতখনৰ মালিক আকৌ আন এক বিখ্যাত ব্যক্তি । আমি সৰুৰে পৰা শুনি অহা পুলিটজাৰ বটা যাৰ নামত প্ৰৱৰ্তন কৰা হৈছিল, জোছেফ পুলিটজাৰৰ এই কাকতখনত কাম আৰম্ভ কৰি নেলীয়ে অন্য এক প্ৰথা আৰম্ভ কৰে । নেলীৰ পুলিটজাৰৰ অধীনত কৰা প্ৰথম কামটোৱে সম্ভৱত Investigative Journalism সূচনা কৰে । ব্লেকৱেল দ্বীপৰ মানসিক চিকিতসালয়ত হোৱা অনিয়্ম , অত্যাচাৰৰ কাহিনী ফাদিল কৰিবলৈ নেলীয়ে এদিন সচাকৈয়ে মান্সিক বিকাৰগ্ৰস্ত ৰোগীৰ ভাওঁ লৈ ব্লেকৱেলৰ বন্ধ কুঠৰীত সোমায়গৈ । প্ৰায় দহদিন অখাদ্য খাই  , মানসিক অত্যাচাৰৰ মাজত থাকি যেতিয়া কাকতৰ মালিকৰ অনুৰোধত নেলী মানসিক চিকিতসালয় খনৰ পৰা ওলায় আহে , তেও লিখি উলিয়াই ," Ten Days in a Mad house " নামৰ কিতাপখন । এই কিতাপখনে সমগ্ৰ জগততে আলোড়নৰ সৃষ্টি কৰে । ব্লেকৱেল কত্তৃপক্ষই নিজৰ অবৰ্ণনীয় আচাৰ ব্যৱহাৰ , খাদ্য , নিয়ম ইত্যাদি সকলো সলাবলৈ বাধ্য হয় । এয়াহে সাংবাদিকতা । নেলী ইমানতে ক্ষান্ত নাছিল । ১৮৬২ চনত প্ৰকাশ পাইছিল জুলছ ভাৰ্নৰ বিখ্যাত উপন্যাস , " Around the World in Eighty Days " | এই যাত্ৰাত সম্ভৱ হয়ণে নহয় প্ৰমাণ কৰিবলৈ নেলীয়ে ১৮৮৯ চনত নিজেই পৃথিৱী ভ্ৰমণ আৰম্ভ কৰে, ২৫ বচৰীয়া এই সাংবাদিক গৰাকীয়ে খোজকাঢ়ি , জাহাজত, ঘোৰা গাড়ীত , বেলুন ইত্যাদি বিভিন্ন মাধ্যমেৰে মাত্ৰ ৭২ দিনত প্ৰায় ২৫ হেজাৰ মাইলৰ এই যাত্ৰা সম্পূৰ্ন কৰে । পিছলৈ আন বহুতে এই যাত্ৰা আৰু কম সময়তে সম্পূৰ্ণ কৰে , কিন্তু মাত্ৰ ২৫ বছৰ বয়সত , এগৰাকী অকলশৰীয়া মহিলা সাংবাদিক হিচাপে এই যাত্ৰাৰ কোনো তুলনা নাই । 

 আজিকালি আমাৰ অসমীয়া বহুতো নিউজ চেনেল হ'ল । চেনেলবোৰ চাই ভালেই লাগে , পিছে প্ৰায়ে হতাশাও হয় । এইযে গুৱাহাটীৰ ৰাজপথত ৰাতি কোনে কি কৰিছে,ৰাভা দিৱস, শিল্পী দিৱসৰ দিনা বিষ্ণু ৰাভা আৰ জ্যোতিপ্ৰসাদৰ জৰাজীৰ্ণ ঘৰ কেইটা দেখুৱাই চৰকাৰক গালি দিয়ে , ভেলেণ্টাইন ডে ৰ দিনা কোনে ফুল কিনিছে, সৰস্ৱতী পুজাত কোনে কি পিন্ধিব ইণ্টাৰ্ভিউ লৈ ফুৰে তেওঁলোকে অলপ সাংবাদিকতা শিকা উচিত বুলি মই ভাবো । ৰাভা দিৱসত বিষ্ণু ৰাভাৰ জৰাজীৰ্ণ ঘৰটো দেখুৱাই সহানুভূতি লোৱাৰ সলনি যদি ঘৰটো মেৰামতি কৰাৰ দাযিত্ব লয় তেতিয়া নিশ্চয় অহা ৰাভাদিৱসত কিবা এটা নতুন দেখুৱাবলৈ সক্ষম হ’ব ।  আৰু সকলো সময়তে ব্ৰেকিং নিউজ নহলেও চেনেলবোৰ চলিব পাৰিব বুলি ধাৰণা হয় , সাংবাদিকতৰ কোনো কিতাপতে ব্ৰেকিং নিউজ নহলে নিউজ চেনেল নচলে বুলি লিখা আছে বুলি মোৰ মনে নকয় । বি বি চি ৱৰ্ল্ড নিউজতো ইমান ব্ৰেকিং নিউজ নাই যিমান আমাৰ চেনেলকেইটাই দেখুৱাই থাকে । বলিয়া হাতী , কোনোবা নাঙঠ বাবাৰ আৱিৰ্ভাব ইত্যাদি ব্ৰেকিং নিউজ নহয় , য্দি নেলী ব্লাইৰ দৰে কোনোবা পগলাফাটেকত নিজে দহদিন থাকি আহি তাৰ বাতৰি ফাদিল কৰে , ৭২ দিনত পৃথিৱী ঘূৰি আহি কয় এয়াতো ৮০ দিনৰ আগতেই সম্ভৱ , কোনোৱা দেশৰ চৰকাৰ অনিয়ম ফাদিল কৰি কয় এয়াতো ভুল , এইবিলাকহে ব্ৰেকিং নিউজ । আমাৰ শিকিবলগা বহুতো আছে । 


Sunday, May 17, 2015

জাল

জাল

ৰাতিপুৱা সাগৰত মই জাল মেলো ,
তাৰ এন্ধাৰ বক্ষৰ পৰা মই তুলি আনো
আচহুৱা বৰণৰ আৰু আচহুৱা সৌন্দৰ্যৰ বস্তুবোৰ -
কোনোবোৰ হাঁহিটোৰ দৰে জিলিকা ,
কোনোবোৰ চকুলোৰ দৰে তিৰবিৰোৱা ,
কোনোবোৰ নকইনাৰ দুগালৰদৰে গুলপীয়া  !


দিনটোৰ বোজাবোৰ কঢ়িয়াই যেতিয়া ঘৰলৈ ওভতো ,
মোৰ চেনেহীয়ে ফুলনিত অলসভাৱে
ফুল এপাহ চিঙি বহি থাকে !
ক্ষন্তেক মই থমকি ৰওঁ ,
তাইৰ দুভৰিত মোৰ বোজাটো খুলি দি নীৰৱে ৰওঁ ।

তাই চকু ফুৰাই  হুমুনিয়াহ কাঢ়ি কয় ,
“ এই আচহুৱা বস্তুবোৰ মোৰনো কি কামৰ ? ”
মই লাজত তলমুৰ  কৰি ভাবো ,
“ এৰা , মইতো এইবোৰৰ বাবে যুজাঁ নাই ,
বজাৰত ৰূপ দি কিনা নাই ;
এয়াতো চেনেহীৰ যোগ্য নহ্য় ! ”


গোটেই ৰাতি মই উজাগৰে
এটা এটা বস্তু আলিবাটলৈ দলিয়াওঁ !
ৰাতিপুৱাই মোৰ পদূলিলে অচিনা নাবিকবোৰ আহে ,
এটা এটাকৈ আচহুৱা বস্তুবোৰ সিহঁতে  
দূৰণিৰ দেশলৈ কঢ়িয়াই লৈ যায় !


ৰাতিপুৱা সাগৰত মই পুনৰ জাল মেলো ...



                                                                                                       -- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ The Gardener  আলমত 

Monday, March 9, 2015

জলঙা


জলঙা

খকমককৈ যেতিয়া
এদিন সাৰ পাই উঠিবা
তোমাৰ বন্ধ কুঠৰীত ,

পৃথিৱীখন এটা সৰু গোলক
হৈ যোৱা সপোনটোৰ কথা ভাবি
হয়তো তুমি ঘামি উঠিবা  !

বহুদিন নোখোলা খিৰিকীখনৰ
সিপাৰৰ পোহৰবোৰে
অহৰহ খুন্দিয়াইছে
আয়্নাৰ ধূলি তৰপ ;

এয়া বন্ধ কোঠা নে তোমাৰ  বুকুৰ  স্পন্দন  ?

কৰবাৰ ৰ’দৰ টুকুৰা এটা
ছিটিকি আহি যদি হঠাত
খিৰিকীত উয়ে কুটা ফুটাটোৰে
সোমাই আহে ,

অকণমান সাহস কৰি খিৰিকীখন
খুলি চাবা ,

কিজানিবা আকৌ নিজৰ প্ৰেমত পৰা  !!!!

শিয়ালৰ সভা

শিয়ালৰ সভা

হাবিত আজি আড়ম্বৰ ,
শিয়ালৰ সভা বহিছে ।
শিয়ালেই ৰজা,শিয়ালেই প্ৰজা ।


ৰঙা শিয়াল, বগা শিয়াল ,
কণা শিয়াল ,খোৰা শিয়াল ,
খকুৱা আৰু বলিয়া শিয়াল ।


বিলৰ পাৰত চিকাৰ হোৱা 
শহাপহুটোৰ মৰাশটো 
লৈ বহিছে সিহঁত ।

কোনে কিমান খাব !
এটাই কৈছে " হোৱা" ,
আন দুটাই কৈছে ," নহয় নহয় হোৱা হোৱা " ।
কোনোটোৱে  ডবিয়াই উঠিছে ,
 " কালিযে আছিল হোৱা হোৱা , আজিটো মোৰহে হোৱা "


আজিকালি প্ৰ্ৰায়েই সভা বহে  শিয়ালৰ !!

Monday, December 15, 2014

নতুন ৰূপ

নতুন ৰূপ
আমি চৰকাৰী হাইস্কুলত পঢ়া ল’ৰাবোৰৰ বাবে স্কুলৰ দিনৰ কিছুমান কথা স্মৃতি প্ৰায় একেই , সেই লাগিলে  তেজ্পুৰৰ চৰকাৰী স্কুলেই হওঁক , নলবাৰী হওঁক , ধেমাজি হওঁক বা ডিব্ৰুগড় হওঁক  । আমাৰ চৰকাৰী স্কুলবোৰৰ অৱস্থা তথৈবচ আছিল । প্ৰায়বোৰ স্কুল ব্ৰিটিছৰ দিনতেই সজোৱা , স্কুলৰ দেৱালবোৰ জহি-খহি যোৱা , স্কুলৰ ফিল্ডবোৰ বাৰিষাৰ দিনত একাঠু বোকাৰে  ভৰা  , শ্বহীদ বেদীৰ নামত কিবা শেলুৱৈ ধৰা , ক’লা শিল এচটাৰ নিচিনা বস্তু এটা , তাৰ ওপৰত এসময়ত ৰঙা ৰঙেৰে লিখা “মৃত্যুৱোটো এ টা শিল্প  ... ”   সেই এসময়ৰ ৰঙা ৰঙ গৈ  আজিৰ দিনৰ যিটো ৰঙ লৈছে , দেখিলে শ্বহীদেও লাজ পাব যেন লাগে ।  স্কুল মেৰামতিৰ বাবে চৰকাৰৰ ক’ৰ টকা কলৈ আহিছে , আহিছেনে নাই , আহিছে যদি ক’ৰ মেৰপাকত সোমাইছে সেইবোৰৰ কোনো হিছাপ নাই । মুঠতে বছৰ বছৰ ধৰি সেই একেই খেলপথাৰ , একেই দেৱাল , একেই শ্বহীদ বেদী , একেই ক্লাছৰুম  , চলি আহিছে ।
            বাকী বস্তু মেৰামতি নহ’লেও বছৰি কিন্তু এটা বস্তু আমাৰ ল’ৰাবোৰে মিলি মেৰামতি কৰাৰ গধূৰ দায়িত্ব বহণ কৰিছিল  ।  মেৰামতি ঠিক নহয় , যেন এটা নতুন ৰূপ দিছিল ।  এই কামটো বছৰত দুবাৰকৈ হৈছিল ,  এবাৰত এসপ্তাহ দহদিন মান চলিছিল । স্কুলৰ প্ৰায় সকলোবোৰ ল’ৰাই ভাগ নললেও বেছিখিনিয়ৈ মনপুতি কাম টো কৰিছিল ।  আমাৰ লগৰ বিপুল , ৰাতুল আৰু আমানুলৰ এইকেইদিন যেন কিমান উথপথপ লাগে ।   কিমান প্লেনিং সিহঁতৰ । কামটো আৰম্ভ হোৱাৰ কেইদিনমান আগৰ পৰাই যা যোগাৰ আৰম্ভ কৰি দিয়ে  । বাকী ল’ৰাবোৰৰ ওপৰত সিহতৰ ভৰষা কম , সেয়ে  নিজৰ ভাগৰ দায়িত্ব বিলাক নিজেই কৰি লয় ।  হাথিয়াৰ যোগাৰ কৰাৰ দায়িত্ব যদি এবাৰ ৰাতুলক দিয়া হয় , তেন্তে আমানুলৰ ভাগত পৰেগৈ আগৰ বছৰৰ কামৰ লগত তুলনা কৰি নতুন বছৰৰ কামৰ ব্লুপ্ৰিণ্ট  তৈয়াৰ কৰা । বিপুলৰ ঘৰ স্কুলৰ ওচৰত হোৱাৰ বাবে সাধাৰনতে তাত স্কুলৰ চৌহদ পৰীক্ষা কৰা ,    কামৰ আগদিনা কামৰ সিহঁতৰ দায়িত্বত পৰা জেগাবোৰ আগতীয়াকৈ নিৰীক্ষণ কৰি অহা আদি আনুষঙ্গিক কামবোৰৰ দায়িত্ব দিয়া হয় । কাম আৰম্ভ হোৱাৰ দিনা নিৰ্ধাৰিত সময়তকৈ  বহু আগতেই সিহঁত ঘৰৰ পৰা ৰেডী হৈ আহে । অহাৰ সময়ত ভালদৰে গা পা ধুই আটোম টোকাৰিকৈ আগদিনা ৰাতিয়েই সযতনে সাজু কৰি থোৱা হাথিয়াৰ , কিতাপ –বহীৰ বেগ অন্যান্য আনুষঙ্গিক বস্তুবোৰ চকু ফুৰাই ৰাওনা হয় । সেইদিনা স্কুলৰ চকীদাৰ হৰিৰাম পোৱাৰ আগতেই সিহঁত স্কুল পায়গৈ  । হৰিৰামে ক্লাছৰ দৰ্জা খুলি দিয়াৰ লগে লগে প্লেনিং মতে ইহঁত তিনিটাই কাম আৰম্ভ কৰি দিয়ে । ব্লুপ্ৰিণ্ট মতে সিহঁতৰ প্ৰথম কাম তিনিওটাৰে কাম কৰা ঠাই একেলগ কৰা ( একেলগে মনে মিলা মানুহৰ লগত কাম কৰিলে কাম কৰি ভাল লাগে দিয়কছোন ) , দ্বিতীয় কাম কাম কৰা ঠাই পৰিস্কাৰ কৰি লোৱা  ( কামৰ ঠাইটুকুৰা চাফা হ’লে কামবোৰ সহজতে আঁত লগাব পাৰি ) , তৃতীয় কাম কোনটো কাম প্ৰথমতে কৰিব লাগিব আৰু কোনটো শেষত ক্ৰম অনুযায়ী সজাই লোৱা ( গুৰুত্ব অনুযায়ী কামবোৰক প্ৰাধান্য দিয়াটো বহুত জৰুৰী ) । এই তিনিটা দিশ ঠিক হোৱাৰ পিছত সিহঁতে ইষ্টদেৱতাক চিন্তি বছৰৰ কাম আৰম্ভ কৰে ।
সিহঁতে সিহঁতৰ ৰোল  নম্বৰ লিখা ডেস্ক কেইখন ক্লাছৰ শেষৰ শাৰীলৈ লৈ যায় ।
ৰাতুলে নতুন হাথিয়াৰ তিনিখন মানে তিনিখন নতুন মাষ্টাৰ ছেভিং ব্লেড উলিয়াই দিয়ে । তিনিওটাই নতুন ব্লেডেৰে ডেস্ককেইখনত লিখা আগৰ বছৰ অংকৰ সূত্ৰ , সমাজ বিদ্যাৰ চমুটোকা, বিজ্ঞানৰ প্ৰমাণ কৰা আদিবোৰ  ৰুকিবলৈ আৰম্ভ কৰে  । ইয়াৰ লগে লগে চৰকাৰী ফাণ্ডেৰেও মেৰামতি নোহোৱা আমাৰ স্কুলৰ ডেস্ক বেঞ্চবোৰ মাত্ৰ দহমিনিটৰ ভিতৰতৈ নতুন ৰুপ লয় ।
আমনুলে এইবাৰ কোনটো সূত্ৰ , কবি পৰিচয় , চমুটোকা আহিব পাৰে ঊলিয়াই দিয়ে । তিনিওটাই নতুনকৈ পৰিস্কাৰ কৰা ডেস্ক-বেঞ্চ কেইখনত মনপুতি লিখা আৰম্ভ কৰে ।  বাকী ল’ৰাবোৰ আহে মানে সিহঁতৰ প্ৰায় লিখি শেষ হয় ।
পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ১৫ মিনিটমান আগত যেতিয়া চাৰহত পৰীক্ষাৰ পেপাৰ আৰু বহীবোৰ লৈ ৰুমে ৰুমে সোমাবলৈ আৰম্ভ কৰে , তেতিয়া শেষৰ শাৰীৰ তিনিখন বেঞ্চত অগা-পিচাকৈ বহি থকা ৰাতুল, বিপুল আৰু আমনুলে ডেস্কখনত নতুনকৈ নকল লিখা কবি পৰিচয়টোলৈ চকু ফুৰায় আৰু মনে মনে ভাবে , প্ৰভু এইটো আহিলেই হয় আৰু ফালি দিম ...
আগন্তুক দহদিনমানত আমাৰ স্কুলৰ প্ৰায়বোৰ ডেস্ক ৬ বাৰকৈ পৰিস্কাৰ হয় আৰু নতুন হোৱাৰ ৰুপ ধৰে ।


Thursday, October 23, 2014

পোহৰৰ ভয়





পোহৰৰ ভয় 

ইমান পোহৰ আজি এই গলিটোৰ চৌপাশে,
দেৱাল, খিৰিকী , জপনামুখ সকলোতে পোহৰ !
ৰঙা, নীলা, হালধীয়া পোহৰবোৰে লতাৰ দৰে
মেৰিয়াই ধৰি আছে   চৌহদৰ নাৰিকল গছবোৰো ।

এইযে ফুলঝাৰিৰ পোহৰেৰে আজি
মানুহবোৰে ৰামৰ দৰে  মুখবোৰ উজলাই ৰাখিছে,
কাৰোৱেই চেহেৰা ভালদৰে মনিব পৰা নাই মই  !

কাইলৈ যেতিয়া এই পোহৰবোৰ খহি পৰিব ,
আৰু পুনৰ এন্ধাৰে গছবোৰ মেৰিয়াব ,
এই মনিব নোৱাৰা মুখবোৰৰে কোনোবা এটাই
গলিটোৰ মুখত ৰাৱণৰ দৰে খাপ পাতি ৰ’ব
অসহায় সীতাৰ সন্ধানত ।


Sunday, September 28, 2014

নদীৰ ভালপোৱা



নদীৰ ভালপোৱা 

নদীখনত বাৰিষা আমি মাছ মাৰো ,
খৰালি সাতোৰোঁ , বাৰিষা নাওঁ চলাও ,
তাৰ বালিচাপৰিত কেতিয়াবা বালিভোজো খাওঁ ! 

নদীখনৰ সিপাৰেই তাইৰ ঘৰ  ,
প্ৰায়ে ৰ লাগি চাই থাকো সিপাৰৰ গাওঁখন ,
পাওঁ বুলি চেনেহীৰ বতৰা !


নদীখনেও গোপনে তাইক ভাল পাইছিল কিজানি,
এইবাৰ বাৰিষা গোটেই সিপাৰৰ সৈতে
 চেনেহীক পলুৱাই লৈ গ’ল  !