Thursday, October 23, 2014

পোহৰৰ ভয়





পোহৰৰ ভয় 

ইমান পোহৰ আজি এই গলিটোৰ চৌপাশে,
দেৱাল, খিৰিকী , জপনামুখ সকলোতে পোহৰ !
ৰঙা, নীলা, হালধীয়া পোহৰবোৰে লতাৰ দৰে
মেৰিয়াই ধৰি আছে   চৌহদৰ নাৰিকল গছবোৰো ।

এইযে ফুলঝাৰিৰ পোহৰেৰে আজি
মানুহবোৰে ৰামৰ দৰে  মুখবোৰ উজলাই ৰাখিছে,
কাৰোৱেই চেহেৰা ভালদৰে মনিব পৰা নাই মই  !

কাইলৈ যেতিয়া এই পোহৰবোৰ খহি পৰিব ,
আৰু পুনৰ এন্ধাৰে গছবোৰ মেৰিয়াব ,
এই মনিব নোৱাৰা মুখবোৰৰে কোনোবা এটাই
গলিটোৰ মুখত ৰাৱণৰ দৰে খাপ পাতি ৰ’ব
অসহায় সীতাৰ সন্ধানত ।


Sunday, September 28, 2014

নদীৰ ভালপোৱা



নদীৰ ভালপোৱা 

নদীখনত বাৰিষা আমি মাছ মাৰো ,
খৰালি সাতোৰোঁ , বাৰিষা নাওঁ চলাও ,
তাৰ বালিচাপৰিত কেতিয়াবা বালিভোজো খাওঁ ! 

নদীখনৰ সিপাৰেই তাইৰ ঘৰ  ,
প্ৰায়ে ৰ লাগি চাই থাকো সিপাৰৰ গাওঁখন ,
পাওঁ বুলি চেনেহীৰ বতৰা !


নদীখনেও গোপনে তাইক ভাল পাইছিল কিজানি,
এইবাৰ বাৰিষা গোটেই সিপাৰৰ সৈতে
 চেনেহীক পলুৱাই লৈ গ’ল  !


Saturday, September 27, 2014

এটা কবিতা -- Translation of Gulzar's Ek Nazm


 
এই নিশাটো ইমান সহজ নহয়,
যি বাটেৰে মোৰ হাত এৰি তুমি
এনেকৈ অকলে অকলে যাব ধৰিছা ,
কিজানি তুমি বাট হেৰুওৱা বুলি  ভয়তেই
প্ৰতিটো কেঁকুৰিতেই এটা কবিতা এৰি থৈ আহিছো !

যদি ভাগৰ লাগে
আৰু তোমাৰ প্ৰয়োজন হয়  ,
তাৰে এটা কবিতাৰ আঙুলিত ধৰি তুমি উভটি আহিবা ।

Monday, September 22, 2014

মায়া



সেইদিনা পদূলিমুৰৰ জপনাখন খোলাই আছিল ,
বকুলজোপাৰ তলতো নীৰৱতা নাছিল ।
কেউফালে মানুহ আৰু মানুহ ,
আগচোতালৰ দূবৰিবোৰেও যেন ফুচফুচকৈ 
কথা পাতিছিল কিবা গুৰুতৰ ...

বগা কাপোৰখনৰ তলত  সি মৰাশ হৈ পৰি আছিল,
নীৰৱে .

শাওণবৰণীয়া কাপোৰ এখন উৰি 
আকাশখনে জানো কি প্ৰমাণ কৰিব খুজিছিল ,
মানুহৰ গোমা মুখবোৰে দূপৰতেই 
এন্ধাৰ নমাই আনিছিল ।

এনে এন্ধাৰ মোৰ ভাল নালাগে ,
চিঞঁৰি ক'ম যেন লাগিছিল ।
পিৰালীত তাৰ মাকৰ শোতোৰা পৰা দুগাল ,
চকুপানীবোৰ ওলাইছিল , শুকাইছিল 
আকৌ ওলাইছিল ,
 নিৰবিচ্ছিন্ন এক খেল যেন খেলিছিল |

তেতিয়াও সি পৰি আছিল বগা কাপোৰখনৰ তলত ,
অসহ্যকৰ ...

দেউ  এজনে ধূনাৰ মলাটো ঘূৰাইছিল ,
মানুহবোৰে তাৰ বিষয়ে কোৱা ভাল ভাল কথাবোৰ 
যেন মলাটোৰ ধোঁৱাৰ লগে লগে উৰি গৈছিল ।

কোনোবাই চন্দন কাঠৰ খৰি বিচাৰিছিল ,
কোনোবাই এমুঠি খেৰ ,
সকলোবোৰ যেন যন্ত্ৰচালিত এক ছন্দত হৈ আছিল ।
এৰা সকলোবোৰতো  এই ছন্দত পাকৈত ;
কিমান সহজে  তাক সাঙী কৰি লৈ যাব ,
আৰু তাৰ একো নিছান নাৰাখিব । 

তাৰ পলাই যাবলৈ মন গৈছিল কিজানি ,
কিন্তু মায়াবোৰ তাক দুৰ্বল কৰি পলাইছিল  ,
মাকৰ চকুলোৰ মায়া , 
মানুহে গোৱা গুণবোৰ শুনাৰ মায়া ,
দেউৰ ধূনাৰ ধোঁৱাৰ মায়া ... 

কাইলৈতো এইবোৰ একো নাথাকিব ,
জপনাখন বন্ধ হ'ব , 
বলুকজোপাৰ তল আকৌ নীৰৱ হ'ব ,
দূবৰিও তাতে পৰি ৰ'ব । 

সি এইবোৰ বুজা নাছিল হ'বলা ,
বগা কাপোৰখনৰ তলত  তেতিয়াও সি মৰাশ হৈ পৰি আছিল ..





Friday, August 22, 2014

বেক ককাইটি বেক

   তিতৌৰ মুঠতে আহৰি নাই । গাওঁখনত যলৈ যায় , সকলোতে তাৰ কাম ওলায় । আমুকে বোলে তিতৌ ইটো কৰিব লাগিছিল নহ্য় , তামুকে বোলে তিতৌ তালৈ যাব লাগিছিল নহয় । এশ একুৰি কাম । গোটেই গাওঁখনৰ দায়িত্ব যেন তাৰ ওপৰতহে ।  মাকে তাৰ নাম ৰাখিছিল কামাখ্যা , কিন্তু সৰুৰে পৰা অলৌ তলৌ কৈ ইফালৰ পৰা সিফাল ঘুৰি ফুৰোতে ফুৰোতে নাম পৰিল তিতৌ । 

   অনাই বনাই ঘুৰি ফুৰিলেও কিন্তু তিতৌৰ মগজটোৱে ঠিকেই কাম কৰিছিল । পঢ়া-শুনাত ইমান ভাল নাছিল যদিও বুদ্ধিত ফেৰ পেলাব নোৱাৰি । তিতৌহতঁৰ ঘৰ অৱস্থা ইমান ভাল নাছিল । মাকে সৰুৰে পৰা লোকৰ ঘৰে ঘৰে কাম কৰি পৰিয়ালটো চলাইছিল । সিহঁতৰ চুবুৰীতে ঘন মহাজনৰ ঘৰ । মহাজনৰ পুতেকটো তিতৌতকৈ দুবছৰমান ডাঙৰ, বৰ অহংকাৰী । কথাটো প্ৰতি তিতৌক খোছটো মৰাতো তাৰ অভ্যাস । তিতৌৰ খং উঠিলেও একো কব নোৱাৰে , কিন্তু বেটাক ঠেকাত পেলোৱাৰ চেগ বিচাৰি ফুৰে । মাজে মাজে চেগ নোপোৱা নহয় ।

    মহাজনৰ এখন বৰ মৰমৰ এম্বেচাডৰ গাড়ী আছিল । সেই সময়ত ওচৰৰ গাওঁবোৰতো কিজানি তেনেকুৱা গাড়ী দুই তিনিখনমানহে আছিল । গাড়ীত উঠিলে মহাজন আৰু পুতেকৰ ভেম কি চাবা , যেন গোটেই গাওঁখনকে উৰুৱাই লৈ যাব । মহাজনে গাড়ীত আচোৰ এটা পৰিলেও জীৱ যোৱা যেন পায় । এবাৰ চাইকেল এখন খুন্দিয়াই বাওঁপিনৰ হেডলাইটতো ভাঙোতে মতি ড্ৰাইভাৰক এমাহৰ বেতন কাটি  একেদিনাই খেদাই দিছিল । প্ৰতিদিনে গাড়ীখন ধুই চিকুনাই ৰখাৰ দায়িত্ব ড্ৰাইভাৰৰ । 

    এবাৰ মহাজন কিবা কামত দুদিনমান গাওঁৰ বাহিৰত আছিল । পুতেকতো তেতিয়া বাৰ তেৰ বছৰমান হ'ব , তিতৌ দহমান । মহাজনৰ পুতেকে বাপেক নোহোৱাৰ চলতে গাড়ীখন চলাই অলপ ডেমাকী দেখুৱাও বুলি ষ্টাৰ্ট কৰিলে । ড্ৰাইভাৰক দেখি দেখি শিকা যেতিয়া যেনেতেনে গাড়ীখন চলাই বাট পালেহি । তিতৌহতঁৰ কেকুৰীতো পাৰ হওঁতে খুব জোৰেৰে হৰ্ণ বজালে । তিতৌ একেকোবে বাহিৰ পালেহি । মহাজনৰ পুতেকে আৰু বেছি দুৰলৈ গৈ কিবা এটা হ'লে বাপেকৰ গালি খোৱাতকৈ ঘূৰি যোৱাতোৱে ভাল হ'ব বুলি ভাবিলে । সমস্যাতো তাতেই হ'ল । চিধা চিধি গ'ল ঠিকেই , এতিয়া বেক কৰে কেনেকৈ ? আয়নাত চাই চাই গাড়ী ঘুৰাবতো নেজানে । আয়্নাখন চাই সি ভাবি থাকোতেই দেখিলে পিছফালৰ পৰা তিতৌ আহি আছে । ' অই তিতৌ ইফালে আহ , মই গাড়ীখন বেক কৰিম তই পিছফালটো চাই দিবি ' । তিতৌয়ে মুৰ দুপিয়াই গাড়ীখনৰ পিছ পালেগৈ । " আৰু এই বুৰ্বক শুন , মই লাহে লাহে বেক কৰি যাম , তই মোক গ' বেক , গ' বেক বুলি কৈ যাবি , বেলেগ নকবি " । তিতৌৰ ওঠেৰে এটা দুষ্ট হাঁহি বাগৰি গ'ল ," বেটা , ই মোক ইংলিছ শুনায় , ৰ তোক কি কৰো চাই থাক।" 

    মহাজনৰ পুতেকে বেক গীয়েৰ লগাই লাহে লাহে গাড়ীখন পিছুৱালে , তিতৌৱে পিছ্ফালৰ আহঁতজোপাৰ শিপাত বহি চিঞঁৰিব আৰম্ভ কৰিলে , " বেক ককাইটি বেক " । লাহে লাহে এম্বেচাডৰ গাড়ী পিছুৱাই আহিছে , তিতৌয়ে চিঞঁৰি আছে ,"বেক ককাইটি বেক , বেক ককাইটি বেক " । মহাজনৰ পুতেকে আয়্না চাই আহিছে যদিও একো ভালকৈ দেখা নাই , তিতৌৰ চিঞঁৰৰ অনুমানতে বেক কৰি আছে । লাহে লাহে বেক কৰি থাকোতেই এপাকত গাড়ীখন জোৰেৰে নামি গ'ল আৰু মহাজনৰ পুতেকে একো তৰ্কিব পৰাৰ আগতেই গাড়ী গৈ পিছফালৰ নলাৰ বোকাত সোমালগৈ । ইমান সময় ,"বেক ককাইটি বেক" বুলি চিঞঁৰি থকা তিতৌয়ে ডবল জোৰেৰে চিঞঁৰিলে ,"বছ ককাইটি , মানুহ মাতি দিয়া" ।

     যেতিয়া দুদিন পিছত মহাজনৰ এচাৰিৰ কোব খাই পুতেকটোৱে তিতৌক বিচাৰি থাকিল , তিতৌৰ কোনো শুংসূত্ৰ পোৱা নগ'ল ।


Sunday, August 17, 2014

এৰি অহা চিনাকী

কেতিয়া পাম আকৌ সেই দিনবোৰ ,
তৰাবছা আকাশৰ শৰতৰ নিশাবোৰ ,
স্মৃতিয়ে আমনি কৰে সঘনাই আজিযে,
উটি যায় অতীতৰ চাকনৈয়াত মন মোৰ ...


নিয়ৰে ভিজা সেই দূবৰি পদূলিৰ ,
শেৱালিৰ সুগন্ধিও ভাহে বহুদূৰ
এটি দুটিকৈ তাতে জোনাকী উৰে 
দূৰৈৰ বাহীটিয়ে মোক বলিয়া কৰে .

স্মৃতিয়ে আমনি কৰে সঘনাই আজিযে,
উটি যায় অতীতৰ চাকনৈয়াত মন মোৰ ...
কেতিয়া পাম আকৌ সেই দিনবোৰ ,
তৰাবছা আকাশৰ শৰতৰ নিশাবোৰ ।


আছেনে আজিও তাত বালিমাহী জাক, 
উৰেনে সিহঁত লৈ আঘোণৰ ডাক ,
 যদি নৈখনে নুটুৱাই বান্ধি থোৱা নাওখন , 
মই বিচাৰি ওলামগৈ ঘাটৰ লগৰীজন । 


স্মৃতিয়ে আমনি কৰে সঘনাই আজিযে,
উটি যায় অতীতৰ চাকনৈয়াত মন মোৰ ...
কেতিয়া পাম আকৌ সেই দিনবোৰ ,
তৰাবছা আকাশৰ শৰতৰ নিশাবোৰ ।


Friday, August 15, 2014

বাস্তৱ


 

  বাস্তৱ 


তিনি ৰঙৰ বেলুন ফুলাই
আজি উৰুৱাই দিছা ,
উৰুৱাই দিছা শান্তিৰ কপৌ আৰু 
গোলাপৰ পাহি !

ইহঁত আজি ঠিকেই উৰিছে ,
দশোদিশ !!

ৰাতিটো নুপুৱাওতেই দাখন 
শান কৰি থবি;

 কাইলৈ যে ইহঁত আকৌ পৰি ৰব,
কাইটীয়া গছৰ আলিঙ্গনত !