Wednesday, June 5, 2013

মুৰ্খৰ বাকছ ....

ইণ্ডিয়া দুবছৰ আগতে ৱৰ্ল্ডকাপ জিকাৰ ৰাতিটো ভালকৈয়ে মনত আছে । আচলতে সিদিনাহে মই প্ৰকৃতাৰ্থত মুৰ্খৰ বাকছ এটা দেখিছিলো । গোটেই ছিৰিজটোৱেই বৰ ভাল লগা আছিল । কাপ আৰম্ভণিৰ প্ৰথমতে ইণ্ডিয়া জিকিব বুলি মইতো সপোনতো ভবা নাছিলো ।লাহে লাহে খেল আগুৱাই গ'ল , আমেজটোও বাঢ়ি বাঢ়ি গ'ল । অকল মোৰ আমেজ বঢ়া নহয় , বাকীবোৰৰ আমেজ বাঢ়ি বাঢ়ি গ'ল । সকলোৰে মুখত খালি আজি কোনে কিমান ৰাণ কৰিব, কাক বহুৱাই দিব লাগে , ভাল পেচবলাৰ নাই , তেণ্ডুলকাৰ বুঢ়া হ'ল , ৰাইণাহতে ভাল ফিল্ডিঙ কৰে জাতীয় কথাই চলি আছিল । ছেমি ফাইনেলৰ দিনা দেখিলো অফিছৰ বহুত মানুহেই ছুটীত আছে । কাৰোবাৰ পেট বেয়া , কাৰোবাৰ আলহীক ষ্টেশনত থব লাগে , কাৰোবাৰ মাকৰ চেক আপ আছে জাতীয় ছুটী । ফাইনেল আহিল , উপায় নাই আৰু .কাক কোনে পায় । সকলোবোৰ টিভিৰ আগত । কোনোবাই সৰু টিভি , কোনোবাই কাষৰ ঘৰৰ টিভি , কোনোবাই গলিয়ে গলিয়ে স্ক্ৰীণ টানি প্ৰজেক্টৰত খেল চাইছে । আমি আকৌ চালোগৈ শ্বপিঙ মল এটাৰ ডাঙৰ টিভি এটাত । তাতো মানুহ ভৰপূৰ , কোনোবাই পতাকা উৰুৱাইছে , কোনোবাই পেপা বজাইছে । মুঠতে কি সাংঘাটিক বেপাৰ । খেল খেলিলে , জিকিলেও । চিঞঁৰি চিঞঁৰি ঘৰ পালোহি । ৰাস্তাত মানুহৰ ভিৰ , বিৰ দি বাট নোপোৱা অৱস্থা । কিমান যে বেণ্ড পাৰ্টী, প্ৰচেছ্ন। মই থকা ঠাইডোখৰৰ কেকুঁৰিটোত এটা মন্দিৰ আছে । সৰু মন্দিৰ , সম্পুৰ্ণ খোলা অৱস্থাত আছে । মই কেকুঁৰিটো পাৰ হ'ব লওতে মুৰ্খৰ বাকছটোৰ লগত মোৰ দেখা দেখি হ'ল ।

এজন চল্লিশ বছৰমান বয়সীয়ালোকে এটা টিভি দুহাতেৰে সাৱতি ধৰি কেকো-জেকোকৈ আনি মন্দিৰৰ সন্মুখত থলে , আৰু কিবা এটা উকি মৰাৰ নিছিনা শব্দ কৰি টিভিতোৰ আগত সাষ্টাংগে দীঘল দি পৰিল । পৰিল যি পৰিলেই, উঠাৰ নাম নাই। মোৰ হতবাক হোৱাৰ পাল । ই বেটাই আকৌ কি কৰে । এনেকৈয়ে অলপ সময় যোৱাৰ পাছ্ত দেখিলো , মানুহজনৰ  ঘৈণীয়েক আৰু এজন ভদ্ৰলোক আহিল , মানুহজনক হেচুঁকি চালে ।ঘৈণীয়েকে মানুহটোৰ পিনে এবাৰো নাচাই প্ৰথমতে টিভিটোৰ স্বাস্থ্য পৰীক্ষা কৰিব ধৰিলে । ভদ্ৰলোকে কিবাকিবি ভোৰভোৰাই থাকি আতঁৰি গল আৰু অলপ পিছত দুহাতেৰে পানী অলপ আনি প্ৰণাম কৰি থকাটোৰ মুখত মাৰিলে । অলপ ইকাতি সিকাতি কৰি পৰি থকাটো উঠিল , খুব জোৰেৰে ইণ্ডিয়া ইণ্ডিয়া  বুলি দুবাৰ চিঞঁৰিলে আৰু পিছত অহাজনৰ গাত ভৰ দি কোনোমতে থিয় দিলে । তিনিওজনে অলপ পাছত টিভিতো ডাঙি খোজ ল'লে । প্ৰণাম কৰাজনৰ খোজটোৰ একা বেকা ৰূপ দেখিহে মই ৰহস্যটো ধৰিব পাৰিলো । বেটাই পানী খাই ফিটিঙ , হয়তো মনৰ ফুৰ্তিতে ভগৱান তোকনো আৰু কিহেৰে পুজিম , এই টিভিতোকে দিলো বুলি প্ৰণিপাত কৰিলে । ঘৈণীয়েকে ভাবিছিল ছাগৈ জহনীযোৱাটো যতে মৰে মৰক , মোৰ টিভিটো ভালে ভালে পালেই হ'ল ।

সৰুৰে পৰা শুনি আহিছো টিভিটো মুৰ্খৰ বাকছ । প্ৰকৃততে মুৰ্খৰ বাকছ কিয় বোলে তাৰ বিভিন্ন মত । আগতে মানুহে টিভিটোৰ আগত বহি মুৰ্খৰ দৰে আনে কৰি থ্কা গান-নাচ , চিনেমা- নাটক চায় বাবে মুৰ্খৰ বাকছ বোলে কিজানি । টিভিৰ সিটো পাৰৰ মানুহ বিলাকে যি কৰে সেয়াই সচা যেন লাগে । মোৰ লগৰ এটাৰ আইতাকে টিভিত ৰামায়ণ আৰম্ভ হ'লে আগতে দুহাতেৰে সেৱা এটা কৰি লৈছিল ।আজিকালি মানুহ আকৌ সলনি হ'ল ।আজিকালি টিভিৰ জড়িয়তে পঢ়া - শুনাও হেনো কৰিব পাৰি, ৰন্ধা-বঢ়াও শিকিব পাৰি , দেশ- বিদেশৰ খবৰ লোৱাটো বাৰু বাদেই দিলো ।  সভ্যতা আগ বাঢ়িল , পিছে এতিয়াও কিছুমান ছিৰিয়েলত দেখিব একবাৰে নতুন কাপোৰ, আ-অলংকাৰ পিন্ধি মানুহবোৰ নিজৰ ঘৰতে আলহীৰ দৰে থাকে । আৰু টিভিটোৰ ইটো পাৰে এতিয়াও বহুতে এইবোৰ ৰ লাগি চাই থাকে । মোৰ অনুমান এই যে সাষ্টাংগে  দীঘল দি পৰিল মানুহতো , তাৰ ঘৈণীয়েকেও হয়তো পিছ্দিনা কোনোবা এখন ছিৰিয়ল এনকৈয়ে ৰ লাগি চাব , সেয়েহে প্ৰথমেই টিভিটোৰ পৰীক্ষা নীৰিক্ষা । টিভি আৱিস্কাৰ হোৱা দিনৰে পৰা এনেকুৱা চলি আছে , আগলৈও হয়্তো এনেকুৱাই চলি থাকিব । নামটো ভালেই থৈছে ,"মুৰ্খৰ বাকছ"।  

No comments:

Post a Comment