Saturday, July 27, 2013

ছুটকেছ

মহীকান্ত একেবাৰে উৰি অহাদি আহিল , যেনিবা সি তাৰ কেৰেয়া নথকা চাইকেলখন নহয় স্কুটাৰ চলাইহে আহিছে । কেকুৰীটো পাৰ পাওঁতে সি একপ্ৰকাৰ পৰিছিলেই, এখন ভৰিত ভেজাদি কোনোমতে নপৰাকৈ ঘৰ পালেহি  । জপনাখন আধা খোলা কৰিয়েই সি ঘৰ সোমালহি । মাকে ভিতৰৰ পৰা বকি উঠিল , ' কিমানবাৰ ক'লো জপনাখন মাৰি ঘৰ সোমাবলৈ , সদায় সদায় একেই কাণ্ড । হৰিহতৰ ছাগলীজনী সোমায়হিহে লাগে । ' 'তই একেখন ৰেকৰ্ডকে বজাই নাথাকিবি বৌটি , আজি মোৰ বহুত ইম্পটেন কাম আছে ।'  মহীকান্তৰ কিবা ইম্পটেন কাম আছে বুলি যাদৱৰ  দোকানৰ সন্মুখত বহি থকা ল'ৰা কেইটায়ো বুজিছিল । সি দোকানৰ আগেৰে চাইকেল উৰুৱাই আহোতে , কোনোবা দুটামানে কিবা এটা চিঞঁৰি কৈছিল , কিন্তু তাৰ সেইবোৰ শুনিবলৈ আজি সময় নাই । কোনোবা এটাই আকৌ তাৰ ইম্পটেন কামটো কিবা পেট বেয়া হোৱা জাতীয় বুলিহে ভাবিছিল ।
 দেউৰী গাওঁৰ পৰা এই দুমাইল বাট সি সচাকৈ উৰিয়েই আহিছিল , মাজত মাথো এবাৰ ৰামধন মহৰীৰ ঘৰৰ নঙলাত ৰৈছিল । মহৰীৰ ঘৰৰ ভিতৰৰ ফালে কিবা এটা চোৱাৰ উমান কৰি সি আকৌ তাৰ ৰেলী চাইকেলখন উৰুৱাই দিছিল । সাজ প্ৰায় লাগিছিলেই । মহীকান্তই পুখুৰীৰ পানী দুবাল্টিমান তুলি ঘঁহি ঘঁহি গাটো ধুলে , গোসাই থাপনাত কিবাকিবি প্ৰাৰ্থনা মাতি সেৱাও ল'লে । মাকে কিবা কণা গোসায়ে ল'ৰাটোক সুমতি দিয়া বুলি ভাবিবলৈ আৰম্ভ কৰিছিল ।  তাৰ বিছনাখনত পাৰি  থোৱা আগদিনা মাকে ধুই বিছনা চাদৰখন তুলি সি মাকক ক'লে , 'বৌটি ইমান লেতেৰা চাদৰখন কেলেই পাৰি থৈছ , ধুই থোৱা বিছনা চাদৰ নাই নেকি ? ' মাকেও ভাবিলে ইমান ডাঙৰ কি ইম্পটেন কাম আছে বাৰু ।

মহীকান্তই ৰাতিপুৱাতে ভালকৈ জাপি গাৰুৰ তলত থোৱা কাপোৰযোৰ উলিয়ালে , যোৱা সপ্তাহত কিনি থোৱা কুৰিটকাৰ ছেণ্টৰ বটলতো এবাৰ শুঙি চালে আৰু দুছিটামান মাৰিম বুলি ভাবি থমকি ৰ'ল , 'এহ , অলপ পিছত মাৰিম ।' সি আকৌ চিন্তা কৰিলে , 'সকলো ঠিকে ঠাকে হৈ যাবতো ?নাই নাই, ঠিক হ'বই, দেউৰী গাওঁৰ কালী গোসাইৰ নাম আছে । আজিলৈকে সকলো কোনো কামত ফেল হোৱা নাই।ৰজতৰ কামটোও তেওঁহে কৰি দিয়া । আৰু গোসায়ে নিজে গেৰেণ্টী  দিছে । গতিকে ছুটকেছ পায়হিয়ে লাগে ।' যোৱা এটা বছৰে মহীকান্তই যে এই কামটোৰ কাৰণে কি কি কৰা নাই । কিমান বেজ , কিমান জৰাফুকাৰ আশ্ৰয় ললে । কিন্তু এইবাৰ কামটো হবই বুলি তাৰ নিজৰে এটা বিশ্বাস জন্মিছে । কালী গোসাই পৰমাণী গোসাই , কোনোয়ে কয় গোসাই সৰুতে মায়্ঙত আছিল , তাতেই সকলো শিকি অহা ।
দৰ্জাখনৰ ডাংদাল নলগোৱাকৈয়ে থৈছে সি , ছুটকেছটো ডাঙৰ হ'বটো , গতিকে অহা ৰাস্তাটো কিলিয়েৰ কৰি থোৱাই ভাল । মহীয়ে এনেই এবাৰ নঙলা মুখৰ পৰা ঘুৰি আহিল । বৌটিয়েকে ইতিমধ্যে খাই বৈ শুলেই । লাহে লাহে দেৰী হৈছে  সি আকৌ এবাৰ পেলেনিংটো ঠিকে ঠাকে কৰিছিল নে নাই ভাবি চালে ।
প্ৰথমতে তাক ৰামধন মহৰীৰ ঘৰৰ কামকৰা লৰা কনকে  মহৰীৰ জীয়েক সৰুমাইৰ চুলি এডাল আনি তাক দিলে । এই কামটোৱেই সকলোতকৈ টান আছিল আৰু তাৰ বাবে সি কনকক পাচটকা দিব লগা হৈছিল । সি চুলিডাল নি গোসায়ে কোৱাৰ নিচিনাকৈ পোনেই বৰপুখুৰীৰ পানীত ধুই , আগলী কলপাত এখন , গুৱা পান , এখন গামোছা আৰু নগদ তিনিশ এটকা দি গোসাইৰ ঘৰ পালেগৈ । গোসায়ে বহুত কিবাকিবি পুৰণি পুথি উলিয়ালে , প্ৰায় আধাঘণ্টামান মন্ত্ৰ মাতি চুলিডাল তাৰ হাতত দিলে আৰু ক'লে , " তোৰ কাম হৈ যাব , মই মায়্ঙৰ মোহিনীজাল মাৰি দিছো । মাত্ৰ এই চুলিডাল তই ছোৱালীৰ পদুলিমুখত পুতি থবি আৰু যদি ধ্যান ৰাখিবি যাতে তাই চুলিডাল পুতি থোৱা ঠাইখিনি আজি দিনটোৰ ভিতৰত গছকে । ৰাতিলৈকে ছোৱালী তোৰ ঘৰত ছুটকেছ লৈ হাজিৰ হ'ব ।মই গেৰেণ্টী দিলো ।'  সৰুমাইয়ে একো নজনাকৈয়ে সিহঁতৰ বকুলজোপাৰ তলত চুলি পুতি থোৱা ঠাইডোখৰ গছকি যোৱা সি নিজেই দেখিছে । মানে পেলেনিংটো পুৰা হৈছেই ।  মহীয়ে তাইক খোলাখুলিকৈ ভালপোৱাৰ কথা কব নোৱাৰিলে কি হ'ল, গোসায়ে চব ঠিক কৰি দিছে ।
মহীয়ে এইবাৰ ছেণ্টৰ বট্লটো আকৌ উলিয়ালে আৰু কাণ দুখন সজাগ কৰি ছুটকেছ অহালৈ বাট চাই থাকিল । ইপিনে মহৰীৰ ঘৰত সৰুমাই টোপনিত লালকাল ।

1 comment: