Tuesday, September 10, 2013

দেখিছানে বাৰু ...

"দেখিছানে বাৰু মানুহটোৰ কাণ্ড, মই কেনেকৈ বাৰু এইপাতৰ লগাত সংসাৰ কৰি খাম" , শৰ্মানীয়ে বজাৰৰ মোনাকেইটা ভাঁজ কৰি ফ্ৰীজটোৰ ওপৰত থলে । আজি শৰ্মানীক মাতিবই নোৱাৰা হৈ আছে । হবৰে কথা , কাইলে ছোৱালীজনীৰ সৰু বিয়া , দুদিন আগৰে পৰা  ঘৰখন কিবা আলহীৰে ঠাহ খাই আছে । ইফালে গলে যদি জামুগুৰিৰ বাইদেউ তামোল কাটি বহি আছে , সিফালে গলে গহপুৰৰ ডাঙৰ মামীয়ে কাৰোবাক গাখীৰ চাহ এটুপি দিবলৈ ফৰ্মাইছ দিয়েই আছে । কামৰ কাম একো নাই খালী কথাৰ বকলা মেলিছে । ইফালে কিমান যে কাম বাকী , শৰ্মানীয়ে ভাবিলেই কিবা মুৰটো ঘুৰাই যোৱা যেন অনুভৱ কৰে । ছোৱালীজনীৰ সৰু বিয়া , কম কথানে , প্ৰায় আঢ়ৈশমান মানুহৰ যোগাৰ - ৰাবাৰ বাগানৰ পৰা পাচলিৰ বজাৰ , ৰহমান বেপাৰীক মাছৰ এডভাঞ্চ দিয়া , গধূলীবজাৰৰ পৰা ভাল ভাল চাই তামোল পানৰ গুছিটো , থাপাৰ হোটলৰ মিঠাইৰ টিং দুটা আৰূ দৈ - কিমান যে বজাৰ বাকী আছেই ।

শৰ্মানীয়ে বহুদিনৰ পৰা বকি বকি শৰ্মাক অফিছৰ পৰা তিনিদিনৰ ছুটী লোৱালে । এনেই বেংকত কাম বুলিলে শৰ্মাৰ বৰ এটা তাগিদা নাই । মন গলেই কৰে, নগলে নকৰে । খোলা খুলি হিচাপ , কাৰো পৰা টকা এটা খাইও পোৱা নাই , কাকো ট্কা  এটা এনেই দিয়াও নাই । বৰবাবুই শৰ্মাক বৰা পছণ্ড কৰে । ছুটীৰ কথা কওতে একে আষাৰেই মান্তি হল । শৰ্মানীয়ে ভাবিলে , "ৰক্ষা দেও , বজাৰ খিনি অন্তত ঠিকে ঠাকে হৈ যাব " কিন্তু কি ঠিক হব, ৰাতিপুৱা সাত বজাতে মানুহটোক চাহ টুপী দি কলে ," আপুনি সোন্কালে গাটো ধুই বজাৰ খিনি অতাওক , প্ৰথমে মাছ বেপাৰী, তাৰ পাছ্ত তামোল পান , তাৰ পাছ্ত থাপাক মিঠাই আৰু দৈৰ অৰ্ডাৰতো দিব । থাপাক কৈ দিব দৈত যাতে বেছি পানী নামাৰে , আজিকালি সি বৰ ঠগাব খোজে । পাচলিখিনি একেবাৰে লৈয়েই আহিব । হাফছাৰ্টৰ পকেটত ছিলিপ খন দিলো , জোখমতে আনিব ।'  সেই যে সাত বজাতে শৰ্মানীয়ে কথাখিনি কৈ গ্'ল , এই আঠ বাজি দহ মিনিটলৈকে , শৰ্মা ৰেডী হোৱাই নাই । শৰ্মানীয়ে মাজতে দুবাৰ চকু ফুৰাই গল , এবাৰ মানুহটো কিবা পিন্ধিব দিয়া ধূতিখনকৈ ইফাল সিফাল কৰি চাই আছে , এবাৰত  মানুহটো দাড়ি কাটিবলৈ লৈছে । আয়নাখনত চাই চাই কিবা জীৱনৰ চিন্তা ভবনা নোহোৱাৰ নিছিনাকৈ এডাল এডাল কৈ ফ্ৰেঞ্চ কাট দাড়ি মিলোৱাত ব্যস্ত । তিনিবাৰত শৰ্মানীয়ে "দেখিছানে বাৰু মানুহটোৰ কাণ্ড... " বুলি হুমকি দিয়াতহে শৰ্মাৰ গা লৰিল ।
ন বজাত শৰ্মা  তিনিটা ডাঙৰ মোনা, হাফছাৰ্টৰ পকেটত এখন দীঘল ছিলিপ , পেণ্টৰ পকেটত এখন বান্ধি থোৱা তামোল লৈ ওলাই আহিল । আজি বহুত বজাৰ বাবে স্কুটাৰখন নানিলে , ৰিক্সাকেই লোৱা যাওঁক বুলি আগবাঢ়িল ।

প্ৰথমখিনি শৰ্মা ঠিকেই গ'ল । ভবা মতেই মাছ বজাৰত ৰহমান বেপাৰীৰ কাষ পালেগৈ , ৰহমান দোকানত নাছিল বাবে শৰ্মাই অলপ ৰৈ ৰহমানক নিজে লগ ধৰি ভাল মাছৰ কথা কম বুলি ৰল । তাতেই আকৌ লগ পালে গজেনক, সৰুৰে পৰা একেলগে পঢ়া গজেন । তাৰ লগতে কথা আৰম্ভ । এসময়ত ৰহমান আহিল, কথা হল , টকা দিলে আৰু শৰ্মা তামোল পানৰ বাবে আগবাঢ়িল । চাইকেল ঠেলি ঠেলি গজেনো একেলগে আহি থাকিল । কিমান যে কথা ওলাল , স্কুলৰ ফুটবল খেল , মেটিনী চাবলৈ গৈ চাইকেলে মানুহে নলাত সোমোৱা, প্ৰথমবাৰ লুকাই লুকাই ছাধা খাবলৈ শিকা ।এবাৰ গ'ল কিক মাৰোতে সিটো পাৰ্টীৰ গ'ল বক্স পোৱাৰ কথা , কছাৰী গাওঁৰ লগত খেলোতে চাৰিটা ৰেড কাৰ্ড খোৱাৰ কথা ।  বেলি আগবাঢ়ি গৈ আছে আৰু লাহে লাহে শৰ্মাৰ ছিলিপৰ নামবোৰত এটা এটাকৈ টিক হৈ গৈ আছে । যিমানেই মোনাৰ ওজন বাঢ়ি আহিছে ,কথাৰ ৰসো সমানে আগবাঢ়ি গৈ আছে । থাপাৰ হোটেলত মিঠাইৰ অৰ্ডাৰ দিয়ালৈ প্ৰায় দেৰ বাজিল । ভালকৈ বহি দুই বন্ধুয়ে চাহ আৰু গজা খালে । শৰ্মাই মাজতে এবাৰ ছিলিপখন উলিয়ালে আৰু কি কি বাকী থাকিল জুকিয়াই ললে । নাই পাচলিখিনি বাদ দি সকলো হ'ল । গজেনেই কলে , বৰ্ডিং ফিল্ডৰ কাষৰ বজাৰখনতেই অলপ কমত পাচলি পাব । কথা মতেই কাম । পাচলিৰ বজাৰত লিষ্ট মতে কিনি গৈছে , বন্ধাকবি, আলু , ৰঙালাও, পটল , তেজপাত, শুকান জলকীয়া ইত্যাদি । ইতিমধ্যে তিনিটা মোনাৰ ওপৰিও আৰু বস্তু গোট খাইছে । যেতিয়া ছিলিপখনৰ শেষ আইটেম পাপৰৰ পেকেটটোত টিক মাৰি ছিলিপ খন ওলোটাই আৰু কিবা ৰৈ গল নেকি চালে, তেতিয়াহে গণ্ডগোলতো লাগিল ।

শৰ্মাই এবাৰ ছিলিপখন চালে , এবাৰ গজেনৰ মুখলৈ চালে । গজেনে আকৌ কি ঘট্না বুলি ছিলিপখন হাতত ললে । সিও এবাৰ শৰ্মাৰ মুখলৈ এবাৰ ঘড়ীটোলৈ চালে ।কিবা চকুৱে চকুৱে ইংগিত দিয়াৰ লেখীয়া হ'ল ।  চাৰিটাই বাজিল্, দেৰী হৈছে যদিও এতিয়াও সময় আছে । শৰ্মাই বিনোদ দোকানীক কলে ," হেৰা বিনোদ্, এই মোনাকেইটা অলপ ইয়াতেই থলো দেই । অকণমান চাবা , আমি সাউতকৈ যাম্, সাউতকৈ আহিম ।" বিনোদ দোকানীয়ে হব বাৰু বুলি কোৱালৈ শৰ্মা আৰু গজেন নৰলেই । গ'ল যে গ'লেই , দহ মিনিট হ'ল, বিশ মিনিট হ'ল, মানুহ নাই , একঘণ্টা হ'ল কাৰো দেখাদেখি নাই।

প্ৰায় সাতমান বজাত শৰ্মা আৰু গজেন ঘৰ সোমালহি । তেতিয়াও শৰ্মাই কৈ আছিল  কছাৰী গাওঁৰ ৰেড কাৰ্ডৰ কথা । ৰেফাৰীয়ে কেনেকৈ পকেটৰ পৰা ইখনৰ পিছত সিখন কাৰ্ড উলিয়াই দেখুৱাবলৈ পকেটত হাত দিওতে দোকানৰ ছিলিপখন ওলাল । তেতিয়াহে শৰ্মাৰ মাত হেৰাল , বজাৰৰ মোনা , পাচলি , তামোল পান সোপাকে বিনোদৰ দোকানত এৰি থৈ আহিল । শৰ্মানী সিমানতেই ভিতৰৰ পৰা ওলাই আহিল , শৰ্মাই যিমান পাৰে সিমান মিঠাকৈ কলে ," হেৰা মই সাউতকৈ আহো ৰবা । " শৰ্মানীয়ে থপিয়াই ছিলিপখন হাতত ল'লে আৰু  কলে , "  হব , আৰু কলৈকো গৈ দেখুৱাব নালাগে । বিনোদে দোকানৰ ল'ৰাটো পঠিয়াই সকলো দি গৈছে । ইমান কেয়াৰলেছ মানুহৰ লগত কোনে সংসাৰ কৰে বাৰু ।" শৰ্মাই নহয় মানে , আমি মানে কৰি থাকোতে শৰ্মানী ভিতৰ পালেগৈ ।

শৰ্মানীৰ আৰু একো শুনিবলৈ মন নাই , কলৈ গৈছিল , কিয় গৈছিল । খঙৰ ভমকত ছিলিপখন ফালি পেলাবলৈ লওতেহে শৰ্মানীয়ে দেখিলে , ছিলিপৰ ওলটা পিঠিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা কেইটা , " প্ৰীতি ফুটবল খেল প্ৰতিযোগিতা , পাৰ্বতী নগৰ উদয়ন সংঘ বনাম কছাৰী গাওঁ স্পৰ্ট ক্লাব , বৰ্ডিঙ ফিল্ড.. "

শৰ্মানীক আৰু একো ব্যাখা কৰাৰ প্ৰয়োজন নহল ।




2 comments:

  1. good one Hiranya... Assam r sinaaki kotha likha maanuh tumi... liked it :)

    ReplyDelete