Sunday, June 21, 2015

নেলী ব্লাই আৰু অসমৰ টিভিৰ ব্ৰেকিং নিউজৰ সংজ্ঞা ...

       মোৰ সাধাৰণ জ্ঞান বোলা বস্তুটো বৰ কম । কেতিয়াবা কৰবাৰ কাগজৰ টুকুৰাত , কেতিয়াবা ফেচবুকৰ বেলেগৰ আপডেট , কেতিয়াবা ইমেইলত ইজন সিজনৰ পৰা কিবা নহয় কিবা এটা পাওঁ , পঢ়ি ভাল লাগিলে পঢ়ি থওঁ । কিন্তু এনেকৈ গোটোৱা মোৰ তথাকথিত সাধাৰণ জ্ঞানবোৰ কেতিয়াবা দহমিনিট , কেতিয়াবা এঘণ্টা , কেতিয়াবা এমাহলৈ মনত থাকে । প্ৰায়েই সেইবোৰ পাহৰি যাওঁ , সময়ত মনত নাহে , কৰবাত কোনোবাই কথা পাতি থাকিলে বিষয়টো আগতে কৰবাত শুনা শুনা লাগে , কিন্তু স্থান কাল পাত্ৰ সঠিককৈ মনলৈ নাহে । কোনটো কথা কিমান দিনলৈ মনত থাকিব সেইটো নিৰ্ভৰ কৰে সেই কাগজৰ টুকুৰাত পঢ়া বস্তুটো কিমান ৰসাল বা সংবেদনশীল তাৰ ওপৰত । এনেকৈ এদিন অফিছত বহি ইন্টাৰনেট কৰি থাকোতে ঘ্পকৈ লক্ষ্য কৰিলো Google ৰ হোমপেজ খনলৈ । Google প্ৰায়ে নিজৰ হোমপেজ খন অলপ আকৰ্ষনীয় কৰি তুলিবলৈ দিনতোৰ বিশিষ্ট ঘটনাবোৰৰ যিকোনো এটা লৈ Doodle হিচাপে প্ৰকাশ কৰে । এই Doodle বোৰ চাবলগীয়া হয় , আৰু প্ৰায়েই ই  মোৰ ক্ষন্তেকীয়া  সাধাৰণ জ্ঞানৰ উতস হিচাপে কাম কৰে । সিদিনাৰ আকৰ্ষন আছিল এখন ক'লা বগা ছবি , মাজত এগৰাকী মহিলাৰ মুখ , চুলিখিনি দুফালে দুধাৰি বৈ কিবা এক ভূতীয়া ৰূপ লৈছে । মোৰ প্ৰথম ধাৰণা আছিল , মোনোবা ইংৰাজী ভূতৰ চিনেমাৰ বিষয়ে লিখিছে নিশ্চয় , হয়তো কোনোবা ডাইৰেক্টৰৰ জন্মদিন , নহলে কোনোবা বিখ্যাত ভূতৰ চিনেমা চিৰিজৰ কথা ।

চিনেমাৰ প্ৰতি এনেও অলপ দূৰ্বলতা আছে , এইখন চিনেমা নিশ্চয চাব লাগিব বুলি যেতিয়া ভিতৰলৈ গলো , তেতিয়াহে আচল কথাবোৰ গম পালো । সেই ভূতৰ লেখীয়া মহিলা গৰাকী আচলতে নেলী ব্লাই ( Nellie Bly ) নামৰ এগৰাকী আমেৰিকান মহিলা সাংবাদিক । আচলতে ঠিক সাংবাদিক নহয় , একপ্ৰকাৰৰ কিংবদন্তী । ১৮৬৪ চনত জন্ম হোৱা নেলীৰ আচল নাম আছিল Elizabeth Jane Cochran ২০ বছৰ বয়সত পিটছবাৰ্গ ডিচপেটচ নামৰ এখন বাতৰিকাকতত " What Girls are good for " বুলি প্ৰকাশ হোৱা এটা উপলুঙা সূচক লেখা পঢ়ি নেলীয়ে তাৰ উচিত উত্তৰ দি সম্পাদকলৈ এখন চিঠি লিখে । চিঠিত নেলীয়ে নিজৰ আচল নাম প্ৰকাশ নকৰি , ছদ্মনাম ," Lonely Orphan Girl " | নেলীৰ সেই বিপ্লৱী চিঠি পঢ়ি কাকত খনৰ কত্তৃপক্ষই নেলীৰ আছল পৰিচয় জানিবলৈ একেই বাতৰি কাকততেই এক বিজ্ঞাপন দিয়ে । নেলীয়ে বাতৰিকাকতৰ কত্তৃপক্ষক লগ ধৰাৰ লগে লগে তেওঁক এজন সাংবাদিক হিচাপে নিযুক্তি দিয়ে । " The Girl Puzzle" নামৰ নেলীৰ প্ৰথম লেখাটোৱে আকৌ অলোড়নৰ সৃষ্টি কৰে । এবছৰৰ ভিতৰত তেওঁ কাকতৰ হৈ মেক্সিকোলৈ ঢাপলি মেলে । মেক্সিকোৰ চৰকাৰে তাৰ সাধাৰণ মানুহৰ ওপৰত চলোৱা ঘ্টনাৰ আধাৰত নেলীয়ে কিছুমান কলম লিখি উলিয়াই  , আৰু পিছলৈ গৈ " Six months in Mexico" নামেৰে এখন কিতাপ প্ৰকাশ হয় । এইখন কিতাপেই নেলীক ২১  বচৰ বয়সত মেক্সিকো চৰকাৰৰ ৰোষত পেলায় । পিছলৈ নেলীয়ে নিউয়ৰ্কলৈ যায় আৰু নিউয়ৰ্ক ৱৰ্ল্ড নামৰ কাকতখনত কাম আৰম্ভ কৰে । এই কাকতখনৰ মালিক আকৌ আন এক বিখ্যাত ব্যক্তি । আমি সৰুৰে পৰা শুনি অহা পুলিটজাৰ বটা যাৰ নামত প্ৰৱৰ্তন কৰা হৈছিল, জোছেফ পুলিটজাৰৰ এই কাকতখনত কাম আৰম্ভ কৰি নেলীয়ে অন্য এক প্ৰথা আৰম্ভ কৰে । নেলীৰ পুলিটজাৰৰ অধীনত কৰা প্ৰথম কামটোৱে সম্ভৱত Investigative Journalism সূচনা কৰে । ব্লেকৱেল দ্বীপৰ মানসিক চিকিতসালয়ত হোৱা অনিয়্ম , অত্যাচাৰৰ কাহিনী ফাদিল কৰিবলৈ নেলীয়ে এদিন সচাকৈয়ে মান্সিক বিকাৰগ্ৰস্ত ৰোগীৰ ভাওঁ লৈ ব্লেকৱেলৰ বন্ধ কুঠৰীত সোমায়গৈ । প্ৰায় দহদিন অখাদ্য খাই  , মানসিক অত্যাচাৰৰ মাজত থাকি যেতিয়া কাকতৰ মালিকৰ অনুৰোধত নেলী মানসিক চিকিতসালয় খনৰ পৰা ওলায় আহে , তেও লিখি উলিয়াই ," Ten Days in a Mad house " নামৰ কিতাপখন । এই কিতাপখনে সমগ্ৰ জগততে আলোড়নৰ সৃষ্টি কৰে । ব্লেকৱেল কত্তৃপক্ষই নিজৰ অবৰ্ণনীয় আচাৰ ব্যৱহাৰ , খাদ্য , নিয়ম ইত্যাদি সকলো সলাবলৈ বাধ্য হয় । এয়াহে সাংবাদিকতা । নেলী ইমানতে ক্ষান্ত নাছিল । ১৮৬২ চনত প্ৰকাশ পাইছিল জুলছ ভাৰ্নৰ বিখ্যাত উপন্যাস , " Around the World in Eighty Days " | এই যাত্ৰাত সম্ভৱ হয়ণে নহয় প্ৰমাণ কৰিবলৈ নেলীয়ে ১৮৮৯ চনত নিজেই পৃথিৱী ভ্ৰমণ আৰম্ভ কৰে, ২৫ বচৰীয়া এই সাংবাদিক গৰাকীয়ে খোজকাঢ়ি , জাহাজত, ঘোৰা গাড়ীত , বেলুন ইত্যাদি বিভিন্ন মাধ্যমেৰে মাত্ৰ ৭২ দিনত প্ৰায় ২৫ হেজাৰ মাইলৰ এই যাত্ৰা সম্পূৰ্ন কৰে । পিছলৈ আন বহুতে এই যাত্ৰা আৰু কম সময়তে সম্পূৰ্ণ কৰে , কিন্তু মাত্ৰ ২৫ বছৰ বয়সত , এগৰাকী অকলশৰীয়া মহিলা সাংবাদিক হিচাপে এই যাত্ৰাৰ কোনো তুলনা নাই । 

 আজিকালি আমাৰ অসমীয়া বহুতো নিউজ চেনেল হ'ল । চেনেলবোৰ চাই ভালেই লাগে , পিছে প্ৰায়ে হতাশাও হয় । এইযে গুৱাহাটীৰ ৰাজপথত ৰাতি কোনে কি কৰিছে,ৰাভা দিৱস, শিল্পী দিৱসৰ দিনা বিষ্ণু ৰাভা আৰ জ্যোতিপ্ৰসাদৰ জৰাজীৰ্ণ ঘৰ কেইটা দেখুৱাই চৰকাৰক গালি দিয়ে , ভেলেণ্টাইন ডে ৰ দিনা কোনে ফুল কিনিছে, সৰস্ৱতী পুজাত কোনে কি পিন্ধিব ইণ্টাৰ্ভিউ লৈ ফুৰে তেওঁলোকে অলপ সাংবাদিকতা শিকা উচিত বুলি মই ভাবো । ৰাভা দিৱসত বিষ্ণু ৰাভাৰ জৰাজীৰ্ণ ঘৰটো দেখুৱাই সহানুভূতি লোৱাৰ সলনি যদি ঘৰটো মেৰামতি কৰাৰ দাযিত্ব লয় তেতিয়া নিশ্চয় অহা ৰাভাদিৱসত কিবা এটা নতুন দেখুৱাবলৈ সক্ষম হ আৰু সকলো সময়তে ব্ৰেকিং নিউজ নহলেও চেনেলবোৰ চলিব পাৰিব বুলি ধাৰণা হয় , সাংবাদিকতৰ কোনো কিতাপতে ব্ৰেকিং নিউজ নহলে নিউজ চেনেল নচলে বুলি লিখা আছে বুলি মোৰ মনে নকয় । বি বি চি ৱৰ্ল্ড নিউজতো ইমান ব্ৰেকিং নিউজ নাই যিমান আমাৰ চেনেলকেইটাই দেখুৱাই থাকে । বলিয়া হাতী , কোনোবা নাঙঠ বাবাৰ আৱিৰ্ভাব ইত্যাদি ব্ৰেকিং নিউজ নহয় , য্দি নেলী ব্লাইৰ দৰে কোনোবা পগলাফাটেকত নিজে দহদিন থাকি আহি তাৰ বাতৰি ফাদিল কৰে , ৭২ দিনত পৃথিৱী ঘূৰি আহি কয় এয়াতো ৮০ দিনৰ আগতেই সম্ভৱ , কোনোৱা দেশৰ চৰকাৰ অনিয়ম ফাদিল কৰি কয় এয়াতো ভুল , এইবিলাকহে ব্ৰেকিং নিউজ । আমাৰ শিকিবলগা বহুতো আছে । 


No comments:

Post a Comment