Monday, May 16, 2016

টোকোৰা চৰাইৰ বাহ

টোকোৰা চৰাইৰ বাহ 


বাৰাণ্ডাৰ খুটাটোত ভেজা দি চালো ,
ওখৰো ওখ তামোলজোপাৰ 
পাতত তাৰ ঘৰ পতাৰ  আয়োজন ।


বতাহে কোবাই যোৱা পাতবোৰ ,
বৰষুণে ধুই যোৱা বাঁহনিখন ,
ক্ৰমশ ওন্দোলাই আকৌ 
বৰ্বৰতাৰ হুংকাৰ দিয়া আকাশখন ,

কোনেও ভাঙিব পৰা নাই 
তাৰ স্বাধীন হোৱাৰ সত্ত্বাটো ।


মই অসহায় হৈ মাথো চাইছো ।

সি ওলাইছে ,
মোৰ উৰুখা পজাঁৰ খেৰ এডাল
কাঢ়ি নি মোক বাৰে বাৰে
পংগু  কৰি তুলিছে ।

এজাক ধুমুহা  আহিছে  ।

খুটাতো সাৱটি মই
পৰাজয়ৰ ক্ষণ গনিছো ,
নীৰৱে ।




No comments:

Post a Comment