Thursday, November 5, 2015

ভেস্পাৰ শব্দৰ জোৰ


আমাৰ ঘৰত এখন ছেকেণ্ড হেণ্ড এল এম এল ভেস্পা আছিল প্ৰথম ভেস্পাখন আমাৰ ঘৰলৈ আহোতে মই তৃতীয় শ্ৰেণী মানত পঢ়ো দীঘল পদূলিটোৰে দেউতাই গাওঁৰে অতুলদাৰ ভেস্পাখন  চলাই আহিছে , অতুলদা পিছপিনে বহি আহিছে পিছত চাহ-পানী খাই অতুলদা গ, আমি ইমান মন কৰা নাই পিছদিনা ৰাতিপুৱা উঠি দেখি ভেস্পাখন চোতালৰ এচুকত, ভাবিলো কিবা কাৰণত অতুলদাই নিয়া নাই , ৰাতিলৈ মানে নিব চাগে আবেলি স্কুলৰ পৰা আহি কিবাকিবি খেলি আছিলো , চোতালত স্কুটাৰখন নাই , গম পালো আমি ভবাটোৱেই হয় গধূলি সময়ত দেউতা আকৌ ভেস্পাখনত উঠি অফিছৰ পৰা আহি হাজিৰ এনেকুৱাকৈ আৰু দুদিনমান যাওঁতেহে বুজিলো এতিয়া সেইখন আমাৰ হ

কথাটো বুজাৰ পিছত আমাৰ কি ফূৰ্ত্তি , ভেস্পাখনৰ ওচৰৰ পৰা আমাক অতঁৰাই অনাটো মাৰ বাবে এটা ডাঙৰ কাম হ তাৰ পিছত কিমান বছৰ যে সেইখন আমাৰ একমাত্ৰ সংঙ্গী হবৃত্তি পৰীক্ষা দিবলৈ যাব লাগে , ভেস্পাতহে যাম পেহীৰ ঘৰলৈ যাম , ভেস্পা নহলে নেযাও আমাৰ কোবত মা আৰু দেউতা অকলে ভেস্পাত উঠা খুব কমেই হৈছিল চাগৈ তথাপিতো হঠাত কেতিয়াবা সেই সুযোগ নোলোৱা নহয়
এবাৰ দেউতা অফিছ যোৱাৰ সময়ত খবৰ আহিল , কিবা এটা বিশেষ কামত আইতাই দুয়োকে মাতি পঠিয়াইছে , এতিয়াই যাব লাগে আইতাৰ ঘৰলৈ দুমাইল মান বাট , তিনিখন মান গাওঁ পাৰ হৈ যাব লাগে ৰাস্তাৰ দুয়োকাষৰ প্ৰায়বোৰ মানুহেই চিনাকী আমাক স্কুললৈ দৌৰাদৌৰিকৈ পঠিয়াই দি মাক পিছফালে বহুৱাই দেউতাই ভেস্পা ষ্টাৰ্ট দিলে মায়ে এহাতেৰে পিছফালৰ হেণ্ডেলডালত যোৰকৈ খামুছি ধৰি আনখন হাতেৰে আইতালৈ বুলি লোৱা গাখীৰৰ বটল, এখন এৰী চাদৰ , ঘৰৰ কলডিল  আদি এসোপা বস্তুৰে ভৰ্ত্তি  বেগটো কোনোমতে থিতাপি লগাইছে
অ হলনে ? বুলি সোধা প্ৰশ্নটোৰ উত্তৰলৈ বাট নেচাই দেউতাই এক নম্বৰ গীয়েৰ লগাই ক্লাচ এৰিলেই গাওঁৰ মাজৰ ৰাস্তা , খলা –বমা , নতুনকৈ দিয়া শিলগুটিৰে ভৰা যিমানেই আগবাঢ়িছে সিমানেই ভেস্পাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাতবোৰ বেছিকৈ ওলাইছে দেউতাই কিবা কিবি কৈ আছে , কি কৈছে মায়ে ভালকৈ শুনা নাই মায়ে কিবা কৈছে যদি দেউতায়ো সেইটো সঠিককৈ শুনা নাই ।  মুঠতে কিবা এটা অনুমানত দুয়ো গৈ আছে গাওঁৰ ৰাস্তা ইমানেই বেয়া আৰু দেউতাই ইমানেই লাহে লাহে চলোৱা অভ্যাস আছে যে  কেতিয়াবা আকৌ চাইকেল চলাই যোৱা কোনোবা এজনক যদি দেউতাই লগ পাই  “  শৰ্মা , অলপ ঘৰৰ পৰা আহো বুলি কৈ আগবাঢ়ে , দহমিনিট মান পিছত আকৌ সেই একেজন চাইকেল চলাই অহা শৰ্মাই দেউতাক অভাৰটেক কৰি , “ডেকা দা, আহি থাকক পিছে বুলি পাৰ হৈ যোৱা নজিৰ আছে
 প্ৰথম গাওঁখন পাৰ হোৱাৰ পিছতেই , এখন কাঠৰ দলং আছে প্ৰায়েই দলংখন বাৰিষাৰ পানীয়ে উটুৱাই নিয়ে আৰু মুল দলংখনৰ কাষেদি ৰাইজে নিজৰ সুবিধাৰ্থে এখন বাঁহৰ দলং বনায় লয় সেই বাঁহৰ কামিৰে বনোৱা দলংখনৰ ওপৰেদি  মটৰ চাইকেল আৰু স্কুটাৰ চলাই যোৱা মানা, আৰোহীবিলাক ইপাৰে নামি খোজাকাঢ়ি পাৰ হৈ সিপাৰে আকৌ স্কুটাৰত উঠে সেইমৰ্মে মা নামিল , দেউতাই ভেস্পাখন ঠেলি নি পাৰ কৰিলে
 দুটামান কিকৰ পিছত ভেস্পা  ষ্টাৰ্ট হলনে ?”  মায়ে  উত্তৰ দিলে নে নাই , দিলে যদি শুনিলেনে নাই এইবোৰলৈ বাট নেচাই দেউতাই নিজৰ অনুমান মতে এক নম্বৰ গীয়েৰ লগাই ক্লাচ এৰিলে   আকৌ আগৰ দেউতাই কিবা কিবি কৈ গৈছে  ।  শিলগুটিৰ ৰাস্তা , ফটফটীয়া ভেস্পাৰ আৱাজত একো কথাই ভালকৈ শুনা নাপয় মাজে মাজে আকৌ মাৰ কিবা কথাত দেউতাই অনুমানতে হা না কৈ গৰাস্তাৰে পাৰ হৈ যাওঁতে বহুকেইজন শৰ্মা , নাথ , বৰুৱাক পাছ পেলাই থৈ গ, কোনোবাই আকৌ দেউতাক পাছ পেলাই থৈ গদেউতাই তেওঁলোকৰ কাৰোবাক ডিঙিটো ভাঁজ কৰি ইঙ্গিত দিলে , কাৰোবাক আকৌ খবৰ সুধিলে
আইতাহতৰ গাওঁ পোৱাৰ আগৰ পথাৰ খনত আকৌ এইবাৰ ওখ পুল এটা আধা ভঙা হৈ পৰি আছে অঘোষিত নিয়ম মতে সেইখনো ভেস্পা  ঠেলি ঠেলি পাৰ হব লাগিব দেউতাই ভেস্পা ৰখালে , ঠেলিবলৈ জোৰ দিবলৈ পিছফালৰ হেণ্ডেলডালত ধৰিবলৈ ওভটি চাওতেহে দেখিলে , মা ওচৰত কিয় দূৰ দূৰলৈ কোনো দেখা দেখি নাই দেউতাৰ বুকুখন ধিপিংকৈ মাৰিলে, “ মানুহজনী কত ৰৈ আহিল মনেশ্বৰৰ ঘৰৰ আগৰ দ গাতটোত পৰিলে নেকি বাৰু  ? নে লপ্ৰেছাৰে পালে ? দলং পাৰ হৈ তো ঠিকেই কথা পাতি আছিল হে প্ৰভু , বচাবা আৰু

দেউতাই ভেস্পাখন ঘুৰাই ষ্টাৰ্ট দি মাক বিচাৰি ওভতি আহে মানে মায়ে ইতিমধ্যে প্ৰথম গাওঁৰ কাঠৰ দলংখনৰ পৰা খোজকাঢ়ি খোজকাঢ়ি আহি আছে অফিছ , স্কুলৰ সময়ত মানুহজনক বা লৰাটোক আগবঢ়াই দিবলৈ পদূলিলৈ ওলাই অহা  কিমান শৰ্মানী , মাষ্টৰণী বাইদেঊ , বৰুৱানীৰ  “বাইদেউ ঘৰলৈ যায় হবলা আপোনালোকৰ মানুহজনক যে অলপ আগতে অকলে যোৱা দেখিলো ? ” জাতীয় একেধৰণৰ প্ৰশ্নই মাক বৰ  লাজত পেলাইছিল সেইটো আমি বহু বছৰ পিছতহে উদ্ধাৰ কৰিছিলো ।  হয়তো , এতিয়া  শৰ্মানীক নো কেনেকৈ কয় , ভেস্পাৰ খনৰ শব্দৰ কোবত মায়ে দেউতাক “ মই উঠাই নাই “ বুলি কোৱা কথাষাৰ যে মানুহ জনে শুনাই নাপলে আৰু মানুহ্জনীক নোতোলাকৈয়েই গুছি গ

No comments:

Post a Comment