Monday, June 3, 2013

হেৰাব ধৰা শব্দ ...

মোৰ বন্ধু এজন চাকৰিসুত্ৰে দিল্লীত থাকে । বন্ধু মানে সনা-পিঠা, নলে গলে লগা বন্ধু । দূৰে দূৰে থকা হয় যদিও প্ৰায়ে কথাবতৰা হৈয়ে থাকে । বন্ধু বৰ ৰসিক মানুহ । প্ৰত্যেক মূহূৰ্ততে ৰস উলিয়াব পৰাৰ ক্ষমতা আছে । কথোপকথনবোৰো বৰ আমোদজনক । পঢ়ি থকা দিনত বন্ধু কাশ্মীৰত আছিল । অসমীয়া মানুহৰ এটা অভ্যাস আছে , কাৰোবাৰ লগত বহুদিনৰ মূৰত দেখা হ'লে বা কথা হ'লে  এটা প্ৰশ্ন সদায় থাকিব । যদিও প্ৰশ্নটোৰ পাত্ৰ আৰু স্থান- কাল ভেদে বিভিন্ন আনুষংঙ্গিক থাকে তথাপিতো মূল প্ৰশ্নটো একেই । পাত্ৰ্ভেদে প্ৰশ্নটো হ'ব পাৰে , ' কি খবৰ বৰুৱা , ভালে আছে । অফিছ কেনে চলিছে ?' 'কি খবৰ বৰুৱাদা,ঘৰত সকলো ভাল নে ?','কি খবৰ বে' , ছোৱালী পটালি নে নাই ?' ..ইত্যাদি ইত্যাদি । কিন্তু এই নিয়মটোৰ  ব্যতিক্ৰম আছিল মোৰ বন্ধুৰ কাশ্মীৰত থকাকালীন কথোপকথনৰ পাতনি । যিহেতু আমাৰ বাবে কাশ্মীৰ মানে  ব্যতিক্ৰমী বতৰ , গতিকে গতানুগতিক প্ৰশ্ন এৰি সদায় ব্যতিক্ৰমী প্ৰশ্ন ,"বতৰ কেনেকুৱা"  আৰু  তাৰ উত্তৰটো সি দিয়াৰ আগতেই মই সদায় অনুমান কৰি লওঁ । কেতিয়াবা ক'ব বৰফৰ কোবত একো দেখিবই নোৱাৰি , আফ্ৰিকাৰ মনুহকো বগা বগা লাগিব । কেতিয়াবা ক'ব ঠাণ্ডা পানীৰে আজি গা ধুই চালো , গোটেই ইউনিভাৰ্ছিটিত আজি সকলোৰে মুখত আজিৰ ব্ৰেকিং নিউজ । আমোদজনক এইটোৱেই যে বতৰটো সদায় ব্যতিক্ৰমী আৰু বন্ধুৰ মুখত তাৰ বৰ্ণণাও ।
 এনেকৈয়ে এদিন বন্ধুক সুধিলো , বতৰ কেনে । বন্ধুৱে যিটো উত্তৰ দিলে মই কেতিয়াও অনুমান কৰিব নোৱাৰিলোহেতেন । ক'লে , "নাতিশীতোষ্ণ" ! এটা শব্দৰ উত্তৰটোৱে মোক আমোদ দিলে যদিও অন্য এটা কথাহে মোৰ মনত ভাঁহি উঠিল । চতুৰ্থ মান শ্ৰেণীত পঢ়োতে ভুগোল পঢ়িছিলো , প্ৰত্যেকখন লেখত ল্'বলগীয়া দেশৰ বিষয়ে মুখস্থ কৰিব লাগে । জলবায়ুৰ বিষয়ে চিঞঁৰি চিঞঁৰি  মুখস্থ কৰোতেই শেষবাৰৰ বাবে এই নাতিশীতোষ্ণ শব্দটো উচ্চাৰণ কৰা মনত আছে । তাৰ পিছত কিমান নাতিশীতোষ্ণ  ঠাইৰ বিষয়ে জানিলো , শুনিলো বা দেখিলো , কিন্তু আজিলৈকে কাকো এই শব্দটো নোকোৱাকৈ চলি গ'ল । মোৰ ককাই আগতে কৈছিল দোকানৰ পৰা এসেৰ চেনী লৈ আন , সেৰ শব্দটো পাহৰিয়ে গলো ।সমসাময়িক বুলি ক'লে কোনটো সময়ক বুজাইছে অলপ সময় ভাবিব লাগে ।  এনেকুৱা বা আৰু কিমান শব্দ আছে যিবিলাক আমি বহুদিন ব্যৱহাৰ কৰা নাই , হয়তো আপুনিও বহুদিন ব্যৱহাৰ কৰা নাই । আজি মনত পেলাব লৈ মনতে পৰা নাই । অলপ অলপ ভয়ো লাগিছে , এইবোৰ শব্দ আমি লাহে লাহে পাহৰি গৈছো নেকি ? দুৰণিবটীয়া বন্ধুক ধন্যবাদ জনালো , "নাতিশীতোষ্ণ" শব্দটো উচ্চাৰণ কৰাৰ বাবে । 

1 comment: