Sunday, June 16, 2013

ওস্তাদি

ৰাজুৱে সদায় ওস্তাদি মৰা কথা কয় । তাৰ আগত মুঠতে কিবা এটা কলেই হল - সি চব জানে আৰু চব কৰিবও পাৰে । প্ৰায়বোৰে ক্ষেত্ৰতে সি পিছে কোৱা কামটো কৰিবলৈ সাহস কৰে । স্কুলত হেদমাষ্টৰৰ স্কুটাৰৰ টায়াৰ কটা কামটোৱেই হওঁক বা ৰূপহী হলত ব্লেকত টিকেট বেছা কামটোৱেই হওঁক , যিমানেই চেলেঞ্জ বাঢ়ি যায় তিমানেই ৰাজুৰ ওস্তাদি বাঢ়ি যায় । গতিকে ৰাজুৰ ডিমাণ্ড আমাৰ বন্ধুমহলত বেছি । তাৰ কাৰণেই সৰু টাউনখনত আমাৰ গ্ৰুপটোৰ নাম  তেলখোৱা গ্ৰুপ বুলি জনাজাত । তেলখোৱাৰ মানেতো হল বাঘৰ আগতেল খোৱা গ্ৰুপ । এই ৰাজুক লৈয়েই আমাৰ স্কুলৰ দিনবোৰৰ ঘটনাবোৰ সজীৱ হৈ উঠিছিল ।
আমি মেট্ৰিক দি উঠিছো আৰু । তিনিমাহলৈ ৰিজাল্ট নাই মানে ছুটী। কিমান যে প্লেনিং - মই কুংফু আৰু গীটাৰ শিকা কথা , বিতুৱে আকৌ তিনিমাহলৈ আৰু চাইনবৰ্ডো নপঢ়া কথা , জ্যোতিৱে জিমত নাম লগোৱা আৰু বাইক চলাবলৈ শিকা কথা । ৰাজুৰো নতুন প্লেনিং এই তিনিমাহত সি বাঘৰ পোৱালি এটা পুহিবলৈ অনা কথা । তাৰ দেউতাক ফৰেষ্টত চাকৰি কৰে , গতিকে সি তিনিমাহত কিবা এটা অঘটন ঘটাব বুলি আমি খাটাং । আবেলি গোটেইবোৰ লগা হওঁ ফিল্ডত । প্ৰথমে ক্ৰিকেট , তাৰ পিছত আড্ডা । সকলোৰে প্লেনিংবোৰৰ খবৰ লওঁ । মুঠতে বিতুৰ ছাইনবৰ্ডও নপঢ়াৰ প্লেনিংটোৰ বাহিৰে বাকী কাৰো ইমান ভাল অৱস্থা নাছিল । ৰাজুৰ প্লেনিংটোৰ কথা সুধিলে গহীনাই কয়," মোৰ হৈ যাব , তহতৰহে কাম নাই , চব মুখৰ কথা কামত একো নাই ।" তহতৰ কাম নাই বুলি কওঁতেই এদিন জ্যোতিৰ টেমা গৰম হ'ল ," তয়ে কছোন তোৰ কিমান কাম আছে । মই এটা কাম দিম কৰিব পাৰিবি ?পাৰিলে মোৰ পৰা দুশ টকা আৰু নোৱাৰিলে কিন্তু আজিৰ পৰা তোৰ ওস্তাদি নচলিব ।বাজী ?"  টকাৰ কথা শুনি আমাৰ চকু কপালত । ৰাজুও এৰি দিয়া ভকত নহয়, একেকোবেই কৈ দিলে ," হৈ য়াব । তহঁতে চাব খুজিছতো মই কি বস্তু , দেখুৱাই দিম।কি কাম ক আৰু কেতিয়া কৰিব লাগে ক ?" মই , বিতু আৰু দিপু আজি কিবা নতুন ঘটনা পাম বুলি বৰ আশাৰে মুখ মেলি চাই আছো । দুশ টকাৰ কথা আছে ভাই , নিশ্চয় কিবা ডাঙৰ প্লেনিং আছে ।জ্যোতিৰ মাষ্টাৰ মাইণ্ডৰ প্লেনিং , " টাউনৰ মেইন ৰোডত তই লেংটা হৈ দৌৰিব পাৰিবি ?" ৰাজুৱে দুইমিনিট মান চিন্তা কৰিলে আৰু ক'লে ," ও, হৈ যাব । কিন্তু তহতে কাৰো আগত ক'ব নোৱাৰিবি । আৰু মোক কিন্তু দৌৰ শেষ হোৱাৰ লগে লগে টকাটো দিব লাগিব । " ৰাজুৱে একেবাৰে হা বুলি কোৱাত আমাৰ মাষ্টাৰ মাইণ্ড জ্যোতিৰ অলপ টেনশন হ'ল । আকৌ এপাত ব্ৰহ্মাস্ত্ৰ নিক্ষেপ । " টকা পাবি , কিন্তু দৌৰ আমাৰ মতে হ'ব লাগিব । চৰ্ত হ'ল , দৌৰৰ ঠাই আৰু সময় আমি ঠিক কৰিম ।" সেই আবেলিটোৰ পিছত আমাৰ মাষ্টাৰ মাইণ্ড আৰু আমি বহুদিন প্লেনিং কৰি কৰি অৱশেষত এটা দেওবাৰে ৰাজুক ফাণ্ডত পেলাব পৰা সুযোগতো পালো । ৰাজুক মতাই অনা হ'ল আৰু টাৰগেট দিয়া হ'ল । " ৰূপহী হলত যৌৱনে আমনি কৰে চলি আছে । আবেলিৰ শ্ব'টো শেষ হয় পাচটাত ।আজি পাচ বজাত তই ৰেডী হৈ থাকিব লাগিব আৰু গোটেই মানুহবোৰ ওলোৱাৰ পাছ্ত তই মানুহবোৰৰ মাজেদি লেংটা হৈ দৌৰিব লাগিব । দৌৰ হলৰ পৰা আৰম্ভ হৈ বজাৰৰ ৰাস্তাৰ মাজেদি আহি স্টেট বেংকৰ কাষত শেষ হ'ব লাগিব । আৰু তই কাম শেষ কৰিলে দুশ নহ্য় পাচশ টকা পাবি ।" প্লেনিং ভাল হোৱা দেখি মই , বিতু আৰু দীপুও এশ এশ টকা যোগ দিলো । ৰাজুৰ মুখত তেতিয়াও এটা দুষ্ট হাঁহি লাগি আছিল । তাৰ হাঁহি দেখি বাকীবোৰৰ কথা নাজানো , মোৰ কিন্তু এশ টকা পানীত পৰিল পৰিল ভাৱ এটা আহি  গৈছিল । মাষ্টাৰ মাইণ্ড কিন্তু খাটাং যে ৰাজুৱে এইবাৰ নোৱাৰিব । এনেয়ে যৌৱনে আমনি কৰিব চাবলৈ গাওঁৰ পৰাও মানুহ  বাছ ভাৰা কৰি কৰি আহিছে । তাতে আজি দেওবাৰ , হাউছ্ফুল থাকিবই , কিমান যে চিনাকী মানুহ ওলাব । ৰাজু যিমানেই দেমকেয়াৰ হওঁক নিশ্চয় লাজ কৰিব ।
 আবেলি চাৰিমান বজাৰ পৰাই আমি ৰূপহী হলত চাইকেলৰ ওপৰত ভেজা দি ৰেডী । বিতু আহিল্, দীপু , জ্যোতি , মই , আৰু কেইটামান আহিল্, কিন্তু আমাৰ মেইন টাৰগেট ৰাজুৰ দেখা দেখি নাই । চাৰে চাৰি বাজিল, ৰাজু নাই । চাৰিটা পঞ্চাশ , ৰাজু নাই । জ্যোতিয়ে নিজৰ চাৰ্টৰ কলাৰটো দাঙি ক্'লে , " মই জানো নহয় , ৰাজুৰ ওস্তাদি মৰা কথা । আগতেই গম পাওঁ সি নাহে । "  পাচ বজাৰ শ্ব্'ৰ বাবে লাহে লাহে মানুহ গোট খাইছে । আমি বাৰে বাৰে ঘড়ী চাইছো , আৰু নিজৰ নিজৰ টকা বাচি গল বুলি মনে মনে হাঁহিছো ।ঠিক পাচ বাজিছে, আমাৰ চকু মেইন ৰোডলৈ , নাই ৰাজুৰ একো উম ঘাম নাই। হলৰ গেটেৰে মানুহবোৰ ওলাব আৰম্ভ কৰিলে, নাই ৰাজু নাই । আমি নিজৰ চাইকেলবোৰত পেডেল মাৰিব লৈছো আৰু । এনেতে পিছ্ফালৰ পৰা এখন চাইকেল আমাৰ কাষত ৰ'ল  । " চাইকেলখন ধৰ ", বুলি কৈ ৰাজু নামিল এক অদ্ভুত ৰূপত  । তাৰ গাত এখন তাৱেল , মুৰত এটা ক'লা বান্দৰ টুপী । চাইকেল তাতে পেলাই , তাৱেল খুলি ৰাজুৱে গোটেই মানুহবোৰৰ মাজেৰে যিটো দৌৰ দিলে , আমি একো তৰ্কিবই নোৱাৰিলো । আমাৰ মেলা মুখ মেলাতেই থাকিল ।উভতি যোৱা মানুহবোৰ ৰাজুৰ পিছফালটো ভালকৈয়ে দেখিলে । এই বেগত দৌৰিলে ৰাজুৱে এশ মিটাৰ দৌৰত ভাৰতৰ ভিতৰত নহলেও অসমৰ ভিতৰত কিবা এটা প্ৰাইজ পোৱাটো খাটাং । চিনেমা চাই ওলাই অহা মানুহবোৰে কোন পাগাল এইতো , ধৰ তাক ইত্যাদি ইত্যাদি কৰি থাকোতেই ৰাজু গৈ বজাৰ ৰোডৰ আধা পাৰ হ'ল । আমিও চাইকেল পোনাই দিলো । চিনেমা চোৱাবোৰে আমাক উতসাহ দিলে , বেগেতে যা , ধৰ তাক । ইফালে আমিহে গম পাইছো , তাক কি ধৰিম , সিহে আমাক  পাচশ টকা ধৰি থৈ গল ।
 আমি ষ্টেট বেংক পাওগৈ মানে ৰাজু সন্মুখৰ পৰা চাইকেলত ডবল কেৰেয়া কৰি আহি আছিল । কেৰেয়াৰ পিছ্ফালে তাৰ খটাসুৰ ভায়েকটো , হাতৰ মুঠিত এটা ক'লা বান্দৰ টুপী । বেটাই ভায়েকক আগতেই কাপোৰ কানি দি বেংকৰ পানদোকানৰ পিছ্ফালে ৰেডী কৰি থৈছিল । চিনেমা চোৱা মানুহবোৰে ইতিমধ্যে আমাৰ কাষ পালেহি আৰু সুধিলে, ভাইটি পালানে পাগলতোক ? ৰাজুৱে তপৰাই মাত দিলে , "নাই খুড়া , কেনি গল গমকে নাপালো ।" চৰ্ত অনুসৰি আমি সেই পাগলতোযে ৰাজু কাকো ক'ব নোৱাৰিলো ।বহুদিনলৈ আমাৰ পকেটমনিৰ অসুবিধা চলি থাকিল আৰু ৰাজুৰ ওস্তাদিও চলি থাকিল । ৰাজুৰ অন্য এটা ওস্তাদি বাঘ পোৱালি পোহাটো সফল হ'ল নে নাই সেইটো কাহিনী অন্য কেতিয়াবা .....

2 comments:

  1. excellent composition. khub hahilu.

    ReplyDelete
  2. very enjoyable....character nomenclature is very clever... Is H3 RAJU on your mind ? ... few spelling mistake...

    ReplyDelete