Tuesday, July 23, 2013

তালিবানী সাঁতোৰ

'এহ তই কলেই হ'বনে , আমাৰ জিতুৱে আগৰে পৰাই সাতুৰিব জানে । সৰুতেই সি আমাৰ বাৰীৰ পুখুৰীতো ইপাৰ সিপাৰ মাৰিছিল ।' আচলতে জিতুয়ে সাতুৰিব জনাটো সচা কথা , কিন্তু তাৰ বায়েকে যিটো পুখুৰীৰ কথা ক'লে সেইটো আচলতে সৰু এটা খালহে আছিল । জিতুৰ দেউতাকে ঠাণ্ডাৰ দিনবোৰত চোতালত মাটি পেলাবলৈ খান্দোতে খান্দোতে সেইটো খালৰ জন্ম । সৰুতে এবাৰ গৰমৰ বন্ধত মই , জিতু আৰু ৰতন সিহঁতৰ বাৰীৰ পিছফালে বৰশী বাবলৈ বৰলৰ টোপ বিচাৰি গৈছিলো । বৰলৰ টোপেৰে বৰশী টোৱালে যে ডাঙৰ মাছ লাগিবই সেইটো পিছে খাটাং । খালটোৰ পাৰত থকা গছ এজোপাতে ৰতনে বৰলৰ বাহ এখন দেখিলে । কেনেকৈ পৰা যায় সেইটো এটা ডাঙৰ সমস্যা । জিতুই অভিজ্ঞতাৰে মাত লগালে , ' তহঁতে একো নেজান । এইখন দিনকণা বৰলৰ বাহ ।দিনকণা বৰলে দিনত একো নেদেখে , শিলগুটি দুটামান মাৰিলেই হ'ল , বাহ মাটিত , দিনকণাবোৰে আমাক দেখাই নাপাব । কাম ফিনিছ ।'  আমি জিতুৰ সাধাৰণ জ্ঞান দেখি তবধ মানিলো , আৰু ডাঙৰ মাছ ধৰাৰ আশাৰে শিলগুটি মৰাত ব্যস্ত হলো । ৰতনৰ এটা শিলগুটি জেগাত পৰিল আৰু গোটেই বৰলৰ বাঁহখন তলত পৰিল । জিতু নিশ্চিন্ত মনেৰে বাহখন আনিবলৈ আগবাঢ়ি গ'ল । কিন্তু গছৰ ওপৰৰ বৰলৰ বাহ যে দেখিলেই চিনি পোৱা টান আৰু বাহ ভগা বৰল দিনকণা হলেও যে ভাঙোতা জনক সুদাই নেৰে আমাৰ কোনো অনুমান নাছিল । গোটেই জাক বৰলে জিতুক যিটো খেদা দিলে , উপায় নাপাই জিতু খালৰ পানীৰ আশ্ৰয় ললে । বৰলৰ কামোৰ খাই সি একেবাৰতে খালৰ ইটো পাৰ পালেহি ।আমি পিছে ঘৰত মাৰ খোৱাৰ ভয়ত বৰলৰ বাহৰ কথাটো ঘৰত নকলো যদিও , সাতোৰৰ কথাটো চবকে কলো । পিছ্ত এই ঘটনাটোৱেই জিতুক সাতুৰিব জনা আৰু একেবাৰতে পুখুৰী ইপাৰ সিপাৰ মাৰিব পৰা বুলি সাক্ষী হৈ ৰ'ল ।
তাৰ পিছত বহুত বছৰ পানীৰ লগত গা ধোৱা আৰু খোৱা আদিৰ বাহিৰে বেলেগ মিতিৰালি নাই ।আজিকালি জিতু দিল্লিত চাকৰি কৰে । সেইদিনা ঘপকৈ তাৰ  ৰুমমেটে কলে বোলো সাতোঁৰ ক্লাছ জইন কৰো , বডীটো ফিট হৈ থাকিব ।জিতুৱে লগে লগেই কলে , ' অ ঠিক আছে  মই সৰুৰে পৰা সাতুৰিব জানো , আগৰে পৰা পুখুৰী ইপাৰ সিপাৰ মাৰি আহিছো , তোকো শিকাই দিম । ' প্ৰথম দিনা দুই গুৰু শিষ্য ছুইমিং পুল পালেগৈ । বন্দবস্ত , প্ৰথমে জিতুৱে সাতুৰি দেখুৱাব , ৰুমমেটে ভালকৈ চাই ল'ব । তাৰ পিছ্ত জিতুৱে তাক টেকনিকটো কৈ দিব । কথা মতে কাম , জিতুৱে দীঘলকৈ উশাহলৈ সাতোঁৰ আৰম্ভ কৰিলে । প্ৰথম পাচ মিটাৰ মান ঠিকেই গ'ল , তাৰ পিছৰ খিনি যাওঁতে জিতুৱে ইমানেই হাত ভৰি মাৰিলে যে গোটেই ছুইমিং পুলটোত সৰুসুৰা ছুনামিৰ সৃষ্টি হ'ল । তথাপিতো জিতুৱে কিবা কিবিকৈ সিটো পাৰ পালে আৰু ৰুমমেটলৈ চাই এটা বিজয়ৰ হাঁহি মাৰি সুধিলে ," কেনেকুৱা ? ' ৰুমমেটে তপৰাই মাত দিলে ," ঠিকেই আছিল , পিছে এনেকুৱা লাগিল যেন কিবা এখন যুদ্ধ চলি আছে , চাৰিওপিনে গুলীয়া গুলি আৰু তোক কোৱা হৈছে ভাগ বেটা ভাগ , নহ'লে গুলিয়াই দিম । তোৰ সাতোঁৰতো কিবা তালিবানী সাতোৰৰ লেখীয়া হৈছে ।'

এই খিনি কথাকে মৈ জিতুৰ বায়েকক কওঁতে তাই ক'লে ,'এহ তই কলেই হ'বনে , আমাৰ জিতুৱে আগৰে পৰাই সাতুৰিব জানে । সৰুতেই সি আমাৰ বাৰীৰ পুখুৰীতো ইপাৰ সিপাৰ মাৰিছিল ' , পিছে আমিহে জানো সেই সাঁতোৰৰ ৰহস্য । ....

1 comment:

  1. হা হা হা অতি সুন্দৰ দাদা। বহুত ভাল লাগিল।

    ReplyDelete