Friday, February 14, 2014

ভণ্টিলাইন দে


সৰুকণ সৰুৰেপৰা ইংলিছ্ত ইমান ভাল নাছিল ।আখৰবোৰ জোটাই জোটাই শব্দবোৰ অনুমান কৰিব জানে আৰু । কিবা কিবিকৈহে পাছ কৰি আহিছে স্কুলত ।আজি ৰাতিপুৱাৰে পৰা তাৰ টেমাতো গৰম হৈ আছে ।কোনোবা নাম নথকা নম্বৰ এটাৰ পৰা মেছেজ এটা আহিছে । মেছেজটোৰ প্ৰথম শব্দটো বাৰু সি বুজিলে "হেপ্পী" , লাষ্টৰটোও বুজিলে "দে" । এই মাজৰটোহে কি জানো লিখিলে , ভণ্টিলাইন  নে ভেণ্টিলেন  ।  মানে কিনো বাৰু , "ভণ্টি লাইন দে" নেকি ? সিটো ভণ্টি নহয় , হ'লেই যেনিবা সি লাইন দিব কিয় ? নে "ভণ্টিক লাইন দে "? হওঁতে তাৰ পেহীয়েকৰ জীয়েক এজনী ভণ্টি আছে , কিন্তু তাইতো  এল পি স্কুলতহে পঢ়ে । তাইকতো লাইন দিয়াৰ কথাই নাই । তেন্তে কোনে কাক লাইন দিয়াৰ কথা লিখিলে বাৰু । লাইন দিলেই যেনিবা , তাত হেপ্পী হোৱাৰ কি কথা থাকিল । বৰ সমস্যা দেই । মুঠতে  সৰুকণৰ মাঠাতো গৰম হৈ আছে ।

No comments:

Post a Comment